অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দেৱেন্দ্ৰ ঝাঝাৰীয়া

দেৱেন্দ্ৰ ঝাঝাৰীয়া (Devendra Jhajharia; জন্ম: ১০ জুন ১৯৮১) এজন ভাৰতীয় পেৰালিম্পিক জেভলীন থ্ৰ' খেলুৱৈ। পেৰালিম্পিকত দুটাকৈ ব্যক্তিগত সোণৰ পদক লাভ কৰা তেওঁ প্ৰথম গৰাকী ভাৰতীয় খেলুৱৈ।

হালনাগাদ: ২৭ জুলাই ২০২৬ ২৮৩ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

দেৱেন্দ্ৰ ঝাঝাৰীয়া (Devendra Jhajharia; জন্ম: ১০ জুন ১৯৮১) এজন ভাৰতীয় পেৰালিম্পিক জেভলীন থ্ৰ' খেলুৱৈ। পেৰালিম্পিকত দুটাকৈ ব্যক্তিগত সোণৰ পদক লাভ কৰা তেওঁ প্ৰথম গৰাকী ভাৰতীয় খেলুৱৈ। ২০০৪ চনত গ্ৰীচৰ এথেন্সত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন পেৰালিম্পিকৰ জেভলীন থ্ৰ'ত তেওঁ প্ৰথম স্বৰ্ণ পদক লাভ কৰি পেৰালিম্পিক ক্ৰীড়াত স্বৰ্ণ পদক লাভ কৰা দ্বিতীয় ভাৰতীয়ত পৰিণত হৈছিল। ২০১৬ চনৰ ৰিঅ' পেৰালিম্পিকত একে খেলত তেওঁ নিজৰ ব্যক্তিগত ৰেকৰ্ড ভাঙি সোণৰ পদক লাভ কৰিলে।১ ২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ পুনৰ একে শিতানতে ৰূপৰ পদক লাভ কৰে।২

প্ৰাৰম্ভিক জীৱন

১৯৮১ চনৰ ১০ জুন তাৰিখে ৰাজস্থানৰ চুৰু জিলাত দেৱেন্দ্ৰৰ জন্ম হৈছিল। ৮ বছৰ বয়সত এজোপা গছত উঠোঁতে তেওঁ এডাল বিদ্যুৎ পৰিবাহী তাঁৰক স্পৰ্শ কৰে। লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, কিন্তু চিকিৎসকে তেওঁৰ বাওঁ হাতখন কাটিবলৈ বাধ্য হয়।৩৪ ১৯৯৭ চনত দ্ৰোণাচাৰ্য বঁটা বিজয়ী প্ৰশিক্ষক আৰ ডি সিঙে তেওঁক এখন বিদ্যালয় ক্ৰীড়া দিৱসত তেওঁক লক্ষ্য কৰে। তেওঁ তেওঁৰ ব্যক্তিগত প্ৰশিক্ষক আৰ ডি সিঙক ২০০৪ চনত জিকা সোণৰ পদকৰ কৃতিত্ব দিয়ে।৫৬

কৰ্মজীৱন

২০০২ চনত কোৰিয়াত অনুষ্ঠিত অষ্টম FESPIC ক্ৰীড়াত তেওঁ সোণৰ পদক লাভ কৰে। ২০০৪ চনত গ্ৰীচৰ এথেন্সত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিক প্ৰতিযোগিতাত ঝাঝাৰীয়া প্ৰথম বাৰৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পায়। ইয়াত তেওঁ জেভলীন থ্ৰ'ত ৬২.১৫ মিটাৰ অতিক্ৰম কৰি বিশ্ব ৰেকৰ্ড গঢ়ি সোণৰ পদক লাভ কৰে।৭

তাৰপাছত তেওঁ ২০১৩ চনত ফ্ৰান্সৰ লয়নত অনুষ্ঠিত আইপিচি বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰে। আকৌ ২০১৪ চনত দক্ষিণ কোৰিয়াৰ ইনচিয়নত অনুষ্ঠিত এছিয়ান পেৰা ক্ৰীড়াত তেওঁ ৰূপৰ পদক লাভ কৰে। ২০১৫ চনত দোহাত অনুষ্ঠিত আইপিচি বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত তেওঁ ৰূপৰ পদক লাভ কৰে।

২০১৬ চনত ডুবাইত অনুষ্ঠিত এছিয়া-ওচেনিয়া চেম্পিয়নশ্বিপত তেওঁ সোণৰ পদক অৰ্জন কৰে। একে বছৰতে ২০১৬ ৰিঅ' পেৰালিম্পিক ক্ৰীড়াত পুৰুষৰ জেভলীন থ্ৰ' এফ৪৬ ইভেণ্টত ৬৩.৯৭ মিঃৰ ৰেকৰ্ড গঢ়ি সোণৰ পদক অৰ্জন কৰে।১ তেওঁ পুনৰ টকিঅ' ২০২০ পেৰালিম্পিকত পুৰুষৰ জেভলীন থ্ৰ' এফ৪৬ ইভেণ্টত ৰূপৰ পদক লাভ কৰে।২

বঁটা আৰু সন্মান

  • FICCI বৰ্ষশ্ৰেষ্ঠ পেৰা খেলুৱৈ (২০১৪)৮
  • পদ্মশ্ৰী (২০১২; পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম গৰাকী পেৰালিম্পিয়ান)৯
  • অৰ্জুন বঁটা (২০০৪)

তথ্যসূত্ৰ

  1. ↑ (14 September 2016). Paralympics: Javelin thrower Devendra Jhajharia wins gold by breaking world record. The New Indian Express
  2. ↑ Tokyo Paralympics: Devendra Jhajharia Wins Silver, Bronze For Sundar Singh Gurjar In Men's Javelin (F46)
  3. ↑ Devendra. infostradasports.com
  4. ↑ Sharma, Sandipan. (9 March 2005). At awards night, Govt ignores Paralympic gold winner. indianexpress.com
  5. ↑ www.sportskeeda.com/general-sports/indian-javeli
  6. ↑ www.thehindu.com/news/cities/mumbai/sport/paraly
  7. ↑ Shrikant, B. (22 August 2012). Forgotten hero: India’s first Paralympic gold medallist. hindustantimes.com
  8. ↑ FICCI announces the Winners of India Sports Awards for 2014. IANS. news.biharprabha.com
  9. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ এথলীটপেৰালিম্পিকত পদক বিজয়ী ভাৰতীয়অৰ্জুন বঁটা বিজয়ীমেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱেন্দ্ৰ ঝাঝাৰীয়া” প্ৰবন্ধৰ সংশোধন ৬২০৫৬২ (২৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।