মনোজ চৰকাৰ (Manoj Sarkar) হৈছে এজন ভাৰতীয় পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ। পুৰুষৰ একক এছএল৩ প্ৰতিযোগিতাত তেওঁ ২০১৭ বিডব্লিউএফ পেৰা-বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক আৰু টকিঅ' ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।১ ২০১৮ চনত ভাৰত চৰকাৰে তেওঁক অৰ্জুন বঁটা প্ৰদান কৰে।২
প্ৰাৰম্ভিক জীৱন
এবছৰ বয়সত ভুল চিকিৎসাৰ ফলত পিপিআৰপি নিম্ন অঙ্গ (ভৰি)-ৰ বিকলাংগতাত ভুগে। তেওঁ এক সাধাৰণ পৰিয়ালৰ পৰা আহিছে আৰু তেওঁৰ দুজন সহোদৰ আছে।
কেৰিয়াৰ
মনোজে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা বহু সংখ্যক পদক লাভ কৰিছে। ২০১৭ চনৰ থাইলেণ্ড পেৰা-বেডমিণ্টন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পুৰুষৰ এককত ৰূপৰ পদক, ২০১৭ উগাণ্ডা পেৰা-বেডমিণ্টন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ পদক,৩ ২০১৬ আইৰিছ পেৰা-বেডমিণ্টন আন্তঃৰাষ্ট্ৰীয়ত ৰূপৰ পদক৪ আৰু ২০১৫ বিডব্লিউএফ পেৰা-বেডমিণ্ট বিশ্ব চেম্পিয়নশ্বিপত পুৰুষৰ দ্বৈত প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰে।৫ তেওঁ ২০১৮ চনৰ মে' মাহত তুৰস্ক পেৰা-বেডমিণ্টন আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপতো স্বৰ্ণ পদক অৰ্জন কৰিছিল।৬
২০২১ চনত জাপানত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ পুৰুষৰ একক এছএল৩ বেডমিণ্টন প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।১ ছেমিফাইনেলত যুক্তৰাজ্যৰ ডেনিয়েল বেথেলৰ হাতত ০–২ (৮–২১, ১০–২১) ব্যৱধানত পৰাস্ত হোৱাৰ পাছত ব্ৰঞ্জৰ পদকৰ বাবে খেলা খেলত তেওঁ জাপানৰ ডাইচুকে ফুজিহাৰাক ২–০ (২২–২০, ২১–১৩)-ত পৰাজিত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে।৭ একেটা শাখাতে ভাৰতৰ প্ৰমোদ ভগতে স্বৰ্ণ পদক লাভ কৰে।১
বঁটা আৰু সন্মান
- ভাৰত চৰকাৰৰ দ্বাৰা ২০১৮ অৰ্জুন বঁটা২
তথ্যসূত্ৰ
- ↑ Tokyo Paralympics badminton: India’s Pramod Bhagat wins gold, Manoj Sarkar bags bronze. Olympics.com
- ↑ List of Arjuna Awardees (1961–2018). Ministry of Youth Affairs and Sports (India)
- ↑ BWF - Uganda Para-Badminton International 2017 - Winners. bwf.tournamentsoftware.com
- ↑ BWF - Irish Para-Badminton International 2016 - Winners. bwf.tournamentsoftware.com
- ↑ BWF - BWF Para-Badminton World Championships 2015 - Winners. bwf.tournamentsoftware.com
- ↑ Scroll Staff. World No 1 Manoj Sarkar wins gold at Turkish Para-badminton International Championship. Scroll.in
- ↑ Badminton Men's Singles SL3 - Bracket Results. Olympics.com. Tokyo Organising Committee of the Olympic and Paralympic Games
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনোজ চৰকাৰ” প্ৰবন্ধৰ সংশোধন ৪৩১০৭১ (৭ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।