অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গিৰীশা নাগাৰাজেগৌড়া

গিৰীশা হোচানাগাৰা নাগাৰাজেগৌড়া (Girisha Hosanagara Nagarajegowda; জন্ম: ২৬ জানুৱাৰী ১৯৮৮) এগৰাকী ভাৰতীয়ৰ পেৰা-এথলীট তথা হাই জাম্প খেলুৱৈ। গিৰীশ এন গৌড়া নামেৰেও পৰিচিত তেওঁৰ জন্ম বাওঁ ভৰিৰ প্ৰতিবন্ধকতাৰ সৈতে হৈছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৪৮ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

গিৰীশা হোচানাগাৰা নাগাৰাজেগৌড়া (Girisha Hosanagara Nagarajegowda; জন্ম: ২৬ জানুৱাৰী ১৯৮৮) এগৰাকী ভাৰতীয়ৰ পেৰা-এথলীট তথা হাই জাম্প খেলুৱৈ। গিৰীশ এন গৌড়া নামেৰেও পৰিচিত তেওঁৰ জন্ম বাওঁ ভৰিৰ প্ৰতিবন্ধকতাৰ সৈতে হৈছিল। তেওঁ পুৰুষৰ হাই জাম্প এফ-৪২ শ্ৰেণীত লণ্ডনত অনুষ্ঠিত ২০১২ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি ১.৭৪ মিটাৰ অতিক্ৰমী ফাইনেলত ৰূপৰ পদক অৰ্জন কৰিছিল।১ সেই পেৰালিম্পিকত পদক অৰ্জন কৰা তেওঁ আছিল একমাত্ৰ ভাৰতীয় তথা পেৰালিম্পিকত পদক জয় কৰা ষষ্ঠ ভাৰতীয়।১

কেৰিয়াৰ

গিৰীশাই প্ৰথম সাফল্য লাভ কৰিছিল ধাৰৱাডত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত য'ত তেওঁ শাৰীৰিকভাৱে সক্ষম খেলুৱৈসকলৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰি পুৰস্কাৰ লাভ কৰিছিল। তাৰ পাছত তেওঁ মহীশূৰ বিশ্ববিদ্যালয়ৰ ক্ৰীড়া প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক জয় কৰিছিল। তাৰ পাছত তেওঁ ৰাষ্ট্ৰীয় হাই জাম্প চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ প্ৰথম সাফল্য আছিল ২০০৬ চনত আয়াৰলেণ্ডত প্ৰতিবন্ধীসকলৰ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত লাভ কৰা ব্ৰঞ্জৰ পদক। ইয়াৰ পাছত কুৱেইট আৰু মালয়েছিয়াত এথলেটিক মিটত তেওঁ স্বৰ্ণ পদক লাভ কৰে।২

গিৰীশাই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাল প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে তেওঁৰ বেংকৰ চাকৰি ত্যাগ কৰি প্ৰশিক্ষণত গুৰুত্ব দিছিল।৩ ২০১২ চনত অনুষ্ঠিত লণ্ডনত গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ পুৰুষৰ হাই জাম্প এফ-৪২ শ্ৰেণীৰ ফাইনেলত ১.৭৪ মিটাৰ অতিক্ৰম কৰি ৰূপৰ পদক অৰ্জন কৰিছিল।৪৫

বঁটা আৰু স্বীকৃতি

  • কৰ্ণাটক চৰকাৰৰ দ্বাৰা ২০১২ চনৰ ৰাজোৎসৱ বঁটা
  • কৰ্ণাটক চৰকাৰৰ প্ৰতিবন্ধী কল্যাণ বিভাগৰ দ্বাৰা ২০১২ চনৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদ ৰাজ্যিক বঁটা
  • কৰ্ণাটক চৰকাৰৰ দ্বাৰা ২০১৩ চনত একলব্য বঁটা
  • ভাৰত চৰকাৰৰ দ্বাৰা ২০১৩ চনৰ পদ্মশ্ৰী বঁটা, ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা৬
  • ভাৰত চৰকাৰৰ দ্বাৰা ২০১৪ অৰ্জুন বঁটা৭

তথ্যসূত্ৰ

  1. ↑ Aug 23, PTI / Updated:; 2021; Ist, 12:54. India at Paralympics: Meet the past medallists
  2. ↑ (4 September 2012). Girisha turns parent's regret into pride. Deccan Herald
  3. ↑ (2019-11-03). Born With An Impaired Leg To Jumping To Silver Medal At Paralympics, Girisha Is An Inspiration. IndiaTimes
  4. ↑ (2012-09-05). Girisha Hosanagara Nagarajegowda - Athletics - Paralympic Athlete. web.archive.org
  5. ↑ Girisha Hosanagara Nagarajegowda - Athletics. International Paralympic Committee
  6. ↑ (25 January 2013). Padma Awards Announced. Ministry of Home Affairs
  7. ↑ List of Arjuna Awardees (1961–2018). Ministry of Youth Affairs and Sports (India)

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ এথলীটপেৰালিম্পিকত পদক বিজয়ী ভাৰতীয়পদ্মশ্ৰী বঁটা বিজয়ীঅৰ্জুন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গিৰীশা নাগাৰাজেগৌড়া” প্ৰবন্ধৰ সংশোধন ৩৮০৬৫৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।