ৰাজিন্দৰ সিং ৰহেলু (Rajinder Singh Rahelu; জন্ম: ২২ জুলাই ১৯৭৩) এজন ভাৰতীয় পেৰালিম্পিক পাৱাৰলিফ্টাৰ। তেওঁ ২০০৪ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত ৫৬ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁ ভাৰতক প্ৰতিনিধিত্ব ২০০৮ চনৰ বেইজিং গ্ৰীষ্মকালীন পেৰালিম্পিকত পঞ্চম স্থান লাভ কৰিছিল আৰু ২০১২ লণ্ডন গ্ৰীষ্মকালীন পেৰালিম্পিকৰ প্ৰতিযোগিতাত ১৭৫ কিলোগ্ৰাম তিনিওটা প্ৰচেষ্টা বিফল হৈছিল।১ ভাৰত চৰকাৰে তেওঁক ২০০৬ চনত অৰ্জুন বঁটা প্ৰদান কৰে।২
ব্যক্তিগত জীৱন
ৰহেলুৰ জন্ম ১৯৭৩ চনৰ ২২ জুলাইত পঞ্জাবৰ জলন্ধৰ জিলাৰ মেহচামপুৰ গাঁৱত এক দৰিদ্ৰ পৰিয়ালত হৈছিল।৩ তেওঁ পাঁচজন ভাতৃ-ভগ্নীৰ ভিতৰত আটাইতকৈ সৰু আছিল।৪ তেওঁৰ দেউতাক ৰতন সিঙে বেণ্ডমাষ্টাৰ হিচাপে কাম কৰিছিল আৰু তেওঁৰ মাতৃ মীৰা সিং আছিল এগৰাকী বনকৰা মহিলা। তেওঁ আঠ মাহ বয়সত প'লিঅ'মায়েলাইটিছত আক্ৰান্ত হৈছিল আৰু শৈশৱৰ পৰাই পক্ষাঘাতত ভুগিছিল। তেওঁ জচবিন্দৰ কৌৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু দম্পতীহালৰ ৰিধিমা আৰু ৰৱনীত নামৰ দুগৰাকী কন্যা সন্তান আছে।৫
কেৰিয়াৰ
উচ্চতৰ মাধ্যমিক শিক্ষা সাং কৰি ৰহেলুৱে তেওঁৰ শিক্ষা আৰু অব্যাহত নাৰাখিবলৈ সিদ্ধান্ত লয়। তেওঁ তেওঁৰ এজন পাৱাৰলিফ্টাৰ বন্ধু সুৰিন্দৰ সিং ৰাণাৰ উৎসাহত পাৱাৰলিফ্টিং কৰাৰ সিদ্ধান্ত লৈছিল। ১৯৯৬ চনত বশিষ্ঠ সেৱা পদক বিজয়ী কেপ্টেইন পিয়াৰা সিংৰ অধীনত তেওঁ প্ৰশিক্ষক লয়।৪ তেওঁ তেওঁৰ প্ৰথম বেঞ্চ প্ৰেছ প্ৰচেষ্টাত ৭০ কিলোগ্ৰাম ওজন দাঙিব পাৰিছিল আৰু ছমাহৰ ভিতৰতে ১১৫ কিলোগ্ৰাম ওজন দাঙিব সক্ষম হৈছিল। তেওঁ ১৯৯৭ চনত পঞ্জাব অপেন মিটত পাৱাৰলিফ্টিংত তেওঁ প্ৰথমবাৰৰ বাবে খিতাপ জিকিছিল। ১৯৯৮ চনৰ আগষ্ট মাহত তেওঁ মধ্য প্ৰদেশৰ ছিন্দৱাড়াত অনুষ্ঠিত ৰাষ্ট্ৰীয় পাৱাৰলিফ্টিং চেম্পিয়নশ্বিপ জয় কৰিছিল।৬
২০০৪ চনত গ্ৰীচৰ এথেন্সত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত ৰহেলুৱে ৫৬ কিলোগ্ৰাম শাখাত অংশগ্ৰহণ কৰিছিল। মুঠ ১৫৭.৫ কিলোগ্ৰাম ওজন উঠোৱাৰ পাছত তেওঁ চতুৰ্থ স্থান লাভ কৰিছিল। অৱশ্যে তৃতীয় স্থানত থকা ছিৰিয়াৰ খেলুৱৈ ইউচেফ য়ুনেছ চেখক ড'পিংৰ বাবে অযোগ্য ঘোষণা কৰাৰ পাছত তেওঁক তৃতীয় স্থানলৈ উন্নীত কৰি ব্ৰঞ্জ পদক প্ৰদান কৰা হয়।৭ ফলস্বৰূপে তেওঁ পেৰালিম্পিকৰ পাৱাৰলিফ্টিংইভেণ্টত ভাৰতৰ হৈ প্ৰথম পদক বিজয়ী হৈ পৰে। ২০০৬ চনত তেওঁক ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া সন্মান অৰ্জুন বঁটা প্ৰদান কৰা হয়।২
২০০৮ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত ৰহেলু দুজন ভাৰতীয় পাৱাৰলিফ্টিং প্ৰতিযোগীৰ মাজৰ এজন আছিল। ৬০ কিলোগ্ৰাম শাখাত তেওঁ মুঠ ১৭০ কিলোগ্ৰাম ওজন উঠাই পঞ্চম স্থান পাইছিল। ৰহেলুৱে ২০১৪ কমনৱেলথ গেমছত মুঠ ১৮৫ কিলোগ্ৰাম উত্তোলনৰ সৈতে ৰূপৰ পদক অৰ্জন কৰিছিল।৮
বৰ্তমানে তেওঁ গুজৰাটৰ এনএছডব্লিউচি গান্ধীনগৰৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত পাৱাৰলিফ্টিং প্ৰশিক্ষক হিচাপে কাম কৰে।
তথ্যসূত্ৰ
- ↑ Agnihotri Chaba, Anju. (22 August 2012). Challenging disability, and winning. The Indian Express
- ↑ List of Arjuna Awardees (1961–2018). Ministry of Youth Affairs and Sports (India)
- ↑ Agnihotri Chaba, Anju. (28 August 2012). -denied-aid-leave/992453/0 Punjab’s only paralympian left to fend for self; denied aid, leave. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Chandel, Himani. (11 October 2010). Rajinder Rahelu Wheeling his way to success. The Tribune
- ↑ Powerlifting – India – Singh Rahelu Rajinder. ipc.infostradasports.com. International Paralympic Committee
- ↑ Senior National Powerlifting Championship held since 1975 under the authority of Indian P/L Federation. indianpowerliftingfederation.org. Indian Powerlifting Federation
- ↑ (1 October 2004). Rajinder Singh wins bronze. দ্য হিন্দু
- ↑ (3 August 2014). Commonwealth Games 2014: Rajinder Rahelu Wins Silver in Powerlifting, Sakina Khatun Gets Bronze. NDTV
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজিন্দৰ সিং ৰহেলু” প্ৰবন্ধৰ সংশোধন ৫২৫৯২৬ (২২ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।