শাৰদ কুমাৰ (Sharad Kumar; জন্ম: ১ মাৰ্চ ১৯৯২) এজন ভাৰতীয় পেৰা হাই জাম্পাৰ আৰু প্ৰাক্তন বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈ। বিহাৰৰ পাটনাত জন্মগ্ৰহণ কৰা শাৰদ কুমাৰে ২০১০ চনৰ এছিয়ান পেৰা গেমছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমবাৰ প্ৰতিদ্বন্দ্বিতা কৰে। ২০১৪ চনৰ এছিয়ান পেৰা গেমছত তেওঁ ১২ বছৰীয়া এছিয়ান গেমছৰ অভিলেখ ভংগ কৰি হাই জাম্পৰ টি৪২ শাখাত স্বৰ্ণ পদক অৰ্জন কৰে বিশ্বৰ শীৰ্ষ স্থান পুনৰ দখল কৰে। শাৰদে ২০১৬ গ্ৰীষ্মকালীন পেৰালিম্পিকত অংশগ্ৰহণ কৰি ষষ্ঠ স্থান লাভ কৰিছিল। তেওঁ ২০১৭ চনৰ বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰিছিল। তেওঁক পেৰা চেম্পিয়নছ কাৰ্যসূচীৰ জৰিয়তে গোস্পৰ্টছ ফাউণ্ডেচনৰ দ্বাৰা সমৰ্থন কৰা হয়। তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকৰ হাই জাম্প টি৬৩ শাখাত ১.৮৩ মিটাৰ উচ্চতা অতিক্ৰম ব্ৰঞ্জৰ পদক লাভ কৰে।১
প্ৰাৰম্ভিক জীৱন
শাৰদ কুমাৰৰ জন্ম ১৯৯২ চনৰ ১ মাৰ্চত বিহাৰৰ পাটনাত হৈছিল। দুবছৰ বয়সত স্থানীয় পলিঅ' ৰোগ নিৰ্মূল অভিযানত নকল পলিঅ' ঔষধ গ্ৰহণ কৰাৰ পাছত তেওঁৰ বাওঁ ভৰিৰ পক্ষাঘাত হয়।২ শাৰদে দাৰ্জিলিঙৰ চেইণ্ট পলছ স্কুলত অধ্যয়ন কৰিছিল আৰু তাতেই তেওঁ সপ্তম শ্ৰেণীত হাই জাম্প খেলা আৰম্ভ কৰিছিল। তেওঁ শাৰীৰিকভাৱে সক্ষম খেলুৱৈসকলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি বিদ্যালয় আৰু জিলাৰ অভিলেখ ভংগ কৰিছিল।৩ উচ্চ শিক্ষাৰ বাবে তেওঁ দিল্লীলৈ যায় আৰু মডাৰ্ণ স্কুলত উচ্চত্তৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰি কিৰোৰী মল কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা তেওঁ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত বিশেষজ্ঞতাৰ সৈতে ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৪
কেৰিয়াৰ
শাৰদে ২০১০ চনত চীনৰ গুৱাংঝৌত এছিয়ান পেৰা গেমছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছিল। ২০১২ চনৰ জানুৱাৰীত তেওঁ ১.৬৪ মিটাৰ উচ্চতা অতিক্ৰম কৰি ২০১২ চনৰ পেৰালিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। ২০১২ চনৰ এপ্ৰিল মাহত মালয়েছিয়ান অপেন পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত ১.৭৫ মিটাৰ অতিক্ৰমী তেওঁ ১৯ বছৰ বয়সত বিশ্বৰ এক নম্বৰ স্থানত উপনিত হয়। অৱশ্যে নিষিদ্ধ ঔষধৰ বাবে কৰা পৰীক্ষাত ইতিবাচক চিহ্নিত হোৱাৰ পাছত তেওঁ লণ্ডন পেৰালিম্পিকত অংশগ্ৰহণৰ পৰা বঞ্চিত হৈছিল।৪ তেওঁ ২০১৪ চনৰ পেৰা এছিয়ান গেমছত প্ৰত্যাৱৰ্তন কৰি ১.৮০ মিটাৰ উচ্চতা অতিক্ৰম কৰি স্বৰ্ণ পদক অৰ্জন কৰে। ফলত তেওঁ ১২ বছৰীয়া এছিয়ান গেমছৰ অভিলেখ ভংগ কৰে আৰু লগতে বিশ্বৰ এক নম্বৰ স্থান পুনৰ লাভ কৰে।৫ তেওঁ ২০১৬ ৰিঅ' পেৰালিম্পিকত অংশগ্ৰহণ কৰে আৰু ১.৭৭ মিটাৰৰ সৈতে ষষ্ঠ স্থান লাভ কৰে। তেওঁ ২০১৫ চনৰ মাৰ্চ মাহৰ পৰা ৰাষ্ট্ৰীয় পেৰা এথলেটিকছ প্ৰশিক্ষক সত্যনাৰায়ণৰ অধীনত প্ৰশিক্ষণ আৰম্ভ কৰিছিল।৬ তেওঁ ২০১৭ চনৰ বিশ্ব পেৰাএথলেটিকছ চেম্পিয়নশ্বিপত ১.৮৪ মিটাৰ অতিক্ৰমী ৰূপৰ পদক জয় কৰিছিল। তেওঁ ২০১৮ চনৰ জাকাৰ্টা পেৰা এছিয়ান গেমছত ১.৯০ মিটাৰ অতিক্ৰমী এটা নতুন গেম ৰেকৰ্ড আৰু মহাদেশীয় ৰেকৰ্ড স্থাপন কৰি সোণৰ পদক জিকিছিল। তেওঁ ভাৰতৰ চৰকাৰৰ টাৰ্গেট অলিম্পিক প'ডিয়াম আঁচনি (টপ্ছ)-ৰ অধিনত ২০১৭ চনৰ পৰা ইউক্ৰেইনত প্ৰশিক্ষণ লৈছিল।
তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকৰ হাই জাম্প টি৬৩ শাখাত ১.৮৩ মিটাৰ উচ্চতা অতিক্ৰম কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। একেটা ইভেণ্টতে ভাৰতৰ মাৰীয়াপ্পান থানগাভেলুৱে ১.৮৬ মিটাৰেৰে ৰূপৰ পদক লাভ কৰে।১
তথ্যসূত্ৰ
- ↑ Sportstar, Team. Tokyo Paralympics: Thangavelu Mariyappan wins silver, Sharad Kumar takes bronze in men's high jump
- ↑ Sarakshi Rai. (23 March 2015). Discriminated and ignored:The sad story of India's paralymians. Firstpost.com
- ↑ Deepika Das. (9 November 2014). Jumping on a high road. Deccan Chronicle
- ↑ K P Mohan. (19 September 2012). Sharad Kumar alleges 'sabotage'. The Hindu
- ↑ Amit Kumar. (6 November 2014). Para-athlete Sharad Kumar fighting for recognition despite gold at 2014 Asian Games. news18.com
- ↑ Mariyappam Thangavela wins gold, Varun Bhati wins bronze in mens T42 high jump. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শাৰদ কুমাৰ” প্ৰবন্ধৰ সংশোধন ৪৩০৮৫৫ (৪ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।