অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মুৰলীকান্ত পেটকাৰ

মুৰলীকান্ত পেটকাৰ (Murlikant Petkar) ভাৰতৰ প্ৰথম পেৰালিম্পিক স্বৰ্ণ পদক বিজয়ী। তেওঁ জাৰ্মানীৰ হাইডেলবাৰ্গত অনুষ্ঠিত ১৯৭২ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত স্বৰ্ণ পদক লাভ কৰিছিল। তেওঁ ৫০ মিটাৰ ফ্ৰীষ্টাইল সাঁতোৰ প্ৰতিযোগিতাত ৩৭.৩৩ ছেকেণ্ডৰ বিশ্ব অভিলেখ গঢ়ি স্বৰ্ণ পদক অৰ্জন কৰিছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৩৩ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

মুৰলীকান্ত পেটকাৰ (Murlikant Petkar) ভাৰতৰ প্ৰথম পেৰালিম্পিক স্বৰ্ণ পদক বিজয়ী। তেওঁ জাৰ্মানীৰ হাইডেলবাৰ্গত অনুষ্ঠিত ১৯৭২ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত স্বৰ্ণ পদক লাভ কৰিছিল। তেওঁ ৫০ মিটাৰ ফ্ৰীষ্টাইল সাঁতোৰ প্ৰতিযোগিতাত ৩৭.৩৩ ছেকেণ্ডৰ বিশ্ব অভিলেখ গঢ়ি স্বৰ্ণ পদক অৰ্জন কৰিছিল। একেখন পেৰালিম্পিকতে তেওঁ আন তিনিটা ইভেণ্টতো অংশগ্ৰহণ কৰিছিল আৰু তিনিওটা ইভেণ্টতৰে ফাইনেলিষ্ট আছিল।১ ২০১৮ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰে।২

জীৱনী

তেওঁ ভাৰতীয় সেনাৰ কৰ্পছ অফ ইলেক্ট্ৰনিক্স এণ্ড মেকানিকেল ইঞ্জিনিয়াৰছ (ইএমই)-ত জোৱান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৩ ১৯৬৫ চনত পাকিস্তানৰ বিৰুদ্ধে হোৱা যুদ্ধৰ সময়ত তেওঁ আঘাতপ্ৰাপ্ত হৈ অক্ষম হৈ পৰিছিল।৪ চেকেন্দ্ৰাবাদৰ ইএমইত কাৰ্যৰত সময়ত পেটকাৰ মূলতঃ এজন বক্সাৰ আছিল। তেওঁ বিকলাঙ্গ হোৱাৰ পাছত তেওঁ সাঁতোৰ আৰু অন্যান্য ক্ৰীড়া খেলিবলৈ হৈছিল।৫ তেওঁ ১৯৬৮ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত টেবুল টেনিছত অংশগ্ৰহণ কৰে আৰু প্ৰথম ৰাউণ্ডত জয়লাভ কৰিছিল। তেওঁ সাঁতোৰত চাৰিটা পদক জিকিছিল। পাছত তেওঁ পুনেত টেলক' কোম্পানীত নিযুক্ত লাভ কৰিছিল।৬

তথ্যসূত্ৰ

  1. ↑ Athlete Search Results. Athletes at the Paralympics. IPC
  2. ↑ (25 January 2018). Padma awards 2018 announced, MS Dhoni, Sharda Sinha among 85 recipients: Here’s complete list. India TV
  3. ↑ Sainik Samachar, Vol. 28
  4. ↑ Sainik Samachar
  5. ↑ TOI e-paper article
  6. ↑ The Journal of Rehabilitation in Asia

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ সাঁতোৰবিদভাৰতৰ এথলীটপেৰালিম্পিকত পদক বিজয়ী ভাৰতীয়পদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুৰলীকান্ত পেটকাৰ” প্ৰবন্ধৰ সংশোধন ৩৮২৬৭১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।