পৰঘুমা (Green Imperial Pigeon, বৈজ্ঞানিক নাম-Ducula aenea) কপৌ গোটৰ এবিধ চৰাইৰ প্ৰজাতি। ই বিষুৱীয় দক্ষিণ এছিয়াত ভাৰতৰ পৰা ইণ্ডোনেছিয়া পৰ্যন্ত বহুলভাৱে বিস্তৃত হৈ থকা চৰাইৰ প্ৰজাতি।
বিৱৰণ
পৰঘুমাৰ দেহটো থুপুকা। দেহৰ দৈৰ্ঘ্য ৪৫ ছে:মি। দেহটৌৰ বৰণ পাতল নীলা-বেঙুনীয়া। ডেউকা ধাতব সেউজীয়া বৰণৰ। মূৰ অংশ বগা। মতা আৰু মাইকী দুয়োবিধেই দেখিবলৈ একে হয়।
বিতৰণ
পৰঘুমা সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত চৰাইৰ প্ৰজাতি। ইয়াক প্ৰধানকৈ বাংলাদেশ, ভূটান, ব্ৰুণেই, কম্বোডিয়া, চীন, ভাৰত, ইণ্ডোনেছিয়া, মালয়েছিয়া, ছিংগাপুৰ, ম্যানমাৰ, ফিলিপাইন, শ্ৰীলংকা, থাইলেণ্ড, ভিয়েটনাম আদিত দেখা পোৱা যায়।
আচৰণ
এই চৰাইবিধে উদ্ভিদজাত সামগ্ৰী খাই জীয়াই থাকে। ইয়াৰ উৰণ দ্ৰুত। ই গছত গছৰ ঠানি আদিৰ বাহ সাজি এটা মাত্ৰ বগা কণী পাৰে। ইহঁতে সৰু সৰু জাক গঠন কৰিব পাৰে।
খাদ্য
পৰঘুমাই সাধাৰণতে গছৰ ওপৰ অংশ (tree canopy)ৰ পৰা পাত আদি খায়। ইহঁতে সৰু সৰু গোটত চৰে। ইয়াৰ মাতটো গভীৰ আৰু অনুনাদীয় (resonant)।
প্ৰজনন
ই এবিধ বনাঞ্চলত বাস কৰা চৰাইৰ প্ৰজাতি। ই গছত ডালৰ টুকুৰা আদিৰে বাহ সাজে, এবাৰত এটাকৈ বগা বৰণৰ কণী পাৰে।
তথ্যসূত্ৰ
- Birds of India by Grimmett, Inskipp and Inskipp, ISBN 0-691-04910-6
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰঘুমা” প্ৰবন্ধৰ সংশোধন ৫৪০৬৫৩ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।