গাহৰি-নেজীয়া বান্দৰ (Pig-tailed macaque) বাংলাদেশ, কম্বোডিয়া, চীন, ভাৰত, লাউচ, ম্যানমাৰ, থাইলেণ্ড আৰু ভিয়েটনামত বিস্তৃত হৈ থকা এবিধ বান্দৰৰ প্ৰজাতি। পূৰ্ব্বতে ইয়াক M. nemestrina-ৰ এবিধ উপ-প্ৰজাতি বুলি গণ্য কৰা হৈছিল। ভাৰতবৰ্ষত এই প্ৰজাতিটো ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণ পাৰত পোৱা যায়।১২ শেহতীয়াকৈ উপলব্ধ হোৱা আচৰণ সম্পৰ্কীয় বৈজ্ঞানিক তথ্যই প্ৰাণীবিধৰ বিষয়ে অধিক জনাৰ সুবিধা দিছে।৩
শ্ৰেণীবিভাজন
পূৰ্বতে উপ-প্ৰজাতি বুলি গণ্য কৰা হৈছিল যদিও বৰ্ত্তমান গাহৰি নেজীয়া বান্দৰৰ দুটা সম্পূৰ্ণ পৃথক প্ৰজাতি পোৱা যায়:
- দক্ষিণৰ গাহৰি-নেজীয়া বান্দৰ (Southern pigtailed macaque; Macaca nemestrina) – ইয়াক উত্তৰ ভাৰত, দক্ষিণ চীন, ইণ্ডোনেছিয়া, পূব বাংলাদেশ তথা বাৰ্মা, থাইলেণ্ড, লাওচ, কম্বোডিয়া আৰু ভিয়েটনাম আদিত পোৱা যায়।৪
- উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ (Northern pigtailed macaques; Macaca leonine) – এই প্ৰজাতিটো মূলতঃ থাইলেণ্ড, ভাৰত, চীন আদিত বিস্তৃত।৫
দুয়োটা প্ৰজাতিৰ দৈহিক তথা অন্যান্য পাৰ্থক্য সম্পৰ্কে তথ্য এতিয়াও সীমিত।
দৈহিক গঠন
দক্ষিণৰ গাহৰি-নেজীয়া বান্দৰৰ সমগ্ৰ দেহটো সেউজীয়া-মাটীয়া নোমেৰে আবৃত। মূৰৰ ওপৰত থকা ৰং ডাঠ।৬ উত্তৰৰ গাহৰি-নেজীয়া বান্দৰৰ গাৰ নোম সোণালী-মটীয়া বৰণৰ আৰু মূৰৰ ওপৰৰ অংশ মুগা। গাহৰি-নেজীয়া বান্দৰৰ পোৱালিবোৰ জন্মতে ক'লা ৰঙৰ আৰু ডাঙৰ হোৱাৰ লগে লগে ৰং সলনি হৈ আহে।৭ মতা আৰু মাইকীৰ দৈহিক গঠন ভিন্ন হয়। মতা প্ৰাণীৰ দেহৰ দৈৰ্ঘ্য ১.৬–১.৮ ফুট আৰু মাইকীৰ ১.৫–১.৮ ফুট হয়। দেহৰ ওজন মতা প্ৰাণীৰ ৬.২–১৪.৫ কিঃগ্ৰাঃ, মাইকীৰ ৪.৭–১০.৯ কিঃগ্ৰাঃ। নেজডাল চুটি- দেখাত গাহৰিৰ নেজৰ দৰে।৮ গড় আয়ুস ২৬ বছৰ।৯
বসতিস্থল
গাহৰি-নেজীয়া বান্দৰে সাধাৰণতে চিৰসেউজীয়া অৰণ্যত বাস কৰে।১০ বসতিস্থল সাগৰৰ পৰা ২০০০ মিটাৰ উচ্চতালৈকে হ'ব পাৰে।১১
আচৰণ
সচৰাচৰ ফল-মূল খাদ্য হিচাপে গ্ৰহণ কৰে। বৈজ্ঞানিক তথ্য অনুসৰি গাহৰি-নেজীয়া বান্দৰৰ খাদ্যৰ প্ৰায় ৭৪% ফল-মূল। অৱশ্যে তাৰ উপৰিও এই প্ৰাণীবিধে অন্যান্য খাদ্য যেনে- কীট-পতংগ, গছৰ গুটি, পাত, কাণ্ড আদি খায়।১২
গাহৰি-নেজীয়া বান্দৰে সৰহভাগ সময় মাটিত কটায়। দল-বান্ধি বাস কৰে। একোটা দলত ৯ টাৰ পৰা ৮১টা পৰ্য্য়ন্ত গাহৰি-নেজীয়া বান্দৰ থাকিব পাৰে। দলৰ মাজত স্পষ্ট অধিক্ৰম (dominance hierarchy) থাকে।১৩
সাধাৰণতে সমগ্ৰ বছৰজুৰি প্ৰজনন কৰে যদিও জানুৱাৰীৰ পৰা মে' মাহত অধিক হাৰত প্ৰজনন হয়।১৪ মাইকী প্ৰাণী তিনি বছৰ বয়সত প্ৰজননক্ষম হয়। আনহাতে মতা প্ৰাণী প্ৰজননক্ষম হয় ৪-৫ বছৰ বয়সতহে।১৫ মাকে পোৱালিৰ যত্ন লয়।
সংৰক্ষণ
এই প্ৰাণীবিধক আই ইউ চি এন-ৰ তালিকাত বিপথগামী (Vulnerable) বুলি ঘোষণা কৰা হৈছে। মানুহৰ দ্বাৰা বনাঞ্চল ধ্বংস, চিকাৰ, পৰিৱেশ প্ৰদুষণ ইত্যাদিয়ে এই প্ৰাণীবিধ বিপদাপন্নৰ হোৱাৰ মূল কাৰণ বুলি গণ্য কৰা হয়।১৬
বহিঃসংযোগ
তথ্যসূত্ৰ
- ↑ Choudhury, A.U. (1988) Priority ratings for conservation of Indian primates. Oryx 22: 89-94
- ↑ Choudhury, A.U. (2003) The pig-tailed macaque Macaca nemestrina in India - status and conservation. Primate Conservation 19:91-94
- ↑ Choudhury, A.U. (2008) Ecology and behaviour of the pigtailed macaque Macaca nemestrina leonina in some forests of Assam in North-East India. J. Bombay nat. Hist. Soc. 105 (3): 279- 291
- ↑ Choudhury A. 2003. The pig-tailed macaque Macaca nemestrina in India- status and conservation. Prim Cons 19: 91-8., Feeroz MM, Islam MA, Kabir MM. 1994. Food and feeding behaviour of hoolock gibbon (Hylobates hoolock), capped langur (Presbytis pileata), and pigtailed macaque (Macaca nemestrina) of Lawachara. Bangladesh J Zool 22(2): 123-32., Groves C. 2001. Primate taxonomy. Washington DC: Smithsonian Inst Pr. 350 p
- ↑ Groves C. 2001. Primate taxonomy. Washington DC: Smithsonian Inst Pr. 350 p
- ↑ Rowe N. 1996. The pictorial guide to the living primates. East Hampton (NY): Pogonias Pr. 263 p
- ↑ Crockett CM, Wilson WL. 1980. The ecological separation of Macaca nemestrina and M. fascicularis in Sumatra. In: Lindburg DG, editor. The macaques: studies in ecology, behavior and evolution. New York: Van Nostrand Reinhold. p 148-81
- ↑ Choudhury 2001. Primates in northeast India: an overview of their distribution and conservation status. In: Gupta AK, editor. Vol 1(1), Non-human primates of India, ENVIS bulletin: wildlife & protected areas. Dehradun (India): Wildl Inst India. p 92-9
- ↑ Sponsel LE, Ruttanadakul N, Natadecha-Sponsel P. 2002. Monkey business? The conservation implications of macaque ethnoprimatology in southern Thailand. In: Fuentes A, Wolfe LD, editors. Primates face to face: conservation implications of human-nonhuman primate interconnections. Cambridge (UK): Cambridge Univ Pr. p 288-309
- ↑ Crockett CM, Wilson WL. 1980. The ecological separation of Macaca nemestrina and M. fascicularis in Sumatra. In: Lindburg DG, editor. The macaques: studies in ecology, behavior and evolution. New York: Van Nostrand Reinhold. p 148-81
- ↑ Srivastava A, Mohnot SM. 2001. Distribution, conservation status and priorities for primates in northeast India. In: Gupta AK, editor. Vol 1(1), Non-human primates of India, ENVIS bulletin: wildlife & protected areas. Dehradun (India): Wildl Inst India. p 102-8
- ↑ Caldecott JO. 1986. An ecological and behavioural study of the pig-tailed macaque. In: Szalay FS, editor. Contributions to primatology, Vol. 21. Basel (Switzerland): Karger. 259 p
- ↑ Dittus W. 2004. Demography: a window to social evolution. In: Thierry B, Singh M, Kaumanns W, editors. Macaque societies: a model for the study of social organization. Cambridge (UK): Cambridge Univ Pr. p 87-112
- ↑ Oi T. 1996. Sexual behaviour and mating system of the wild pig-tailed macaque in west Sumatra. In: Fa DE, Lindburg DG, editors. Evolution and ecology of macaque societies. Cambridge (UK): Cambridge Univ Pr. p 342-68
- ↑ Sirianni JE, Swindler DR. 1985. Growth and development of the pigtailed macaque. Boca Raton (FL): CRC Pr. 168 p
- ↑ Srivastava A, Das J, Biswas J, Buzarbarua P, Sarkar P. 2001. Primate population decline in response to habitat loss: Borajan Reserve Forest of Assam, India. Primates 42(4): 401-6
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গাহৰি-নেজীয়া বান্দৰ” প্ৰবন্ধৰ সংশোধন ৫৩৬৪২১ (৩১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।