গো-বগ১ বা গৰু বগলী (Cattle Egret, বৈজ্ঞানিক নাম-Bubulcus ibis) এটা বহুলভাৱে বিস্তৃত হৈ থকা বগলীৰ প্ৰজাতি। ই Ardeidae পৰিয়াল তথা Bubulcus গোত্ৰৰ অন্তৰ্ভুক্ত। পূৰ্বতে ই কেৱল এছিয়া, আফ্ৰিকা তথা ইউৰোপত বিস্তৃত হৈ আছিল যদিও শেহতীয়াকৈ ইয়াৰ জনসংখ্যাই পৃথিৱীৰ অন্য অঞ্চলসমূহলৈ দ্ৰুত বিস্তৃতি লাভ কৰিছে।
টেক্স'নমি


গো-বগ পোন-প্ৰথমে ১৭৫৮ চন কেৰ'লাছ লিনিয়াছে তেওঁৰ 'চিষ্টেমা নেচুৰী' নামৰ গ্ৰন্থখনত Ardea ibis নামেৰে উল্লেখ কৰিছিল।২। পৰৱৰ্ত্তী সময়ত অৰ্থাৎ ১৮৫৫ চনত চাৰ্লছ লুচিয়েন বোনাপাৰ্ট (Charles Lucien Bonaparte) এ ইয়াক বৰ্তমানৰ গোত্ৰত অন্তৰ্ভুক্ত কৰে।৩
গো-বগক ভৌগোলিক ভাৱে দুটা উপ-প্ৰজাতিত বিভক্ত কৰিছিল মেক এলেন আৰু ব্ৰুচ (McAllan and Bruce)-এ।৪ -
- পশ্চিমৰ গো-বগ (B. ibis)
- পূবৰ গো-বগ (B. coromandus)- এছিয়া, অষ্ট্ৰেলিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰজনন কৰে। ৫
বিৱৰণ
ত গো-বগ]]
গো-বগৰ দেহটো শকত, দৈৰ্ঘ্য প্ৰায় ৪৬-৫৬ ছে:মি: আৰু ওজন প্ৰায় ২৭০-৫১২ গ্ৰাম। ইয়াৰ ডিঙি তুলনামূলকভাৱে চুটি আৰু শকত। প্ৰজনন নোহোৱা কালত পূৰ্ণবয়স্ক গো-বগৰ ঠোঁট হালধীয়া আৰু ঠেং সেউজ-হালধীয়া বৰণৰ হয়। প্ৰজনন কালত পশ্চিমৰ গো-বগৰ ঠোঁট, বুকু, আৰু ঠেং কমলা বৰণীয়া হৈ উঠে। যোৰ পতাৰ আগে আগে এই অংশবোৰ উজ্জ্বল ৰঙা হৈ উঠাও দেখা যায়। ৬
গো-বগৰ মতা আৰু মাইকী উভয়ে দেখাত একে ধৰণৰ, কিন্তু মতা গো-বগৰ আকাৰ মাইকীজনীতকৈ ডাঙৰ। পোৱালি গো-বগৰ ঠোঁট সাধাৰণতে ক'লা হোৱা দেখা যায়।
গো-বগ সাধাৰণতে নীৰৱে থাকে যদিও প্ৰজনন কালত ই ৰিক-ৰেক ধৰণে মতা শুনা যায়।৭
বিতৰণ
ত ঘাঁহনি অঞ্চলত গো-বগৰ জাক]]
চৰাইৰ সকলো প্ৰজাতিৰ ভিতৰত গো-বগৰ আটাইতকৈ অধিক আৰু দ্ৰুত গতিত নতুন নতুন অঞ্চললৈ প্ৰাকৃতিকভাৱে বিস্তৃতি ঘটিছে। ৭ পূৰ্বতে ই কেৱল দক্ষিণ স্পেইন, পৰ্টুগাল, বিষুৱীয় আফ্ৰিকা আৰু এছিয়াত বিস্তৃত আছিল। কিন্তু উনৈশ শতিকাৰ শেষৰ ফালে ইয়াৰ প্ৰাকৃতিক ভাৱে বিস্তৃতি ঘটিবলৈ লয় আৰু ই আফ্ৰিকা, আমেৰিকা, অষ্ট্ৰেলিয়া আদি দেশলৈ বিয়পি পৰে। ৮
বাসস্থান
গো-বগ সাধাৰণতে যিকোনো জলাশয়ৰ আশে পাশে চৰে যদিও ই শুকান খেতি-পথাৰ বা ঘাঁহনি অঞ্চলতো খাদ্যৰ সন্ধান কৰা দেখা পোৱা যায়। গতিকে অন্যান্য জলচৰ চৰাইবোৰৰ দৰে ই কেৱল পানীপূৰ্ণ অঞ্চলতে সীমাবদ্ধ হৈ নাথাকে। ৯
আচৰণ
খাদ্য
গো-বগে সাধাৰণতে বিভিন্ন ধৰণৰ খাদ্য খাই জীয়াই থাকে। এইবোৰৰ ভিতৰত পোক-পতংগ যেনে-ফৰিং, মাখি আদি,১০),পখিলা, মকৰা, ভেকুলী, কেঁচু,১১১২ আদি ইয়াৰ প্ৰধান খাদ্য। তদুপৰি কিছুমান দ্বীপত বাস কৰা গো-বগে সাগৰীয় চৰাইৰ কণী আৰু পোৱালিও খোৱাৰ তথ্য পোৱা যায়। প্ৰব্ৰজনৰ সময়ত ভাগৰি পৰা পৰিভ্ৰমণকাৰী চৰাই চিকাৰ কৰিও ই খাব পাৰে।১৩
প্ৰজনন



গো-বগে সাধাৰণতে বৃহৎ গোটত ক'লনী সৃষ্টি কৰি একেলগে বাহ সাজে। এনে ক'লনী সমূহ সাধাৰণতে জলাশয়ৰ পাৰৰ বনাঞ্চলত দেখা পোৱা যায়। দক্ষিণ এছিয়াৰ বিভিন্ন অঞ্চলত ইয়াৰ প্ৰজনন কাল বেলেগ বেলেগ সময়ত হোৱা দেখঅ যায়। উত্তৰ ভাৰতত মে মাহত মৌচুমীৰ আগমণৰ লগে লগে বাহ সজা আৰম্ভ হয়। ১৪ অষ্ট্ৰেলিয়াত নৱেম্বৰৰ পৰা জানুৱাৰী পৰ্যন্ত ই প্ৰজনন কৰিব পাৰে। ১৫৭
প্ৰজনন কালত মতা গো-বগে গছত মাইকী জনীক আকৰ্ষিত কৰিবলৈ বিভিন্ন ধৰণৰ প্ৰদৰ্শন যেনে গছৰ ডালি কঁপাই আৰু আকাশলৈ টোঁৱাই ঠৌঁট নচুৱায়। ১৬ এনে প্ৰদৰ্শনৰ চাৰি বা পাঁচদিনৰ ভিতৰত ইযোৰ পাতে। প্ৰতিটো ঋতুতে ই লগৰীয়া সলায়। ১৭
গো-বগৰ বাহটো গছ বা জোপোহাত ডাল-পাতেৰে সাজে। মতা-মাইকী উভয়ে বাহ সজাত অংশ লয়। এবাৰত এটাৰ পৰা পাঁচটা পৰ্যন্ত কণী পাৰে। কণীৰ বৰণ শেঁতা নীলা-বগা বৰণৰ হয়। ১৫ ২৩ দিন পৰ্যন্ত মতা-মাইকী দুয়ো মিলি উমনি দিয়ে।৭
মানুহৰ সৈতে সম্পৰ্ক

গো-বগ সততে চকুত পৰা বাবে মানুহৰ বাবে ই পৰিচিত চৰাইৰ প্ৰজাতি। ইয়াক প্ৰধানকৈ গৰুৰ পিঠিত উঠি থাকি ইয়াৰ দেহৰ পৰা পৰজীৱী আঁতৰ কৰাৰ বাবে জনা যায়। এই কাৰণতে ইয়াৰ নামো গো-বগ ৰূপে জনাজাত হৈ পৰিল। মানুহৰ সৈতে বসবাস কৰিবলৈ নিজকে অভিযোজিত কৰাৰ বাবে ইয়াৰ বিস্তৃতি অধিক দ্ৰুত হৈছে।
স্থিতি
গো-বগ বহুলভাৱে বিস্তৃত আৰু বিশ্ব জুৰি ইয়াৰ জনসংখ্যা প্ৰায় ৩.৮-৬.৭ মিলিয়ন বুলি ধাৰণা কৰা হৈছে। এনেবোৰ কাৰণতে আই. ইউ চি এনে ইয়াক সংকটৰ পৰা মুক্ত বুলি স্বীকৃতি দিছে। ১৮১৯
বাহ্যিক সংযোগ
- Ageing and sexing (PDF) by Javier Blasco-Zumeta & Gerd-Michael Heinze
- Cattle Egret – Species text in The Atlas of Southern African Birds
তথ্যসূত্ৰ
- ↑ N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
- ↑ Linnaeus, C. (1758). Systema naturae per regna tria naturae, secundum classes, ordines, genera, species, cum characteribus, differentiis, synonymis, locis. Tomus I. Editio decima, reformata.. Holmiae. (Laurentii Salvii). পৃ. 144
- ↑ Bonaparte, Charles Lucien. (1855). (untitled). Annales Des Sciences Naturelles comprenant la zoologie. পৃ. 141
- ↑ McAllan, I. A. W. (1988). The birds of New South Wales, a working list. Biocon Research Group in association with the New South Wales Bird Atlassers. ISBN 0-9587516-0-9
- ↑ Krebs, Elizabeth A. (1994). The Colonization of Barbados by Cattle Egrets (Bubulcus ibis) 1956–1990. Colonial Waterbirds. Waterbird Society. পৃ. 86–90
- ↑ Krebs, E. A. (2004). Plume variation, breeding performance and extra-pair copulations in the cattle egret. Behaviour. পৃ. 479–499
- ↑ Telfair II, Raymond C. (2006). "Cattle Egret" (Bubulcus ibis), The Birds of North America Online (A. Poole, Ed.). Ithaca: Cornell Lab of Ornithology; Retrieved from The Birds of North America Online doi:10.2173/bna.113
- ↑ Martínez-Vilalta, A; Motis, A. (1992). ((Handbook of the Birds of the World)). Volume 1: Ostrich to Ducks. Lynx Edicions. পৃ. 401–402. ISBN 84-87334-09-1
- ↑ Mullarney, Killian. (2001). Birds of Europe. Princeton University Press. ISBN 0-691-05054-6
- ↑ Seedikkoya K, PA Azeez, EA Abdul Shukkur. Cattle egret as a biocontrol agent. Zoos' Print Journal. পৃ. 2864–2866
- ↑ Siegfried, W. R. (1971). The Food of the Cattle Egret. Journal of Applied Ecology. British Ecological Society. পৃ. 447–468
- ↑ Fogarty, Michael J. (1973). Summer Foods of Cattle Egrets in North Central Florida. The Auk. পৃ. 268–280
- ↑ Cunningham, R. L. (1965). Predation on birds by the Cattle Egret. The Auk. পৃ. 502–503
- ↑ Hilaluddin. (2005). Status and distribution of breeding cattle egret and little egret in Amroha using density method. Current Science. পৃ. 1239–1243
- ↑ Beruldsen, G. (2003). Australian Birds: Their Nests and Eggs. self. পৃ. 182. ISBN 0-646-42798-9
- ↑ Marchant, S.; Higgins, P.J. (1990). ((Handbook of Australian, New Zealand and Antarctic Birds)), Volume 1 (Ratites to Ducks). Oxford University Press. ISBN 0-19-553068-3
- ↑ Kushlan, James A.; Hancock, James. (2005). Herons. Oxford University Press. ISBN 0-19-854981-4
- ↑ Database entry includes justification for why this species is of least concern
- ↑ Bubulcus ibis (bird). Global Invasive Species Database
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গো-বগ” প্ৰবন্ধৰ সংশোধন ৬৩১৮১০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।