মণিয়ৰি (Darter, বৈজ্ঞানিক নাম: Anhinga melanogaster) এবিধ ডাঙৰ আকৃতিৰ জলত চৰি ফুৰা চৰাই।
বিৱৰণ
চৰাইটো দীঘলে প্ৰায় ৩ ফুটমান। ঠোঁট দীঘল। ঠোঁটটোৰ তলৰফালে সামা্ন্য হালধীয়া বৰণৰ আৰু ওপৰ ফালে ক’লা আৰু বাদামী বৰণৰ হয়। চকুৰ ওচৰৰপৰা ডিঙি পৰ্যন্ত এডাল বগা ৰেখা থাকে। পাখিবোৰৰ আগ অংশ পাতল ক’লা বৰণৰ আৰু ডেউকাৰ পাখিবোৰত ৰূপালী আভা থাকে। নেজডাল নাও-বঠাৰ নিচিনা। ঠেং দুখন পতাযুক্ত আৰু ক’লা বৰণৰ। চকুৰ ৰং হালধীয়া। ডিঙি যথেষ্ট শক্তিশালী আৰু দীঘল। সাধাৰণ অৱস্থাত ডিঙিটো ইংৰাজী এছ আখৰটোৰ দৰে থাকে। মতা আৰু মাইকী দেখিবলৈ প্ৰায় একে। কিন্তু প্ৰজননৰ সময়ত মতা মণিয়ৰি চৰাইটোৰ ডিঙি অংশ ৰঙচুৱা হৈ পৰে। মাইকী চৰাইজনীতকৈ মটাটোৰ ডেউকাৰ ৰূপালী অংশ বেচি উজ্বল হৈ পৰে১ ই ভৰিৰ পতাৰ সহায়ত পানীত সাঁতুৰিব পাৰে আৰু পানীৰ পৰা ওলাবৰ সময়ত লাহে লাহে খোজ কঢ়াদি খোজ কাঢ়ি পাছলৈ দৌৰি পানীৰ ওপৰলৈ উঠি যায়। ই বেগাই উৰিবও পাৰে।
অৱস্থিতি আৰু বাসস্থান
মণিয়ৰি চৰাইটোৰ বাসস্থান পাকিস্তান, নেপাল, বাংলাদেশ, শ্ৰীলংকা, ভাৰত, ম্যানমাৰ, থাইলেণ্ড, ভিয়েটনাম, মালয়েছিয়া, কম্বোডিয়া, ছিংগাপুৰ, ইণ্ডোনেছিয়া আদি অঞ্চলত দেখা যায়।২ সাধাৰণতে নৈকাষৰীয়া অঞ্চল বিল আদি থকা অঞ্চলত বসবাস কৰে। ওখ গছৰ ফেৰেঙনিত ডাল পাতেৰে সাধাৰণভাবে একেঠাইতে বাঁহ সাজে। বাৰিষা ইহঁতে ৩/৬ টাকৈ কণী পাৰে। মতা মাইকী দুয়োটাই পোৱালিৰ যতন লয়।
খাদ্য
প্ৰধান খাদ্য মাছ। দিনটোৰ বেছিভাগ সময় খাদ্যৰ সন্ধানত পানীৰ দাঁতি-কাষৰীয়া ঠাইত বা পানীত চৰি ফুৰা দেখা যায়। চিকাৰ কৰোঁতে ই গাৰ সম্পূৰ্ণ অংশ পানীত ডুবাই কেৱল ডিঙিৰ অংশটোহে উলিয়াই আহাৰ বিচাৰি ফুৰে। তাৰোপৰি ই কেঁচু, পোক-পৰুৱা আদিও খায়।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মণিয়ৰি” প্ৰবন্ধৰ সংশোধন ৫৪০৬২০ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।