নামায, নামাজ (نَماز) বা ছালাত হ'ল ইছলাম ধৰ্মৰ প্ৰধান উপাসনা কৰ্ম। প্ৰতিদিন ৫ ওয়াক্ত (নিৰ্দিষ্ট নামাজৰ নিৰ্দিষ্ট সময়) নামাজ আদায় কৰা প্ৰত্যেক মুছলমানৰ বাবে আৱশক বা ফৰজ। নামাজ ইছলামৰ পঞ্চস্তম্ভৰ এটা। শ্বাহাদাহ্ বা বিশ্বাসৰ পাছত নামাজেই ইছলামৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তম্ভ।
নামাজ শব্দটো ফাৰ্চী ভাষা পৰা উদ্ভূত হৈছে (نماز) আৰু অসমীয়া ভাষাত পৰিগৃহীত এটা শব্দ যিটো আৰবী ভাষাত ছালাত (صلاة, কোৰআনী আৰৱী: صلوة,) প্ৰতিশব্দ। অসমীয়া ভাষাত 'ছালাত'-ৰ পৰিৱৰ্তে সচৰাচৰ 'নামাজ' শব্দটোৱেই ব্যৱহাৰ কৰা দেখা যায়। ফাৰ্চী, উৰ্দু, হিন্দী, তুৰ্কী, বাংলা আৰু অসমীয়া ভাষাত ইয়াক নামাজ (ফাৰ্চী ভাষাৰ পৰা উদ্ভূত) বুলা হয়। কিন্তু ইয়াৰ মূল আৰৱী নাম ছালাত (একবচন) বা ছালাহ্ (বহুবচন)।
ছালাতৰ আভিধানিক অৰ্থ দুআ, ৰহমত, ক্ষমা প্ৰাৰ্থনা কৰা ইত্যাদি। পাৰিভাষিক অৰ্থ: ‘শ্বৰী'আত নিৰ্দেশিত ক্ৰিয়া-পদ্ধতিৰ মাধ্যমেৰে আল্লাহৰ ওচৰত বান্দাৰ ক্ষমা ভিক্ষা আৰু প্ৰাৰ্থনা নিবেদনৰ শ্ৰেষ্ঠতম ইবাদতক ‘ছালাত’ বুলা হয়, যাক তাকবীৰে তাহৰীমাৰ দ্বাৰা আৰম্ভ হয় আৰু ছালামৰ দ্বাৰা শেষ হয়’।১
ছালাতৰ গুৰুত্বপূৰ্ণতা (ফযীলত)
মুছলিমসকলৰ পবিত্ৰ গ্ৰন্থ কোৰআন আৰু ছহীহ হাদীছত ছালাতৰ ফযীলতৰ বিষয়ে অসংখ্য বৰ্ণনা আছে, যাৰ মাধ্যমত আল্লাহৰ বান্দাই ছালাতৰ প্ৰতি মনোযোগ দিব পাৰে আৰু শুদ্ধ তথা একাগ্ৰতাৰ সৈতে একনিষ্ঠভাৱে ছালাত আদায় কৰিব পাৰে। দাবী কৰা হয় ছালাতৰ ফযীলত সম্বন্ধে বহুতো মিছা ও বনোৱা কাহিনীৰো প্ৰচলন আছে। সেইবোৰলৈ মন-কাণ নিদি ছালাতৰ ফযীলত সম্পৰ্কত কোৰআন ও ছুন্নাহৰ ওপৰত আমল কৰা জৰুৰী বুলি মুছলমান আলিমসকলে কয়। কোৰআন মজিদৰ ছুৰা “আল-আনকাবূত”ৰ ৪৫ নং আয়াতত আল্লাহে এনেদৰে কৈছে–
ছুৰা “হূদ”ৰ ১১৪ নং আয়াতত কৈছে–
■ হাদিছত এনেদৰে কোৱা হৈছেঃ
(১) আবু হুৰাইৰা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে–
(২) আবু হুৰাইৰা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত আন এক হাদীছত
(৩) উক্কবা ইবনু আমিৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছে–
(৪) আবু ক্কাতাদা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে–
ছালাত পৰিত্যাগকাৰীৰ বাবে আছে– কঠোৰ শাস্তি
কোৰআনৰ ছুৰা “আত-তাওবাহ”ৰ ১১ নং আয়াতত আল্লাহে কৈছে–
ছুৰা “আল-মুদ্দাচ্ছিৰ”ৰ ৪০-৪৩ নং আয়াতত কৈছে–
{{উক্তি|'“জান্নাতত তেওঁলোকে ইজনে সিজনক সুধিব, অপৰাধীসকলৰ বিষয়ে, কিহে তোমালোকক ‘ছাক্কাৰ’ নামৰ জাহান্নামত নিক্ষেপ কৰিছে? সিহঁতে কব– আমি ছালাত আদায়কাৰীসকলৰ অন্তৰ্ভুক্ত নাছিলোঁ। ”''২}}
■ হাদিছত আছে,
(১) ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে–
(২)
(৩)‘আব্দুল্লাহ ইবনু চাক্কীক্ক উকায়লি ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে,
(৪)‘আব্দুল্লাহ ইবনু বুৰায়দা ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁৰ পিতাকৰ পৰা বৰ্ণনা কৰিছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে–
গতিকেই মুছলিম আলিমসকলে কয় যে, যি ব্যক্তিয়ে ছালাত ত্যাগ কৰে তেওঁ নিঃসন্দেহে কুফুৰী কৰিলে, অলসতা বা অৱহেলাত ছালাত আদায় নকৰিলে জাহান্নামত যাব লাগিব আৰু শাস্তি ভোগ কৰাৰ পিছত আল্লাহৰ দয়াত কলিমা ত্বৈয়্যিবাৰ বৰকতত মুক্তি পাই জান্নাতত প্ৰৱেশ কৰিব। ৩ কিন্তু ইচ্ছাকৃতভাৱে ছালাত এৰি দিলে বা অস্বীকাৰ কৰিলে, ইছলামৰ পৰা বাহিৰ হৈ যাব আৰু জাহান্নামত চিৰস্থায়ীভাৱে থাকিব লাগিব। ৪
ছালাতৰ (সময়) ওৱাক্তসমূহ
ই মুছলিমসকলৰ প্ৰাৰ্থনাৰ সময়। দিনে পাঁচবাৰকৈ কৰা প্ৰাৰ্থনাৰ সময় বেলেগ বেলেগ। সময় হোৱাৰ লগে লগেই আজানৰ দ্বাৰা প্ৰাৰ্থনা(ছালাত)ৰ বাবে মাতা হয়। ছালাতৰ সময়ৰ গুৰুত্বাৰোপ কৰি আল্লাহ তা‘আলাই কৈছে-
ৰাছুলুল্লাহ মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু চাহাবায়ে কিৰামে নিৰ্দ্দিষ্ট সময়ত ছালাত আদায় কৰিছিল। নিৰ্দ্দিষ্ট সময়ত অৰ্থাৎ আওৱাল ওৱাক্তত ছালাত আদায় কৰাৰ গুৰুত্ব বহুত বেছি। উম্মু ফাৰওৱা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত,
দেখা যায়, আওৱাল ওৱাক্তত ছালাত আদায় কৰাৰ গুৰুত্ব জাম‘আতৰ সৈতে ছালাত আদায় কৰাতকৈও বেছি। ৫ ‘আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে-
এইকাৰণে তেওঁ ‘আলী ৰাদ্বিয়াল্লাহু আনহুক লক্ষ্য কৰি কৈছিল উপদেশ দিছিল, হাদিছত এনেদৰে বৰ্ণনা হৈছে-
ক) ফজৰৰ ছালাতৰ সময়ঃ চুবহ ছাদিকৰ পিছতে ফজৰৰ ওৱাক্ত আৰম্ভ হয় আৰু সূৰ্য্যোদয়ৰ আগলৈকে থাকে। গতিকে সমস্যাজনিত কাৰণত সূৰ্য্যোদয়ৰ পূৰ্বে ফজৰৰ ছালাত আদায় কৰিব পাৰি। আওৱাল ওৱাক্তত ছালাত আদায় কৰা উত্তম বাবে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে খুব পুৱাতে উঠি ফজৰৰ ছালাত আদায় কৰিছিল। পূব আকাশ মুকলি হ’লেহে ফজৰৰ ছালাতৰ সময় আৰম্ভ হোৱাৰ বিষয়ে কোনো দলীল নাই। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ ছালাত আদায় কৰাৰ সময় সম্বন্ধে তলত উল্লিখিত হাদীছত পোৱা যায়- “আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত,
আন এক হাদীছত ‘আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাই বৰ্ণনা কৰিছে,
আন এক বৰ্ণনাত কৈছে–
গতিকেই ইয়াৰ ওপৰত ভিত্তি কৰি কোৱা হয় যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সময়ত ফজৰৰ ছালাত অন্ধকাৰত আৰম্ভ হৈছিল আৰু আন্ধাৰ হৈ থকা অৱস্থাতে শেষ হৈছিল, যাৰ বাবে জাম‘আতত ছালাত আদায় কৰা মহিলাসকলক ছালাত শেষ হোৱাৰ পিছত ঘৰলৈ উভতি যাওঁতে কোনেও চিনি পোৱা নাছিল।
খ) জোহৰৰ ছালাতৰ সময়ঃ সূৰ্য্য পশ্চিম আকাশৰ পিনে ঢাল খোৱাৰ লগে লগে জোহৰৰ ছালাতৰ সময় আৰম্ভ হয় আৰু কোনো বস্তুৰ ছাঁ তাৰ সমপৰিমাণ হ’লে শেষ হয়। এই সংক্ৰান্তত ‘আব্দুল্লাহ ইবনু আমৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,
আলিমসকলৰ মত যে আওৱাল ওৱাক্তত ছালাত আদায় কৰা জৰুৰী যদিও গ্ৰীষ্ম কালত জোহৰৰ ছালাত কিছু পলমকৈ আদায় কৰিব পাৰি। আবু ছাঈদ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে–
গ) ‘আছৰৰ ছালাতৰ সময়ঃ কোনো বস্তুৰ ছাঁ যেতিয়া সেই বস্তুৰ সমপৰিমাণ হ’ব তেতিয়া ‘আছৰৰ ছালাতৰ সময় আৰম্ভ হ’ব। ৬ আৰু যেতিয়া ছাঁ দ্বিগুণ হ’ব তেতিয়া শেষ হ’ব, অৱশ্যে কোনো সমস্যাজনিত কাৰণত সূৰ্য্যাস্তৰ আগত এক ৰাক‘আত পঢ়িব পাৰিলে ‘আছৰৰ ছালাত আদায় হৈ যাব, তেনেকৈ সূৰ্য্যোদয়ৰ আগত এক ৰাক‘আত পঢ়িব পাৰিলে ফজৰৰ ছালাত আদায় হৈ যাব। বাকী ৰাক'আত সমূহো পূৰা কৰি ল'ব।৭
ঘ) মাগৰিবৰ ছালাতৰ সময়ঃ সূৰ্য্য অস্ত যোৱাৰ লগে লগে মাগৰিবৰ ছালাতৰ সময় আৰম্ভ হয় আৰু পশ্চিম আকাশত সূৰ্য্যৰ ৰঙচুৱা আৱৰণ নাইকিয়া হোৱাৰ লগে লগে শেষ হয়। ৮
ঙ) ইশ্বাৰ ছালাতৰ সময়ঃ মাগৰিবৰ ছালাতৰ সময় শেষ হোৱাৰ পিছতে ইশ্বাৰ ছালাতৰ সময় আৰম্ভ হয় আৰু মাজনিশালৈকে থাকে। সমস্যাজনিত কাৰণত ফজৰৰ আগলৈকে পঢ়িব পাৰি, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ইশ্বাৰ ছালাত পলমকৈ পঢ়াতো উত্তম হিচাবে বিবেচনা কৰিছিল। ৯ ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,
ওপৰোক্ত হাদীছবোৰৰ পৰাই আলিসকলে কয় যে, জীব্ৰীল আলাইহি অছাল্লামে পাঁচ+পাঁচ মুঠ দহ ওৱাক্ত ছালাতত ইমামতি কৰি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰতি ওৱাক্ত ছালাতৰ আওৱাল আৰু আখেৰী সময়ৰ বিষয়ে জনাই দিছে। আওৱাল ওৱাক্তত ছালাত আদায় কৰাৰ গুৰুত্ব অধিক, আনকি জাম‘আতত ছালাত আদায় কৰাতকৈও অধিক প্ৰাধান্য দিয়া হৈছে। ১০
তথ্যসূত্ৰ
- ↑ ছালাতুৰ ৰাছূল (ছাঃ)- ((মুহাম্মাদ)) আছাদুল্লাহ আল-গালিব
- ↑ কোৰআনঃ ৭৪/৪০-৪৩
- ↑ ইবনু মাজাহ হা/৬০, পৃঃ ৭, চনদ ছহীহ।
- ↑ শেখ আলবাণী, হুকমু তাৰিকিছ চালাহ, পৃঃ ৬।
- ↑ ছহীহ মুছলিম হা/১৪৯৭, মিচকাত হা/৬০০)।
- ↑ আবু দাউদ, তিৰমিযী, মিচকাত ৫৮৩নং
- ↑ বুখাৰী, মুছলিম, মিচকাত ৬০১-৬০২নং।
- ↑ ছহীহ মুছলিম হা/১৪১৯, পৃঃ ১/২২৩, মিচকাত হা/৫৮১।
- ↑ আহমাদ, তিৰমিযী, ইবনু মাজাহ, মিচকাত ৬১১নং।
- ↑ ছহীহ মুছলিম হা/১৪৯৭, মিচকাত হা/৬০০।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছালাত” প্ৰবন্ধৰ সংশোধন ৬১০২৪২ (৩১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।