মুছলিম (বা মুছলমান,আৰবী ভাষা:مسلم-অৰ্থঃ আত্মসমৰ্পণ,অনুগত)১ হ'ল সেইজন লোক যিয়ে নিজৰ ইচ্ছাক আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰে। ২ কিন্তু বৰ্তমানে মুছলিম বুলিলে সাধাৰণতে ইছলাম ধৰ্মাৱলম্বীসকলকেই বুজোৱা হয়। খ্ৰীষ্টানৰ পাছতেই বিশ্বৰ দ্বিতীয় বিহৎ জনবহুল সম্প্ৰদায়টো হৈছে মুছলমান।
ইতিহাস
চৌদি আৰৱৰ পুৰণি চহৰ মক্কাত হজৰত মহম্মদ নামৰ এগৰাকী মনিষীৰ জন্ম হয় ৫৭০ খ্ৰীষ্টাব্দত। সেই সময়ত ভ্ৰষ্টাচাৰ আৰু একনায়কত্ববাদী শাসনে সমগ্ৰ আৰৱ জাতিক জুৰুলা কৰি তোলা আৰু এশ এবুৰি সমস্যাৰে জৰ্জৰিত চৌদি সমাজখনক নতুনকৈ নিৰ্মাণ কৰিবলৈ এজন যোগ্য লোকৰ প্ৰাসংগিকতা জ্ঞানীচামে বাৰুকৈ অনুভৱ কৰিছিল। যাৰ পৰিণতিত ৬১০ খ্ৰীষ্টাব্দত হজৰত মহম্মদ নামৰ ৪০ বছৰ বয়সীয়া মনীষী এগৰাকীৰ নেতৃত্বত ইছলাম নামৰ নতুন আদৰ্শ এটাই গা কৰি উঠিছিল ৩। মধ্যপ্ৰাচ্যত খুউব কম সময়ত ক্ষিপ্ৰগতিত ইছলাম ধৰ্মই প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱাৰ মূল কাৰণো আছিল সেই সময়ৰ আৰৱীয়সকলে এটি নতুন আদৰ্শৰ প্ৰয়োজনীয়তা বাৰে বাৰে উপলব্ধি কৰিছিল। ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা প্ৰথমজন ব্যক্তি আছিল আবু বক্কৰ চিদ্দিক। হজৰত মহম্মদ কূটনৈতিকভাৱে যদিও তেনেই ঠুনুকা আছিল ৰাজনৈতিকভাৱে আছিল কিন্তু সফল। সেই সময়ত একশ্ৰেণী ক্ষমতাশালী সম্ভ্ৰান্তলোকৰ হাতত পদে প্ৰতি কঠোৰ লাঞ্ছনাৰ বলি হোৱা দুৰ্বল বেদুইনসকলৰ ৪ ন্যায়ৰ হকে থিয় দিছিল হজৰত মহম্মদে। সেই বেদুইনসকলৰ বিপুল সহাৰিতেই মুছলমানৰ প্ৰভাৱ বিস্তাৰ ঘটে। প্ৰজ্ঞা, সাধনা আৰু সততাৰ গুণেৰে মহিমামণ্ডিত হজৰত মহম্মদ আছিল অতি উচ্চ ব্যক্তিত্বৰ লোক। যাৰ ফলত ইছলাম ধৰ্মৰ প্ৰতি হঠাৎ মানুহৰ সোঁত ব'বলৈ ধৰে। বৰ্ণ বৈষম্যতাৰ বলি হোৱা বহু ভাৰতীয় লোক ইছলামৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল। শেষলৈ ভাৰতলৈ ইছলাম ধৰ্মৰ ক্ৰমাৎ প্ৰভাৱ বিস্তাৰ ঘটিছিল তুৰ্কীৰ ৰজা মহম্মদ ঘোৰীৰ ভাৰত আক্ৰমণৰ পাছত।
মুছলমানৰ স্বৰ্ণযুগ
৮তম শতিকাৰ পৰা ১৩তম শতিকাৰ মাজভাগক ইছলামিক স্বৰ্ণ যুগ বুলি কোৱা হয়। সেই সময়ত বাগদাদৰ আব্বাচিদৰ খলিফা শাসন চলিছিল৫। সেই যুগত বহুতো লেখত ল'বলগীয়া মুছলমান বিজ্ঞানী, দাৰ্শনিক, শিক্ষাবিদ, ভাস্কৰ্যবিদৰ অভিভাৱ ঘটিছিল। তাৰে ভিতৰত বীজগণিতৰ জনক মহম্মদ মুছা ইবনে আলখাৰজমী ৬, আধুনিক চিকিৎসাৰ পিতৃ স্বৰূপ জাবিৰ ইবনে হায়ান ৭., লগতে ইবনে আল-নাফিছ, ইবনে চিনা, নাচিৰ আলাদ্দিন আলতুলচী, আল জাহ্ৰী, আল-ৰাজি, আল-বাতনওমৰ খায়াম, হাছান ইবনে আল-হাইথাম আদি বহু বিজ্ঞানী আৰু গণিতজ্ঞৰ নাম উল্লেখযোগ্য। চেংগীজ খান নাম মংগোলীয় ৰজা এজনে চলোৱা অত্যাচাৰ আৰু হত্যালীলাৰ পৰিণতিত মুছলমানৰ স্বৰ্ণযুগৰ সমলবোৰ ধ্বংস্তুপত পৰিণত হয়। পিছলৈ বহু কিতাপ ইউৰোপীয়সকলেও চুৰি কৰে।
ভাগসমূহ
মুছলিমসকল কিছু ভাগত বিভক্ত। সেইবোৰৰ ভিতৰত প্ৰধান ভাগ দুটা হ'ল:
লগতে চাওক
- ইউৰোপত ইছলাম
বাহ্যিক সংযোগ
- Islamic directory for Muslims Find Muslim Owned businesses, Masjids (Mosques) and Islamic Centers all over the world.
- Muslim Population in Countries with different Alphabets
তথ্যসূত্ৰ
- ↑ bdword.com: 'মুচলিম' শব্দটো 'ইছলাম'ৰ সক্ৰিয় কৃদান্ত পদ(Active Participle)ৰ একেই ক্ৰিয়াৰ বিশেষ্য(Verbal Noun). (মুছলিম
- ↑ http://quranerkotha.com/pdf/
- ↑ www.pbs.org/wgbh/pages/frontline/teach/muslims/t
- ↑ অঘৰী
- ↑ www.khanacademy.org/humanities/world-history/med
- ↑ www.aljazeera.com/amp/program/science-in-a-golde
- ↑ www.ncbi.nlm.nih.gov/pmc/articles/PMC6077026/#:~
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুছলমান” প্ৰবন্ধৰ সংশোধন ৫৩০৫৫৭ (৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।