ফৰাচী ভাষা (français বা langue française ) হৈছে ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰ অন্তৰ্গত এটা ৰোমানীয় ভাষা। অন্যান্য সকলো ৰোমান্স ভাষাৰ দৰেই ফৰাচী আৰু ইয়াৰ আটাইতকৈ নিকটৱৰ্তী সম্পৰ্কীয় ভাষাসমূহ— অৰ্থাৎ ঐতিহাসিকভাৱে উত্তৰ ফ্ৰান্স আৰু দক্ষিণ বেলজিয়ামত প্ৰচলিত লঁগ দ'ইল— ৰোমান সাম্ৰাজ্যৰ প্ৰাকৃত লাটিনৰ পৰা উদ্ভৱ হৈছে। সময়ৰ লগে লগে ফৰাচী ভাষাই এই আঞ্চলিক সম্পৰ্কীয় ভাষাসমূহক বহুলাংশে প্ৰতিষ্ঠাপিত কৰে।
এই ভাষাটো উত্তৰ ৰোমান গ'লৰ থলুৱা কেল্টীয় ভাষাসমূহ আৰু ৰোমান-পৰৱৰ্তী কালৰ ফ্ৰাংক আক্ৰমণকাৰীসকলৰ জাৰ্মানীয় ফ্ৰাংকীয় ভাষাৰ দ্বাৰাও প্ৰভাৱিত হৈছিল। ১৬ শতিকাৰ পৰা ফ্ৰান্স আৰু বেলজিয়ামৰ উপনিৱেশবাদৰ ফলস্বৰূপে এই ভাষা আমেৰিকা যুক্তৰাষ্ট্ৰ, আফ্ৰিকা আৰু এছিয়াৰ নতুন ভূখণ্ডসমূহলৈ সম্প্ৰসাৰিত হয় আৰু বহুসংখ্যক ফৰাচী-ভিত্তিক ক্ৰিয়ল ভাষাৰ সৃষ্টি হয়, যাৰ ভিতৰত হাইতীয় ক্ৰিয়ল আটাইতকৈ প্ৰধান। ফৰাচী ভাষী ব্যক্তি বা ৰাষ্ট্ৰক ইংৰাজী আৰু ফৰাচী দুয়োটা ভাষাতে ফ্ৰঁক'ফ'ন বুলি অভিহিত কৰিব পাৰি।
লিখন ব্যৱস্থা
বৰ্ণমালা
ফৰাচী ভাষা লেটিন লিপিৰ ২৬টা আখৰেৰে লিখা হয়, স্বৰবৰ্ণত চাৰিটা ডায়েক্ৰিটিক দেখা যায় (circumflex accent, acute accent, grave accent, diaeresis) আৰু cedilla "ç" ব্যৱহাৰ কৰা হয়।
দুটা লিগাচাৰ আছে, "œ" আৰু "æ", কিন্তু সমসাময়িক ফৰাচী ভাষাত ইয়াৰ ঠাইত "oe" আৰু "ae" ব্যৱহাৰ কৰা হয়, কাৰণ ফৰাচী ভাষী দেশসমূহত ব্যৱহৃত AZERTY কিবৰ্ড বিন্যাসত লিগাচাৰসমূহ দেখা নাযায়। অৱশ্যে আনুষ্ঠানিক আৰু সাহিত্যিক গ্ৰন্থত এইটো অমান্য।
ফৰাচী ভাষাৰ বিভিন্নতা
- আফ্ৰিকান ফৰাচী
- উত্তৰ আফ্ৰিকান ফৰাচী
- আওষ্টান ফৰাচী
- বেলজিয়াম ফৰাচী
- কম্বোডিয়ান ফৰাচী
- কানাডাৰ ফৰাচী
- একাডিয়ান ফৰাচী
- নিউফাউণ্ডলেণ্ড ফৰাচী
- নিউ ইংলেণ্ড ফৰাচী
- অন্টাৰিঅ' ফৰাচী
- ক্যুবেক ফৰাচী
- ফ্ৰান্সৰ ফৰাচী
- গিয়ানিজ ফৰাচী
- মেৰিডিয়ান ফৰাচী
- হাইটি ফৰাচী
- ভাৰতীয় ফৰাচী
- জাৰ্চি আইনী ফৰাচী
- লাও ফৰাচী
- লুইজিয়ানা ফৰাচী
- কেজুন ফৰাচী
- মিছৌৰী ফৰাচী
- দক্ষিণ-পূব এছিয়ান ফৰাচী
- চুইছ ফৰাচী
- ভিয়েটনামী ফৰাচী
- পশ্চিম ভাৰতীয় ফৰাচী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফৰাচী ভাষা” প্ৰবন্ধৰ সংশোধন ৬১৬৮৬০ (১২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।