ছাহ মিলন বা হজৰত আজান পীৰৰ দৰগাহ শৰাগুৰি চাপৰিত। য'ত তেখেতৰ মাজাৰ চৰিফ বা সমাধিস্থল আছে। চাপৰিটো দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ নৈয়ে প্ৰায় তিনি ফালে বেৰি আছে। সেইফালে আজান ফকীৰৰ সমাধিস্থল টোৰ পৰা কেইবা মাইলমান দূৰত এখন কৈৱৰ্ত গাঁও আৰু কেইঘৰমান কুমাৰ আছে।
এসময়ত এই অঞ্চলত থকা এজোপা শৰা গছৰ তলত আজান পীৰে তেওঁৰ সংগীসকলৰ লগত জিকিৰ ৰচনা আৰু চৰ্চা কৰিছিল বুলি এক জনশ্ৰুতি আছে আৰু এই শৰা গছৰ পৰাই এই ঠাইৰ নাম শৰাগুৰি চাপৰি হয় বুলি কোৱা হয়।১
তথ্যসূত্ৰ
- ↑ 10 Historical places in Assam: অসমৰ ঐতিহাসিক ঠাইসমূহ. অসমীয়া প্ৰতিদিন ই-পেপাৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শৰাগুৰি চাপৰি” প্ৰবন্ধৰ সংশোধন ৩৬৬৮০০ (২২ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।