অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

মছজিদ

মছজিদ ( مسجد উচ্চাৰণ:ˈmæsdʒɪd) মুছলিমসকলৰ দলবদ্ধভাবে নামাজ পঢ়াৰ বাবে নিৰ্মিত স্থাপনা। শব্দটোৰ উৎপত্তি আৰবী "السجود"ৰ পৰা, যাৰ আভিধানিক অৰ্থ শ্ৰদ্ধাৰে শিৰ নত কৰা অৰ্থাৎ ছিজদাহ কৰা।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩০৪ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

মছজিদ ( مسجد উচ্চাৰণ:ˈmæsdʒɪd)১ মুছলমানসকলৰ দলবদ্ধভাবে নামাজ পঢ়াৰ বাবে নিৰ্মিত স্থাপনা। শব্দটোৰ উৎপত্তি আৰবী "السجود"ৰ পৰা, যাৰ আভিধানিক অৰ্থ শ্ৰদ্ধাৰে শিৰ নত কৰা অৰ্থাৎ ছিজদাহ কৰা।

সাধাৰণতে, যিবোৰ ইমাৰত বা স্থাপনাত মুছলিমসকলে একত্ৰীত হৈ প্ৰতিদিনে পাঁচ ওয়াক্ত নামাজ (صلاة ছালাত) আদায় কৰে, তাকেই মছজিদ বোলে। আকৌ যিবোৰ ডাঙৰ আকাৰৰ মছজিদসমূহ নিয়মিত নামাজৰ লগতে শুক্ৰবাৰৰ জুম'আ ৰ নামাজ আদায় কৰা হয় আৰু অন্যান্য ইছলামিক কাৰ্যাবলী (যেনেকৈঃ কোৰআন শিক্ষা দিয়া) সম্পাদিত হয়, সেইসমূহ মছজিদক জামে মছজিদ (مسجد جامع) নামেৰে অভিহিত কৰা হৈছে। ইমামে নামাজৰ ইমামতি কৰে বা নেতৃত্ব দিয়ে।

মছজিদ মুছলিমসকলৰ বিভিন্ন ধৰ্মীয় কাৰ্যাবলীৰ প্ৰাণকেদ্ৰ। ইয়াত প্ৰাৰ্থনা কৰাৰ উপৰিও শিক্ষা প্ৰদান, তথ্য বিতৰণ আৰু বিৰোধ নিষ্পত্তি কৰা হয়।

বৰ্তমানে বিভিন্ন আকৃতিৰ মছজিদ দেখা পোৱা যায়। কিছুমান সুবিশাল গম্বুজ, ওখ টাৱাৰ আৰু বৃহৎ আকৃতি বিশিষ্ট দেখা যায়। মছজিদৰ উৎপত্তি আৰব উপদ্বীপ যদিও বৰ্তমানে পৃথিৱীৰ সকলো দেশতেই বিয়পি পৰিছে।

অসমৰ আটাইতকৈ পুৰণি মছজিদ

পানবাৰী মছজিদ ঐতিহাসিক পানবাৰী মছজিদ ধুবুৰীৰ পৰা ২৫ কিঃমিঃ পূবত পানবাৰী আৰু ৰঙামাটিৰ ওচৰত, ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত।২ এইটো মছজিদক অসমৰ আটাইতকৈ পুৰণি মছজিদ বুলি ভবা হয়। ইয়াক বংগৰ শাসক হুচেইন শ্বাহে ১৪৯৩- ১৫১৯ খৃষ্টাব্দৰ সময়চোৱাত নিৰ্মাণ কৰিছিল। মছজিদটোক ইচলামধৰ্মী মোগল সেনাসকলে প্ৰাৰ্থনা-গৃহৰূপে ব্যৱহাৰ কৰিছিল। মছজিদটোৰ সৈতে থকা ইদগাহ পথাৰ আৰু কুঁৱা এটাও উল্লিখিত সময়চোৱাতে সম্ভৱতঃ নিৰ্মাণ কৰা হৈছিল।

ইতিহাস

আৰব উপদ্বীপত নিৰ্মাণ হোৱা প্ৰথম তিনিটা মছজিদৰ গঠন আছিল সৰল। সময়ৰ আৱৰ্তনত পৰৱৰ্তী হাজাৰ হাজাৰ বছৰৰ পাছত সেয়া বিশ্বৰ বিভিন্ন দেশৰ নিত্যনতুন কৃষ্টি আৰু স্থাপত্যশৈলীৰ ধাৰক হয়।

বিস্তাৰ আৰু বিৱৰ্তন

বিশ্বৰ বিভিন্ন দেশত মুছলিমসকলৰ অভিযানৰ লগে লগে মছজিদ আৰব উপদ্বীপৰ সীমা পাৰ হৈ বিস্তাৰ লাভ কৰিবলৈ ধৰে। ৬৪০ খ্ৰীষ্টাব্দৰ প্ৰথমদিশত ইজিপ্তত বহুত মুছলিমৰ সমাগম ঘটে। তেতিয়া এই দেশত বহুত মছজিদ নিৰ্মাণ কৰা হয়। যাৰ ফলতেই ৰাজধানী কায়ৰোক হাজাৰ মিনাৰৰ চহৰ বুলি মাতা হৈছিল।৩

মিছৰীয় মছজিদসমূহত সু্যোগ-সুবিধাৰ ভিন্নতা আছিল, যেনেকৈঃ কিছু মছজিদত আছিল মাদ্ৰাছাৰ নিচিনাকৈ বিদ্যালয়, আকৌ অন্য মছজিদসমূহত অন্তভুৰ্ক্ত আছিল চিকিৎসালয় নাইবা কবৰস্থান।৪

চিচিলি আৰু স্পেনৰ মছজিদসমূহত সিহঁতৰ পূৰ্বৰ ভিছিগোথিক স্থাপত্যশৈলীৰ চিহ্নৰ মিল পোৱা নাযায়,বৰঞ্চ মোৰদৰ ইছলামী স্থাপত্যৰ প্ৰতিফলন দেখা যায়।৫

তথ্যসূত্ৰ

  1. ↑ (2010). Mosque. Merriam-Webster Online Dictionary
  2. ↑ A forgotten chapter of history – Panbari mosque
  3. ↑ (February 19, 2001). Cairo, Egypt. The Independent
  4. ↑ Budge, E.A. Wallis. (June 13, 2001). Budge's Egypt: A Classic 19th Century Travel Guide. Courier Dover Publications. পৃ. 123–128. ISBN 0-486-41721-2
  5. ↑ Theoretical Issues of Islamic Architecture. Foundation for Science Technology and Civilisation

সম্পৰ্কিত শ্ৰেণী

মছজিদইছলাম ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মছজিদ” প্ৰবন্ধৰ সংশোধন ৬৩১০৫১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।