নবী(নাবী) (Prophet) বুলিলে সেইজন ব্যক্তিক বুজোৱা হয় যিজনে দাবি কৰে যে ঈশ্বৰ বা সৃষ্টিকৰ্তা ৰ সৈতে সিহঁতৰ প্ৰত্যক্ষ বা পৰোক্ষভাবে যোগাযোগ বা বাৰ্তা বিনিময় হৈছে। সিহঁতে নিজে যিবোৰ শিক্ষা লাভ কৰে সেয়া নিঃস্বাৰ্থভাৱে অন্যান্য লোকসকলৰ মাজত বিতৰণ কৰে। নবীসকলৰ অধিকাংশই মানুহক সুসংবাদ অথবা সতৰ্কবাৰ্তা প্ৰদান কৰে।১২ নবীসকল যে বাৰ্তা লাভ কৰে তাক খতমে নবুওৱত বুলা হয়। ইছলাম ধৰ্মত প্ৰথম নবী আদম (আঃ) আৰু শেষ নবী মুহাম্মাদ(ছাঃ)বুলি বিশ্বাস কৰা হৈ থাকে। নবীক সহজ সৰল ভাষাত পয়গম্বৰ বুলিও কোৱা হয়। নবীৰ নাম উচ্চাৰণ কৰাৰ পাছত আলাইহিছ ছালাম আৰু মুহাম্মাদ(ছাঃ)ৰ নামৰ পাছত চাল্লাল্লাহু আলাইহি ওয়াছাল্লাম সন্মান সূচক বাক্যশাৰী উচ্চাৰণ কৰা হয়। যাৰ সংক্ষেপে অৰ্থ- আপোনাৰ ওপৰত শান্তি বৰ্ষিত হওঁক।
ইহুদি ধৰ্ম, খ্ৰিষ্ট্ৰধৰ্ম, ইছলাম, মৰমনবাদ, জৰথ্ৰুস্ত্ৰবাদ আৰু অন্যান্য ধৰ্মত নবীসকলৰ কথা উল্লেখ কৰা হৈছে।
লগতে চাওক
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নবী” প্ৰবন্ধৰ সংশোধন ৩৮১৪৮৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।