ইছলাম ধৰ্মত, ৰাছুল (আৰবী ভাষাত: رسول ৰাছুল্ “বাৰ্তাবাহক”, বহুবচন ৰুছুল) হ'ল আল্লাহ প্ৰেৰিত বাৰ্তাবাহী ব্যক্তি। ৰাছুল বুলিলে সিহঁতকেই বুজোৱা হয় যিসকলে আল্লাহৰ পৰা কিতাপ বা পুস্তক প্ৰাপ্ত হৈছে। হাদিছ সহ অন্যান্য ইছলামী কিতাপত এক লাখ চৌব্বিছ হাজাৰ মতান্তৰে দুই লাখ চৌব্বিছ হাজাৰ নবীৰ কথা কোৱা হৈছে। এইসকলৰ মাজত সকলোৱেই কিতাপ প্ৰাপ্ত হোৱা নাই। যিসকলে কিতাপ প্ৰাপ্ত হৈছে সিহঁতেই মাত্ৰ ৰাছুলৰ খিতাব পাইছে। অৰ্থাৎ সকলো ৰাছুলেই ইছলামৰ নবী কিন্তু সকলো নবীয়েই ৰাছুল নহয়। কোৰআন অনুযায়ী, আল্লাহ মানৱজাতিৰ ওচৰত বহুত নবী, ৰাছুল (আম্বীয়া, নবীৰ বহুবচন) প্ৰেৰণ কৰিছে।
মই তোমাক সত্যসহ প্ৰেৰণ কৰিছোঁ সুসংবাদ দাতা আৰু সতৰ্ককাৰী ৰূপে; এনেকোৱা কোনো সম্প্ৰদায় নাই যাৰ ওচৰত সতৰ্ককাৰী প্ৰেৰিত হোৱা নাই।
— অনুবাদঃ মুজিবুৰ ৰহমান ১
সিহঁতৰ মাজত পঁচিশ জনৰ নাম কোৰআনত উল্লেখ আছে (ইছলামৰ পয়গম্বৰ চাওক)। কোআনে এই চাৰিজনক ৰাছুল হিচাপে উল্লেখ কৰে: দাউদ (ডেভিড), মুছা (মোজেছ), ঈছা (যীচু), আৰু মুহাম্মাদ (ছাঃ)।২
ইছলাম ধৰ্ম অনুসৰি সকলো নবী আৰু ৰাছুলৰ মাজত শ্ৰেষ্ঠ ৰাছুল বুলি ধৰা হয় মুহাম্মাদ(ছাঃ)ক আৰু ইছলাম ধৰ্ম অনুসৰি তেখেতেই শেষ নবী। তেওঁৰ পাছত আৰু কোনো নবী নাহিব।
লগতে চাওক
বহিঃসংযোগ
- নবী আৰু ৰাছুল সম্বন্ধে আলোচনা
- নবীসকলৰ কাহিনী-১- মুহাম্মাদ আছাদুল্লাহ আল-গালিব,ভাষাঃবাংলা
- নবীসকলৰ কাহিনী-২- মুহাম্মাদ আছাদুল্লাহ আল-গালিব,ভাষাঃবাংলা
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাছুল” প্ৰবন্ধৰ সংশোধন ৩৮৩৪৬৭ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।