ধৰ্ম প্ৰচাৰক
২৭ প্ৰবন্ধ
-
শংকৰদেৱ
শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯–১৫৬৮) মধ্যযুগীয় অসমৰ এক প্রধান ধৰ্মপ্ৰচাৰক আৰু বহুমুখী স্ৰষ্টা, যাঁৰ নেতৃত্বত নৱবৈষ্ণৱ তথা একশৰণ নাম ধৰ্মে সমাজ-জীৱনত গভীৰ ৰূপান্তৰ আনে। সাহিত্য, সংগীত, নাট-অভিনয়, নৃত্য আৰু সামাজিক সংগঠনৰ সমাহাৰে তেওঁ অসমীয়া সংস্কৃতিৰ এক ঐক্যসূত্ৰ গঢ়ি তোলে।
-
মুহাম্মাদ
মুহাম্মাদ (২৯ আগষ্ট ৫৭০ মোহাম্মাদ আৰু মহম্মদ নামেও পৰিচিত; সম্পূৰ্ণ নাম: আবু আল-কাশ্বিম মুহাম্মাদ ইবনে আব্দুল্লাহ ইবনে আব্দল মুত্তালিব ইবনে হাশ্বিম) হ'ল ইছলাম ধৰ্মৰ কেন্দ্ৰীয় ব্যক্তিত্ব আৰু ইছলমী বিশ্বাসমতে আল্লাহ (ইছলাম ধৰ্মত ঈশ্বৰ)ৰ দ্বাৰা প্ৰেৰিত সৰ্ৱশেষ নবী তথা "বাৰ্তাবাহক" (আৰ-ৰাছুল) যাৰ ওপৰত…
-
মহাবীৰ
মহাবীৰ (Mahavira) বা বৰ্ধমান হৈছে জৈন ধৰ্মৰ ২৪তম তথা শেষৰ জন তীৰ্থকৰ। জৈন পৰম্পৰা মতে মহাবীৰ খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত বিহাৰৰ এক ৰাজ পৰিয়ালত জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। ৩০ বছৰ বয়সত তেওঁ পৰম জ্ঞানৰ সন্ধানত সংসাৰৰ মোহ মায়া ত্যাগ কৰি ঘৰ এৰি গুচি যায়।
-
গুৰু নানক
গুৰু নানক (১৪৬৯ – ১৫৩৯) শিখ ধৰ্মৰ জনক তথা দহজন শিখ গুৰুৰ প্ৰথমজন। তেওঁৰ জন্মদিন গোটেই পৃথিৱীতে গুৰু নানক গুৰুপৰ্ব হিচাপে কাতি মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। গুৰু নানকক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ধৰ্মগুৰু হিচাপে স্বীকৃতি দিয়া হয়। তেওঁ বহু ঠাই ভ্ৰমণ কৰি একেশ্বৰবাদৰ বাণী সমূহ জনসমাজত বিলাই দিছিল।
-
দামোদৰ দেৱ
দামোদৰ দেৱ (১৪৮৮-১৫৯৮) ষোল্লশ শতিকাৰ এক শৰণ নামধৰ্মৰ এজন বিখ্যাত ধৰ্ম প্ৰচাৰক। দামোদৰদেৱৰ মিনতিক অগ্ৰাহ্য কৰি শংকৰদেৱে তেৰাৰ ব্ৰাহ্মণ শিষ্য ৰামৰাম গুৰুৰ হতুৱাই দামোদৰদেৱক শৰণ দিয়াইছিল৷ (লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰবন্ধ— ’দামোদৰদেৱৰ ধৰ্মমত’, বেজবৰুৱাৰ ৰচনাৱলী পৃষ্ঠা— ৬০২ দ্ৰষ্টব্য৷) ১৪৮৮ খ্ৰীষ্টাব্দত…
-
আজান পীৰ
আজান ফকীৰ (Ajan Fakir) এজন ইছলাম ধৰ্ম প্ৰচাৰক, সাধু আৰু কবি আছিল। তেওঁৰ প্ৰকৃত নাম আছিল হজৰত শ্বাহ মীৰান। ইয়াৰ বাহিৰেও তেখেতক আজান পীৰ, ছাহ মীৰান আৰু আজান ফকীৰ নামেৰেও জনা যায়। তেওঁৰ জন্ম ১৬১০ চনৰ ওচৰে-পাঁজৰে ইৰাকৰ ৰাজধানী বাগদাদৰ এখন গাঁৱত হৈছিল।
-
গুৰু টেগ বাহাদুৰ
টেগ বাহাদুৰ (১ এপ্ৰিল ১৬২১ - ২৪ নৱেম্বৰ ১৬৭৫) আছিল দহজন শিখ ধৰ্মগুৰুৰ নৱম জন। ১৬২১ চনত অমৃতসৰত তেওঁৰ জন্ম হয়। তেওঁ গুৰু হৰ গোবিন্দ চাহিবৰ একেবাৰে সৰুজন সন্তান আছিল। জীৱিত অৱস্থাত ১৬৬৫ ৰ পৰা ১৬৭৫ চনলৈ তেওঁক গুৰু বুলি সম্বোধন কৰা হয়। গুৰু গ্ৰন্থ চাহিবত তেওঁৰ এশ পোন্ধৰটা শ্লোক সন্নিবিষ্ট আছে।
-
পদ্ম আতা
পদ্ম আতা বা বদলা পদ্ম আতা বা বদুলা পদ্ম আতা ( Padma Aata) অসমৰ মহাপুৰুষীয়া নৱ-বৈষ্ণৱ ধৰ্মৰ এগৰাকী একনিষ্ঠ সেৱক। শংকৰদেৱৰ প্ৰিয়তম শিষ্য মাধবদেৱৰ সলনি তেওঁ উজনি অসমত শংকৰী ধৰ্ম-কলা-সংস্কৃতি প্ৰচাৰৰ দায়িত্ব লৈছিল বাবে তেওঁৰ মূল নামৰ আগত “বদলা’’ বা লোকমুখত পৰি “বদুলা’’ সংযুক্ত হৈ পৰে।
-
ঘাসীদাস
শ্ৰীশ্ৰীঘাসীদাস বাবা (Ghasidas, ১৭৫৬-১৮৫০) সৎনাম ধৰ্মৰ প্ৰৱৰ্তক তথা সৎনামী সমাজৰ গুৰু।
-
কালিচৰণ ব্ৰহ্ম
কালিচৰণ ব্ৰহ্ম (कालिचरन ब्रह्म ১৮৬০ – ১৯৩৮), পূৰ্বতে কালিচৰণ মেচ এগৰাকী ভাৰতীয় সমাজ আৰু ধৰ্মীয় সংস্কাৰক। তেওঁ বিংশ শতিকাত বড়ো সমাজৰ সামাজিক আৰু ধৰ্মীয় সংস্কাৰৰ বাবে বিখ্যাত। ১৯০৬ চনৰ আশে-পাশে তেওঁ কলিকতাত ৰাজা ৰামমোহন ৰায়ে প্ৰতিষ্ঠা কৰা ব্ৰহ্ম সমাজত যোগদান কৰিছিল।
-
ইলাৰাম দাস
আচাৰ্য ইলাৰাম দাস (১৯২৯ - ২০০৩) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত অনুগামী একশৰণ নাম ধৰ্মৰ প্ৰচাৰক, বক্তা, সাধক পণ্ডিত আৰু সমাজ সংস্কাৰক। তেওঁ এক শৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আছিল। ২০০১ চনত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিছিল।
-
আলী খামেনেই
আলী হুছেইনী খামেনেই ( ইংৰাজী: Ali Hosseini Khamenei; জন্ম: ১৯ এপ্ৰিল ১৯৩৯ - মৃত্যু:২৮ ফেব্ৰুৱাৰী ২০২৬) এজন ইৰাণী ধৰ্মগুৰু আৰু ৰাজনীতিবিদ যিয়ে ১৯৮৯ চনৰ পৰা ২০২৬ চনৰ ২৮ ফেব্ৰুৱাৰীত মৃত্যু বা আমেৰিকান আৰু ইজৰাইলী সৈন্যৰ দ্বাৰা হত্যা পৰ্যন্ত ইৰাণৰ দ্বিতীয় সৰ্বোচ্চ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
গুণভদ্ৰ
গুণভদ্ৰ (৩৯৪–৪৬৮; गुणभद्र) মধ্য ভাৰতৰ মগধৰ পৰা অহা এজন সন্ন্যাসী আৰু মহাযান বৌদ্ধ ধৰ্মৰ অনুবাদক আছিল। তেওঁৰ জীৱনীখন চেংগয়ু নামৰ চীনা সন্ন্যাসীৰ চুছাং জি জি নামৰ গ্ৰন্থত সন্নিবিষ্ট কৰা হৈছে।
-
হলিৰাম মহন্ত ঠাকুৰ
হলিৰাম মহন্ত ঠাকুৰ হৈছে এজন লেখক, বৈষ্ণৱ সাহিত্যৰ সংগ্ৰাহক আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ তৃতীয়জন পদাধিকাৰ। তেওঁ এজন মহাপুৰুষীয়া ধৰ্মাধিকাৰী, বৈষ্ণৱ সাহিত্যৰ প্ৰাচীন পুথি সংগ্ৰাহক,প্ৰকাশক আৰু লেখক,সমাজ সংগঠক আৰু সংস্কাৰক,সক্ৰিয় স্বাধীনতা কৰ্মী আৰু ত্যাগী পুৰুষ।
-
আদম খাকী
আদম খাকী ( Adam Khaki), যাক খাকী পীৰ নামেৰেও জনা যায়, চতুৰ্দশ শতিকাৰ চিলেট অঞ্চলৰ এজন চুফী মুছলমান ব্যক্তি আছিল। চুফীসকলে তেওঁলোকৰ ধৰ্মপ্ৰচাৰ আৰু শিক্ষা বিস্তাৰৰ কাৰ্যক্ৰমৰ যোগেদি মুছলিম সমাজ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা দেখা যায়৷ ১৩০৩ চনত তেওঁ শ্বাহ জালালৰ নেতৃত্বত চিলেট বিজয়ৰ চূড়ান্ত যুদ্ধত…
-
জন ডান
জন ডান (John Donne) (১৫৭২-১৬৩১) এজন ইংৰাজ কবি, পণ্ডিত, সৈনিক। পিছলৈ তেখেত ইংলেণ্ডৰ গীৰ্জাৰ এজন ধৰ্মীয় যাজক হিচাপে নিয়োজিত হৈছিল। ৰাজকীয় পৃষ্ঠপোষকতাৰ দ্বাৰা তেওঁক লণ্ডনৰ ছেইণ্ট পলছ কেথেড্ৰেলৰ ডিন হিচাপে নিযুক্তি দিয়া হৈছিল (১৬২১-১৬৩১)।
-
ধৰ্মদাস
ধৰ্মদাস আছিল এজন ভাৰতীয় সাধু, ভোজপুৰী ভাষাৰ কবি আৰু কবীৰৰ অন্যতম শিষ্য। কোৱা হয় যে কবীৰৰ শিষ্য হোৱাৰ পিছত তেওঁ নিজৰ সকলো ধন-সম্পত্তি ত্যাগ কৰিছিল।ধৰ্মদাসৰ অনুগামীসকলক ধৰ্মদাসী বুলি জনা যায়।
-
বাবা বুদ্ধ
বাবা বুদ্ধ গুৰমুখী: ਬਾਬਾ ਬੁੱਢਾ; বাবা বুঢ়া; আক্ষৰিক অৰ্থ "জ্ঞানী বুঢ়া"; (জন্ম, ৬ অক্টোবৰ ১৫০৬ –মৃত্যু, ৮ ছেপ্টেম্বৰ ১৬৩১) আদি শিখ ধৰ্মৰ এজন প্ৰধান ব্যক্তি আছিল।
-
বিশ্বনন্দ
পৰমহংস শ্ৰী স্বামী বিশ্বানন্দ জন্ম নাম "বিষ্মা" কোমলৰাম;; বৰ্তমান তেওঁ জাৰ্মানীত, ফ্ৰেংকফৰ্ট চহৰৰ ওচৰৰ তেওঁৰ মূল আশ্ৰম শ্ৰীপীথা নিলায়াত বাস কৰে। বিশ্বানন্দৰ শিক্ষা ব্যক্তিগত ঈশ্বৰৰ ধাৰণাটোৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, যাক "তেওঁৰ সৈতে স্থাপন কৰা ব্যক্তিগত ধৰ্মীয় সম্পৰ্ক" অনুসৰি বিভিন্ন নামেৰে…
-
ব্ৰিটনী ডি লা ম'ৰা
ব্ৰিটনী ডি লা ম'ৰা (পূৰ্বৰ উপাধি: ৰুইজ; জন্ম: ১ এপ্ৰিল ১৯৮৭), পেছাগতভাৱে জেনা প্ৰেছলী নামেৰে পৰিচিত এগৰাকী আমেৰিকান প্ৰাক্তন পৰ্ণগ্ৰাফিক অভিনেত্ৰী। ২০১২ চনত পৰ্ণগ্ৰাফিক চলচ্চিত্ৰ উদ্যোগ ত্যাগ কৰাৰ পিছত তেওঁ ছান ডিয়েগোত এগৰাকী ইভানজেলিকােল খ্ৰীষ্টান ধৰ্ম প্ৰচাৰক হৈ পৰে।
-
ভদ্ৰবাহু
আচাৰ্য ভদ্ৰবাহু (, প্ৰায় ৩৬৭ – প্ৰায় ২৯৮ খ্ৰীষ্টপূৰ্ব) এজন জৈন সন্ন্যাসী আৰু পণ্ডিত আছিল। পৰম্পৰাগতভাৱে তেওঁক শেষ শ্ৰুত কেৱলিন বা জৈন শাস্ত্ৰৰ সম্পূৰ্ণ জ্ঞান থকা শেষ তপস্বী বুলি গণ্য কৰা হয়। জৈন ধৰ্মৰ দুয়োটা পন্থাৰ মতে তেওঁ আছিল শেষ শ্ৰুতকেৱলিন।
-
মেৰিয়ান কাট্টোপো
হেনৰিয়েট মেৰিয়ান কাট্টোপো (ইংৰাজী: Henriette Marianne Katoppo; জন্ম: ৯ জুন ১৯৪৩ – ১২ অক্টোবৰ ২০০৭) এগৰাকী ইণ্ডোনেছিয়ান ঔপন্যাসিক আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত এগৰাকী এছিয়ান নাৰীবাদী ধৰ্মতত্ত্ববিদ আছিল। তেওঁ এছ.ই.এ. ৰাইট এৱাৰ্ড লাভ কৰিছিল।
-
শ্বাহ চুলতান বালখী মহিছাৱাৰ
হজৰত ইব্ৰাহিম শ্বাহ চুলতান বাল্খী (শাহ সুলতান বলখী) বা মহিছাৱাৰ আছিল চৌধ্য শতিকাৰ এজন মুছলমান সন্ত। তেওঁ সন্দ্বীপ আৰু বগৰাত ইছলাম ধৰ্ম প্ৰচাৰৰ লগত জড়িত আছিল।
-
শ্বাহ মখদুম
আব্দুল-কুদ্দুছ জালাল আদ-দীন (শাহ মখদুম) আছিল বাংলাদেশৰ এগৰাকী চুফী মুছলমান ব্যক্তিত্ব। তেওঁ শ্বাহ মখদুম নাইবা ৰূপোছ নামেৰে অধিক পৰিচিত৷ বংগৰ বৰেন্দ্ৰ অঞ্চলত ইছলাম ধৰ্মৰ প্ৰসাৰৰ লগত তেওঁৰ জড়িত। তেওঁ বাগদাদৰ পৰা জ্যেষ্ঠ ভাতৃ চৈয়দ আহমদ (মিৰাণ শ্বাহ)ৰ সৈতে বংগত আহি উপস্থিত হয়।
-
শ্ৰী মাতা অমৃতানন্দময়ী
শ্ৰী মাতা অমৃতানন্দময়ী দেৱী (:Sri Mātā Amritānandamayī Devi, জন্ম সুধামণি ইদামানেল; ২৭ ছেপ্টেম্বৰ ১৯৫৩ ), সাধাৰণতে আম্মা ("মাতৃ") নামেৰে পৰিচিত, এগৰাকী ভাৰতীয় হিন্দু আধ্যাত্মিক নেত্ৰী, দেৱী, গুৰু আৰু সমাজসেৱিকা। তেওঁ বহু-কেম্পাছযুক্ত গৱেষণা বিশ্ববিদ্যালয় অমৃতা বিশ্ব বিদ্যাপীঠমৰ চ্যান্সেলৰ।
-
ৰজনীশ
ৰজনীশ (Rajneesh) (জন্ম: চন্দ্ৰ মোহন জৈন; ১১ ডিচেম্বৰ ১৯৩১১৯ জানুৱাৰী ১৯৯০) আচাৰ্য ৰজনীশ বুলি পৰিচিত৷ তেওঁৰ জনপ্ৰিয় নাম হৈছে অশ্বো দাৰ্শনিক, ৰহস্যবাদী, আৰু ৰজনীশ আন্দোলনৰ প্ৰতিষ্ঠাপক৷ আধ্যাত্মিক অভিজ্ঞতাক ধৰ্মীয় মতবাদৰ কোনো এটা ব্যৱস্থাত সংগঠিত কৰিব নোৱাৰি বুলি জোৰকৈ কৈছিল।
-
ৰামৰাম
ৰামৰাম আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বাল্যকালৰ বন্ধু আৰু পোন্ধৰ-ষোল্ল শতিকাৰ নৱ-বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক। চৰিত অনুযায়ী, শংকৰদেৱ আৰু ৰামৰাম দুয়োজনায়ে মহেন্দ্ৰ কন্দলীৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল।