অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

ভাৰতীয় দহটকীয়া মুদ্ৰা

ভাৰতীয় ১০ টকীয়া মুদ্ৰা ভাৰতীয় টকাৰ এক মূল্য। ১০ টকীয়া মুদ্ৰাটো ২০০৫ চনত প্ৰৱৰ্তনৰ পিছত এয়া ভাৰতৰ দ্বিতীয় সৰ্বাধিক মূল্যৰ মুদ্ৰা হিচাপে পৰিগণিত হয়। বৰ্তমান প্ৰচলিত ১০ টকীয়া মুদ্ৰাটো ২০১৯ চনৰ ডিজাইনৰ। অৱশ্যে ২০১৯ চনৰ পূৰ্বে মুদ্ৰা কৰা পূৰ্বৰ ১০ টকাৰ মুদ্ৰাও ভাৰতত প্ৰচলিত হৈ থকা আইনী মুদ্ৰা।

হালনাগাদ: ১১ জুন ২০২৩ ৩৩৭ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ভাৰতীয় ১০ টকীয়া মুদ্ৰা ভাৰতীয় টকাৰ এক মূল্য। ১০ টকীয়া মুদ্ৰাটো ২০০৫ চনত প্ৰৱৰ্তনৰ পিছত এয়া ভাৰতৰ দ্বিতীয় সৰ্বাধিক মূল্যৰ মুদ্ৰা হিচাপে পৰিগণিত হয়। বৰ্তমান প্ৰচলিত ১০ টকীয়া মুদ্ৰাটো ২০১৯ চনৰ ডিজাইনৰ। অৱশ্যে ২০১৯ চনৰ পূৰ্বে মুদ্ৰা কৰা পূৰ্বৰ ১০ টকাৰ মুদ্ৰাও ভাৰতত প্ৰচলিত হৈ থকা আইনী মুদ্ৰা। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মতে টকাৰ মুদ্ৰাৰ চিন থকা আৰু নথকা সকলো ১০ টকীয়া মুদ্ৰায়ে আইনী। ষ্টেণ্ডাৰ্ড ডিজাইনৰ লগতে এই মূল্যৰ বাবে ৪টা ভিন্ন ডিজাইন আছে আৰু ইয়াক ১০ টকীয়া বেংকনোটৰ কাষত ব্যৱহাৰ কৰা হয়।

ডিজাইন

২০০৫ চনৰ ডিজাইন (বৈচিত্ৰ্যৰ মাজত ঐক্য)

২০০৫ চনত প্ৰস্তুত কৰা প্ৰথম ১০ টকীয়া মুদ্ৰাৰ ব্যাস আছিল ২৭ মিলিমিটাৰ আৰু আগফালে ওপৰত "भारत" আৰু "INDIA" বুলি আখৰেৰে লিখা আছিল, বাওঁফালে তলত অশোক স্তম্ভ আৰু লগতে হিন্দীত 'সত্যমেৱ জয়তে' বুলি, আৰু ইয়াৰ তলতে তাৰিখ লিখা আছিল। মুদ্ৰাটোৰ পিছফালে চাৰিটা ৰেখাই পৰস্পৰক ছেদ কৰাৰ চিহ্ন আৰু কেন্দ্ৰত প্ৰতি চতুৰ্থাংশত এটা বিন্দু আছিল, বাহিৰৰ আঙুঠিত "दस रुपये" আৰু "TEN RUPEES" বুলি আখৰৰে লিখা আছিল। ১২

২০০৮ চনৰ ডিজাইন (সংযোগ আৰু প্ৰযুক্তি)

দ্বিতীয়টো ডিজাইনত দুটা অনুভূমিক ৰেখা আছিল। মুদ্ৰাটোৰ ওপৰত "भारत" আৰু "INDIA"বুলি লিখা আছিল, মাজভাগত অশোক স্তম্ভ আৰু ইয়াৰ তলত ছপা বছৰটো লিখা আছিল। মুদ্ৰাটোৰ পিছফালে ১৫টা খাঁজ আৰু মাজত ১০ সংখ্যা আছিল আৰু তলৰ ৰেখাত ইংৰাজীত Rupees আৰু হিন্দীত रुपये বুলি লিখা আছিল।৩৪

ছ’চিয়েল মিডিয়াত বিশৃংখলতাৰ বাবে এই মুদ্ৰাটো ভুৱা বুলি চৰ্চা চলিছিল। কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকে এই উৰাবাতৰিসমূহৰ সমাধানৰ বাবে এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰি ঘোষণা কৰে যে ২০১১ চনৰ আগৰ পুৰণি ডিজাইনটো বৈধ আৰু ই আইনী মূল্যৰ।৫

২০১১ চনৰ ডিজাইন

২০১১ চনৰ পৰা প্ৰস্তুত কৰা ১০ টকীয়া মুদ্ৰাৰ তৃতীয় ডিজাইনত আঙুঠিৰ বাহিৰে বাওঁফালে "भारत" আৰু সোঁফালে "INDIA", আৰু তলত মিণ্ট মাৰ্ক আৰু নিৰ্মাণৰ বছৰ চিহ্নিত কৰা হৈছে। মুদ্ৰাৰ আগফালৰ কেন্দ্ৰ অংশত অশোকস্তম্ভ আৰু তলত "सत्यमेव जयते" বুলি লিখা আছে। ইয়াৰ পিছফালে ইয়াৰ তলত ₹ চিহ্ন থকা ১০টা খাঁজ আৰু ₹ চিহ্নৰ তলত ১০ নম্বৰ খোদিত আছে।৬৭

২০১৯ চনৰ ডিজাইন

২০১৯ চনৰ পৰা প্ৰস্তুত কৰা ১০ টকীয়া মুদ্ৰাৰ চতুৰ্থ ডিজাইনত অশোকস্তম্ভ, কেন্দ্ৰৰ প্লাগত "सत्यम जयते" আখৰ আৰু বাওঁফালে "भारत" আৰু সোঁফালে বাহিৰৰ আঙুঠিত "INDIA" বুলি লিখা আছিল। মুদ্ৰাটোৰ পিছফালে ₹ মুদ্ৰাৰ চিনটোৰ তলত ১০ নম্বৰ, মুদ্ৰা প্ৰকাশৰ বছৰ আৰু আঠটা কলাত্মক ৰূপত শস্যৰ ডাল আছে। আহমেদাবাদৰ নেচনেল ইনষ্টিটিউট অৱ ডিজাইনৰ ছাত্ৰৰ সহায়ত এই ডিজাইনটো কৰা হৈছে।৮৯

দহ টকীয়া মুদ্ৰা

ফটোধৰণধাতুআকাৰব্যাসপ্ৰকাশৰ বছৰ
সমুখৰ ভাগপিঠিৰ ভাগ
Indian Rs10 coin 2005version reverse.pngদ্বিধাতুৰকেন্দ্ৰত: তাম-নিকেল আঙুঠিত: এলোমিনিয়াম-ব্ৰঞ্জঘূৰণীয়া২৭ মিমি২০০৫ - ২০০৭
Indian Rs 10 coin 2008version obverse.pngIndian Rs10 coin 2008 version reverse.pngদ্বিধাতুৰকেন্দ্ৰত: তাম-নিকেল আঙুঠিত: এলোমিনিয়াম-ব্ৰঞ্জঘূৰণীয়া২৭ মিমি২০০৮ - ২০১০
10-rupees-2011-obs.png10-rupees-2011-rev.pngদ্বিধাতুৰকেন্দ্ৰত: তাম-নিকেল আঙুঠিত: এলোমিনিয়াম-ব্ৰঞ্জঘূৰণীয়া২৭ মিমি২০১১ - ২০১৮
Rupees 10 Grain Series coin reverse released in 2019.pngRupees 10 Grain Series coin Obverse.pngদ্বিধাতুৰকেন্দ্ৰত: তাম-নিকেল আঙুঠিত: এলোমিনিয়াম-ব্ৰঞ্জঘূৰণীয়া২৭ মিমি২০১৯

তথ্যসূত্ৰ

  1. ↑ 10 Rupees (Unity in Diversity) - India. en.numista.com. Numista
  2. ↑ Ajit, Prasad. (Mar 26, 2009). New Coins of Rs.10/- (Bi-metallic) with the theme – "Unity in Diversity". rbi.org.in. Reserve Bank of India
  3. ↑ 10 Rupees (Connectivity & Technology) - India. en.numista.com. Numista
  4. ↑ Ajit, Prasad. (Mar 26, 2009). New Coins of Rs.10/- (Bi-metallic) with the theme – "Connectivity and Information Technology". rbi.org.in. Reserve Bank of India
  5. ↑ Killawala, Alpana. (Nov 20, 2016). Public can continue to accept ₹ 10 coins as legal tender: RBI. Reserve Bank of India
  6. ↑ 10 Rupees - India. en.numista.com. Numista
  7. ↑ Desai, J.D. (Jul 22, 2011). Issue of new series of Coins. rbi.org.in. Reserve Bank of India
  8. ↑ (9 March 2019). In a First, Govt Issues Rs 20 Coin: New Design for Re 1, Rs 2, Rs 5, Rs 10 Coins!
  9. ↑ 10 Rupees Numista (en.numista.com ). Retrieved on 2020-01-26

সম্পৰ্কিত শ্ৰেণী

মুদ্ৰাভাৰতীয় মুদ্ৰা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় দহটকীয়া মুদ্ৰা” প্ৰবন্ধৰ সংশোধন ৩৬৮৩৬৫ (১১ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।