পুতলা শিল্প (Toys of Assam) অসমৰ এবিধ পাৰম্পৰিক লোককলা আৰু কুটিৰ শিল্প।১ এই শিল্পত সাধাৰণতে শিশুসকলে খেলিবলৈ ব্যৱহাৰ কৰা পুতলা, খেলনা আৰু নানা ধৰণৰ সৌন্দৰ্যবৰ্ধক বস্তুৰ নিৰ্মাণ কৰা হয়। ব্যৱহৃত কেঁচামালৰ ওপৰত ভিত্তি কৰি অসমীয়া পৰম্পৰাগত পুতলাসমূহক চাৰি প্ৰকাৰত ভাগ কৰিব পাৰি - পোৰামাটিৰ পুতলা, কুঁহিলাৰ পুতলা, বাঁহ-বেত বা কাঠৰ পুতলা আৰু কাপোৰ বা কাপোৰ-বোকাৰে নিৰ্মিত পুতলা।২ এইবোৰৰ বাহিৰেও পৰম্পৰাগত পুতলা নিৰ্মাতাসকলে দেৱ-দেৱী, জীৱ-জন্তুৰ মূৰ্তিও ব্যৱহাৰ কৰে। অসমৰ পৰম্পৰাগত মাটিৰ পুতলাসমূহ হীৰা আৰু কুমাৰসকলে তৈয়াৰ কৰে। পুতলা সমূহ সাধাৰণতে দৰা-কইনাৰূপী মানৱ চৰিত্ৰ, ৰজা-ৰাণী, মাতৃ-শিশু, চকাযুক্ত গাড়ী, জীৱ-জন্তুৰ আকৃতিৰ, ক্ষুদ্ৰ ৰূপৰ ঘৰুৱা কামত ব্যৱহৃত সঁজুলি, বল, বাদ্যযন্ত্ৰ, ফল-মূল আৰু পাচলিৰ আকৃতি ইত্যাদি নানা ধৰণৰ হোৱা দেখা যায়। ধুবুৰী জিলাৰ মৃৎ শিল্পৰ বাবে জনাজাত আশাৰীকান্দি পোৰামাটি বা টেৰাকোটাৰ পুতলাৰ বাবে বিখ্যাত।৩৪ পুতলা শিল্পত উৎপাদিত কিছুমান পুতলা অসমৰ অন্যতম উল্লেখযোগ্য পৰিৱেশ্য কলা পুতলা নাচত ব্যৱহাৰ কৰা হয়।
ইতিহাস
অসমত কেতিয়াৰ পৰা পুতলা শিল্পৰ প্ৰচলন হৈছিল সঠিককৈ ক'ব পৰা নাযায়। ৩৩০০–১৩০০ খ্ৰীষ্টপূৰ্বৰ সিন্ধু সভ্যতাৰ খনন কাৰ্যত উদ্ধাৰ হোৱা টেৰাকোটাৰ বিভিন্ন পুতলা আৰু খেলনাসমূহ ভাৰতীয় উপমহাদেশৰ আটাইতকৈ প্ৰাচীন পুতলা শিল্পৰ নিদৰ্শন। অতীজৰে পৰা অসমৰ জনজাতীয় সমাজত বাঁহ-বেতৰ বিভিন্ন পুতলা বা খেলনা ব্যৱহাৰ কৰি অহা হৈছে। অসমৰ গোৱালপাৰা অঞ্চলৰ টেৰাকোটা আৰু কুঁহিলা শিল্পৰ প্ৰাচীন ইতিহাসৰ পৰা অসমৰ পুতলা শিল্পৰো ইতিহাস অতি প্ৰাচীন বুলি গণ্য কৰিব পাৰি। শংকৰদেৱৰ আদি-দশমত, ভাগৱত, কালিকা পুৰাণ, চৰিত পুথিত পুতলা নাচৰ উপস্থিতিৰ উমান পোৱা যায়। মহাপুৰুষ শঙ্কৰদেৱৰ দ্বাৰ ৰচিত চিহ্ন-যাত্ৰা নাট খনিত পুতলা নাচৰ অভিনয় কলা অন্তৰ্ভুক্ত কৰিছিল। ইয়াৰ পৰায়ে অসমত পুতলা শিল্পৰ ইতিহাস অতি প্ৰাচীন বুলি ঠাৱৰ কৰা হয়।৫
বৰ্ণনা
অসমৰ বিভিন্ন প্ৰান্তত অঞ্চলবিশেষে পৃথক বৈশিষ্ট্য বহন কৰি পুতলা শিল্প বিস্তাৰিত হৈ আছে। ইতিহাসৰ পাতত বহুতো কাহিনী আৰু লোককথাক সামৰি ৰখা অসমৰ পুতলা শিল্প মূলতঃ চাৰিটা শ্ৰেণীত বিভক্ত কৰা হয় আৰু সেইকেইটা হ’ল –
- পোৰামাটিৰে নিৰ্মিত পুতলা
- অসমৰ কুঁহিলা শিল্পৰ কুঁহিলাৰে নিৰ্মিত পুতলা
- বাঁহ-বেত আৰু কাঠৰে নিৰ্মিত পুতলা
- কাপোৰ বা কাপোৰ-বোকাৰে নিৰ্মিত পুতলা৬
পোৰামাটিৰে নিৰ্মিত পুতলা
টেৰাকোটা বা মাটিৰে নিৰ্মিত পুতলাসমূহ অসমত প্ৰচলিত পাৰম্পৰিক পুতলাৰ প্ৰকাৰবোৰৰ ভিতৰত আটাইতকৈ বহুলভাৱে প্ৰচলিত। পোৰামাটিৰে নিৰ্মিত পুতলাসমূহে সংখ্যা আৰু বৈচিত্ৰ্যৰ দিশেৰে অসমৰ পুতলা শিল্পৰ ক্ষেত্ৰখনৰ এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। ব্ৰহ্মপুত্ৰ উপত্যকাত উপলব্ধ মাটিৰে নিৰ্মিত পুতলাসমূহ দীৰ্ঘদিন ধৰি পুতলা আৰু বাচন নিৰ্মাণৰ অনুশীলন কৰি অহা কুমাৰ আৰু হীৰা সম্প্ৰদায়ৰ লোকসকলে প্ৰস্তুত কৰি আহিছে।৭
মাটিৰ পুতলাবোৰৰ আৰ্হি প্ৰস্তুত কৰাৰ পাছত মাটিৰ লেপন দিয়া হয়। তাৰ পাছত কিছুসময় ৰ’দত দিয়াৰ পাছত জুইত সেকি শুকুৱাই স্থায়িত্ব প্ৰদান কৰা হয়। সাধাৰণতে মাটিৰে নিৰ্মিত পুতলাবোৰ ৮ৰ পৰা ৯ ইঞ্চি উচ্চতাৰ হয়।
অসমৰ পোৰামাটিৰে নিৰ্মিত পুতলাসমূহ সাধাৰণতে দেশৰ বাকী অংশৰ প্ৰচলিত পোৰামাটিৰে নিৰ্মিত পুতলাকৈ বহু পৰিমাণে পৃথক। পোৰামাটিৰে নিৰ্মিত পুতলাবোৰৰ ক্ষেত্ৰত সাধাৰণতে মানুহৰ আকৃতি বহুলভাৱে ব্যৱহাৰ কৰা হয়। ইয়াৰ ভিতৰত সবাতোকৈ জনপ্ৰিয় হৈছে বৰ-কইনা পুতলা বা দৰা আৰু কইনা পুতলা দক্ষিণ কামৰূপৰ ফালে পুতলাবোৰত জীৱ-জন্তুৰ আকৃতি বেছিকৈ দেখা যায়। সাধাৰণতে হাতী, ঘোঁৰা, হৰিণ আৰু চৰাইৰ চিত্ৰ দেখা যায়।৭ ইয়াৰ লগতে বিভিন্ন প্ৰকাৰৰ চকাযুক্ত গাড়ী আৰু অৰ্ধ মানৱ আকৃতিৰ জীৱ পোৰামাটিৰ পুতলাৰ অন্যতম বৈশিষ্ট্য। ধুবুৰী জিলাৰ আশাৰীকান্দি গাওঁ পোৰামাটিৰে নিৰ্মিত পুতলাৰ বাবে বিখ্যাত।
ৰ মণিকূট উৎসৱ উপলক্ষে বহা মেলাত খেলনা চাই থকা এটি শিশু]]
কুঁহিলাৰে নিৰ্মিত পুতলা
মূল প্ৰবন্ধ: অসমৰ কুঁহিলা শিল্প
নামনি অসমৰ পশ্চিম অংশত প্ৰচলিত কুঁহিলা শিল্পত অন্যান্য সামগ্ৰীৰ লগতে পুতলায়ো নিৰ্মাণ কৰা হয়। মালাকাৰ অথবা ফুলমালী বুলি জনাজাত শিল্পীসকলে চোলাৰে বিভিন্ন ধৰণৰ পুতলা, কৃত্ৰিম ফুল আৰু মালা নিৰ্মাণ কৰিছিল। কুঁহিলা পথাৰৰ পানী তল যোৱা ঠাইত হোৱা এবিধ গছ।৮ কুঁহিলাৰ গা কোমল, সোপোকা আৰু পাতল। ইয়াৰ দ্বাৰা কঠ, পুতলা, মুখা, মূৰ্তি ইত্যাদি আদি তৈয়াৰ কৰা হয়।৮ অসম আৰু পশ্চিমবংগৰ কিছু অঞ্চলত এই কুঁহিলা ব্যৱহাৰ কৰি অতীজৰে পৰা শিল্প চৰ্চা কৰি অহা হৈছে। এই শিল্প ঘাইকৈ অসমৰ ধুবুৰী,৯ গোৱালপাৰাৰ কিছু অংশৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱা,১০ নলবাৰী জিলাৰ মাখিবাহা আৰু মাজুলীত দেখা যায়।১১ কুঁহিলা শিল্পত মূলতঃ দুইধৰণৰ সমান্তৰাল কলা প্ৰকাৰ দেখা যায়। প্ৰথম প্ৰকাৰত সাধাৰণতে পুতলা আৰু বিভিন্ন চিত্ৰৰ আৰ্হি প্ৰস্তুতকৰণ আৰু দ্বিতীয় প্ৰকাৰ হ’ল চিত্ৰ অংকন। পুতলাসমূহত উজ্জ্বল ৰঙৰ ব্যৱহাৰ কৰা হয়। সাধাৰণতে পুতলাসমূহত বিভিন্ন ধৰণৰ চিত্ৰ অংকন আৰু উজ্জ্বল কৰি তুলিবলৈ ৰঙা, হালধীয়া, নীলা আৰু সেউজীয়া আদি বিভিন্ন ধৰণৰ ৰং ব্যৱহাৰ কৰা হয়।১১ বিভিন্ন ধৰ্মীয় আৰু লোকপ্ৰথাৰ সৈতে জড়িত অনুষ্ঠানত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কুঁহিলাৰে নিৰ্মিত পুতলাসমূহ ব্যৱহাৰ কৰাৰ লগতে প্ৰদৰ্শিত কৰা হয়। তুলনামূলকভাবে পাতল হোৱা বাবে পুতলা নাচত কুঁহিলাৰে নিৰ্মিত পুতলা ব্যৱহাৰ কৰা হয়।
বাঁহ-বেত আৰু কাঠেৰে নিৰ্মিত পুতলা
অসমৰ সত্ৰ আৰু নামঘৰসমূহত বাঁহ আৰু কাঠৰে নিৰ্মিত বহুতো প্ৰতীক ব্যৱহাৰ কৰা হয়। দ্বাৰপাল, গৰুড়, হনুমান, বিষ্ণু, শিৱ আদি বহুতো প্ৰতিকী অৱয়ব কাঠত খোদিত কৰা হয়। কাঠেৰে বিভিন্ন জীৱ-জন্তু, চৰাই, মাছ, গাড়ী আদিৰ আকৃতি পুতলা নিৰ্মাণ কৰা হয়॥৭ অসমৰ গ্ৰাম্য অঞ্চলত আৰু জনজাতীয় সমাজত বাঁহ-বেতেৰে নিৰ্মিত পুতলা বিশেষকৈ জনপ্ৰিয়। বাঁহ-বেতেৰে ঘাইকৈ ঘৰুৱা কাম-কাজত ব্যৱহৃত সঁজুলিৰ ক্ষুদ্ৰ স্বৰূপ, বাঁহী, পেঁপা আদি তৈয়াৰ কৰা হয়। সাধৰণতে বাঢ়ৈসকলে এনেধৰণৰ পুতলা নিৰ্মাণ কৰে।
কাপোৰ আৰু কাপোৰ-বোকাৰে নিৰ্মিত পুতলা
অসমত বহুল ভাৱে প্ৰচলিত অন্য এক প্ৰকাৰৰ পুতলা হৈছে কাপোৰ আৰু কাপোৰ-বোকাৰে নিৰ্মিত পুতলা। সাধাৰণতে মাকসকলে সৰু ল'ৰা-ছোৱালীক খেলিবলৈ ফঁটা কানিৰে পুতলা বনাই দিয়ে। কাপোৰেৰে এটা আকৃতি সাজি উজ্জ্বল ৰঙৰ অন্য কাপোৰ পিন্ধাই কাপোৰৰ পুতলা তৈয়াৰ কৰা হয়। এনে পুতলাৰ গাঁথনি প্ৰস্তুত কৰিবলৈ পুৰণি কাপোৰ বা তুলা ব্যৱহাৰ কৰা হয়। কিছুমানত আকৌ কাপোৰেৰে অৱয়ব তৈয়াৰ কৰি ওপৰত বোকাৰ প্ৰলেপ সানি গাঁথনিটোক স্থায়িত্ব প্ৰদান কৰা হয়। পিছত ৰং-বিৰঙী কাপোৰ পিন্ধাই, ৰং কৰি মানুহ বা অন্যান্য আকৃতিত পুতলাসমূহ তৈয়াৰ কৰা হয়॥১ এইবিধ পুতলায়ো পুতলা নাচত ব্যৱহাৰ কৰা হয়।
বৰ্তমান স্থিতি
বৰ্তমান সময়ত বজাৰত অত্যাধুনিক পুতলাৰ পয়োভৰত অসমৰ পাৰম্পৰিক লোকপুতলাৰ ব্যৱহাৰ কমি আহিছে। সাধাৰণতে লো, প্লাষ্টিক বা অন্যান্য পদাৰ্থৰে নিৰ্মিত আধুনিক পুতলাসমূহ সজলভ্য হোৱাৰ বাবে পাৰম্পৰিক পুতলা শিল্প যথেষ্ট পৰিমাণে ম্লান পৰিছে। পাৰম্পৰিক পুতলাৰ উৎপাদন সময় খৰচী আৰু বিশেষ প্ৰকাৰৰ সামগ্ৰীৰ ব্যৱহাৰৰ বাবে তুলনামূলকভাবে মূল্য বেছি হোৱা দেখা যায়। বৰ্তমান চৰকাৰে 'মেক ইন ইণ্ডিয়া' (ভাৰতত নিৰ্মাণ) অভিযানৰ জৰিয়তে দেশীয় পুতলা আৰু খেলনাৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ত্ব প্ৰদান কৰিছে। চৰকাৰী পৃষ্ঠপোষকতাত এই পুতলা সমূহৰ বিপননৰ ব্যৱস্থা কৰা হৈছে। সময়ে সময়ে অনুষ্ঠিত বাণিজ্য মেলা, সৰস মেলা ইত্যাদিত এনে পুতলাৰ বিপনন আৰু প্ৰদশৰ্ন কৰা হয়। তদুপৰি পুতলা শিল্পৰ লগত জড়িত শিল্পীসকলৰ বাবেও চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে। ২০২০ চনত 'মন কি বাত'ৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'ভকেল ফৰ লকেল' আৰু 'আত্মনিৰ্ভৰ ভাৰত'ৰ প্ৰতি ভাৰতৰ নাগৰিকক সম্বোধন কৰোঁতে আশাৰীকান্দিৰ মৃৎ শিল্পীৰ পুতলাৰ বিষয়ে উল্লেখ কৰিছিল।১২
তথ্যসূত্ৰ
- ↑ Toys of Assam. bharatonline.com
- ↑ Dolls and Toys of Assam. asiainch.org
- ↑ Dhubri District Industrial Profile
- ↑ Traditional Assamese Toys: Asharikandi Terracotta Toys. enrouteindianhistory.com
- ↑ লোক-সংস্কৃতিৰ কোঁহে কোঁহে, লিখক=যাদৱ সেনডেকা. অনন্ত হাজৰীকা, বনলতা, গুৱাহাটী. পৃ. ৯, ১০.১১
- ↑ Dolls and Toys of Assam. globalinch.org
- ↑ Folk Toys of Assam. mygov.in
- ↑ কুঁহিলা. xobdo.org
- ↑ (19 October 2014). Kuhila Silpa. india9.com
- ↑ (3 June 2020). এটি প্ৰাচীন কলাৰ সৈতে জড়িত বটদ্ৰৱাৰ এটি পৰিয়াল…. asomiyapratidin.in
- ↑ Akhyai Jyoti Mahanta. (27 August 2019). The Mask-Making Tradition of Assam. sahapedia.org
- ↑ Asharikandi: The terracotta village of Assam. The Sentinel
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ পুতলা শিল্প” প্ৰবন্ধৰ সংশোধন ৫৪৪৪৪৩ (২০ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।