অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

ভাৰতীয় ১০০ টকীয়া নোট

ভাৰতীয় ১০০ টকীয়া নোট হৈছে ভাৰতীয় টকাৰ এটা মূল্য। ১৯৩৫ চনত ভাৰতৰ ৰিজাৰ্ভ বেংকে ভাৰতৰ মুদ্ৰা নিয়ন্ত্ৰকৰ দায়িত্ব লোৱাৰ পিছৰেপৰা ইয়াৰ উৎপাদন অবিৰতভাৱে চলি আহিছে। বৰ্তমান প্ৰচলিত ১০০ টকাৰ বেংকনোটখন মহাত্মা গান্ধী নিউ ছিৰিজৰ এটা অংশ।

হালনাগাদ: ৫ ডিচেম্বৰ ২০২৫ ৫১৮ শব্দ · ৩ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

ভাৰতীয় ১০০ টকীয়া নোট হৈছে ভাৰতীয় টকাৰ এটা মূল্য। ১৯৩৫ চনত ভাৰতৰ ৰিজাৰ্ভ বেংকে ভাৰতৰ মুদ্ৰা নিয়ন্ত্ৰকৰ দায়িত্ব লোৱাৰ পিছৰেপৰা ইয়াৰ উৎপাদন অবিৰতভাৱে চলি আহিছে। বৰ্তমান প্ৰচলিত ১০০ টকাৰ বেংকনোটখন মোহনদাস কৰমচান্দ গান্ধী নিউ ছিৰিজৰ এটা অংশ।

ইতিহাস

প্ৰথম ১০০ টকীয়া নোটখনত জৰ্জ ষষ্ঠৰ প্ৰতিচ্ছবি আছিল। ১৯৪৭ চনত স্বাধীনতা লাভৰ পিছত ভাৰতীয় ৰিজাৰ্ভ বেংকে জৰ্জ ষষ্ঠৰ প্ৰতিচ্ছবিৰ পৰিৱৰ্তে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক সংযোজিত কৰি নোট প্ৰকাশ অব্যাহত ৰাখে, যিটো Lion Capital Series নামত জনাজাত।১

মহাত্মা গান্ধী ছিৰিজ

নক্সা

মহাত্মা গান্ধী ছিৰিজৰ ₹১০০ নোটখন নীলা–পাতলীয়া সেউজীয়া ৰঙৰ, আকাৰ ১৫৭ × ৭৩ মিলিমিটাৰ। ইয়াৰ সন্মুখৰ অংশত মোহনদাস কৰমচান্দ গান্ধীৰ প্ৰতিচ্ছবি আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰৰ স্বাক্ষৰ থাকে।

২০১২ চনৰপৰা নতুন ৰুপী চিহ্ন (₹ চিহ্ন) ₹১০০ নোটতো সংযোজিত হৈছে।২ ২০১৪ চনত RBI এ ২০০৫ৰ আগতে মুদ্ৰিত সকলো নোট ৩১ মাৰ্চ ২০১৪ৰ ভিতৰতে প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে; পাছত সময়সীমা বঢ়াই ১ জানুৱাৰী ২০১৫, আৰু তাৰ পিছত ৩০ জুন ২০১৬ কৰা হয়।৩

মহাত্মা গান্ধী নিউ ছিৰিজ

১০ নৱেম্বৰ ২০১৬ তাৰিখে ৰিজাৰ্ভ বেংকে মহাত্মা গান্ধী নিউ ছিৰিজৰ অংশ হিচাপে নতুন নক্সাৰ ₹১০০ নোট প্ৰকাশৰ ঘোষণা কৰে। ১৯ জুলাই ২০১৮ তাৰিখে সংশোধিত নক্সা উন্মোচন কৰা হয়।৪

নক্সা

এই নতুন নোটখনৰ মূল ৰং লেভেণ্ডাৰ। পিছফালে ৰাণী কি বাৱ (কুৱীন্স ষ্টেপৱেল)ৰ ছবি থাকে। এই ঐতিহাসিক স্থানটো গুজৰাটৰ পাটণ জিলাত অৱস্থিত, আৰু UNESCO বিশ্ব ঐতিহ্য স্থান।

নোটখনৰ আকাৰ ১৪২ × ৬৬ মিলিমিটাৰ।

সুৰক্ষা বৈশিষ্ট্য

₹১০০ নোটখনত থকা সুৰক্ষা বৈশিষ্ট্যসমূহঃ৫

  • 'ভাৰত' আৰু 'RBI' লিখিত উইণ্ডোৱা সিকিউৰিটি থ্ৰেড।
  • মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিৰ সাৰদিকে লেটেণ্ট ছবি।
  • মুখ্য প্ৰতিচ্ছবিৰ প্ৰতিফলন ৰূপে মোহনদাস কৰমচান্দ গান্ধীৰ ৱাটাৰমাৰ্ক।
  • নোটৰ সংখ্যা পেনেলত সংলগ্ন ফ্লুৱ’ৰেচেণ্ট তন্তু আৰু অপ্টিকেল ভেৰিয়েবল ইঙ্ক।
  • ২০০৫ৰ পাছৰ নোটত মেচিন–ৰিডেবুল সিকিউৰিটি থ্ৰেড, ইলেক্ট্ৰটাইপ ৱাটাৰমাৰ্ক, আৰু মুদ্ৰণৰ বছৰ উল্লেখ থাকে।

ভাষাসমূহ

সকলো ভাৰতীয় নোটৰ দৰে ১০০ টকীয়া নোটতো মুঠ ১৭টা ভাষাত মূল্য লিখা থাকে। সন্মুখৰ অংশত ইংৰাজী ভাষা আৰু হিন্দী ভাষাৰ মূল্য, আৰু পিছত ১৫টা ভাৰতৰ ৰাজকীয় ভাষাৰ পেনেল থাকে।

কেন্দ্ৰীয় স্তৰৰ চৰকাৰী ভাষাত মূল্য
ভাষা₹১০০
ইংৰাজী ভাষাOne Hundred rupees
হিন্দী ভাষাएक सौ रुपये
১৫টা অন্য চৰকাৰী ভাষাত মূল্য
অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)এশ টকা
বঙালী ভাষাএকশ টাকা
গুজৰাটী ভাষাએક સો રૂપિયા
কন্নড় ভাষাಒಂದು ನೂರು ರುಪಾಯಿಗಳು
কাশ্মিৰীہَتھ رۄپیہِ
কোংকণীशंबर रुपया
মালয়ালম ভাষাനൂറു രൂപ
মাৰাঠী ভাষাशंभर रुपये
নেপালী ভাষাएक सय रुपियाँ
ওড়িয়া ভাষাଏକ ଶହ ଟଙ୍କା
পঞ্জাবী ভাষাਇਕ ਸੌ ਰੁਪਏ
সংস্কৃত ভাষাशतं रूप्यकाणि
তামিল ভাষাநூறு ரூபாய்
তেলুগু ভাষাనూరు రూపాయలు
উৰ্দু ভাষাسو روپیے

বিৱৰণ

প্ৰথমদৰে প্ৰচলিত ১০০ টকীয়া নোটখনত জৰ্জ ষষ্ঠৰ প্ৰতিচ্ছবি শোভা পাইছিল। স্বাধীনতা লাভৰ পিছত ভাৰতীয় ৰিজাৰ্ভ বেংকে ‘Lion Capital Series’ নামেৰে নতুন ছিৰিজৰ নোট প্ৰকাশ আৰম্ভ কৰে, য’ত অশোকস্তম্ভৰ সিংহ-মুণ্ডৰ প্ৰতীক দেশৰ আত্মপৰিচয়ৰ ৰূপত ব্যৱহাৰ কৰা হয়।

১৯৯৬ চনত মহাত্মা গান্ধী ছিৰিজৰ প্ৰথম নোট প্ৰকাশ পায়। সময়ৰ প্ৰৱাহৰ সৈতে নোটৰ কাগজ, সুৰক্ষা বৈশিষ্ট্য, ৰঙ, মাপ আৰু নক্সাত একাধিক উন্নত প্ৰযুক্তি প্ৰয়োগ কৰা হয়। ২০১২ চনৰপৰা সকলো নোটত নতুন ৰুপী চিহ্ন (₹) সংযোজিত হয়।

২০১৪ চনত RBI এ ঘোষণা কৰে যে ২০০৫ৰ আগৰ সকলো নোট প্ৰত্যাহাৰ কৰা হ’ব। বহু দফাত সময়সীমা সম্প্ৰসাৰণৰ পিছত শেষকৈ ২০১৬ চনত এই প্ৰত্যাহাৰ কাৰ্য পূৰ্ণ ৰূপে বাস্তৱায়িত হয়।

২০১৬ চনৰ নোটবন্দীৰ পিছত মুদ্ৰা ব্যৱস্থাপনাত এক ব্যাপক পৰিৱৰ্তন আনে ভাৰতীয় ৰিজাৰ্ভ বেংকে। এই পৰিৱৰ্তনৰ ফলত ‘মহাত্মা গান্ধী নিউ ছিৰিজ’ নামেৰে এক নতুন ছিৰিজৰ নোট প্ৰচলন কৰা হয়। ₹১০০ নোটৰ নতুন নক্সা প্ৰথম ঘোষণা কৰে ১০ নৱেম্বৰ ২০১৬ তাৰিখে, যদিও পৰিবৰ্তিত আৰু চূড়ান্ত নক্সাৰ নোট বজাৰত মুক্তি পায় ১৯ জুলাই ২০১৮ তাৰিখে।

নতুন নোটখনৰ মুখ্য ৰঙ লেভেণ্ডাৰ। পিছফালে ‘ৰাণী কি ভাৱ’ (Queen’s Stepwell)ৰ ছবি থাকে, যিটো গুজৰাটৰ পাটণ জিলাত অৱস্থিত আৰু UNESCO বিশ্ব ঐতিহ্য স্থান। নোটখনৰ আকাৰ ১৪২ × ৬৬ মিলিমিটাৰ, যা আগৰ ছিৰিজৰ তুলনাত সৰু আৰু অধিক ব্যৱহাৰযোগ্য।

₹১০০ নোটখনত উন্নতমানৰ বহু সুৰক্ষা বৈশিষ্ট্য সমন্বিত—

  • ‘ভাৰত’ আৰু ‘RBI’ লিখিত উইণ্ডোৱা সিকিউৰিটি থ্ৰেড,
  • লেটেণ্ট ছবি আৰু অপ্টিকেল ভেৰিয়েবল ইঙ্ক,
  • মুখ্য প্ৰতিচ্ছবিৰ কাষত স্পষ্ট ৱাটাৰমাৰ্ক,
  • ফ্লুৱ’ৰেচেণ্ট তন্তু আৰু সংখ্যা পেনেলত সংলগ্ন সুৰক্ষা চিহ্ন।

এই নোটখনত ভাষাৰ বৈচিত্ৰ্য সংৰক্ষণৰ উদ্দেশ্যে ১৭টা ভাষাত মূল্য লিখা থাকে—সন্মুখত ইংৰাজী আৰু হিন্দী, আৰু পিছফালে ভাৰতৰ ১৫টা সংবিধানিক ভাষা।

তথ্যসূত্ৰ

  1. ↑ India Paper Money: A Retrospect. Reserve Bank of India
  2. ↑ ১০০ টকীয়া নোটত ৰুপী চিহ্ন সংযোজন. RBI
  3. ↑ (25 July 2014). ২০০৫ৰ আগৰ নোট প্ৰত্যাহাৰ. Press Information Bureau
  4. ↑ RBI to Issue New Design ₹ 100 Denomination Banknote
  5. ↑ paisaboltahai.rbi.org.in/100.aspx

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মুদ্ৰাভাৰত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় ১০০ টকীয়া নোট” প্ৰবন্ধৰ সংশোধন ৫৬১৩৩৯ (৫ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।