কৰ্পোৰেট ফাইনেন্স (Corporate finance) হৈছে এক বিত্তীয় ক্ষেত্ৰ যিয়ে পুঁজিৰ উৎস আৰু ব্যৱসায়ৰ মূলধনী গাঁথনি, শ্বেয়াৰহোল্ডাৰসকলৰ বাবে ফাৰ্মৰ মূল্য বৃদ্ধিৰ উদ্দেশ্যে পৰিচালকে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ, আৰু বিত্তীয় সম্পদ আবণ্টন কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলি আৰু বিশ্লেষণৰ সৈতে জড়িত এক অৰ্থনীতিৰ ব্যৱস্থা। কৰ্পোৰেট বিত্তীয় সাহায্য বা কৰ্পোৰেট ফাইনেন্সৰ প্ৰধান লক্ষ্য হৈছে শ্বেয়াৰহোল্ডাৰৰ মূল্য সৰ্বাধিক কৰা বা বৃদ্ধি কৰা।১
- কৰ্পোৰেট ফাইনেন্সত দুটা মুখ্য উপ-শাখা আছে।
- মূলধনী বাজেট ব্যৱস্থা' (Capital budgeting) ইয়াত সিদ্ধান্ত লোৱা হয় কোন ধৰণৰ মূল্য-বৃদ্ধি কৰা প্ৰকল্পত বিনিয়োগ কৰিব, আৰু সেই বিনিয়োগ 'শ্বেয়াৰ' (equity) বা 'ঋণ' (debt) ৰ জৰিয়তে কৰিব নে নাই।
- 'কাৰ্যকৰী মূলধন ব্যৱস্থাপনা' (Working capital management) ইয়াত কোম্পানীৰ স্বল্পম্যাদী ধন-সম্পদ আৰু দায়বদ্ধতাৰ সঠিক ব্যৱস্থাপনা কৰা হয়। ইয়াৰ মূল লক্ষ্য হৈছে নগদ, 'ভঁৰাল' (stock), আৰু স্বল্পম্যাদী ঋণ-ধাৰণ (যেনে গ্ৰাহকক দিয়া ঋণৰ সময়সীমা)ৰ নিয়ন্ত্ৰণ।
- কৰ্পোৰেট ফাইনেন্স আৰু কৰ্পোৰেট অৰ্থনীতি শব্দসমূহ বিনিয়োগ বেংকিংৰ সৈতে জড়িত। বিনিয়োগ বেংকৰ সাধাৰণ ভূমিকা হৈছে কোম্পানীৰ আৰ্থিক প্ৰয়োজনসমূহ মূল্যায়ন কৰা আৰু সেই প্ৰয়োজনসমূহৰ বাবে উপযুক্ত ধৰণৰ পুঁজি সংগ্ৰহ কৰা। সেইহেতু, "কৰ্পোৰেট ফাইনেন্স" আৰু "কৰ্পোৰেট অৰ্থনীতি" শব্দসমূহ সেই ধৰণৰ লেন-দেনৰ সৈতে জড়িত হ’ব পাৰে য’ত পুঁজি সংগ্ৰহ কৰা হয় — নতুন ব্যৱসায় সৃষ্টি, বিকাশ, বৃদ্ধি বা অধিগ্ৰহণৰ উদ্দেশ্যে।২
- যদিও মূলত 'কৰ্পোৰেট ফাইনেন্স', 'ব্যৱস্থাপনা অৰ্থনীতি' (managerial finance)ৰপৰা ভিন্ন — যি সকলো ধৰণৰ কোম্পানীৰ আৰ্থিক ব্যৱস্থাপনা অধ্যয়ন কৰে, কেৱল কৰ্পোৰেচন বা নিগম (corporation) নহয় — তথাপি কৰ্পোৰেট ফাইনেন্সৰ মুখ্য ধাৰণাসমূহ সকলো ধৰণৰ কোম্পানীৰ আৰ্থিক সমস্যাত প্ৰযোজ্য।
বিত্তীয় ব্যৱস্থাপনা (Financial management)ৰ সৈতে 'হিচাপ পৰীক্ষণ' বা 'হিচাপ বিজ্ঞান বৃত্তি' (Accounting profession)ৰ আৰ্থিক কাৰ্য্যৰ অংশত মিল আছে। কিন্তু 'আৰ্থিক হিচাপ বিজ্ঞান' (Financial accounting) হৈছে অতীতৰ আৰ্থিক তথ্যৰ প্ৰতিৱেদন, আৰু আৰ্থিক ব্যৱস্থাপনাৰ লক্ষ্য হৈছে পুঁজিৰ সঠিক ব্যৱহাৰৰ জৰিয়তে কোম্পানীৰ শ্বেয়াৰহোল্ডাৰসকলৰ বাবে মূল্য বৃদ্ধি কৰা।
ইতিহাস
- ১৬০২ চনত স্থাপিত 'ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী' (Dutch East India Company) (VOC) প্ৰথমে মচলা ব্যৱসায়ৰ সৈতে আৰম্ভ কৰিছিল। সেই বছৰে কোম্পানীটোৱে বিশ্বৰ প্ৰথম IPO (Initial Public Offering)ৰ জৰিয়তে "public"লৈ গৈছিল।
- এই ঘটনাক অৰ্থনীতিৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে গণ্য কৰা হয়, কাৰণ ইয়াত প্ৰথমবাৰ কোম্পানীয়ে জনসাধাৰণৰপৰা পুঁজিৰ সংগ্ৰহ কৰিছিল।
- ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী (Dutch East India Company) (VOC) আছিল প্ৰথম 'জনসাধাৰণৰ বাবে তালিকাভুক্ত কোম্পানী' (publicly listed company) যিয়ে নিয়মিতভাৱে লাভাংশ (dividend) প্ৰদান কৰিছিল।
- VOC আছিল প্ৰথম 'যৌথ-শ্বেয়াৰ কোম্পানী' (joint-stock company) যিয়ে স্থিৰ পুঁজিৰ শ্বেয়াৰ (capital stock) লাভ কৰিছিল।৩
- ১৭শ শতিকাত ডাচ প্ৰজাতন্ত্ৰত বিনিয়োগৰ সুৰক্ষাৰ বাবে জনসাধাৰণৰ বাজাৰ বিকাশ লাভ কৰিছিল।৪৫
- ১৮০০ দশকৰ আৰম্ভণিত লণ্ডন বিশ্বৰ বিভিন্ন কোম্পানীৰ বাবে কৰ্পোৰেট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উদ্ভৱ হৈছিল। ইয়াত নতুন ধৰণৰ ঋণ আৰু বিনিয়োগৰ পদ্ধতি উদ্ভাৱন কৰা হৈছিল।
- ২০শ শতিকাত 'ব্যৱস্থাপনামূলক পুঁজিবাদ' (managerial capitalism) আৰু 'সাধাৰণ শ্বেয়াৰ পুঁজিৰ ব্যৱস্থা' (common stock finance)ৰ উত্থান হৈছিল। ইয়াত কোম্পানীয়ে পুঁজিৰ অন্য উৎসৰ পৰিৱৰ্তে initial public offering (IPO)ৰ জৰিয়তে শ্বেয়াৰ তালিকাভুক্ত কৰি পুঁজি সংগ্ৰহ কৰিছিল।
- আধুনিক কৰ্পোৰেট ফাইনেন্স, 'বিনিয়োগ ব্যৱস্থাপনা' (investment management) ৰ সৈতে একেলগে ২০শ শতিকাৰ দ্বিতীয়াৰ্ধত বিকাশ লাভ কৰিছিল। বিশেষকৈ যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটেইনত তত্ত্ব আৰু প্ৰয়োগত হোৱা উদ্ভাৱনৰ ফলত ইয়াৰ বিকাশ তীব্ৰ হৈছিল।৬৭৮৯১০১১
ৰূপৰেখা
- কৰ্পোৰেট ফাইনেন্সৰ মুখ্য লক্ষ্য হৈছে শ্বেয়াৰহোল্ডাৰসকলৰ মূল্য সৰ্বাধিক কৰা বা নিয়মিতভাৱে বৃদ্ধি কৰা (Fisher separation theorem অনুসৰি)। তথাপি, বহুদিন ধৰি এক বিতৰ্ক চলি আছে — কৰ্পোৰেট ব্যৱস্থাপকসকলৰ মুখ্য লক্ষ্য শ্বেয়াৰহোল্ডাৰসকলৰ মূল্য বৃদ্ধি কৰা হওক নে অংশীদাৰী (stakeholder) (শ্বেয়াৰহোল্ডাৰ, কৰ্মচাৰী, যোগানদাৰ, স্থানীয় সমাজ)ৰ মূল্য বৃদ্ধি কৰা হওক। অংশীদাৰ (Stakeholder) শব্দটো সাধাৰণতে শ্বেয়াৰহোল্ডাৰ, কৰ্মচাৰী, যোগানদাৰ আৰু স্থানীয় সমাজক বুজায়।১২
- 'অংশীদাৰ তত্ত্ব' (stakeholder theory)ৰ ওপৰত বিতৰ্ক চলি থাকিলেও, 'শ্বেয়াৰহোল্ডাৰ তত্ত্ব' (shareholder theory) এতিয়াও কৰ্পোৰেট ফাইনেন্সে মুখ্য কৌশল হিচাপে আধিপত্য বিস্তাৰ কৰি আছে।১৩
তথ্যসূত্ৰ
- ↑ See Corporate Finance: First Principles, Aswath Damodaran, New York University's Stern School of Business
- ↑ What is corporate finance?. www.icaew.com
- ↑ Huston, Jeffrey L.: The Declaration of Dependence: Dividends in the Twenty-First Century. (Archway Publishing, 2015, )
- ↑ Freedman, Roy S.: Introduction to Financial Technology. (Academic Press, 2006, )
- ↑ DK Publishing (Dorling Kindersley): The Business Book (Big Ideas Simply Explained). (DK Publishing, 2014, )
- ↑ Baskin, Jonathan; Baskin, Jonathan Barron; Miranti, Paul J. Jr. (1999-12-28). A History of Corporate Finance. Cambridge University Press. ISBN 9780521655361
- ↑ Smith, Clifford W.; Jensen, Michael C. (2000-09-29). The Theory of Corporate Finance: A Historical Overview
- ↑ Cassis, Youssef. (2006). Capitals of Capital: A History of International Financial Centres, 1780–2005. Cambridge University Press. পৃ. 1; 74–5. ISBN 978-0-511-33522-8
- ↑ Michie, Ranald. (2006). The Global Securities Market: A History. OUP Oxford. পৃ. 149. ISBN 0191608599
- ↑ Cameron, Rondo. (1991). International Banking: 1870–1914. Oxford University Press. পৃ. 13. ISBN 978-0-19-506271-7
- ↑ Roberts, Richard. (2008). The City: A Guide to London's Global Financial Centre. Economist. পৃ. 6; 12–13; 88–89. ISBN 9781861978585
- ↑ In 2019, the Business Roundtable released a statement, signed by 181 prominent U.S. CEOs, which committed to lead their companies for "the benefit of all stakeholders"
- ↑ Chuma, Casius; Qutieshat, Abubaker. (2023-03-30). Where Does the Value of A Corporation Lie? A Literature Review. Economia Aziendale Online. পৃ. 15–32
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰ্পোৰেট ফাইনেন্স” প্ৰবন্ধৰ সংশোধন ৬৩৬২১০ (১৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।