নাইনিতাল বেংক লিমিটেড হৈছে ১৯২২ চনত প্ৰতিষ্ঠা হোৱা এটা অনুসূচিত বাণিজ্যিক বেংক। এইটো ভাৰতৰ উত্তৰাখণ্ডৰ নাইনিতালত অৱস্থিত। ভাৰতৰ পাঁচখন ৰাজ্য: উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, দিল্লী, হাৰিয়ানা, আৰু ৰাজস্থানত এই বেংকৰ ১৫১টা শাখা আছে। ইয়াৰ গ্ৰাহকসকলক ব্যক্তিগত বেংকিং, কৰ্পৰেট বেংকিং, গ্ৰাম্য বেংকিং, আৰু আন্তঃৰাষ্ট্ৰীয় বেংকিংকে ধৰি বিভিন্ন ধৰণৰ বেংকিং সেৱা আগবঢ়ায়।১
ইতিহাস
১৯২২ চনত গোবিন্দ বল্লভ পন্ত আৰু শ্বাহ সমাজে এই অঞ্চলৰ প্ৰথমটো বেংক হিচাপে প্ৰতিষ্ঠা কৰিছিল নাইনিতাল বেংক।২ ১৯৭৫ চনত বেংক অৱ বৰোদাই বেংকটোৰ মেনেজিং এজেণ্ট হয়, আৰু ১৯৯১ চনত বেংক অৱ বৰোদাই বেংকটোৰ ৯৮.৬% অংশীদাৰিত্ব লাভ কৰে।৩ ২০০৬ চনত বেংকটো এটা অনুসূচিত বাণিজ্যিক বেংকলৈ পৰিণত হয়।২
২০২০ চনত বেংকটোৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে মুকেশ শৰ্মাক নিযুক্তি দিয়ে।৪
সেৱাসমূহ
নাইনিতাল বেংকে ইয়াৰ গ্ৰাহকসকলক বেংকিং সেৱা আগবঢ়ায়, য'ত আছে:
- ব্যক্তিগত বেংকিং - বেংকে বিভিন্ন ব্যক্তিগত বেংকিং সেৱা আগবঢ়ায়, য'ত আছে চেভিংছ একাউণ্ট, কাৰেণ্ট একাউণ্ট, ফিক্সড ডিপ'জিট, পুনৰাবৃত্তিমূলক ডিপ'জিট, আৰু ব্যক্তিগত ঋণ, গৃহ ঋণ, শিক্ষা ঋণ আদি ঋণ।
- কৰ্পোৰেট বেংকিং - বেংকে কৰ্পৰেট ক্লায়েণ্টসকলক ঋণ, বাণিজ্য বিত্ত, নগদ ধন ব্যৱস্থাপনা, আৰু অন্যান্য বিত্তীয় সেৱাকে ধৰি বহুতো কৰ্পৰেট বেংকিং সেৱা আগবঢ়ায়।
- গ্ৰাম্য বেংকিং - বেংকৰ গ্ৰাম্য অঞ্চলৰ বাবে কিষাণ ক্ৰেডিট কাৰ্ড, কৃষি ঋণ, আৰু অন্যান্য বিত্তীয় সেৱাকে ধৰি বিভিন্ন ধৰণৰ বেংকিং সেৱা আছে।
- আন্তঃৰাষ্ট্ৰীয় বেংকিং - বেংকে গ্ৰাহকৰ বাবে বিদেশী মুদ্ৰাৰ সেৱা আগবঢ়ায়।
তথ্যসূত্ৰ
- ↑ Nainital Bank Limited. nainitalbank.co.in
- ↑ (25 July 2006). BoB to merge its associate bank. The Financial Express
- ↑ BoB proposes to sell its majority stake in Nainital Bank. Economic Times
- ↑ Nainital Bank gets new MD & CEO. The Hindu Businessline
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাইনিতাল বেংক” প্ৰবন্ধৰ সংশোধন ৩৭০২৩৯ (২৭ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।