অৰ্থনীতি আৰু উদ্যোগ
কৃষি, চাহ, বাণিজ্য, উদ্যোগ আৰু জীৱিকা · ২৬০ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
গুৱাহাটী তেল শোধনাগাৰ
গুৱাহাটী তেল শোধনাগাৰ (Guwahati Refinery) অসমৰ কামৰূপ মহানগৰ জিলাৰ গুৱাহাটীৰ নুনমাটিত অৱস্থিত এখন খাৰুৱা তেলৰ শোধনাগাৰ। গুৱাহাটী তেল শোধনাগাৰ ভাৰতৰ প্ৰথমটো ৰাজহুৱা খণ্ডৰ প্ৰথমটো শোধনাগাৰ। ১৯৬২ চনত ৰোমানিয়াৰ সহায়ত ১৭.২৯ কোটি টকাত এই শোধনাগাৰটো স্থাপন কৰা হৈছিল।
-
চাহ বাগিছা
চাহ বাগিচা হৈছে চাহ জোপোহা খেতি কৰি চাহ উৎপাদন কৰা এক বৃহৎ কৃষি কাৰ্য্য। চাহ খেতিৰ বাবে উপযুক্ত জলবায়ু আৰু মাটিৰ অৱস্থা থকা অঞ্চলত চাহ বাগিচা থাকে, আৰু চীন, ভাৰত, শ্ৰীলংকা, কেনিয়া, জাপান আদি দেশত ইয়াক পোৱা যায়।
-
চাহাৰা মৰুভূমি
চাহাৰা (Sahara,الصحراء الكبرى, aṣ-Ṣaḥrāʾ al-Kubrā , 'the Great Desert') বিশ্বৰ সবাতোকৈ উষ্ণ (hottest) মৰুভূমি অঞ্চল। তদুপৰি এণ্টাৰ্কটিকা আৰু সুমেৰুৰ পিছতে ই তৃতীয় বৃহৎ মৰু অঞ্চল। ৯৪০০০০০ বৰ্গ কিলোমিটাৰ মাটিকালিৰ এই মৰুভূমিয়ে উত্তৰ আফ্ৰিকাৰ অধিকাংশ অঞ্চল অধিকাৰ কৰি আছে।
-
নুমলীগড় তেল শোধনাগাৰ
নুমলীগড় তেল শোধনাগাৰ (Numaligarh Refinery) অসমৰ গোলাঘাট জিলাৰ খুমটাই সমজিলাৰ নুমলীগড়ত অৱস্থিত এটা খাৰুৱা তেলৰ শোধনাগাৰ। অসম আন্দোলনৰ পাছত হোৱা স্বাক্ষৰিত হোৱা চুক্তি অনুসাৰে চতুৰ্থটো ৩ মিলিয়ন মেট্ৰিক টন ক্ষমতাৰ শোধনাগাৰটো স্থাপন কৰা হৈছিল। এই শোধনাগাৰটোৰ ১২.৩৪ শতাংশৰ অংশীদাৰ হৈছে অসম চৰকাৰ।
-
বীমা
আইন আৰু অৰ্থনীতিৰ সংজ্ঞামতে বীমা (insurance) হ’ল এক দুৰ্যোগ ব্যৱস্থাপনা যাৰ সহায়ত সম্ভাব্য আৰ্থিক ক্ষতিৰ ক্ষতিপুৰণ দিবলৈ প্ৰয়াস কৰা হয়। বীমাৰ সংজ্ঞা হ’ল নিৰূপিত দেয়ৰ বিনিময়ত একপক্ষৰ সাম্ভাব্য ক্ষতিৰ বাবে আনপক্ষই ক্ষতি পূৰণ দিয়াৰ ব্যবস্থা।
-
ভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ
ৰাজহুৱা খণ্ডৰ উদ্যোগ (Public Sector Undertakings) ভাৰত চৰকাৰ বা ভাৰতৰ ৰাজ্য চৰকাৰসমূহে প্ৰতিষ্ঠা কৰা ৰাজহুৱা প্ৰতিষ্ঠান। ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ ৰাষ্ট্ৰীয়কৰণৰ দ্বাৰা, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কাৰ্যবাহী আদেশৰ দ্বাৰা, কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰত সংসদৰ আইন আৰু ৰাজ্য চৰকাৰৰ ৰাজ্য চৰকাৰৰ আইন…
-
মধুবনী চিত্ৰশিল্প
মধুবানী চিত্ৰশিল্প (Madhubani art) ভাৰতীয় লোক চিত্ৰকলাৰ এক অংশ। বিহাৰৰ মিথিলাত ইয়াৰ অনুশীলন কৰা হয়। ই এটি ঐতিহ্যমণ্ডিত মৌলিক শিল্প। এই চিত্ৰকলা হাতৰ আঙুলি, কাঠি, ব্ৰাচ, নিব-কলম, জুইশলা কাঠি আদি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। প্ৰাকৃতিক ভাবে তৈয়াৰী ৰং আৰু ৰঞ্জক এই ছবিসমূহত ব্যৱহাৰ কৰা হয়।
-
শ্ৰম
উৎপাদন কাৰ্য্যত খটোৱা সকলো ধৰণৰ প্ৰচেষ্টাকে অৰ্থবিজ্ঞানত 'শ্ৰম' (Labour) বোলে। অথবা আৰ্থিক বিবেচনাধীন হৈ মানুহে প্ৰবৃত্ত হোৱা শাৰীৰিক আৰু মানসিক সকলো কামকে অৰ্থবিজ্ঞানত শ্ৰম বোলে।("Any work, whether mental or manual, undertaken for a moneytary consideration is called Labour in Economics") উৎপাদনৰ…
-
আয়কৰ
আয়কৰ (income tax) হৈছে এগৰাকী ব্যক্তি বা এক সত্তাৰ (কৰদাতা) ওপৰত তেওঁলোকৰ দ্বাৰা উপাৰ্জন কৰা আয় বা লাভৰ (কৰযোগ্য আয়, taxable income) ক্ষেত্ৰত আৰোপ কৰা কৰ। আয়কৰ সাধাৰণতে কৰযোগ্য আয়ৰ কৰ হাৰৰ গুণফল হিচাপে গণনা কৰা হয়। কৰদাতাৰ প্ৰকাৰ বা বৈশিষ্ট্য আৰু আয়ৰ প্ৰকাৰ অনুসৰি আয়কৰৰ হাৰ ভিন্ন হ’ব পাৰে।
-
চ'ল'-স্বান আৰ্হি (অৰ্থনীতি)
সমষ্টিবাদী অৰ্থনীতিত চ'ল'-স্বান আৰ্হি হ'ল দীৰ্ঘকালীন অৰ্থনৈতিক বিকাশৰ এক গাণিতিক আৰ্হি। ই বিকাশ অৰ্থনীতিৰ আতাইতকৈ জনপ্ৰিয় আৰু প্ৰভাৱশালী আৰ্হিৰ অন্যতম। ১৯৫৬ চনত, অৰ্থনীতিবিদ ৰবাৰ্ট চ'ল' আৰু ট্ৰেভৰ স্বানে স্বাধীনভাৱে এই আৰ্হি আগবঢ়াইছিল।
-
জলসিঞ্চন
জলসিঞ্চন হৈছে কৃষি উৎপাদনৰ বাবে কৃত্ৰিমভাবে মাটিত পানী দিয়াৰ ব্যবস্থা। স্বল্প বৃষ্টি আৰু অনাবৃষ্টিৰ সময়ত পানীৰ অভাৱত কৃষি উৎপাদন যাতে বাধাগ্ৰস্থ নহয় তাৰবাবে উদ্ভিদৰ বৃদ্ধি নিশ্চিত কৰিবলৈ কৃত্ৰিমভাবে মাটিত এই পানী সৰবৰাহ কৰা হয়।
-
ঝুম খেতি
ঝুম বা ঝুম খেতি উত্তৰ-পূব ভাৰতৰ কিছুমান বিশেষ অঞ্চলত আৰু বাংলাদেশৰ চিট্টাগং পাহাৰীয়া অঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহে কৰা কটা-পোৰা কৃষি পদ্ধতিৰ এটা ৰূপ। ই এক পৰম্পৰাগত কৃষি কৌশল।
-
প্ৰচলিত মুদ্ৰা (চলাৰ্থ)
অৰ্থনীতিত প্ৰচলিত মুদ্ৰাই সৰ্বজনগৃহীত বিনিময়ৰ মাধ্যমক সূচায়। সাধাৰণতে এখন নিৰ্দ্দিষ্ট চৰকাৰৰ প্ৰচলিত মুদ্ৰা আৰু কাগজৰ টকাই ৰাষ্ট্ৰখনৰ অৰ্থমুদ্ৰাৰ যোগানৰ কায়িক দিশটো সামৰি লয়।
-
ব্যষ্টিবাদী অৰ্থনীতি
ব্যষ্টিবাদী অৰ্থনীতি হ'ল অৰ্থনীতিৰ এটি ভাগ যাৰ বিষয়বস্তু ব্যক্তি তথা ব্যৱসায়ৰ নিৰ্ণয় প্ৰক্ৰিয়া, বিশেষকৈ দুৰ্লভ সামগ্ৰীৰ বিতৰণৰ ক্ষেত্ৰত। নিৰ্ণয় গ্ৰহণ প্ৰক্ৰিয়াৰ লগতে তেনে নিৰ্ণয়গ্ৰহণকাৰীসকলৰ মাজত হোৱা পাৰস্পৰিক ক্ৰিয়াও ব্যষ্টিবাদী অৰ্থনীতিত অধ্যয়ন কৰা হয়।
-
মানৱ উন্নয়ন সূচক
মানৱ উন্নয়ন সূচক (Human Development Index) হৈছে জীৱন প্ৰত্যাশা, শিক্ষা আৰু জনমূৰি আয়ৰ ভিত্তিত গঢ়ি তোলা এটা সামগ্ৰিক পাৰিসাংখ্যিক মান যাৰ দ্বাৰা বিশ্বৰ দেশসমূহক মানৱ উন্নয়নৰ চাৰিটা স্তৰত ভগোৱা হয়।
-
মাৰ্চেলিয়ান চাহিদা ফলন
ব্যষ্টি অৰ্থনীতিত, কোনো উপভোক্তাৰ মাৰ্চেলিয়ান চাহিদা ফলনে (অৰ্থনীতিবিদ আলফ্ৰেড মাৰ্চেলৰ সন্মানত) এই কথা নিশ্চিত কৰে যে সেই উপভোক্তাই প্ৰদান কৰা মূল্য আৰু আয় বা সম্পত্তিৰে কোনো পণ্য কিমান ক্ৰয় কৰিব, যদিহে তেওঁ উপযোগিতা বৃহদায়িত কৰে।
-
সমষ্টিবাদী অৰ্থনীতি
সমষ্টিবাদী অৰ্থনীতি (Macroeconomics) হ’ল অৰ্থনীতিৰ এটা ভাগ য’ত সামগ্ৰীক ভাৱে অৰ্থনীতিখন বা সমগ্ৰ অৰ্থনীতিখনৰ সমষ্টিবোৰৰ আচৰণ অধ্যয়ন কৰা হয়। সমাজৰ সমষ্টিগত অৰ্থনৈতিক বিষয়সমূহ, যেনে - সম্পূৰ্ণ নিয়োগ সমস্যা, সৰ্বমুঠ ৰাষ্ট্ৰীয় উৎপাদন, সামগ্ৰিক চাহিদা, সামগ্ৰিক যোগান, ৰাষ্ট্ৰীয় সঞ্চয় আৰু বিনিয়োগ…
-
হিচাপবিদ্যা
হিচাপবিদ্যা বা হিচাপশাস্ত্ৰ (accounting বা accountancy) হ’ল অংশীদাৰ, পাওনাদাৰ, বেংক, চৰকাৰ আদিৰ সুবিধাৰ্থে বিত্তীয় তথ্যপাতি সংগ্ৰহ, তালিকাভুক্তি, শ্ৰেণীবিভাগ আৰু উপস্থাপন কৰা৷ ব্যৱসায়ৰ তথ্যপাতিসমূহ প্ৰকাশ কৰাৰ কিছুমান মাধ্যম থাকিলেও হিচাপবিদ্যাকে মুখ্য প্ৰচলিত নিয়ম হিচাপে স্বীকৃতি দিয়া হয়।
-
অসমৰ কাঁহ শিল্প
কাঁহ (Bell Metal) এবিধ ৰাসায়নিক মিশ্ৰ ধাতু। ইয়াৰ প্ৰস্তুতকৰণ প্ৰণালী সুকীয়া। ৰাং (Tin) আৰু তাম (Copper), এই দুই ধাতু নিৰ্দিষ্ট উষ্ণতাত গলাই এক বিশেষ মিশ্ৰণ প্ৰক্ৰিয়াৰে কাঁহ প্ৰস্তুত কৰা হয়। সাধাৰণতে ইয়াৰ অনুপাত হ’ল ২০:৮০। কেতিয়াবা সামান্য পৰিমাণে দস্তা (Zinc) আৰু সীহ (Lead) যোগ দিয়া হয়।
-
অসমৰ ৰেচম শিল্প
অসমৰ ৰেচম শিল্প বুলিলে প্ৰধানত পাট, মুগা আৰু এৰীসূতাৰে বোৱা বিভিন্ন সাজপোচাককে বুজায়। অসমৰ ৰেচম উদ্যোগ এটি আপুৰুগীয়া শিল্প। অসমৰ অৰ্থনীতিৰ দিশটোৰ উপৰিও সাংস্কৄতিক দিশত ইয়াৰ গুৰুত্ব অশেষ।
-
উদ্বৃত্তপত্ৰ
বিত্তীয় হিচাপকৰণত উদ্বৃত্তপত্ৰ বা বেলেঞ্চ শ্বিট (Balance sheet) হৈছে কোনো একক ব্যৱসায়, অংশীদাৰী ব্যৱসায়, কোম্পানী অথবা অন্য ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিত্তীয় স্থিতিসমূহৰ এক সংক্ষিপ্ত ৰূপ।
-
চে'ক
চে'ক (cheque), এনে এখন নথি যিয়ে কোনো ব্যক্তিৰ বেংক একাউণ্টৰ পৰা যিজন ব্যক্তিৰ নামত চেক জাৰি কৰা হৈছে তেওঁক নিৰ্দিষ্ট পৰিমাণৰ ধন দিবলৈ নিৰ্দেশ দিয়ে। চেক লিখা ব্যক্তিজনৰ লেনদেন বেংকিং একাউণ্টৰ পৰা হয়, য’ত ধন ৰখা হয়।
-
জৈৱিক কৃষি
জৈৱিক কৃষি (Organic Farming) বুলিলে সাধাৰণতে ৰাসায়নিক সাৰ কিম্বা ঔষধ ব্যৱহাৰৰ নকৰাকৈ খাদ্য-শস্য উৎপাদন কৰা কৃষি পদ্ধতিক বুজা যায়। এই পদ্ধতিৰ কৃষিত মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰিবলৈ শস্যাৱৰ্তন, সেউজ সাৰ, পচন সাৰ, কেঁচুসাৰ আদি ব্যৱহাৰ কৰা হয়।
-
বিটকইন
বিটকইন (Bitcoin, চিহ্ন: ₿) হৈছে একপ্ৰকাৰ ডিজিটেল মুদ্ৰা বা সাংকেতিক মুদ্ৰা (ক্ৰিপ্ট'কাৰেন্সী)। ইয়াক বিশ্বৰ সৰ্বপ্ৰথম মুক্ত-উৎসৰ ক্ৰিপ্ট'কাৰেন্সী আৰু কেন্দ্ৰীয় নিয়ন্ত্ৰণহীন অৰ্থাৎ প্ৰশাসকবিহিন বিকেন্দ্ৰীকৃত ডিজিটেল মুদ্ৰা ৰূপে গণ্য কৰা হয়।
-
ভাৰতৰ ৰাজহুৱা খণ্ডৰ বেংক
ভাৰতৰ ৰাজহুৱা খণ্ডৰ বেংক (Public Sector Bank; চমুকৈ PSB) হৈছে ভাৰত চৰকাৰৰ মালিকানাধীন আৰু পৰিচালিত বেংক। ইয়াক ৰাষ্ট্ৰীয়কৃত বেংক (Nationalised Bank) বুলিও কোৱা হয়।
-
ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ফিল্ড হকী দল
ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ফিল্ড হকী দলে আন্তঃৰাষ্ট্ৰীয় ফিল্ড হকী প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰে, এই দল হকী ইণ্ডিয়াৰ দ্বাৰা পৰিচালিত। দলটো পূৰ্বতে ভাৰতীয় হকী ফেডাৰেচনৰ নিয়ন্ত্ৰণত আছিল। আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেচনৰ অংশ হোৱা ভাৰত আছিল প্ৰথম অনা-ইউৰোপীয় দল।
-
অসমৰ তেল শোধনাগাৰ
বৰ্তমান অসমত চাৰিটা তেল শোধনাগাৰ আছে। ডিগবৈত ১৯০১ চনত অসম ৰে’লৱে আৰু ট্ৰেডিং কোম্পানীয়ে প্ৰথমটো শোধনাগাৰ স্থাপন কৰিছিল। ইয়াৰ পাছত ক্ৰমে ১৯৬২ চনত গুৱাহাটীৰ নুনমাটিত প্ৰথমটো ৰাজহুৱা খণ্ডত ৰোমানিয়াৰ সহায়ত ১৭.২৯ কোটি টকাত, ১৯৭৯ চনত ৪৪৫.১৫ কোটি টকাত বঙাইগাঁৱত আৰু ১৯৯৯ চনত ২৭২৪ কোটি টকাত নুমলীগড়ত…
-
অসমৰ বয়ন শিল্প
অসমৰ বয়ন শিল্প বা হস্ততাঁত শিল্প অসমৰ এক গুৰুত্বপূৰ্ণ কুটিৰ শিল্প। অসমৰ বাবে গৌৰৱৰ কথা যে ভাৰতৰ মুঠ ২৮ লাখ তাঁতশালৰ ১৩ লাখ তাঁতশাল অসমতে আছে। বেছিভাগ তাঁতশালেই ভৰিৰে চলোৱা হয়। বাণিজ্যিকভাৱে বস্ত্ৰ উৎপাদন কৰা শুৱালকুছিৰ একাংশ তাঁতশালহে যন্ত্ৰচালিত।
-
ইউনিফাইড পেমেণ্টচ ইণ্টাৰফেচ
ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ (Unified Payments Interface) চমুকৈ UPI হৈছে ধন প্ৰেৰণ বা প্ৰাপ্ত কৰাৰ বাবে এক বাস্তৱ-সময়ৰ আন্তঃবেংকিং পৰিশোধ প্ৰণালী। ভাৰতৰ ৩২৪ টাতকৈও অধিক বেংক আৰু ১১টা পিপিআইয়ে এই সেৱা আগবঢ়ায়।
-
একচেটীয়া বজাৰ
একচেটীয়া বজাৰ বা একাধিকাৰ বজাৰ (Monopoly) এনে এখন বজাৰ য'ত কেৱল এটি মাথো উৎপাদকে পণ্যটো উৎপাদন কৰে আৰু বৃহৎ সংখ্যক উপভোক্তাক বিক্ৰী কৰে। বিশেষভাৱে, এই সংজ্ঞাই নিভাঁজ একাধিকাৰক বুজায়।