অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

অসমৰ মেটেকা শিল্প

মেটেকা বা পানী মেটেকাৰ শিল্প (Water hyacinth craft of Assam) অসমৰ এক উদীয়মান কুটিৰ শিল্প। এই শিল্পত মেটেকাৰ পৰা হেণ্ডবেগ, পইচা থোৱা বেগ, টেবুল মেট, ফাইল কভাৰ, কলমদানি আদি সজা হয়।

হালনাগাদ: ২৮ ডিচেম্বৰ ২০২৫ ৪১১ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

মেটেকা বা পানী মেটেকাৰ শিল্প (Water hyacinth craft of Assam) অসমৰ এক উদীয়মান কুটিৰ শিল্প। এই শিল্পত মেটেকাৰ পৰা হেণ্ডবেগ, পইচা থোৱা বেগ, টেবুল মেট, ফাইল কভাৰ, কলমদানি আদি সজা হয়।

ইতিহাস

মেটেকাৰ গছ
মেটেকাৰ গছছবি: Bernard DUPONT from FRANCE · CC BY-SA 2.0

অসমত ৰাজ্যৰ প্ৰায় প্ৰতিখন নদী, ডাঙৰ ডাঙৰ জলাশয়ৰ পৰা আৰম্ভ কৰি গাঁৱে-ভূঞে ঘৰুৱা পুখুৰীলৈকে মেটেকা প্ৰচুৰ পৰিমাণে দেখা যায়। দীৰ্ঘদিন ধৰি জলজ উদ্ভিদবিধক কেৱল আৱৰ্জনা হিচাপেহে গণ্য কৰা হৈছিল আৰু হয় পৰিষ্কাৰ কৰি পেলোৱা হৈছিল নহয় ব্যৱহাৰ নকৰাকৈয়ে ৰখা হৈছিল। মূলতঃ মেটেকাক অপতৃণ হিচাপে গণ্য কৰা হৈছিল।

২০০৮ চনত উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন বিত্ত নিগম (নেডফি) আৰু উত্তৰ-পূৰ্বাঞ্চল পৰিষদে (এন ই চি) বাঁহ আৰু বেতৰ সম্পদৰ অভাৱ হোৱা পৰিবেশত প্ৰভাৱ পেলোৱাত শিপিনীসকলক হস্তশিল্পৰ কেঁচামাল হিচাপে মেটেকাক প্ৰচাৰ কৰাৰ উদ্যোগ লৈছিল। প্ৰশিক্ষণৰ বাবে ১০০০ শিল্পীক লক্ষ্য কৰি লোৱা হৈছিল আৰু সামৰ্থ্য বিকাশ, বজাৰ সংযোগ আদিৰ জৰিয়তে তেওঁলোকে নিজৰ পদক্ষেপ আৰম্ভ কৰিছিল।১

ইয়াৰ পিছত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে (এ এছ আৰ এল এম) ইয়াৰ অধীনৰ আত্মসহায়ক গোটসমূহক প্ৰশিক্ষণ দি মেটেকাৰ পৰা লাগতিয়াল সামগ্ৰী, গৃহসজ্জাৰ সামগ্ৰী আদি প্ৰস্তুত কৰিবলৈ সিদ্ধান্ত লয়। প্ৰথমে তেওঁলোকে অসমত ছটা মণ্ডলত মুঠ ৬০০ লোক সামৰি এই প্ৰকল্পটো পৰীক্ষামূলক হিচাপে গ্ৰহণ কৰে। এই মণ্ডলকেইটা হ’ল দৰং জিলাৰ অন্তৰ্গত পূব মংগলদৈ, কোকৰাঝাৰ জিলাৰ অন্তৰ্গত কচুগাঁও, নগাঁও জিলাৰ অন্তৰ্গত দলংঘাট, তিনিচুকীয়া জিলাৰ অন্তৰ্গত গুঁ‌ইজান, মাজুলী জিলাৰ অন্তৰ্গত মাজুলী আৰু ধেমাজি জিলাৰ অন্তৰ্গত ধেমাজি॥২

প্ৰথম অৱস্থাত এ এছ আৰ এল এম-এ এই পদক্ষেপক আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে অতিৰিক্ত আয়ৰ উৎস হিচাপে পৰিকল্পনা কৰিছিল আৰু সেয়েহে ই এক অংশকালীন কাৰ্য্যকলাপ আছিল। কিন্তু ইয়াৰ বাবে সঠিক প্ৰশিক্ষণৰ ব্যৱস্থা কৰাটো গুৰুত্বপূৰ্ণ আছিল। সেয়েহে এই প্ৰকল্পত কাৰিকৰী সহায় আগবঢ়াবলৈ উত্তৰ-পূব অঞ্চলৰ মেটেকা শিল্পৰ অগ্ৰণী সংস্থা নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেশ্যন লিমিটেডক (নেডফি) কাষ চপা হয়। নিৰ্বাচিত সদস্যসকলৰ দক্ষতা আৰু উৎপাদনশীলতা বৃদ্ধিৰ উদ্দেশ্যে অসমৰ শিল্পীৰ প্ৰয়োজন অনুসৰি কাৰিকৰী প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশৰ কাৰ্যসূচী ৰচনা কৰা হয়।২১ বহু লোকে নিজাকৈও মেটেকা শিল্পৰ প্ৰশিক্ষণ লৈ উৎপাদনৰ কামত লাগিছে।৩৪

ছিমাং নামৰ ছয়গৰাকী মহিলাৰ এটা গোটে ক’ভিড-১৯ মহামাৰীৰ সময়ত ৯টা পৰম্পৰাগত জনগোষ্ঠীক প্ৰশিক্ষণ দি ১০০% জৈৱ-বিঘ্নিত আৰু পচন সাৰযোগ্য যোগাসনৰ মেট নিৰ্মাণ কৰি মূৰহেন নামেৰে প্ৰকল্প হাতত লৈছিল। বৰ্তমান তেওঁলোকে উৎপাদন প্ৰক্ৰিয়াত ৪৪টাতকৈও অধিক মাছমৰীয়া সম্প্ৰদায়ক জড়িত কৰে।১

পদ্ধতি

মেটেকাৰ সামগ্ৰী নিৰ্মাণ কৰিবলৈ মূল কেঁ‌চামাল হৈছে মেটেকা। ৩-৪ মহীয়া পূৰঠ মেটেকাৰ গছ ইয়াৰ বাবে সংগ্ৰহ কৰা হয়। ইয়াৰ পিছত মেটেকাসমূহ পৰিষ্কাৰ কৰি ৰ'দত ভালদৰে শুকুৱাই লোৱা হয় যাতে ইয়াৰ পানীভাগ আঁ‌তৰ হয় আৰু স্থিতিস্থাপকতা বাঢ়ে।৫ ইয়াৰ পিছত সেই শুকান মেটেকাৰে গুঁ‌ঠি বিভিন্ন সামগ্ৰী সাজি উলিওৱা হয়। ইয়াত প্ৰায়ে ৰঙো কৰা হয়।

উৎপাদিত সামগ্ৰীসমূহ

মেটেকাৰ পৰা উৎপাদিত বিভিন্ন সামগ্ৰী
মেটেকাৰ পৰা উৎপাদিত বিভিন্ন সামগ্ৰীছবি: Medhi jyoti · CC BY 4.0

২০২১ চনত অসমৰ গুৱাহাটীৰ দুজন যুৱক - ৰূপাংকৰ ভট্টাচাৰ্য্য আৰু অনিকেত ধৰে মেটেকাৰ পৰা ছপা কৰিব পৰা হাতেৰে নিৰ্মিত কাগজ নিৰ্মাণৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে স্বীকৃতি লাভ কৰে। ৰূপাংকৰ আৰু অনিকেত দুয়োজনে শিক্ষণ আৰু প্ৰশিক্ষণৰ কঠোৰ প্ৰক্ৰিয়াৰ জৰিয়তে কুম্ভি কাগজৰ সৈতে উদ্যোগীকৰণৰ যাত্ৰাত নামি পৰে। কুম্ভি কাগজ ১০০% জৈৱ-বিঘ্নিত আৰু ৰসায়ন মুক্ত হাতেৰে নিৰ্মিত কাগজ প্ৰস্তুত কৰাত বিশেষজ্ঞ।৩

আত্মসহায়ক গোটসমূহৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ ভিতৰত হাতত লোৱা বেগ, পইচাৰ বেগ, কলমদানি, বাস্কেট, ফাইল কভাৰ, গৃহসজ্জাৰ সামগ্ৰী, টেবুল মেট আদি।

তথ্যসূত্ৰ

  1. ↑ (17 October 2021). WATER HYACINTH: PROSPECTS OF A THRIVING RURAL ECONOMY IN THE CONTEXT OF ASSAM. Sentinel Assam
  2. ↑ Water Hyacinth Craft Products under ASOMI® Brand developed by Assam State Rural Livelihoods Mission. ASRLM
  3. ↑ Mumeninaz Zaman. (8 April 2023). This duo from Assam turned a troublesome weed into biodegradable paper. The Assam Tribune
  4. ↑ Richika Agarwalla. Crafting Water Hyacinth in Alimur Assam. globalinch.con
  5. ↑ (1 January 2021). how to make water hyacinth a basket plant. cọp ti

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ মেটেকা শিল্প” প্ৰবন্ধৰ সংশোধন ৫৬৬৪৯০ (২৮ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।