অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

চালচিত্ৰ

চালচিত্ৰ (Chalchitra) ভাৰতৰ পশ্চিম বংগত প্ৰচলিত পাৰম্পৰিক চিত্ৰশৈলী পটচিত্ৰৰ এটি ভাগ। পৰম্পৰাগতভাৱে ই দুৰ্গা প্ৰতিমাৰ উপৰিভাগত অংকিত অৰ্ধ গোলাকাৰ দেৱ-দেৱীৰ কাহিনীমূলক পটচিত্ৰ। চালচিত্ৰত পঞ্চানন শিৱ, মহিষাসুৰ বধ, নন্দীভৃঙ্গী, শুম্ভ-নিশুম্ভৰ যুদ্ধ আদি কাহিনী সমূহ প্ৰদৰ্শিত কৰা হয়।

হালনাগাদ: ২০ জুন ২০২৫ ৪২৭ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

চালচিত্ৰ (Chalchitra) ভাৰতৰ পশ্চিমবংগত প্ৰচলিত পাৰম্পৰিক চিত্ৰশৈলী পটচিত্ৰৰ এটি ভাগ। পৰম্পৰাগতভাৱে ই দুৰ্গা প্ৰতিমাৰ উপৰিভাগত অংকিত অৰ্ধ গোলাকাৰ দেৱ-দেৱীৰ কাহিনীমূলক পটচিত্ৰ। চালচিত্ৰত পঞ্চানন শিৱ, মহিষাসুৰ বধ, নন্দীভৃঙ্গী, শুম্ভ-নিশুম্ভৰ যুদ্ধ আদি কাহিনী সমূহ প্ৰদৰ্শিত কৰা হয়। এই চিত্ৰকলাৰ এক নিজস্ব ৰূপৰেখা আৰু শৈলীগত দৃঢ় বুনিয়াদ আছে।১ আচলতে ইযাক মূল গাঁথনিক সঠিক অনুপাতৰ বাবে তৈয়াৰ কৰা হৈছিল। পাৰম্পৰিক কলাবিধ এতিয়াও বৰ্তী আছে।২

নামৰ উৎপত্তি

চালচিত্ৰ শব্দত "চাল" শব্দৰ অৰ্থ হৈছে আৱৰণ বা আচ্ছাদন। ইয়াক মূৰ্তিৰ চালিৰ ওপৰত অংকন কৰা হয় বাবেই চালচিত্ৰ বোলা হয়। ইয়াক বীৰভূমৰ দুৰ্গা পটৰ ওপৰত আচ্ছাদন হিচাপে ব্যৱহাৰ কৰা হয়। শিল্পীসকলৰ ভাষাত, এই চালচিত্ৰ প্ৰকৃততে "পটলেখা।"৩ ইয়াক দুৰ্গা চালা বা দেৱীচাল বুলিও কোৱা হয়।

প্ৰকাৰ

চালিৰ আকৃতি আৰু দুৰ্গা প্ৰতিমাৰ গাঁথনিতল অনুসৰি চালচিত্ৰ কিছুমান ভাগত বিভক্ত কৰা হৈছে। ইয়াৰ উল্লেখযোগ্য ভাগ কিছুমান হল: বংগ চালি, মঠচৌড়ি চালি, তনাচাউৰি চালি, সৰ্বসুন্দৰী চালি, খেপ চালি, মাৰ্কিনি চালি আদি। তাৰে ভিতৰত সাধাৰণতে দেখা চালি হৈছে মাৰ্কিনি চালি।৪ বংলা চালি মন্দিৰৰ স্থাপত্যৰ পৰম্পৰা অনুসৰণ কৰে। ই মূৰ্তিৰ দুয়োফালে স্থগিত আৰ্হিৰে অংকন কৰা হয় আৰু তাত থকা সকলো মূৰ্তিৰ সৈতে খাপ খোৱাৰ বাবে যথেষ্ট দীঘলকৈ নিৰ্মাণ কৰা হয়।৫ আকৌ ছবিখনৰ বিষয়বস্তু অনুসৰি ইয়াক কিছুমান ভাগত বিভক্ত কৰিব পাৰি। যেনে: কৈলাসী, দশাৱতাৰী, বৃন্দাৱনী, ৰামচন্দ্ৰী ইত্যাদি। অৱশ্যে বংগৰ দুৰ্গা মূৰ্তিত কৈলাসী আৰু দশাৱতাৰী চালচিত্ৰ অধিক প্ৰচলিত।

বিষয়বস্তু

ছবিখনৰ মুখ্য বিষয়বস্তু হৈছে শিৱদুৰ্গা, কৈলাস, শিৱ অনুচৰ নন্দী ভৃ‍ংগী, মহিশসুৰ বধ, দশাৱতাৰ ইত্যাদি। দুৰ্গা পট নামৰ এনে এক বিশেষ চালচিত্ৰ বীৰভূম জিলাৰ হাৎচেৰাণ্ডীৰ সূত্ৰধাৰ সম্প্ৰদায়ত দেখা যায়। কিন্তু ইয়াত দুৰ্গা মূৰ্তিৰ ঠাইত দুৰ্গা পটৰ পূজা কৰা হয়। দুৰ্গা পটৰ ওপৰত অৰ্ধবৃত্তাকাৰ চালচিত্ৰ থাকে। এনে এখন চালচিত্ৰত ৰাম, সীতা, শিৱ, নন্দীভৃংগী, ব্ৰহ্মা, বিষ্ণু, শুম্ভ-নিশুম্ভ অংকিত কৰা হয়। কৃষ্ণনগৰ ৰাজবাৰীৰ ৰাজৰাজেশ্বৰী দুৰ্গা চালচিত্ৰৰ অতুলনীয়তা দেখিবলৈ পোৱা যায়। এই চিত্ৰৰ মাজত পঞ্চানন শিৱ আৰু পাৰ্বতী কাষত থাকে। ইয়াৰ এফালে দশমহাবিদ্যা আৰু আনফালে দশাৱতাৰ থাকে।৬

প্ৰাচীনত্ব

বংগত মূৰ্তি নিৰ্মাণৰ দুটা বিখ্যাত ৰূপ হৈছে বিষ্ণুপুৰ শৈলী আৰু কংসনাৰায়ণ শৈলী। তাৰ ভিতৰত, কাংশ্বনাৰায়ণ শৈলী আটাইতকৈ জনপ্ৰিয়। নৱদ্বীপ শাক্ত ৰাসৰ ৩০০-৪০০ বছৰ পুৰণি মূৰ্তিয়ে চালচিত্ৰক প্ৰতিমাৰ অংশ হিচাপে ব্যৱহাৰ কৰিছিল। এসময়ত চালচিত্ৰৰ ব্যৱহাৰ হ্ৰাস হৈছিল, কিন্তু এতিয়া ইয়াৰ যথেষ্ট জনপ্ৰিয়তা বৃদ্ধি পাইছে।৭

পদ্ধতি

মূৰ্তিৰ চালিৰ ওপৰত এটা অৰ্ধবৃত্ত বাঁহৰ সাঁচ ৰখা হয় আৰু ইয়াৰ ওপৰত এটা বহল ডাঠ কাপোৰ টানি দিয়া হয়। কাপোৰৰ বাঢ়ি থকা অংশবোৰ বাঁহৰ সাঁচৰ পিছফালে মেৰিয়াই ৰখা হয়। তাৰপিছত ইয়াৰ ওপৰত বোকাৰ প্ৰলেপ সানি শুকুৱাই লোৱা হয়। শুকাই যোৱাৰ পিছত ইয়াৰ ওপৰত চকৰ গুৰিৰ কেইটামান স্তৰ লগোৱা হয়। তাৰপিছত ইয়াক পৰিকল্পিত কাহিনী অনুসৰি ৰং কৰা হয়।১

চিত্ৰকলাত সাধাৰণতে প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰা হয়। এয়া বংগৰ পটচিত্ৰকলাৰ অন্যতম বৈশিষ্ট্য। চিত্ৰসমূহত সাধাৰণতে নীলা, হালধীয়া, সেউজীয়া, ৰঙা, মুগা, ক'লা আৰু বগা ৰং ব্যৱহাৰ কৰা হয়। ছবিখনত চকমাটিৰ বগা, হালধীয়াৰ বাবে পাউৰি, নীলাৰ বাবে নীল, ক'লা ৰঙৰ বাবে ভুচুকালি আৰু ৰঙাৰ বাবে সেন্দূৰ ব্যৱহাৰ কৰা হয়।৬

তথ্যসূত্ৰ

  1. ↑ tarapada santra. (2000). Paschimbanger lokoshilpa o lokosamaj. Kolkata: lokosanskriti o adibasi sanskriti kendra. পৃ. 12
  2. ↑ (2018-10-13). Chalchitra & Patachitra – the fading art forms which form the backdrop of Durga Puja. The Indian Express
  3. ↑ Giusti, M. and Chakraborty, U. (ed.). Immagini Storie Parole. Dialoghi di formazione coi dipinti cantati delle donne Chitrakar del West Bengal. Mantova: Universitas Studiorum, 2014
  4. ↑ আনন্দবাজাৰ পত্ৰিকা - কলকাতাৰ আৰও খবৰ. archives.anandabazar.com
  5. ↑ (2016-09-30). চালচিত্ৰেৰ ইতিকথা. Mrinal & Udvas
  6. ↑ ভট্টাচাৰ্য, বিভূতিসুন্দৰ. অবক্ষয় আৰ অবলুপ্তিৰ মাঝে বাংলাৰ চালচিত্ৰ - Anandabazar. Anandabazar Patrika
  7. ↑ বন্দ্যোপাধ্যায়, দেবাশিস. পটচিত্ৰেৰ চাহিদা বাড়ছে নবদ্বীপেৰ ৰাসে. Anandabazar Patrika

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় চিত্ৰশৈলীহস্তশিল্পপশ্চিমবংগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চালচিত্ৰ” প্ৰবন্ধৰ সংশোধন ৫১৯৬৬৯ (২০ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।