অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

এদায়ুৰ জলকীয়া

এদায়ুৰ জলকীয়া (ইংৰাজী: Edayur chilli) হৈছে মূলতঃ ভাৰতৰ কেৰালা ৰাজ্যত খেতি কৰা এক প্ৰকাৰৰ জলকীয়া। এদায়ুৰ জলকীয়া এবিধ স্থানীয় জাত, যাৰ খেতি প্ৰধানকৈ কেৰালাৰ মালাপ্পুৰম জিলাৰ কিছুমান নিৰ্দিষ্ট অঞ্চলত কৰা হয়।

হালনাগাদ: ৮ আগষ্ট ২০২৬ ২৮৬ শব্দ · ২ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

এদায়ুৰ জলকীয়া (ইংৰাজী ভাষা: Edayur chilli) হৈছে মূলতঃ ভাৰতৰ কেৰালা ৰাজ্যত খেতি কৰা এক প্ৰকাৰৰ জলকীয়া।১ এদায়ুৰ জলকীয়া এবিধ স্থানীয় জাত, যাৰ খেতি প্ৰধানকৈ কেৰালাৰ মালাপ্পুৰম জিলাৰ কিছুমান নিৰ্দিষ্ট অঞ্চলত কৰা হয়।২ বিশেষকৈ, ভালাঞ্চেৰী ব্লকৰ অন্তৰ্গত এদায়ুৰ, আথাভানাড, মাৰাক্কাৰা, ইৰিম্বিলিয়াম, কালপাকাঞ্চেৰী আৰু ভালাঞ্চেৰী পঞ্চায়তৰ লগতে আংগাডিপ্পুৰম ব্লকৰ অন্তৰ্গত মূৰ্কানাদ আৰু কুৰুভা পঞ্চায়তত ইয়াৰ খেতি কৰা হয়।

নামকৰণ

ইয়াৰ উৎপত্তিস্থল এদায়ুৰ গাঁৱৰ নামেৰেই এই জলকীয়াটোৰ নামকৰণ কৰা হৈছে। এদায়ুৰ গ্ৰাম পঞ্চায়তত উপলব্ধ নথিপত্ৰ অনুসৰি, এই অঞ্চলত এদায়ুৰ জলকীয়াৰ খেতি অন্ততঃ ১৫০ বছৰ পুৰণি।৩

স্থানীয় নাম

স্থানীয়ভাৱে ইয়াক এদায়ুৰ মুলাকু বুলি জনা যায়। স্থানীয় ৰাজ্যিক ভাষা মালায়ালমত মুলাকু মানে জলকীয়া।

বিৱৰণ

কৃষি

এদায়ুৰ জলকীয়াৰ পৰম্পৰাগত খেতিৰ বাবে পাহাৰ, টিলা আৰু লেটেৰাইটযুক্ত মাটিৰ পথাৰ ব্যৱহাৰ কৰা হয়।

শাৰীৰিক বৈশিষ্ট্য

ইয়াৰ বাহ্যিক ৰূপটো হ’ল— তললৈ ওলমি থকা একক ফল, যিবোৰ দেখাত মঝলীয়া ত্ৰিকোণীয় আকৃতিৰ আৰু ইয়াৰ উপৰিভাগ নিমজ হয়।৪

তীব্ৰতা আৰু ব্যৱহাৰ

এদায়ুৰ জলকীয়া প্ৰধানকৈ কেৰালাৰ এবিধ পৰম্পৰাগত খাদ্য কোন্দাত্তম বা ৰ’দত শুকুৱাই লোৱা দৈ-জলকীয়া প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়।৫৬ এই শুকান 'কোন্দাত্তম মুলাকু' কেইবামাহো ধৰি সংৰক্ষণ কৰি ৰাখিব পাৰি আৰু ইয়াৰ ব্যতিক্ৰমী সোৱাদ অটুট থাকে। ভজাৰ পিছত কোন্দাত্তমে দৈৰ সৈতে এক সুস্বাদু সহযোগী ব্যঞ্জন হিচাপে আহাৰৰ সৌন্দৰ্য আৰু সোৱাদ বৃদ্ধি কৰে।৭

ভৌগোলিক স্বীকৃতি

২০২১ চন can ১৪ ছেপ্টেম্বৰত ভাৰত চৰকাৰৰ ভৌগোলিক স্বীকৃতি পঞ্জীয়ন কাৰ্যালয়ৰ পৰা ইয়াক ভৌগোলিক স্বীকৃতি (GI) টেগ প্ৰদান কৰা হয় (যিটো ২০২৯ চনৰ ২ অক্টোবৰলৈকে বৈধ)।৮

এদায়ুৰৰ এদায়ুৰ চিলি গ্ৰোৱাৰ্ছ এছ'চিয়েশ্যন (ECGA)-এ এই জলকীয়াৰ জি আই পঞ্জীয়নৰ প্ৰস্তাৱ দিছিল। ২০১৯ চনৰ অক্টোবৰ মাহত আবেদন দাখিল কৰাৰ পিছত, ২০২১ চনত চেন্নাইস্থিত ভৌগোলিক স্বীকৃতি পঞ্জীয়ন কাৰ্যালয়ে ইয়াক জি আই টেগ প্ৰদান কৰে। ইয়াৰ ফলত "এদায়ুৰ জলকীয়া" নামটো কেৱল এই অঞ্চলত উৎপাদিত জলকীয়াৰ বাবেহে সুকীয়া হৈ পৰে। ই কেৰালাৰ প্ৰথমটো জলকীয়াৰ জাত আৰু ভৌগোলিক স্বীকৃতি লাভ কৰা কেৰালাৰ ৩৪ সংখ্যক সামগ্ৰী হিচাপে পৰিগণিত হয়। একে সময়তে কেৰালাৰ কান্নুৰ জিলাৰ কুট্টিয়াতুৰ আমকো জি আই টেগ প্ৰদান কৰা হৈছিল।৯

লগতে চাওক

  • ৰামনাথপুৰম মুণ্ডু জলকীয়া
  • কুট্টিয়াতুৰ আম

তথ্যসূত্ৰ

  1. ↑ The many shades of red. Deccan Herald
  2. ↑ Variyar, Prasad S.; Singh, Inder Pal; Adiani, Vanshika. (8 November 2024). Peppers: Biological, Health, and Postharvest Perspectives. CRC Press. ISBN 978-1-040-15384-0
  3. ↑ (May 29, 2020). Edayur Chilli - GI Application No. 662. Government of India Geographical Indications Journal. পৃ. 18
  4. ↑ Ravindran, P. N.; Sivaraman, K.; Devasahayam, S. (2024). Handbook of Spices in India: 75 Years of Research and Development. Springer Nature. ISBN 978-981-19-3728-6
  5. ↑ Prasad, Rajendra. Current Affairs Year Book 2022: Geography. MYUPSC
  6. ↑ Sen, Colleen Taylor; Bhattacharyya, Sourish; Saberi, Helen. (23 February 2023). The Bloomsbury Handbook of Indian Cuisine. Bloomsbury Publishing. ISBN 978-1-350-12865-1
  7. ↑ (10 October 2021). GI tag for Kerala's Kuttiattoor mango & Edayur chilli. The Times of India
  8. ↑ Geographical Indications Intellectual Property India
  9. ↑ (4 October 2021). Kuttiattoor mango and Edayur chilli gets GI tags. The Times of India

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ খাদ‍্যভাৰতীয় খাদ্যঅৰ্থনীতিকৃষিপাচলি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এদায়ুৰ জলকীয়া” প্ৰবন্ধৰ সংশোধন ৬২৫২৫৯ (৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।