বিত্তীয় ব্যৱস্থা (Financial System) বুলিলে এক প্ৰণালীবদ্ধ প্ৰতিষ্ঠানিক ব্যৱস্থাকে (Institutional arrangement) বুজোৱা হয়। ইয়াৰ যোগেদি এখন দেশৰ অৰ্থনীতিত থকা বিত্তীয় ৰাহিবোৰ (Financial Surpluses) ৰাহি উৎস বা গোটৰ (Surplus units) পৰা আহৰণ কৰি অথবা সংগ্ৰহ কৰি ঘাটি গোটলৈ (Deficite units) স্থানান্তৰৰ কাৰ্য সম্পাদন কৰা হয়।১ এই প্ৰণালীবদ্ধ প্ৰতিষ্ঠানিক ব্যৱস্থাৰ ভিতৰত আছে-
- দেশৰ উৎপাদন, বিতৰণ, বিনিময় আৰু বিত্তীয় সম্পদ অথবা ধাৰণ (Holding instruments) কৰা ইত্যাদি, পৰিচালনা কৰা অৱস্থা আৰু কৌশল বা ব্যৱস্থাপনা।
- বিত্তীয় বজাৰৰ কাম কাজ আৰু
- বিত্তীয় প্ৰতিষ্ঠানবোৰৰ সংগঠন আৰু ইয়াৰ কাৰ্য।১
দেশৰ বিত্তীয় ব্যৱস্থাৰ উন্নয়নমূলক কাৰ্যৱলী
দেশৰ বিত্তীয় ব্যৱস্থাই সম্পন্ন কৰা বিভিন্ন উন্নয়নমূলক কাৰ্যৱলীসমূহ হ’ল-১
- দেশৰ সঞ্চয়কাৰী আৰু বিনিয়োগকাৰীৰ মাজত সেতু বন্ধনেৰে (Bridge) সম্পৰ্ক স্থাপন কৰা।
- দেশৰ সঞ্চয় (Savings) আৰু বিনিয়োগক (Inventors) উৎসাহিত কৰা।
- সঞ্চয়ৰ আশাৰে পুঁজিৰ যোগান সুনিশ্চিত কৰা।
- সময় আৰু স্থান সাপেক্ষে বিত্তীয় বজাৰৰ সম্প্ৰসাৰণ কৰা।
- সামাজিকভাৱে প্ৰয়োজনীয় বুলি বিবেচনা কৰা লক্ষ্য সাধনৰ উদ্দেশ্য বিত্তীয় সম্পদৰাজিক কাৰ্যদক্ষ অথবা নিপুণতাৱে আৱণ্টন কৰা।
- দেশৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰ কৰি তোলা।
বিত্তীয় ব্যৱস্থাৰ আৱশ্যকীয় উপাদান
বিত্তীয় সেৱা
মূল প্ৰবন্ধ: বিত্তীয় সেৱা
বিত্তীয় সেৱা হ’ল বিত্তীয় সম্পৰ্কৰ মূল্য ব্যৱহাৰকাৰী আৰু গ্ৰাহকলৈ আগবঢ়োৱা বিক্ৰীৰ লগত জড়িত কাৰ্যকলাপ, সা-সুবিধা আৰু সন্তুষ্টি। বিত্তীয় সেৱাই মাৰ্চেণ্ট বেংকিং, ক্ৰেডিট কাৰ্ড কোম্পানী, ভোগ্য-সামগ্ৰী বিত্তায়ন কোম্পানী, নিৰাপত্তা পত্ৰৰ দালালি ইত্যাদিৰ যিবোৰ ধন পৰিচালনাৰ লগত জড়িত বিভিন্ন প্ৰকাৰৰ বিত্তীয় ব্যৱসায় অথবা সেৱা তাকেই বিত্তীয় সেৱা বোলা হয়।২
বিত্তীয় মধ্যস্থতাকাৰী বা প্ৰতিষ্ঠান
মূল প্ৰবন্ধ: বিত্তীয় প্ৰতিষ্ঠান
দেশৰ জনসাধাৰণ আৰু নিগম খণ্ডৰ বিত্তীয় লেনদেনবিলাকৰ ক্ষেত্ৰত মধ্যস্থতাৰে সুবিধা প্ৰদান কৰাৰ প্ৰক্ৰিয়াত জড়িত সকলো অনুষ্ঠান-প্ৰতিষ্ঠানকে বিত্তীয় মধ্যস্থতাকাৰী বা বিত্তীয় প্ৰতিষ্ঠান হিচাপে গণ্য কৰা হয়।
বিত্তীয় বজাৰ
মূল প্ৰবন্ধ: বিত্তীয় বজাৰ'বিত্তীয় বজাৰ' (Financial Market) হ’ল এক প্ৰণালীবদ্ধ প্ৰতিষ্ঠানিক ব্যৱস্থা য’ত বিভিন্ন প্ৰকাৰৰ বিত্তীয় সম্পদ আৰু ঋণ আহিলাবোৰ যেনে- কাগজী মুদ্ৰা, চে'ক, বেংক আমানত, বিল, বণ্ড, প্ৰতিশ্ৰুতি পত্ৰ, নিৰাপত্তা পত্ৰ, ঋণপত্ৰ ইত্যাদিৰ লেনদেন সংঘটিত হয়।৩
বিত্তীয় আহিলা বা সঁজুলি
মূল প্ৰবন্ধ: বিত্তীয় আহিলা
ম্যাদৰ অন্ততঃ অথবা নিৰ্দিষ্ট সময় যেনে মাহ, তিনিমাহ অথবা বছৰৰে মূলত মূলধনৰ লগতে সুত অথবা লাভ্যাংশ পৰিশোধৰ বাবে বিত্তীয় পৰিসম্পদৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব পৰা নথিয়েই হ’ল বিত্তীয় আহিলা বা সঁজুলি।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিত্তীয় ব্যৱস্থা” প্ৰবন্ধৰ সংশোধন ২৫৭৪৪১ (২ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।