ৰত্ন ওজা (১৯৩১-২০১৯) অসম তথা ভাৰতৰ এগৰাকী কবি, গীতিকাৰ, নাট্যকাৰ তথা মঞ্চ আৰু চলচ্চিত্ৰ শিল্পী আছিল। অতি কম বয়সৰ পৰাই নাট্যাভিনয় তথা পৰিচালনাৰ সৈতে জড়িত ওজাই বহুকেইখন একাংকিকা নাট, পূৰ্ণাংগ নাট, অনাঁতাৰ নাট, বাটৰ নাট, শিশু নাট ৰচনা পৰিচালনাৰ লগতে চাৰিখন উপন্যাস, এখন গল্প সংকলন, তিনিখন প্ৰবন্ধ স্ংকলন ৰচনা কৰিছে। অসমীয়া বোলছবিৰ অভিনয় আৰু সংলাপ ৰচনাৰ কামতো হাত উজান দিয়া ওজাক অসমত বাটৰ নাট ৰূপায়ণৰ বাটকটীয়া হিচাপে জনা যায়।১
জন্ম আৰু শিক্ষা গ্ৰহণ
১৯৩১ চনৰ ৫ ডিচেম্বৰত সত্ৰ নগৰী বৰপেটাত ৰত্ন ওজাৰ জন্ম হয়। তেওঁৰ পিতৃ আছিল পদ্মৰাম ওজা আৰু মাতৃ চিন্তাবালা ওজা।২ ১৯৫১ চনত তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় আৰু কটন বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰে। ১৯৫৩ চনত তেওঁ কটন কলেজৰ সাংস্কৃতিক সম্পাদক হিচাপে নিৰ্বাচিত হয়। ১৯৫৫ চনত কটন কলেজৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে।
কৰ্ম জীৱন
১৯৫৫ চনত শান্তিদূত নামৰ অসমীয়া দৈনিক বাতৰি কাকতত উপ-সম্পাদক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা ৰত্ন ওজাই অসমীয়া পষেকীয়া ভূদান যজ্ঞত সহ-সম্পাদক হিচাপে যোগ দিয়ে। অৱশ্যে ১৯৫৯ চনত তেওঁ বৰপেটা জুৰোৰাম ছোৱালী উচ্চ বিদ্যালয়ত শিক্ষক হিচাপে যোগ দিয়ে। ১৯৬২-৭৯ চনলৈ তেওঁ মালিগাঁৱত পূবোৰ্ত্তৰ সীমান্ত ৰে’লৱেত প্ৰৱৰ সাংবাদিক হিচাপে কাম কৰে। তাৰ পাছতে ১৯৭৯-৮১ চনলৈ তেওঁ বঙাইগাঁও তেল শোধনাগাৰ আৰু পেট্ৰ’ কেমিকেলছ প্ৰকল্পৰ জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে কাম কৰে।
১৯৮১-৮৩ চনলৈ নিউজ ষ্টাৰ নামৰ ইংৰাজী দৈনিক বাতৰি কাকতৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে, একে সময়তে তেওঁ সাদিনীয়া বাতৰি কাকতৰ সহযোগী সম্পাদক হিচাপে, ১৯৮৪-৮৫ চনলৈ ডী ডী অসমৰ বাতৰি সম্পাদক হিচাপে কাম কৰাৰ উপৰি তেওঁ ফ্ৰীলান্স সাংবাদিক হিচাপেও কাম কৰে। তেওঁ প্ৰয়াত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উপাধ্যক্ষ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপাধ্যক্ষ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বিশেষ প্ৰাধিকাৰীৰ উপৰি অসম নাট্য সন্মিলনৰ সভাপতিকে ধৰি বহু পদবীত অধিষ্ঠিত হয়্।৩
নাট্যকাৰ জীৱন
শৈশৱৰ পৰাই ওজাই নাট্যাভিনয়ত অংশগ্ৰহণ কৰে। প্ৰথম অৱস্থাত তেওঁ পালা গাহনত চোক্ৰা( নৃত্যশিল্পী) হিচাপে অন্তৰ্ভুক্ত হয় যদিও পিছলৈ নিয়মিত ভাৱে সত্ৰীয়া যাত্ৰা-ভাওঁনাত উত্তৰা, শৈব্য, ঊষা আদি স্ত্ৰী চৰিত্ৰত অভিনয় কৰিবলৈ লয়। নৱম শ্ৰেণীত পঢ়ি থাকোঁতে ১৯৪৯ চনৰ ২৭ আগষ্টত তেওঁ চক্ৰধ্বজ সিংহ নাটৰ গজপুৰিয়ানীৰ চৰিত্ৰত অভিনয় কৰে। ১৯৫২ চনত তেওঁ প্ৰথমখন একাংকিকা নাট গুলজাৰ ক্লাৱ ৰচনা কৰে আৰু ই বৰপেটাৰ মিলন মন্দিৰত অভিনীত হয়। ১৯৫৭ চনত তেওঁ প্ৰথম সম্পূৰ্ণ নাট 'মুক্তিৰ সপোন' ৰচনা কৰে। ১৯৫৮ চন গুৱাহাটী জিলা পুথিভঁৰালত হেমাঙ্গ বিশ্বাসৰ নিৰ্দেশনাত তেওঁ লিখা পূৰ্ণ দৈৰ্ঘ্যৰ নাট প্ৰশ্ন মঞ্চস্থ হয়।
অসমৰ অপেছাদাৰী নাট্য আন্দোলনৰ গুৰিধঁৰোতা গহ্বৰ নাট্যগোষ্ঠীৰ লগত ৰত্ন ওজাৰ অভিন্ন সম্পৰ্ক আছিল। উইলিয়াম চেৰোৱানৰ 'দি কেভদুৱেলাৰ্ছ' নাটৰ অনুপ্ৰেৰণাত তেওঁ লিখা গহ্বৰ নাটৰ আখৰা কৰাৰ সময়তে গহ্বৰ নাট্যগোষ্ঠীৰ জন্ম হয়। গহ্বৰ নাটখন ১৯৬৮ চনৰ ৯ আগষ্টত মালিগাৱত আৰু পিছলৈ জিলা পুথিভঁৰাল, তেজপুৰ, বৰপেটা আদি ঠাইতো মঞ্চস্থ হৈছিল। গহ্বৰ নাট্যগোষ্ঠীৰ বেনাৰত তেওঁ ৰচিত আৰু পৰিচালিত আন উল্লেখযোগ্য নাট সমূহ হ'ল- কবৰ, অস্থাৱৰ, পাতনি, সংলাপ, প্ৰলাপ, মামীৰ হাড় আৰু বেজবৰুৱাৰ পাচনি। ইয়াৰে প্ৰলাপ নাটখন একক অভিনয়ৰ এঘণ্টীয়া নাট য'ত তেওঁৰ পৰিচালনা আৰু সংগীত ব্যৱস্থাপনাত হেম ভটাচাৰ্যই অভিনয় কৰিছিল। গহ্বৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ওজাৰ পৰিকল্পনা আৰু পৰিচালনাত কাৰ্টুন নাট মূকমেল নিবেদন কৰা হৈছিল। ১৯৭৫ চনত মাক্সিম গ’ৰ্কীৰ উপন্যাস মাৰ আধাৰত পৰিচালিত মা নাটখন গুৱাহাটীত একেৰাহে চাৰিটি নাট্য সন্ধিয়াৰ বাবে মঞ্চস্থ হয়।১ নক্সা আৰু প্ৰগতি শিল্পী সংগৰ যুটীয়া প্ৰযোজনাত ৰূপায়ণ হোৱা নাটখনৰ সংগীত পৰিচালক আছিল ভূপেন হাজৰিকা আৰু অভিনয়ত আছিল কমল শৰ্মা, ঈষাণ বৰুৱা, গৌতম প্ৰসাদ বৰুৱা, দেৱেন দত্ত আদি শিল্পী|
ৰত্ন ওজা ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যকাৰ-পৰিচালক হিচাপে বিভিন্ন নাট্যদলৰ লগত জড়িত আছিল। তাৰ ভিতৰত ৰূপকোঁৱৰ থিয়েটাৰৰ জীয়া জুই আৰু আজিৰ অভিমন্যু, কহিনুৰ থিয়েটাৰৰ মহেন্দ্ৰ বৰঠাকুৰ ৰচিত তেজ লগা বাট আদি উল্লেখযোগ্য। তদুপৰি তেওঁ মঞ্চকোঁৱৰ, ৰাধিকা দেৱী আদি নাট্যদলৰ লগতো জড়িত আছিল। ইয়াৰ উপৰিও জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰূপালীম, লক্ষ্মীনাথ বেজবৰুৱাৰ চক্ৰধ্বজ সিংহ, সত্য প্ৰসাদ বৰুৱাৰ শিখা, অৰুণ শৰ্মাৰ জিণ্টি, গৰ্কীৰ মা আদিৰ নাট্যৰূপো পৰিচালনা কৰিছিল। তেওঁৰ অনাতাঁৰ নাটসমূহৰ ভিতৰত উল্লেখযোগ্য সমূহ হ'ল- খং, অভিমন্যু, তিনি বনাম তেৰ, দিখৌ আজিও বয়, আলাপ, স্বাধীনতা, মহানাগৰিক আদি। টেলি নাটৰ ভিতৰত ভূত আৰু বাঢ়নী, থুপৰি হোৰে থুপৰি হো আদি।
নাট্যৰ সাহিত্যক জনগণৰ বুকুৰ আপোন কৰি তুলিবলৈ বাট-পথ, চোতাল-পথাৰ, নৈ-পুখুৰী, বিল-পাহাৰ সকলোকে মঞ্চৰূপে ব্যৱহাৰ কৰিব লাগে।
— - ৰত্ন ওজা
অসমত বাটৰ নাট ৰূপায়ণৰ ক্ষেত্ৰত ওজা প্ৰধান বাটকটীয়া আছিল। মঞ্চত নাট ৰূপায়ণত বিভিধ অসুবিধাৰ সন্মুখীন হৈ তেওঁ কুলদা কুমাৰ ভট্টাচাৰ্য, অৰুণ শৰ্মাৰ লগত বাটৰ নাট ৰূপায়ণ কৰাৰ পৰিকল্পনা কৰে। সেই সময়তে নটসূৰ্য ফণী শৰ্মাৰ দেহাৱসান হোৱাত যেতিয়া তেওঁৰ নশ্বৰ দেহ ৰবীন্দ্ৰ ভৱনলৈ অনা হয় কিন্তু মঞ্চলৈ নিবলৈ দিয়া নহয় তেতিয়া এই ঘটনাৱলীক লৈ তেওঁৰ পৰিকল্পনাত অৰুণ শৰ্মাই ককাইদেউ নামৰ বাটৰ নাটখনি ৰচনা কৰে। ১৯৭১ চনৰ ১৭ জানুৱাৰী তাৰিখে শিল্পী দিৱসত দীঘলীপুখুৰীৰ পাৰত প্ৰথম বাটৰ নাট ককাইদেউ মঞ্চস্থ হয়। ইয়াৰ পিছতো কুমঙৰ পাপ, অ' ফুল অ' ফুল নুফুল কিয়, আমাক এজন অসমীয়া লাগে, চাইনবৰ্ড, বৃদ্ধস্য তৰুণী ভাৰ্যা আদি বাটৰ নাট ৰচি নিবেদন কৰে।১
শিশু সাহিত্যিক জীৱন
ৰত্ন ওজাই আমাৰ প্ৰতিনিধি কাকতৰ মনোৰঞ্জন, চিত্ৰ সংবাদ আদি শিশু শিতান পৰিচালনা কৰিছিল। তেওঁ ৰং আহে পাখি মেলি নামৰ কিশোৰ-কিশোৰীৰ জনপ্ৰিয় আলোচনী এখনো সম্পাদনা কৰিছিল। তদুপৰি তেওঁ ওমলা ঘৰ,চোৰ,গাধ,উপহাৰ,ভাইটিৰ ইনছাট ৱান-ছি আদি শিশু নাটো ৰচনা কৰিছিল।
গীতিকাৰ জীৱন
বৰপেটাত জন্ম হোৱা সূত্ৰে ওজাই শৈশৱৰ পৰাই সত্ৰীয়া সংস্কৃতিৰ ছত্ৰাছায়া পাইছিল। কটন কলেজত অধ্যয়নৰত অৱস্থাত কলেজৰ বাৰ্ষিক সমাৰোহত প্ৰথম বাৰৰ বাবে বৰগীত পৰিৱেশন কৰিছিল। ১৯৫৭ চনত আকাশবাণীৰ বাবে গীত লিখি তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ হিচাপে পৰিচিতি লাভ কৰে। ৰেডিঅ' যোগে প্ৰচাৰ হোৱা ওজাৰ প্ৰথম গীতটি আছিল কোনে মোক মনে মনে ক'লে কাণে । তদুপৰি তেওঁ ৰচিত আন কেইটিমান গীত হ'ল দীপালী বৰঠাকুৰৰ কণ্ঠৰ এই নদীৰে সিপাৰতে চেনেহ ফুল ফুলে, জয়ন্ত হাজৰিকাৰ কণ্ঠৰ লুইতৰ সোঁতত লিখা ৰ'ব আদি। ১৯৭২ চনত মুক্তি লভা অসমৰ চলচ্চিত্ৰ ওপৰ মহলা নামৰ ছবিখনৰ বাবেও ওজাই গীত ৰচনা কৰিছিল।
বোলছবি জীৱন
ৰত্ন ওজাই প্ৰতিধ্বনি, চিকমিক বিজুলী আৰু লটিঘটি চলচ্চিত্ৰৰ সহকাৰী পৰিচলক আছিল। চিকমিক বিজুলী আৰু লটিঘটিত তেওঁ অভিনয়ো কৰিছিল। চিকমিক বিজুলীত তেওঁ দিলীপ শৰ্মাৰ লগত অ' মোৰ মলুৱা ৰে গীতটি পৰিৱেশন কৰিছিল। হিন্দী ছবি টকদীৰৰ ভূপেন হাজৰিকাই কৰা ডাবিং ভাগ্যৰ তেওঁ সংলাপ ৰচনা কৰিছিল। তদুপৰি জাহ্নু বৰুৱাৰ হালধীয়া চৰায়ে বাওধান খায়ৰ বৰুৱাৰ লগত যুটীয়াভাৱে সংলাপ ৰচনা কৰিছিল।
বঁটা আৰু সন্মান
ৰত্ন ওজাই ২০০৫ চনত নটসূৰ্য বঁটা, ভূপেন হাজৰিকা বঁটা লাভ কৰে। তেওঁক কলাৰত্ন সন্মানো প্ৰদান কৰা হয়।৩
মৃত্যু
২০১৯ চনৰ শেষৰ ফালে আৰম্ভ হোৱা নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ৰ প্ৰতিবাদত শিল্পী সমাজে কৰা বিৰোধ প্ৰদৰ্শনত ৰত্ন ওজাইও ভাগ লৈছিল। অসুস্থ হ'লেও তেওঁ হুইলচেয়াৰত বহি চানমাৰিৰ আন্দোলনথলীলৈ গৈছিল।৩২০১৯ চনৰ ৩১ ডিচেম্বৰত গুৱাহাটীত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।৪
নাট্যপঞ্জী
একাংকিকা নাট
- প্ৰয়োজনীয় মহাপুৰুষ
- মামীৰ হাৰ
- জোনাকীৰ জুই
পূৰ্ণাংগ নাট
- শংকৰদেৱ
- গহ্বৰ
- উৰ্বৰ
- প্ৰলাপ
- সংলাপ
- মুক্তিৰ সপোন
অনাতাঁৰ নাট
- খং
- অভিমন্যু
- তিনি বনাম তেৰ
- দিখৌ আজিও বয়
- তাহিন
- আলাপ
- স্বাধীনতা
- মহানাগৰিক
বাটৰ নাট
- কুমঙৰ পাপ
- অ' ফুল অ' ফুল নুফুল কিয়
- আমাক এজন অসমীয়া লাগে
- চাইনবৰ্ড
- বৃদ্ধস্য তৰুণী ভাৰ্যা
শিশু নাট
- ওমলা ঘৰ
- চোৰ
- গাধ
- উপহাৰ
- ভাইটিৰ ইনছাট ৱান-ছি
পুতলা নাট
- পুতলা ভাওনা
- আদালত
- ভাই ভাই
গ্ৰন্থপঞ্জী
ৰত্ন ওজাই চাৰিখন প্ৰবন্ধ সংকলন, চাৰিখন উপন্যাস, তিনিখন উপন্যাসিকা, এখন গল্প সংকলন, দুখন গীত আৰু কবিতাৰ সংকলন ৰচনা কৰিছে। এই সমূহ ৰচনা একত্ৰিত কৰি অসম প্ৰকাশন পৰিষদে ভদ্ৰ বৰাৰ সম্পাদনাত ৰত্ন ওজা ৰচনাৱলী প্ৰকাশ কৰে।
উপন্যাস
- আৰু নদী নখন্দা
- আৰু নদী ধেনুখান্দা
- আৰু নদী চাউলখোৱা
- আশালেখ
উপন্যাসিকা
- ফুলৰ ফুলত
- নৰকৰ নৰকত
- আৰু প্ৰেমৰ প্ৰেমত
গল্প সংকলন
- ডেৰ কুৰি গল্প
গীত সংকলন
- চেনেহ ফুল ফুলে (২০০৩)
- উপবন ( ইয়াত পৰশ, এয়ে জানো শেষ গান, চেনেহৰ সোঁত আদি পূৰ্বে প্ৰকাশিত আৰু পূৰ্বে অপ্ৰকাশিত সুহুৰি নামৰ সংকলন একত্ৰিত কৰা হৈছে। )
প্ৰবন্ধ সংকলন
- কৃষ্টিৰ সুৰভি
- কৃষ্টিৰ কিছু কথা
- প্ৰবন্ধ মঞ্জুৰী
- সুৱদি সুমৰণ
আত্মজীৱনী
- ৰোমন্থন
তথ্যসূত্ৰ
- ↑ অতুল মজুমদাৰ. (10 জানুৱাৰী, 2020). কলাৰত্নৰ নাট্যাকাশ আৰু অন্যান্য
- ↑ পুলু কুমাৰ শৰ্মা. (১০ জানুৱাৰী, 2020). সমৃদ্ধ ব্যক্তিত্বৰ ৰত্ন ওজা. দৈনিক অসম
- ↑ (January 1, 2020). https://janambhumi.in/VFhwck1rNTZhejA9/%E0%A6%95%E0%A6%B2%E0%A6%BE%E0%A6%97%E0%A7%81%E0%A7%B0%E0%A7%81-%E0%A7%B0%E0%A6%A4%E0%A7%8D%E0%A6%A8-%E0%A6%93%E0%A6%9C%E0%A6%BE-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%A8%E0%A6%BE%E0%A6%87.html. জনমভূমি
- ↑ (1 January 2020). Ratna Ojha’s voice falls silent
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰত্ন ওজা” প্ৰবন্ধৰ সংশোধন ৩৮৬০৮১ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।