অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

হালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)

হালধীয়া চৰায়ে বাওধান খায় (The Catastrophe) ১৯৮৭ চনত মুক্তিপ্ৰাপ্ত বিশিষ্ট পৰিচালক জাহ্নু বৰুৱাৰ তৃতীয়খন অসমীয়া চলচ্চিত্ৰ। পাটকাই ফিল্মচৰ বেনাৰত নিৰ্মিত এই ছবি খনৰ কাহিনীভাগ হোমেন বৰগোহাঞিৰ একে নামৰ বহু পঠিত উপন্যাসৰ পৰা লোৱা হৈছে।

হালনাগাদ: ৪ এপ্ৰিল ২০২৬ ২৮০ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

হালধীয়া চৰায়ে বাওধান খায় (The Catastrophe) ১৯৮৭ চনত মুক্তিপ্ৰাপ্ত বিশিষ্ট পৰিচালক জাহ্নু বৰুৱাৰ তৃতীয়খন অসমৰ চলচ্চিত্ৰ। পাটকাই ফিল্মচৰ বেনাৰত নিৰ্মিত এই ছবি খনৰ কাহিনীভাগ হোমেন বৰগোহাঞিৰ একে নামৰ বহু পঠিত উপন্যাসৰ পৰা লোৱা হৈছে। ছবিখনে ৩৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (১৯৮৭) শ্ৰেষ্ঠ ছবিৰ স্বৰ্ণকমল বঁটা১ পোৱাৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাও পাইছিল। ছবিখন ৩৫ মিঃমিঃত নিৰ্মাণ কৰা হৈছিল।২

কাহিনী

ৰসেশ্বৰ এজন দুখীয়া খেতিয়ক। পত্নী আৰু তাৰ লগতে সাতোটা সন্তানৰ সৈতে সুখী পৰিয়াল আছিল ( আৰু এটা আছিল কিন্তু সাত বছৰমান বয়সতে তেজ-গ্ৰহণী হৈ মৰিল)। সামান্য এটুকুৰা মাটিত খেতিবাতি কৰি কিবাকৈ জোৰা-তাপলি মাৰি সংসাৰ চলায়। এজাক বৰষুণৰ আশাত সকলোৱে আকাশলৈ চাই থাকে। অৱশেষত বহু আকাংক্ষিত বৰষুণ এজাক আহিল। ৰসেশ্বৰে নাঙল লৈ হাল বাবলৈ গ'ল। পথাৰলৈ গৈহে ৰসেশ্বৰে গম পালে যে যিটুকুৰা মাটি পুৰুষানুক্ৰমে খেতি কৰি আহিছে, সেই টুকুৰা মাটিৰ গৰাকী এতিয়াৰে পৰা গাঁৱৰ প্ৰভাৱশালী মহাজন সনাতনহে। ৰসেশ্বৰ সনাতন মহাজনৰ ওচৰত ঋণগ্ৰস্থ হৈ আছিল। সেই ঋণ আৰু তাৰ বাবদ দিবলগীয়া সুতৰ বিনিময়ত মহাজনে মাটিখিনি দখল কৰিলে। এই অন্যায়ৰ বিৰুদ্ধে তেওঁ আদালতত গোচৰ তৰিলে। কিন্তু ৰঙাফিতাৰ মেৰপাকত ন্যায় পাব দূৰৈৰ কথা, তেওঁ আৰু বেছি দুৰ্দশাগ্ৰস্থহে হৈ পৰিল। এনেতে নিৰ্বাচন আহিল। সনাতন মহাজনো নিৰ্বাচনৰ প্ৰাৰ্থী হ'ল। পেটৰ দায়ত ৰসেশ্বৰে চিৰশক্ৰ সনাতন মহাজনৰ হৈ নিৰ্বাচনৰ কাম কৰিবলৈ বাধ্য হ'ল। সৌভাগ্যক্ৰমে ৰসেশ্বৰৰ গোচৰটো এজন সত্‍ হাকিমৰ ওচৰলৈ গ'ল। হাকিমে দেখিলে যে ন্যায়িক যুদ্ধত ৰসেশ্বৰে মাটি ঘূৰাই পোৱাৰ সম্ভৱনা ক্ষীণ বা গোচৰ চলাই থকাটোৱো এজন কপৰ্দকহীন মানুহৰ বাবে অসম্ভৱ কথা। সেয়েহে হাকিমে গোচৰ চলাই যোৱাৰ সলনি অন্য এটা পন্থা উলিয়ালে। হাকিমে মহাজনক বুজালে যে মহাজন যিহেতু এজন নিৰ্বাচনী প্ৰাৰ্থী, ৰসেশ্বৰৰ বিষয়টোক লৈ বিৰোধীপক্ষই সুবিধা ল’ব পাৰে। এতেকে মাটিখিনি ৰসেশ্বৰক ওভতাই দিয়া উচিত। মহাজন মান্তি হ'ল আৰু মাটিখিনি ওভতাই দিলে।২১

অভিনয়ত

কলাকুশলী

  • সংলাপ- জাহ্নু বৰুৱা, ৰত্ন ওজা
  • শব্দগ্ৰহণ-যতীন শৰ্মা
  • কলা নিৰ্দেশনা-ফটিক বৰুৱা২

সন্মান তথা স্বীকৃতি

  • শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (স্বৰ্ণকমল) (১৯৮৭)১
  • লোকাৰ্ণো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ:
    • চিলভাৰ লিওপাৰ্ড
    • বৰ্ল্ড একুমেনিকাল এৱাৰ্ড
    • চিটিজেন্‌চ প্ৰাইজ
    • শ্ৰেষ্ঠ অভিনেতা (ইন্দ্ৰ বনিয়া)
  • টকিঅ’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ: এছিয়াৰ শ্ৰেষ্ঠ বঁটা
  • এমিয়েন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ফ্ৰান্স:
    • শ্ৰেষ্ঠ ছবি
    • শ্ৰেষ্ঠ অভিনেতা
  • ৰাজ্যিক বঁটা: শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ চিত্ৰনাট্য, শ্ৰেষ্ঠ সম্পাদনা
  • ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত।৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ National Film Awards Archives. DIRECTORATE OF FILM FESTIVALS
  2. ↑ Das Arunlochan. (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃ. 342
  3. ↑ Jahnu Barua Official Website - Achivements

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰশ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত অসমীয়া ছবিভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত অসমৰ ছবি১৯৮০ দশকৰ অসমীয়া চলচ্চিত্ৰজাহ্নু বৰুৱা পৰিচালিত চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৯৯৯৪৭ (৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।