অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

প্ৰতিধ্বনি (চলচ্চিত্ৰ)

প্ৰতিধ্বনি ( Pratidhwani) ১৯৬৪ত মুক্তিলাভ কৰা এখন ক’লা-বগা অসমীয়া ছবি। সঙ্গীতমধুৰ এই ছবিখনৰ পৰিচালনা, প্ৰযোজনা আৰু সঙ্গীত আছিল ড° ভূপেন হাজৰিকাৰ। মূল চৰিত্ৰত অভিনয় কৰিছিল পবিত্ৰ বৰকটকী আৰু ইভা আচাৱে। এই ছবিখনক ইভা আচাওৰ অভিনয় জীৱনৰ মাইলৰ খুটি বুলি গণ্য কৰা হয়।

হালনাগাদ: ৩ এপ্ৰিল ২০২৬ ২১৮ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

প্ৰতিধ্বনি ( Pratidhwani) ১৯৬৪ত মুক্তিলাভ কৰা এখন ক’লা-বগা অসমীয়া ছবি। সঙ্গীতমধুৰ এই ছবিখনৰ পৰিচালনা, প্ৰযোজনা আৰু সঙ্গীত আছিল ড° ভূপেন হাজৰিকাৰ। মূল চৰিত্ৰত অভিনয় কৰিছিল পবিত্ৰ বৰকটকী আৰু ইভা আচাৱে।১ এই ছবিখনক ইভা আচাওৰ অভিনয় জীৱনৰ মাইলৰ খুটি বুলি গণ্য কৰা হয়। ইভাৰ অভিনয়ে প্ৰতিধ্বনিত পৰিপূৰ্ণতা পাইছিল।২ প্ৰতিধ্বনি আছিল এটা খাচি লোকগাথাৰ ভেটিত নিৰ্মাণ কৰা ছবি।

পিছলৈ ড° হাজৰিকাই ছবিখন খাচি ভাষালৈ KAA SWA RAATI নামেৰে৩ ‘ডাব’ কৰি বাণিজ্যিকভাৱে মুক্তি দিছিল৷৪ ছবিখনে ১৯৬৪ৰ শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰূপৰ পদক লাভ কৰিছিল।২১

১৯৮৪ চনত এই লোকগাথাটোৰ ভিত্তিত আন এখন মাণিক ৰাইটং নামেৰে এখন খাচি চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়। এই ছবিখনে সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভূক্ত হোৱা ভাষাৰ বাহিৰে অন্যভাষাত নিৰ্মাণ হোৱা সৰ্বশ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটা লাভ কৰিছিল।৫

কাহিনী

খাচি পাহাৰ অঞ্চলৰ এটা জনপ্ৰিয় লোকগাথাৰ আধাৰত প্ৰতিধ্বনিৰ কাহিনীভাগ ৰচনা কৰা হৈছে।৬

মাণিক ৰাইটং কেওকোনো নথকা এজন ঘাটমাউৰা, দুৰ্ভগীয়া ল’ৰা। নিশা নিশা সি বাঁহীত সুমধুৰ সুৰ বজায়। কিছুদিন আগেয়ে লগ পোৱা লিয়েন মাকাউ নামৰ ছোৱালীজনী আৰু বাঁহীটোৱে তাৰ হৃদয় আৰু আত্মা ভৰাই ৰাখে আৰু জীৱনটোক এক অৰ্থ দিয়ে। সাতখন পাহাৰৰ সিপাৰে বাস কৰা লিয়েন মাকাউক বিয়াৰ প্ৰস্থাৱ দিবলৈ মন মেলোঁতে দুৰ্ভগীয়া মাণিক ৰাইটঙে গম পালে যে তাইৰ ইতিমধ্যে বৃদ্ধ চিয়েমলৈ (অৰ্থাৎ খাচিসকলৰ ৰজা) বিয়া হৈ গৈছে। কিন্তু চিয়েমে প্ৰায়ে ৰাজকীয় কামকাজত বাহিৰত থকা বাবে ৰাণীয়ে নিসংগ অনুভৱ কৰে। মাণিকৰ বাঁহীৰ সুৰে পুনৰ ৰাণীক তাৰ কাষ চপাই আনে। আনকি ৰাণীয়ে তাৰপৰা এটা সন্তানৰো কামনা কৰিলে।৬

বহুদিনৰ মূৰত চিয়েমে উভতি আহি সকলো কথা গম পালে আৰু খঙত জ্বলি উঠিল। মাণিকক বিচাৰি আনি চূড়ান্ত শাস্তি দিবলৈ প্ৰস্তুত হ’ল। তাক জীৱন্তে পুৰি আদেশ দিলে। চিতাৰ লেলিহান শিখাত ৰাণী লিয়েন মাকাৱেও জঁপিয়াই নিজৰ প্ৰাণ দিলে।৬

প্ৰবাদ আছে যে চিতাৰ ঠাইতে পানীয়ে ডোঙা বান্ধিলে। বাঁহৰ আগ উৰ্ধমুখী হ’ল আৰু এই মৰ্মান্তিক ঘটনাৰ সোঁৱৰণত সেইঠাইৰ নিজৰাবোৰে আজিও উচুপি উচুপি কান্দে।৬

কলা-কুশলী আৰু অভিনয় শিল্পী

  • পৰিচালনা, প্ৰযোজনা, সঙ্গীত, চিত্ৰনাট্য- ভূপেন হাজৰিকা
  • বেনাৰ- কামৰুপ চিত্ৰ
  • অভিনয়
  1. পবিত্ৰ বৰকটকী (মাণিক ৰাইটং)
  2. ইভা আচাও (লিয়েন মাকাও)
  3. বিষ্ণুপ্ৰসাদ ৰাভা (চিয়েম)
  4. ফণী শৰ্মা
  5. কৃষ্ণা দাস
  6. কমল চৌধুৰী
  7. মঘাই ওজা
  8. বিদ্যা ৰাও
  9. স্বাগতা চক্ৰৱৰ্তী৩২

গীত

প্ৰতিধ্বনিত মুঠ পাঁচটা গীত আছে।৭

ক্ৰমিক নংগীতৰ শীৰ্ষকগীতিকাৰকণ্ঠ
১লিয়েন মাকাও, কোন পাহাৰৰ শিখৰতে বাট চাইছাভূপেন হাজৰিকাভূপেন হাজৰিকা, তালাত মাহমুদ
২হে হে হে ঢোলে-দগৰে, হে হে হে হিয়াৰ উমেৰে, নেদেখা এনাজৰীৰে বান্ধো আমি, পাহাৰ শিখৰৰে মহান চিয়েমকেভূপেন হাজৰিকাভূপেন হাজৰিকা, বন্দনা হাজৰিকা
৩অয় অয় আকাশ শুব, অয় অয় বতাহ শুব, দিগন্ততে হাহাকাৰ হ'বভূপেন হাজৰিকাভূপেন হাজৰিকা, সুমন কল্যাণপুৰ
৪দেহি ঐ লুইতৰ সিপাৰে মাজুলী, চাপৰি ঐ মাজুলী, চাপৰি ঐ মাজুলি, উজাইনো পানী ভাহেভূপেন হাজৰিকাভূপেন হাজৰিকা, কবিতা হাজৰিকা
৫শৰত কালৰ ৰাত্ৰি অতি বিতোপন সখী, ৰাসক্ৰীয়া কৰন্ত গোপালপৰম্পৰাগতকবিতা হাজৰিকা

বঁটা আৰু সন্মান

ছবিখনে ১২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৬৪) অনুষ্ঠানত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত ৰুপৰ পদক লাভ কৰে।৬ এই ছবিখনে সেই সময়ৰ শ্ৰেষ্ঠ ১০০খন ভাৰতীয় চিনেমাত স্থান পাইছিল আৰু ফ্ৰাঞ্চত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত হৈছিল।৩

তথ্যসূত্ৰ

  1. ↑ Pratidhwani (1964) – Assamese FilmPratidhwani (1964) – Assamese Film
  2. ↑ 10 Mind-blowing Facts About The First Assamese Actress on Filmfare Cover
  3. ↑ Dr. Bhupen Hazarika as Film and Music Director Page 119
  4. ↑ চৰাইৰ চকুৰে অসমীয়া চলচ্চিত্ৰৰ আঠটা দশক - উৎপল দত্ত
  5. ↑ 32th National Film Awards
  6. ↑ 12th National Film Awards
  7. ↑ Babul Das. অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir. পৃ. 100-104

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৬০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৬৪ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰতিধ্বনি (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৯৯৮৫৮ (৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।