অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দীপালী বৰঠাকুৰ

দীপালী বৰঠাকুৰ (Deepali Borthakur, ৩০ জানুৱাৰী, ১৯৪১ - ২১ ডিচেম্বৰ ২০১৮) অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী।

হালনাগাদ: ১৮ ফেব্ৰুৱাৰী ২০২৫ ২৪৬ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

দীপালী বৰঠাকুৰ (Deepali Borthakur, ৩০ জানুৱাৰী, ১৯৪১ - ২১ ডিচেম্বৰ ২০১৮) অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী।

চমু জীৱনী

১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে শিৱসাগৰ জিলাৰ (বৰ্তমান চৰাইদেউ জিলা) সোণাৰিৰ নীলমনি বাগানত এখেতৰ জন্ম হৈছিল।১ তেওঁৰ পিতৃ প্ৰয়াত বিশ্বনাথ বৰঠাকুৰ আৰু মাতৃ আইমণি বৰঠাকুৰ। শিৱসাগৰ হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ দীপালী বৰঠাকুৰে গুৱাহাটীৰ কটন মহাবিদ্যালয় আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত উচ্চ শিক্ষা লাভ কৰে।২

১৯৭৬ চনত শিল্পীগৰাকী অসমৰ খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ লগত বিবাহ পাশত আৱদ্ধ হয়৩।

সাংগীতিক জীৱন

পিতৃ বিশ্বনাথ বৰঠাকুৰ আৰু জেষ্ঠ ভাতৃ ভূপেন আৰু ভবেন বৰঠাকুৰৰ সৈতে ঘৰতে দীপালী বৰঠাকুৰৰ সংগীত চৰ্চা আৰম্ভ হয়। ১৯৪৭ চনত মইনামেলৰ যোগেদি তেওঁ প্ৰথম গায়িকা হিচাপে আত্মপ্ৰকাশ কৰে।২

শিৱসাগৰৰ প্ৰথিতযশা শিক্ষাবিদ আৰু শিল্পী পৰাগধৰ চলিহাই ৰচনা কৰা গীত-নৃত্য আৰু অভিনয়েৰে সমৃদ্ধ আলেখ্য ’চাৰি হেজাৰ বছৰৰ অসম’ত মুখ্য গায়িকা হিচাপে দীপালী বৰঠাকুৰৰ নিয়োজিত হয়।২ ইয়াৰ পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক ড॰ এ এম নাটেশে তেওঁক আকাশবাণীৰ বাবে সংগীত পৰিবেশন কৰিবলৈ নিমন্ত্ৰণ জনায়। ১৯৫৭ চনত আকাশবাণী গুৱাহাটীযোগে দীপালী বৰঠাকুৰৰ কণ্ঠত বাণীবদ্ধ হয় লীলা গগৈয়ে ৰচনা কৰা গীত ’মোৰ বোপাই লাহৰী/নাপাইছো আহৰি/বৰা জুৰিবলৈ আহহে’।২ প্ৰথম অৱস্থাত আকাশবাণীত অস্থায়ী শিল্পী হিচাপে কিছুদিন কাৰ্য্যনিৰ্বাহ কৰি পিছত তেওঁ স্থায়ী শিল্পীৰ মৰ্য্যদা লাভ কৰে। নিয়মিত শিল্পী হিচাপে তেওঁ পৰিবেশন কৰা প্ৰথম গীতটি আছিল 'বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা'। ইয়াৰ পাছতে তেখেতৰ কণ্ঠই জনপ্ৰিয়তা লাভ কৰে।১

প্ৰবেশিকা পৰীক্ষা দিয়াৰ পিছতে দীপালী বৰঠাকুৰে প্ৰথমখন ছবিত নেপথ্য কণ্ঠশিল্পী হিচাপে গীত গোৱাৰ সুযোগ লাভ কৰে। ১৯৫৯ চনত ক্ষীৰদাকান্ত বিষয়াৰ কথা আৰু সুৰ আৰু লক্ষ্যধৰ চৌধুৰী আৰু প্ৰবীণ ফুকনৰ পৰিচালনাত মুক্তি পোৱা কথাছবি লাচিত বৰফুকনত দীপালী বৰঠাকুৰে পৰিবেশন কৰে 'আবেগৰ বোকোচা ব’ব মই নোৱাৰো, যৌৱনে আমনি কৰে' গীতটি।২

দীপালী বৰঠাকুৰৰ কণ্ঠৰ কেইটামান জনপ্ৰিয় গান:৪৫

  • সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই (কথা: ড° নিৰ্মলপ্ৰভা বৰদলৈ, সুৰ: ভবেন বৰঠাকুৰ)
  • জোনধনে জোনালীতে (কথা: মুক্তিনাথ শৰ্মা বৰদলৈ, সুৰ: ৰুদ্ৰ বৰুৱা
  • আবেগৰ বোকোচা ব’ব মই নোৱাৰো, যৌৱনে আমনি কৰে (কথা-সুৰ: ক্ষীৰদাকান্ত বিষয়া কথাছবি লাচিত বৰফুকন)
  • কণমান বৰশীৰে চিপ (কথা: জয়ন্ত বৰুৱা, সুৰ: বীৰেন্দ্ৰ নাথ দত্ত)
  • চেনাই মই যাওঁ দেই (কথা-সুৰ: কমল হাজৰিকা)
  • অ' বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা (কথা-সুৰ: ৰুদ্ৰ বৰুৱা)
  • কোন সেই ৰূপৱতী যাই (কথা: ড° নিৰ্মলপ্ৰভা বৰদলৈ, সুৰ: ভবেন বৰঠাকুৰ)
  • সোণোৱালী বুটা বছা অসমীয়া পাট
  • আগলি কলাপাত লৰে কি চৰে (কথা: ড° নিৰ্মলপ্ৰভা বৰদলৈ)
  • আই মই শুনিছোঁ আঘোণত বোলে পাতিছ তই মোৰ বিয়া (কথা: ড° নিৰ্মলপ্ৰভা বৰদলৈ, সুৰ: ভৱেন বৰঠাকুৰ)

১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ। '১ এইখিনি সময়তে দীপালী বৰঠাকুৰ 'মটৰ নিউৰণ ৰোগ'ত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফুৰা কৰিবলৈকো হুইল চকীৰ আশ্ৰয় ল'বলগীয়া হয়।

মৃত্যু

২০১৮ চনৰ ২১ ডিচেম্বৰ তাৰিখে তেওঁ গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত দিনৰ ১ বাজি ২৫ মিনিটত দীৰ্ঘদিন অসুস্থতাৰ পিছত শেষ নিশ্বাস ত্যাগ কৰে। শনিবাৰ ২২ ডিচেম্বৰ ২০১৮ তাৰিখে নৱগ্ৰহত ৰাজ্যিক মৰ্য্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।২

বঁটা আৰু সন্মান

১৯৫৬ চনত 'অসম সংগীত নাটক একাডেমী'ৰ উদ্যোগত অনুষ্ঠিত 'সংগীত সমাৰোহ'ত লাভ কৰে শ্ৰেষ্ঠ গায়িকাৰ সন্মান।৯ ইয়াৰোপৰি তেওঁ প্ৰতি মাহে ৫, ০০০ টকাকৈ অসম চৰকাৰৰ ফালৰপৰা পেন্সন লাভ কৰে।১

তথ্যসূত্ৰ

  1. ↑ শুচিব্ৰত ৰয়, শিল্পী দীপালী বৰঠাকুৰৰ ৭১সংখ্যক জন্মদিন, আমাৰ অসম, ৩১ জানুৱাৰী, ২০১২ আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২
  2. ↑ অসমীয়া প্ৰতিদিন, ২২ ডিচেম্বৰ, ২০১৮, epaper.asomiyapratidin.in
  3. ↑ (2003). A tribute to marriage of arts & minds - Book on celebrity couple. The Telegraph
  4. ↑ Deepali-Borthakur. assamspider.com
  5. ↑ ’যোৱাগৈ মৌ কুৱঁৰী’-তৰালি শৰ্মা, অসমীয়া পৰ্তিদিন, ২২ ডিচেম্বৰ, ২০১৮ epaper.asomiyapratidin.in/edition/171/অসমীয়া-প্
  6. ↑ October 16th, 2010 - October 28th, 2010, The Strand Art Room, Neel Pawan Baruah. ArtSlant
  7. ↑ (1998-01-27). Rediff On The NeT: Nani Palkhivala, Lakshmi Sehgal conferred Padma Vibushan. Rediff.co.in
  8. ↑ TI Trade. (2010-01-18). The Assam Tribune Online. Assamtribune.com
  9. ↑ নাইটিংগেল অৱ আছাম’ৰ চিৰবিদায়… | প্ৰাগৰ গীত | জানুৱাৰী, ২০১৯ | পৃষ্ঠা: ৬৪ | আহৰণ কৰা হৈছে=১৮ মে ২০২০

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ কণ্ঠশিল্পীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীপালী বৰঠাকুৰ” প্ৰবন্ধৰ সংশোধন ৪৭৯০৭৯ (১৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।