মহেন্দ্ৰ বৰঠাকুৰ (Mahendra Borthakur) একাধাৰে এজন অসমীয়া শিক্ষক, নাট্যকাৰ, নাট্য-প্ৰযোজক, ডী ডী অসমৰ সহকাৰী সঞ্চালক আছিল। তেখেত সমাদৃত এগৰাকী জনপ্ৰিয় নাট্যকাৰ হিচাপে। তেওঁ অসম নাট্য সন্মিলনৰ সভাপতি হিচাপে (২০০১-২০০৩) কৃতিত্বৰে দায়িত্ব সম্পন্ন কৰা অসমৰ নাট্যজগতৰ উপৰিও অসমীয়া বোলছবি জগতৰো স্বনামধন্য। তেওঁ ১৯৮৯ চনত অসমৰ শ্ৰেষ্ঠ ভ্ৰাম্যমাণ নাটকৰ বঁটা 'মুখ্যমন্ত্ৰী' নাটক খনিৰ বাবে লাভ কৰিছিল আৰু ২০০১ চনত তেওঁ অসম শিল্পী দিৱস বঁটাৰে সন্মানিত হৈছিল।১
কৰ্মজীৱন
মহেন্দ্ৰ বৰঠাকুৰে ১৯৫৭ চনতেই সহকাৰী প্ৰধান শিক্ষক হিচাপে কৰ্ম জীৱনৰ আৰম্ভণি কৰে। ১৯৬৭ চনত তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত সহকাৰী সম্পাদক (পাণ্ডুলিপি) হিচাপে যোগদান কৰে আৰু পাছত নাট্য-প্ৰযোজক, সহকাৰী কেন্দ্ৰ সঞ্চালক, কলিকতা আৰু উত্তৰ-পূৰ্বাঞ্চল উপ-সঞ্চালক প্ৰধানৰ কাৰ্যালয় আৰু গুৱাহাটীত কাৰ্যনিবাহ কৰে। ১৯৯৩ চনত তেখেতে অৱসৰ গ্ৰহণ কৰে।১
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰদ্বাৰা প্ৰচাৰিত ব্যংগাত্মক অনুষ্ঠান 'নোকোৱাই ভাল'ৰ জৰিয়তে এসময়ত মহেন্দ্ৰ বৰঠাকুৰ অতি জনপ্ৰিয় হৈ পৰিছিল।২
নাট্যকৰ্ম
১৯৪৭ চনতেই মহেন্দ্ৰ বৰঠাকুৰে হাইস্কুলীয়া শিক্ষা লাভ কৰা সময়তে 'লাচিত বৰফুকন' নামৰ এখন নাটক লিখিছিল। বৰঠাকুৰে ৰবীন্দ্ৰনাথ ঠাকুৰৰ 'কাবুলীৱালা' গল্পৰ আধাৰত এখন একাংকিকা, কলেজীয়া ছাত্ৰাৱস্থাত 'মকৰাজাল' নামৰ আন এখন একাংকিকা নাটক লিখিছিল। ১৯৭১ চনত জন্ম নামৰ এখন নাটক লিখি উলিয়ায়। উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ 'ৰঙিলী' উপন্যাসখনি আনাতাঁৰ অভিযোজনাৰে তেখেতে আকাশবাণীৰ নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰে। তেখেতে হাস্য-ব্যংগৰ মৃদু মৃদু অস্ত্ৰেৰে সামাজিক, ৰাজনৈতিক অন্যায়-অবিচাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এক বিশেষ কৃতিত্বৰ পৰিচয় দি আহিছে। ১৯৮১ চনত 'শিমলু চন্দন' নাটকৰ মাজেৰে তেখেতে ভ্ৰাম্যমাণৰ নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰে। সমাজ জীৱনৰ সংঘাত, ব্যক্তি আৰু সমাজৰ দ্বন্দ্ব, পাৰিবাৰিক সমস্যা, নতুন আৰু পুৰণিৰ সংঘাত, পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শনেৰে যুক্তিনিষ্ঠ সহাকাৰে বৰঠাকুৰে বিভিন্ন নাটক লিখি নাট্যজগত জিলিকাই গৈছে। স্বৰচিত কাহিনীৰ উপৰিও বিশ্ববিখ্যাত উপন্যাস, ঘটনা, চৰিত্ৰসমূহক লৈ নাট ৰচনা কৰি তেখেতে অসমীয়া নাট্য সাহিত্যক এক নতুন গতি প্ৰদান কৰিলে।১
'আজলী নবৌ' আৰু 'ককাদেউতা নাতি আৰু হাতী'কে মুখ্য কৰি কেইবাখনো অসমীয়া বোলছবিৰ চিত্ৰনাট্য-সংলাপ মহেন্দ্ৰ বৰঠাকুৰে লিখিছিল। বোলছবি 'আজলী নবৌ'ৰ দৰে নাটকখনতো মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ইলা কাকতীয়ে। বিশ্বখ্যাত নাট্যকাৰ ৱিলিয়াম শ্বেইক্সপিয়াৰৰ যাউতীযুগীয়া সৃষ্টি 'হেমলেট' আৰু 'অথেল’' নামৰ নাটক দুখনৰো নাট্যৰূপ দিছিল মহেন্দ্ৰ বৰঠাকুৰে। জাহ্নু বৰুৱাৰ অসমীয়া ছবি 'সাগৰলৈ বহু দূৰ'ৰ নাম একে ৰাখি তেওঁ সেইখনো নাটক হিচাপে মঞ্চস্থ কৰোৱাইছিল। হোমেন বৰগোহাঞিৰ বহুপঠিত উপন্যাস 'হালধীয়া চৰায়ে বাওধান খায়'কো মহেন্দ্ৰ বৰঠাকুৰে নাট্যৰূপ দিছিল। সাংবাদিক পৰাগ কুমাৰ দাসৰ 'ছাংলট ফেন্লা'খন তেওঁ হেঙুল থিয়েটাৰত ১৯৯৬-৯৭ চনত মঞ্চস্থ কৰিছিল।২
ভ্ৰাম্যমাণলৈ অৱদান
- শিমলুচন্দন
- বন্দীনী
- এই মাটিতে
- শৰাগুৰিৰ চাপৰি
- বাঘ হাজৰিকা
- আইৰ চকুলো
- বিলকিচ বেগম
- অসতী কন্যা
- দধীচি
- ৰজা হৰিচন্দ্ৰ
- হালধীয়া চৰায়ে বাওধান খায়
- মোৰ আই
- বেয়া মানুহ
- গোসাঁনী
- অমানুহ
- মকৰাজাল
- মানুহ
- মুখ্যমন্ত্ৰী
- ভাল মানুহ
- অবতাৰ
- পুতলা নাট
- সম্ৰাট আৰু সুন্দৰী
- কামৰূপ কামাখ্যা
- পগলা চহাব
- পাখিত জুই
- প্ৰিয়া আৰু পুলিচ
- প্ৰাৰ্থনা
- কলংকিনী সতী
- মহাত্মা
- পিতামহ
- বলিয়া হাতী
- তাৰ্জান তাৰ্জান
- তেজলগা বাট
- যদুবংশ
- তেজাল ঘোঁৰা
- নৰক বন্দনা
- আজলী নবৌ
- নেদেখা নদীৰ ঘাট
- বেনহুৰ
- ডেকা হাকিম
- মাতৃহত্যা পৰশুৰাম
- চাহাব দাদা
- ৰজাৰো ৰজা
- হেমলেট
- ৰাতিৰ জুই
- অপহৰণ
- বালিঘৰৰ আলহী
- পোহৰৰ ছাঁ
- হে মহানগৰ
- মহাবীৰ চিলাৰায়
- মাজ নিশাৰ চিঞৰ
- ডাইনীৰ প্ৰেম
- অগ্নিক্ষণ
- আধাৰশিলা
- অতিথি
- জুয়ে পোৰা মানুহ
- সমদল
- সাগৰৈ বহুদূৰ
- পুৰুষ
- বলিয়া গোসাঁই
- ছাংলট ফেনলা
- কুৰুক্ষেত্ৰ
- কাৰাগাৰৰ বাঘ
- শিকলি
- পঁজাঘৰৰ ৰজা
- বনকুঁৱৰী
- প্ৰতীক্ষা
- অচল সুঁতি
- প্ৰেতাত্মা
- অৰুণ-তৰুণ
- অধঃপতন
- ছাঁ
- বিষ্ণুপ্ৰসাদ
- মুখাৰ মুখ১
মৃত্যু
মহেন্দ্ৰ বৰঠাকুৰৰ ২০০৫ চনত পৰলোক প্ৰাপ্তি ঘটে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহেন্দ্ৰ বৰঠাকুৰ” প্ৰবন্ধৰ সংশোধন ৫৩৬৫৮৭ (১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।