কুলদা কুমাৰ ভট্টাচাৰ্য (Kulada Kumar Bhattacharjee, জন্ম: ১৯৩৩, মৃত্যু: ১ নৱেম্বৰ ২০২৪) অসমৰ এগৰাকী অনাতাঁৰ শিল্পী, অভিনেতা তথা পৰিচালক। তেখেতে আকাশবাণী গুৱাহাটী যোগে প্ৰচাৰিত ৰেডিঅ' নাট 'পৰশুৰাম'ত অভিনয়ৰ যোগেদি জনপ্ৰিয়তা অৰ্জন কৰিছিল।১ লণ্ডনত মঞ্চকলা, ফিল্ম আৰু টেলিভিচন বিষয়ত পেচাদাৰী প্ৰশিক্ষণ লোৱা শিল্পীসকলৰ ভিতৰত তেখেত অন্যতম।২ তেখেতে ১৯৬০ চনৰ মাজভাগত অসম জাতীয় নাট্যশালা প্ৰতিষ্ঠা কৰে২ আৰু অসমৰ থিয়েটাৰী মঞ্চৰ তেখেত এগৰাকী জেষ্ঠ অভিনেতা।৩বহুবছৰ লণ্ডনত থাকি অহা বাবে তেখেতে সলসলিয়াকৈ ব্ৰিটিছ ইংলিচ ক'ব পাৰিছিল। ইয়াৰ উপৰিও তেখেতৰ অসমীয়া, বঙালী আৰু হিন্দী ভাষাত দখল আছিল। তেখেত এগৰাকী সফল আবৃত্তিকাৰো।৪ ভট্টাচাৰ্য ড॰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (জ্যোতি চিত্ৰবন)-ৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল।৫ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতা আৰু ইণ্ডিয়ান পেনোৰামাৰ বাবে তেখেত দুবাৰকৈ জুৰীৰ সদস্য নিৰ্বাচিত হৈছিল। ২০১৮ চনত তেখেতক প্ৰাগ চিনে এৱাৰ্ডে নৰ্থ ইষ্টৰ জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰে।৫কুলদা কুমাৰ ভট্টাচাৰ্য এগৰাকী কীৰ্তি গদ্য লেখকো। কাকত আলোচনীত চিনেমা, ক্ৰীড়া বিষয়ক বিভিন্ন প্ৰবন্ধ লিখাৰ উপৰিও তেখেতে কেইবাখনো গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছে।
জন্ম, পৰিয়াল আৰু শিক্ষা

পাণবজাৰ যশোৱন্ত ৰ'ড নিবাসী অধিবক্তা কালিপ্ৰসন্ন ভট্টাচাৰ্যৰ ঔৰষত ১৯৩৩ চনৰ ১৮ আগষ্ট তাৰিখে কুলদা কুমাৰ ভট্টাচাৰ্যৰ জন্ম হয়। মাতৃ কমলা দেৱী।৬৪ পিতৃ মাতৃ দুয়োৰে জন্ম শ্ৰীহট্ট জিলাত। চিলেট তেতিয়া অসমৰ অন্তৰ্গত আছিল। ভট্টাচাৰ্য আছিল মাক-দেউতাকৰ তৃতীয় সন্তান। জন্মসূত্ৰে তেখেতৰ দুজন ককায়েক আৰু দুগৰাকী সহোদৰা।৬
তেখেতে ১৯৪৬ চনত মেট্ৰিকুলেচন পৰীক্ষা আৰু কটন বিশ্ববিদ্যালয়ৰ পৰা বি এ পাছ কৰে। তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।৩৪২ লণ্ডন আৰু জাৰ্মানীত তেখেতে মঞ্চকলা, অভিনয় আৰু টেলিভিছন বিষয়ত শিক্ষা গ্ৰহণ কৰিছিল।
কৰ্মজীৱন
নাটক আৰু আবৃত্তিৰ প্ৰতি থকা তীব্ৰ আকৰ্ষণৰ বাবে তেখেতে ছয় বছৰ বয়সতে মঞ্চত ভৰি থৈছিল। কলেজত পঢ়ি থকা সময়ত হেমাঙ্গ বিশ্বাসৰ নেতৃত্বত তেখেত ভাৰতীয় গণনাট্য সংঘৰ সৈতে জড়িত হৈ পৰে।৪ গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৱস্থাতো ভট্টাচাৰ্য আই টি পি এ আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰ কাৰণে নাটক কৰাত ব্যস্ত আছিল।৭ লীডচত এম বি এ পঢ়িবলৈ গৈ গণিত বিষয়ত থকা দুৰ্ব্বলতাৰ বাবে চিট নাপাই কুলদা কুমাৰ ভট্টাচাৰ্যই দেউতাকৰ উপদেশ অনুসৰি থিয়েটাৰত পেচাদাৰী শিক্ষা লোৱাৰ সিদ্ধান্ত লয়। ১৯৬০ চনত লণ্ডনৰ 'নিউ এৰা একাডেমি অব্ ড্ৰামা এণ্ড মিউজিক'ৰপৰা অভিনয় আৰু মঞ্চকলা বিষয়ত ছবছৰীয়া ডিপ্ল'মা২৫ কৰি উঠি প্ৰডাকচন ডিজাইনত ব্ৰিটিছ ড্ৰামা লীগৰপৰা তিনি সপ্তাহৰ প্ৰশিক্ষণ সমাপ্ত কৰে।৩ সেইখিনি সময়তে তেখেতে লণ্ডনত এখন কিতাপৰ দোকানত বিক্ৰেতাৰূপে কাম কৰিছিল। তেনেতে বিবিচিৰ বঙালী শাখাত কাম কৰাৰ সুবিধা পায়। বিবিচিত কৰ্মৰত কালতে তেখেতে ভাৰতীয় টেলিভিচনত ঘোষকৰ পদৰ বাবে আবেদন কৰে কিন্তু বিফল হয়। দেশলৈ উভতি গৈ কাম কৰাত অসফল হৈ টেলিভিচন বিষয়ত পাঠ্যক্ৰম পঢ়াৰ মন মেলে আৰু সেইসূত্ৰে তেখেত ১৯৬০ চনত জাৰ্মানীৰ হামবুৰ্গলৈ যায় আৰু তাত Nordlund Westdeutsche Rundfunk and Fernsehenৰপৰা টেলিভিছন ডিৰেকচন আৰু ভিছন মিক্সিং বিষয়ত শিক্ষা গ্ৰহণ কৰে।২৫ যথেষ্ট অভিজ্ঞতাসম্পন্ন হৈ ১৯৬১ চনত ভট্টাচাৰ্য ভাৰতলৈ ঘূৰি আহে আৰু দিল্লীত এটা ইংৰাজ নাট্য গোষ্ঠীৰ লগত কাম কৰে। এইখিনি সময়ত তেখেতে হবিব তনবীৰ, সুষমা শেঠৰ সৈতে কাম কৰাৰ সুবিধা পায়। লণ্ডনত লগ পোৱা এজন বন্ধুৱে ভট্টাচাৰ্যক আকাশবাণীৰ সহকাৰী কেন্দ্ৰ সঞ্চালকৰ সৈতে চিনাকি কৰি দিয়ে আৰু তাত তেখেতে আমেৰিকাৰপৰা সম্প্ৰচাৰ হোৱা অনুষ্ঠানৰ বাঙালী ৰেকৰ্ডিং কৰাৰ কাম পায়।৩
১৯৬২ চনত কুলদাকুমাৰ ভট্টাচাৰ্য অসমলৈ ঘূৰি আহে আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰ কাৰ্যবাহী প্ৰযোজক (নাটক) হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে।৩ আকাশবাণীৰ কাৰ্যবাহী প্ৰযোজক ৰূপে তেখেতে শ্ব্যেক্সপীয়েৰৰ হেমলেটকে ধৰি কেইবাখনো প্ৰখ্যাত নাটকৰ অনাতাঁৰ প্ৰচাৰৰ বাবে উদ্যোগ গ্ৰহণ কৰে।৪
চলচ্চিত্ৰ
কুলদা কুমাৰ ভট্টাচাৰ্যই অভিনয় কৰা উল্লেখযোগ্য ছবিসমূহ হ'ল:৩
| বৰ্ষ | চলচ্চিত্ৰ | পৰিচালক | স্বীকৃতি |
|---|---|---|---|
| ১৯৬১ | শকুন্তলা | ভূপেন হাজৰিকা | নৱম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা |
| ১৯৬৬ | লটিঘটি | ভূপেন হাজৰিকা | দ্বাদশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা |
| ১৯৬৯ | চিকমিক বিজুলী | ভূপেন হাজৰিকা | |
| ১৯৯২ | প্ৰভাতী পখীৰ গান | মুনিন বৰুৱা | |
| ২০১১ | ৰামধেনু | মুনিন বৰুৱা | |
| ২০১৩ | সূৰ্যাস্ত | প্ৰদ্যুৎ কুমাৰ ডেকা | ফিল্মফেয়াৰ বঁটালৈ মনোনয়ন |
| ২০১৬ | দিকচৌ বনত পলাশ | সঞ্জীৱ সভাপণ্ডিত | ৬৪ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত নাৰ্গিচ দত্ত বঁটা |
| ২০১৬ | কেকটাছ | অৰূপ মান্না৫ | |
| ২০১৭ | মাজ ৰাতি কেতেকী | সান্ত্বনা বৰদলৈ | ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা-স্পেচিয়েল মেনচন (আদিল হুছেইনলৈ) |
| ২০১৭ | ভিলেজ ৰকষ্টাৰ্ছ | ৰীমা দাস | ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ভাৰতৰপৰা অস্কাৰলৈ মনোনয়ন আৰু বহুতো |
| ২০২১ | ক্ষণচৰ | সৌৰভ বৈশ্য | |
| ২০২২ | হাতী বন্ধু (তথ্যচিত্ৰ) | কৃপাল কলিতা | শ্ৰেষ্ঠ ভইচ অ’ভাৰৰ বাবে কুলদা কুমাৰ ভট্টাচাৰ্যলৈ ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা৮ |
দূৰদৰ্শন
ভট্টাচাৰ্যই দূৰদৰ্শনৰ কেইবাখনো ধাৰাবাহিকতো অভিনয় কৰিছে। তাৰে ভিতৰত তেখেতৰ দ্বাৰা পৰিচালিত, ঈশান বৰুৱা, সান্ত্বনা বৰদলৈ, মিণ্টু বৰুৱা, নিকুমণি বৰুৱা অভিনীত ধাৰাবাহিক তেজাল ঘোঁৰা উল্লেখযোগ্য। ১৯৯৪ চনত নিৰ্মিত '"তেজাল ঘোঁৰা"'২ আজিৰ তাৰিখলৈকে এখন সৰ্বোত্তম অসমীয়া ধাৰাবাহিক। "তেজাল ঘোঁৰা"ৰ উপৰিও তেখেতে অভিনয় আৰু পৰিচালনা কৰা টেলি চিৰিয়েল হ'ল-৪
তথ্যচিত্ৰ
তেখেতে ৩৫ খনতকৈও অধিক তথ্যচিত্ৰ আৰু ছুটী ছবি নিৰ্মাণ কৰিছিল।৪ তাৰে কেইখনমান হ'ল-৯
- ‘Delightful Nature’ (১৯৭২),
- ‘Pride of Nature’ (১৯৭২),
- ‘Mopin’ (১৯৭৩)
- ‘Elephant Befriended’ (১৯৭৪)
- ‘Men Behind Metal’ (১৯৭৫)
- ‘Danger Ahead’ (১৯৭৬)
নাটক
কুলদা কুমাৰ ভট্টাচাৰ্যই ১৯৬০ চনত 'অসম জাতীয় নাট্যশালা' প্ৰতিষ্ঠা কৰে। প্ৰখ্যাত নাট্যকাৰ ড॰ ভবেন্দ্ৰনাথ শইকীয়া, অৰুণ শৰ্মা, মহেন্দ্ৰ বৰঠাকুৰ আদিৰ সৈতে লগ লাগি তেওঁ ৰেডিঅ' নাটক, ভ্ৰাম্যমাণ নাটকৰ ক্ষেত্ৰতো এক বিপ্লৱৰ সূচনা কৰিছিল। শৈশৱত তেখেতে কবিগুৰুৰ 'ডাকঘৰ' নামৰ নাটকখনত অমল নামৰ চৰিত্ৰটোত অভিনয় কৰি অমল বুলি জনাজাত হৈ পৰিছিল। দিল্লীত থকাৰ সময়ত এক্সটাৰনেল এফেয়াৰ্চৰ এচিচটেণ্ট ষ্টেচন ডিৰেক্টৰ শৈলেন্দ্ৰ শংকৰৰ উৎসাহ আৰু তাগিদাত তেখেতে বহুকেইখন নাটকত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল।১ তেখেতে অভিনয় কৰা উল্লেখযোগ্য নাটকসমূহ হ'ল-

ভাৰতীয় গণনাট্য সংঘৰ লগত
- নতুন ইহুদী (সলিল সেনৰ)
- মশাল (দ্বিগেন্দ্ৰচন্দ্ৰ বন্দ্যোপাধ্যায়ৰ)
- ৰক্তকৰবী (ৰবীন্দ্ৰনাথ ঠাকুৰৰ)
ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে
- মাটিৰ গাড়ী (শূদ্ৰকৰ, ১৯৮৩)৫
- স'ৰাগুৰি চাপৰি (মহেন্দ্ৰ বৰঠাকুৰৰ, ১৯৮৮)৫
- পৰশুৰাম, বাঘজলি৫ (অৰুণ শৰ্মাৰ, ১৯৮৮)
- অথেলো (শ্বেক্সপীয়েৰৰ, ২০০৫)৫
স্বীকৃতি আৰু সন্মান
- তৰুণ দুৱৰা মেম'ৰিয়েল অইল ইণ্ডিয়া বঁটা
- নিৰোদ চৌধুৰী জীৱনজোৰা সাধনা বঁটা
- জীৱন ৰাম মুংগি দেৱী গোৱেংকা চেৰিটেবল ট্ৰাষ্টৰপৰা স্বীকৃতি
- অপ্সৰা বঁটা
- ২০১৬ চনত জিপ্লাচ থিয়েটাৰ মহোৎসৱত 'লাইফ ইন আ থিয়েটাৰ এৱাৰ্ড' প্ৰদান।১০
- ২০১৮ চনত প্ৰাগ চিনে এৱাৰ্ডৰ নৰ্থ ইষ্টৰ জীৱনজোৰা সাধনা বঁটা৫
- ২০২৩ চনত হাতীবন্ধু চলচ্চিত্ৰত কৰা ভইচ অভাৰৰ বাবে ইংৰাজী ভাষাত শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰ ৰূপে ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।১১ ( তথ্যচিত্ৰ: হাতীবন্ধু, পৰিচালক:কৃপাল কলিতা, ইংৰাজী ধাৰা বিৱৰণী: কুলদা কুমাৰ ভট্টাচাৰ্য, অসমীয়া ধাৰা বিৱৰণী: নয়ন প্ৰসাদ )
মৃত্যু
২০২৪ চনৰ ২৪ অক্টোবৰৰপৰা নিউম’নিয়া আৰু হৃদৰোগৰ সমস্যাত ভুগি ভট্টাচাৰ্যই গুৱাহাটীৰ গণেশগুৰিৰ দিছপুৰ হস্পিতালত চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছিল।১২একে বছৰৰে ১ নৱেম্বৰ তাৰিখে এই চিকিৎসালয়তে বাৰ্ধক্যজনিত কাৰণত সন্ধিয়া ৮-২০ বজাত তেখেতৰ মৃত্যু হয়। মৃত্যুৰ পূৰ্বে ইলোৰা বিজ্ঞান মঞ্চলৈ তেখেতে নিজ দেহ দান কৰি থৈ গৈছিল।১২
বাহ্যিক সংযোগ
- কুলদা কুমাৰ ভট্টাচাৰ্য, সাক্ষাৎকাৰ: আয়ুষ্মান দত্ত
- কুলদা কুমাৰৰ নাটেশ্বৰী আৰু চিনেমাৰ আঁৰৰ কবিতা
- হাতীবন্ধু, ইউটিউব
তথ্যসূত্ৰ
- ↑ (১৫ জানুৱাৰী, ২০১৯). অসমৰ-নাট্য-জগতৰ মহীৰূহ কুলদা কুমাৰ ভট্টাচাৰ্যৰ সৈতে সাক্ষাৎকাৰ
- ↑ সম্পাদনা: শোণিত বিজয় দাস, মুনীন বায়ন. (২০০৬). কুলদাকুমাৰ ভট্টাচাৰ্য. কথা প্ৰকাশন. ISBN ৮১-৮৯১৪৮-১৪-১
- ↑ আয়ুষ্মান দত্ত. (২ ফেব্ৰুৱাৰী). কুলদা কুমাৰ ভট্টাচাৰ্য
- ↑ পৰেশ মালাকাৰ, দুদুলমণি শৰ্ম্মা. (২০১২). আমাৰ শৈশৱ, প্ৰথম খণ্ড. অন্বেষা. পৃ. ২৪৯, ৫০. ISBN ৮১-৮৯০০৩-৬০-৭
- ↑ সমীৰ ৰঞ্জন গোস্বামী. (২০১৮). কুলদা কুমাৰ ভট্টাচাৰ্য. প্ৰাগজ্যোতিকা. পৃ. ৪৩, ৪৪
- ↑ কুলদা কুমাৰ ভট্টাচাৰ্য. (এপ্ৰিল-ছেপ্টেম্বৰ, ২০১৮). ল'ৰালিতে-ধেমালিতে, আত্মকথা. সঞ্জীৱ পল ডেকা. পৃ. ২২৫
- ↑ (3 November 2024). Kulada Bhattacharjee, a culture icon, no more. Times of India
- ↑ (23 August, 2023). Assamese artist Kuladakumar Bhattacharjee wins National film award at 90. www.guwahatiplus.com
- ↑ (৩/৫/২০১৯). কুলদা কুমাৰৰ নাটেশ্বৰী আৰু চিনেমাৰ আঁৰৰ কবিতা. ড্যা নিউ লীম
- ↑ (২১ ছেপ্টেম্বৰ, ২০১৬). কুশলী অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্যলৈ লাইফ ইন আ থিয়েটাৰ বঁটা. The News Mill
- ↑ (২৪ আগষ্ট, ২০২৩). ঘোষণা হ'ল ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা. অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক
- ↑ ঈশ্বৰৰ দেশলৈ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুলদা কুমাৰ ভট্টাচাৰ্য” প্ৰবন্ধৰ সংশোধন ৫৩০৯১১ (৭ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।