অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

দীঘলীপুখুৰী

দীঘলীপুখুৰী অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গুৱাহাটীত অৱস্থিত এটা আয়তাকাৰ (rectangular) কৃত্ৰিম পুখুৰী। এই পুখুৰীৰ প্ৰায় আধা মাইল দৈৰ্ঘ্যৰ বাবেই ইয়াৰ নাম দীঘলীপুখুৰী হয় বুলি জনা যায়। গুৱাহাটীত অৱস্থিত ঐতিহাসিক পুখুৰীসমূহৰ ভিতৰত ই অন্যতম।

হালনাগাদ: ১১ জানুৱাৰী ২০২৫ ১৮৩ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

দীঘলীপুখুৰী অসমৰ ব্ৰহ্মপুত্ৰ নদ নদীৰ পাৰত গুৱাহাটীত অৱস্থিত এটা আয়তাকাৰ (rectangular) কৃত্ৰিম পুখুৰী। এই পুখুৰীৰ প্ৰায় আধা মাইল দৈৰ্ঘ্যৰ বাবেই ইয়াৰ নাম দীঘলীপুখুৰী হয় বুলি জনা যায়। গুৱাহাটীত অৱস্থিত ঐতিহাসিক পুখুৰীসমূহৰ ভিতৰত ই অন্যতম।১

ইতিহাস

লোকপ্ৰবাদ অনুসৰি, দীঘলীপুখুৰী প্ৰকৃততে প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই ব্ৰহ্মপুত্ৰ নদৰ পৰা এটা সুঁতি খান্দি সৃষ্টি কৰিছিল। পৰৱৰ্ত্তী কালত কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)ৰ আৰু কমতা ৰাজ্যৰ মহাৰজাসকলে যুদ্ধৰ বাবে ব্যৱহাৰ কৰিছিল। তথ্য অনুসৰি দীঘলীপুখুৰী ব্ৰহ্মপুত্ৰৰ মূল নদীৰ সৈতে এটা সুঁতিৰে সংযুক্ত হৈ আছিল। পৰৱৰ্তীকালত আহোম সকলে এই পুখুৰী নাৱৰ চলাচল আৰু নৌকা বন্দৰৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল বুলি জানিব পৰা যায়।

সময়ৰ লগে লগে এই পুখুৰীৰ ব্ৰহ্মপুত্ৰৰ সৈতে সংযোগ বিছিন্ন হৈ পৰে। ব্ৰিটিছৰ শাসনকালত এই পুখুৰীৰ উত্তৰভাগৰ কিছু অংশ পুতি পেলোৱা হয়। বৰ্তমান এই অংশত গুৱাহাটী উচ্চ ন্যায়ালয় নিৰ্মাণ কৰা হয়। এই পুখুৰী কে কেন্দ্ৰ কৰি পিছলৈ এখনি উদ্যান গঢ়ি তোলা হয়। বৰ্তমান ই এক পৰ্যটন কেন্দ্ৰ। ইয়াতে সময়ে সময়ে সাংস্কৃতিক অনুষ্ঠান তথা বিভিন্ন সামাজিক কাৰ্যসূচী লোৱা হয়।১

ভৌগোলিক অৱস্থান

দীঘলীপুখুৰীৰ চাৰিওকাষে বিভিন্ন শিক্ষানুষ্ঠান যেনে কটন বিশ্ববিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয় আদি অৱস্থিত। তদুপৰি ইয়াৰ চাৰিওকাষে থকা অন্যান্য কেইটামান উল্লেখযোগ্য প্ৰতিষ্ঠান হৈছে অসম ৰাজ্যিক সংগ্ৰহালয়, ৰবীন্দ্ৰ ভৱন, ৰাজ্যিক গ্ৰন্থাগাৰ, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ অধ্যয়ন কক্ষ (কাৰ্জন হল), গুৱাহাটী ৰাজ্যিক সংগ্ৰহালয়।১

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

অসমৰ পৰ্যটনস্থলীগুৱাহাটী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীঘলীপুখুৰী” প্ৰবন্ধৰ সংশোধন ৪৬৩২৯৯ (১১ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।