অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

লটিঘটি

লটিঘটি (Lotighoti) হৈছে ড॰ ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত আৰু প্ৰযোজিত এখন সঙ্গীতপ্ৰধান হাস্য-ব্যংগ কথাছবি। কামৰূপ চিত্ৰৰ বেনাৰত নিৰ্মিত ছবিখনে ১৯৬৬ চনত মুক্তিলাভ কৰিছিল।

হালনাগাদ: ১৬ এপ্ৰিল ২০২৫ ২০৫ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

লটিঘটি (Lotighoti) হৈছে ড॰ ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত আৰু প্ৰযোজিত এখন সঙ্গীতপ্ৰধান হাস্য-ব্যংগ কথাছবি। কামৰূপ চিত্ৰৰ বেনাৰত নিৰ্মিত ছবিখনে ১৯৬৬ চনত মুক্তিলাভ কৰিছিল। চতুৰ্দশ (১৯৬৬) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা ছবিখনৰ সংগীত অত্যন্ত জনপ্ৰিয় হৈছিল।১ ছবিখনৰ কেপছন আছিল হাঁহি হাঁহি ভাবিব পৰা ছবি।

কাহিনী

লটিঘটিৰ কাহিনীটো ছবি-নিৰ্মাণত আগ্ৰহী এজন ব্যক্তিৰ জীৱনত ঘটা নানানটা হাস্যকৰ ঘটনাক লৈ কেন্দ্ৰীভূত। তেওঁ এনে এজন ব্যক্তি যাৰ ছবি-নিৰ্মাণ সম্পৰ্কে কোনো সুগভীৰ জ্ঞান নাই। অথচ তেওঁ ছবি নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহে।১

কলা-কুশলী

ছবিখনত বিজয় শংকৰ আৰু বিদ্যা ৰাও (অভিনেত্ৰী)ৰ বাহিৰেও কুলদা কুমাৰ ভট্টাচাৰ্য, ৰত্ন ওজা, হৰিনাৰায়ণ দাস, জ্যোতিষ ভট্টাচাৰ্য, জহৰ ৰয়, নিৰুপতি চেটাৰ্জী আৰু বেবি গুপ্তা আদিয়ে অভিনয় কৰিছিল। ছবিখনৰ 'জীৱনটো যদি অভিনয় হয়' গীতটো জয়ন্ত হাজৰিকা আৰু মণিষা সেনগুপ্তাৰ ওপৰত চিত্ৰায়ণ কৰা হৈছিল।১

মুক্তি

গুৱাহাটীৰ পল্টনবজাৰস্থিত মেঘদূত ছবিগৃহত ১৯৬৬ চনৰ ২৫ নৱেম্বৰত ছবিখনে মুক্তিলাভ কৰে।১

সংগীত

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা ভূপেন হাজৰিকাৰ। গীত লিখিছিল ভূপেন হাজৰিকা, নিৰ্মলপ্ৰভা বৰদলৈ আৰু গজানন বৰ্মাই। ছবিখনৰ বিভিন্ন গীতসমূহত কণ্ঠ নিগৰাইছিল ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, ইলা বসু, মহম্মদ ৰফি, গীতা দাস, অনিল দত্ত আৰু মনীষা সেনগুপ্তাই।১

ক্ৰমিক নংগীতৰ শীৰ্ষকণ্ঠগীতিকাৰদৈৰ্ঘ২
১জীৱনটো যদি অভিনয় হয়জয়ন্ত হাজৰিকা, ইলা বসুভূপেন হাজৰিকা
২টিৰাপ সীমান্ত ৰূপৰ নাই অন্তভূপেন হাজৰিকাভূপেন হাজৰিকা
৩কোনে কয় মই অকলশৰীয়া, মই আৰু মোৰ ছাঁ দুয়ো দুয়োৰো লগৰীয়াভূপেন হাজৰিকাভূপেন হাজৰিকা
৪সহসৃজনে মোক প্ৰশ্ন কৰেভূপেন হাজৰিকাভূপেন হাজৰিকা
৫প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ প্ৰাপ্য কি কোৱাভূপেন হাজৰিকাভূপেন হাজৰিকা
৬কোন ক'ত লটিঘটি কিনো ভৈল কালগীতা দাস, অনিল দত্ত, ভুপেন হাজৰিকা, জয়ন্ত হাজৰিকানিৰ্মলপ্ৰভা বৰদলৈ
৭ফাগুন আয়োৰে হাঠিলা মাৰী বাজে বাসুঁৰীগীতা দাস, মণিষা সেনগুপ্তগজানন বৰ্মা
৮ৰমজানৰে ৰোজা গ'ল ওলাল ঈদৰ জোনমহম্মদ ৰফি, ভূপেন হাজৰিকা, মীৰা চিৰা, যশোধাৰা, সুলোচনাভূপেন হাজৰিকা

তথ্যসূত্ৰ

  1. ↑ Lotighoti লটিঘটি (1966)
  2. ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃ. 105

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৬০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লটিঘটি” প্ৰবন্ধৰ সংশোধন ৫০৩৭২৯ (১৬ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।