সুদক্ষিণা শৰ্মা (Sudakshina Sarma; জন্ম: ৮ আগষ্ট, ১৯৩৪) অসমৰ এগৰাকী খ্যাতনামা গায়িকা।১২ তেওঁ অসম তথা ভাৰতৰ এগৰাকী সুখ্যাত গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত তথা চলচ্চিত্ৰ পৰিচালক ভূপেন হাজৰিকাৰ ভগ্নী৩ আৰু গীতিকাৰ, সুৰকাৰ আৰু সংগীতশিল্পী দিলীপ শৰ্মাৰ পত্নী। জন্মসূত্ৰে তেওঁৰ নাম আছিল নিৰুপমা হাজৰিকা। ঘৰুৱা নাম কুইন, অৰ্থাৎ কুইন হাজৰিকা। জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁক নাম দিলে কুইনী হাজৰিকা।২ প্ৰথমাৱস্থাত এই নামেৰে তেওঁ ৰেডিঅ'ত গীত গাইছিল। তেওঁৰ বিনয়ী আৰু হাঁহিমুখীয়া স্বভাৱৰ বাবে শহুৰেক দীননাথ শৰ্মাই তেওঁক ‘সুদক্ষিণা’ নামটো দিছিল।৪শৈশৱতে তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মাৰ সান্নিধ্য লাভ কৰিছিল।২ দহ বছৰ বয়সতে সুদক্ষিণা শৰ্মাই কলিকতাত, বিষ্ণুপ্ৰসাদ ৰাভাৰ তত্ত্বাৱধানত কমলনাৰায়ণ চৌধুৰীৰ সৈতে দ্বৈত কণ্ঠত ‘নাহৰ ফুলে নুশুৱায়’ (কথা আৰু সুৰ: বিষ্ণুপ্ৰসাদ ৰাভা), ‘বিশ্বৰে ছন্দে ছন্দে’, অ' মইনা২ আদিকে ধৰি চাৰিটা গীত বাণীবন্ধন কৰিছিল। ১৯৪৭ চনত, পানবজাৰৰ জুবিলী গাৰ্ডেনলৈ মোহনদাস কৰমচান্দ গান্ধী আহোঁতে তেওঁ ‘এ জয় ৰঘু নন্দন’ গীত পৰিৱেশন কৰিছিল।৫ সংগীতক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০২ চনত, সুদক্ষিণা শৰ্মাই স্বামী দিলীপ শৰ্মাৰ সৈতে সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।
সুদক্ষিণা শৰ্মাৰ জীৱনৰ আধাৰত ঔপন্যাসিক আৰাধনা পটংগীয়া গোস্বামীয়ে আগবাৰীত ফুলিলে সোণে মোৰ চম্পা শীৰ্ষক এখন জীৱনভিত্তিক উপন্যাস লিখি উলিয়াইছে।৬ ‘আগবাৰীত ফুলিলে সোণে মোৰ চম্পা’ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত এটি জ্যোতি সংগীত। সুদক্ষিণা শৰ্মাৰ কণ্ঠত এই গীত বাণীবন্ধন হৈছিল।
সংক্ষিপ্ত জীৱনী
১৯৩৪ চনৰ ৮ আগষ্ট তাৰিখে গুৱাহাটীৰ ভৰলুমুখত সুদক্ষিণা শৰ্মাৰ জন্ম হৈছিল। পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকা। ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, সমৰ হাজৰিকাকে ধৰি নীলকান্ত হাজৰিকাৰ দহোটা সন্তানৰ সুদক্ষিণা বা নিৰুপমা হাজৰিকা অছিল চতুৰ্থটি সন্তান। এটি সংস্কৃতিবান পৰিয়ালত জন্ম লাভ কৰা নিৰুপমাই সৰুৰেপৰাই ঘৰত গীত গোৱা দেখিছিল। মোমায়েক অনাথবন্ধুৱে ছেক্স’ফ’ন বজাইছিল। মাজু মাহীয়েক ভৱপ্ৰিয়াই তেওঁলোকক গীত গাবলৈ শিকাইছিল। মাক শান্তিপ্ৰিয়াইও গীত গাব জানিছিল।৭
দেউতাকৰ চাকৰি সূত্ৰে, ১৯৩৯ চনত তেজপুৰ মজলীয়া প্ৰাথমিক বিদ্যালয়ত নিৰুপমাৰ শিক্ষাৰম্ভ হৈছিল। পাছত তেওঁ পানবজাৰ ছোৱালী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীণ হৈ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত পঢ়া-শুনা কৰিছিল।৭
দহ বছৰ বয়সতে তেওঁ বিষ্ণুপ্ৰসাদ ৰাভাৰ তত্ত্বাৱধানত কলিকতাত গ্ৰামফোন ৰেকৰ্ডত গীত গাইছিল। তেওঁৰ সাংগীতিক যাত্ৰা আৰম্ভ হৈছিল দেউতাক নীলকান্ত হাজৰিকাই ৰচনা কৰা আৰু জেষ্ঠ ভাতৃ ভূপেন হাজৰিকাই সুৰ দিয়া ‘অ’ মইনা কেতিয়া আহিলি তই’ গীতেৰে। মোহনদাস কৰমচান্দ গান্ধীৰ মৃত্যুত তেওঁ ভূপেন হাজৰিকাৰ সৈতে ‘তেৰশ ছৌৱনৰ মাঘৰে মাহৰে বিয়লি পৃথিৱীৰ শিৰতে ব্ৰজপাত পৰিলে’ গীতটি কলিকতা ৰেডিঅ’ৰ বাবে গাইছিল। গীতটি লিখিছিল ভূপেন হাজৰিকাই। সুদক্ষিণা শৰ্মাই ‘মণিৰাম দেৱান’, ‘চিকমিক বিজুলী’, ‘পাৰঘাট’, ‘অবুজ বেদনা’, ‘হেঁপাহ’ আদি চলচ্চিত্ৰত ক্ৰমে সংগ্ৰাম লগ্নে আজি, তপ্ত শিখাৰে, হৰি নাচে কৃষ্ণ, অ’ কি ৰূপে পেখলো গীতত কণ্ঠদান কৰিছিল। বৰগীত, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, বনগীত, বিয়ানাম, বিহুনামতো সুদক্ষিণাৰ ব্যুৎপত্তি আছিল। লীলা গগৈৰ দিখৌ নৈৰ পাৰতে, গণেশ গগৈৰ আজি মধু নিশা, হেমেন হাজৰিকাৰ চিৰি পাতি মংগলখন চাওঁ, লক্ষ্মীনাথ বেজবৰুৱাৰ পুৰি গ’ল বৃন্দাবন, তিলকা হেনো, এ হে বিৰিন্দাবনতে; জ্যোতিপ্ৰসাদৰ আগাবাৰীত ফুলিলে সোণে মোৰ চম্পা আদি গীত সুদক্ষিণা শৰ্মাৰ কণ্ঠত বাণীবদ্ধ হৈছে। তদুপৰি নৱকান্ত বৰুৱা, পুৰুষোত্তম দাস, নীলকান্ত হাজৰিকা আৰু দিলীপ শৰ্মাৰ বহুকেইটা গীতো তেওঁ গ্ৰামফোন ৰেকৰ্ডত গাইছে। ১৯৫৩ চনত সুদক্ষিণা শৰ্মা ভাৰতীয় গণনাট্য সংঘৰ অসম শাখাৰ সম্পাদক হেমাঙ্গ বিশ্বাস আৰু গণনাট্যৰ কৰ্মী হেম শৰ্মাৰ সান্নিধ্যলৈ আহে আৰু জনসচেতনতা বৃদ্ধিৰ বাবে গীত গায়। ভূপেন হাজৰিকাই প্ৰথমাৰ্ধত লিখা প্ৰায়বোৰ গীতৰ গায়িকা আছিল সুদক্ষিণা শৰ্মা। পৰৱৰ্তী সময়ত তেওঁ স্বামী দিলীপ শৰ্মাৰ সৈতে দ্বৈত কণ্ঠত বহুসংখ্যক গীত গায়। নতুন প্ৰজন্মৰ মাজত শুদ্ধ ৰূপত জ্যোতিসংগীতৰ চৰ্চাৰ বাবে তেওঁলোকে গোটেই অসম জুৰি জ্যোতিসংগীত প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰিছিল। জ্যোতিসংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তেওঁলোকে লোৱা উদ্যোগৰ বাবে, ২০০২ চনত, দিলীপ শৰ্মাৰ সৈতে যুটীয়াভাৱে তেওঁক সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰা হয়।৭
১৯৫৪ চনৰ ১২ আগষ্ট তাৰিখে গণশিল্পী, সুৰকাৰ আৰু গীতিকাৰ দিলীপ শৰ্মাৰ সৈতে সুদক্ষিণাৰ বিবাহ হৈছিল। তেওঁলোকৰ তিনি সন্তান ক্ৰমে- ঋতুপৰ্ণ শৰ্মা(১৯৫৫-২০০৭), ঋষিৰাজ শৰ্মা(১৯৬৯-২০২৩), ঋজুশ্ৰী শৰ্মা। সুদক্ষিণা শৰ্মাৰ শহুৰ আৱাহন আলোচনীৰ সম্পাদক দীননাথ শৰ্মা এগৰাকী সাহিত্যিক আৰু শাহু ৰেণু দেৱী।৪
কণ্ঠদান কৰা গীত
এককভাৱে গোৱা গীত
- অ’ মইনা (কথা: নীলকান্ত হাজাৰিকা, সুৰ: ভূপেন হাজৰিকা)
- দূৰণিৰ সৌ ৰিণি ৰিণি (কথা আৰু সুৰ: আনন্দিৰাম দাস)
- মধুৰ মুৰুতি (কথা আৰু সুৰ: পৰম্পৰাগত)
- সমাধিত সীতা (কথা: গণেশ গগৈ)
- দিখৌ নৈৰে (কথা: লীলা গগৈ, সুৰ: মুকুল বৰুৱা)
- সখী হে (কথা: লক্ষ্মীনাথ বেজবৰুৱা)
- আগবাৰীত ফুলিলে (কথা আৰু সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা)
- যাৰ জীৱনৰ (কথা আৰু সুৰ: পুৰুষোত্তম দাস)
- ৰং কিনিবা কোনে (কথা আৰু সুৰ: ভূপেন হাজৰিকা)
- পুৰি গ’ল বৃন্দাবন (কথা: লক্ষ্মীনাথ বেজবৰুৱা)
- লুইতৰ কুঁৱলী, সুৰৰ পানচৈ আৰু জীৱনৰ বাটৰ (কথা: আনন্দিৰাম দাস)
- আমি অসমীৰে (কথা: ৰুদ্ৰ বৰুৱা)
- চিৰিপাতি মঙলখন (কথা আৰু সুৰ: হেমেন হাজৰিকা)
- এ হে বিৰিন্দাবনতে (কথা: লক্ষ্মীনাথ বেজবৰুৱা)
- আজি মধু নিশা (কথা: গণেশ গগৈ)
- এদিন গান গাঁৱতে (কথা: পৰাগ কুমাৰ ভট্টাচাৰ্য)
- আজি ৰভাতল উদুলি মুদুলি ভেকুলী আইদেউৰ বিয়া (কথা: পৰাগ কুমাৰ ভট্টাচাৰ্য)
- পদুমৰে পানচৈ (কথা: পুৰুষোত্তম দাস)
চলচ্চিত্ৰত এককভাৱে গোৱা
- সংগ্ৰাম লগ্নে আজি (কথা আৰু সুৰ: ভূপেন হাজৰিকা, মণিৰাম দেৱান, ১৯৬৩)
- শেৱালিৰ পাহিটিৰ (কথা: আনন্দিৰাম দাস, পাৰঘাট (চলচ্চিত্ৰ), ১৯৮৪)
- জেতুকা বোলেৰে (কথা: আনন্দিৰাম দাস, পাৰঘাট (চলচ্চিত্ৰ), ১৯৮৪)
- অ’ কি ৰূপ পেখলো (কথা আৰু সুৰ: পৰম্পৰাগত, চিকমিক বিজুলী)
- হৰি নাচে কৃষ্ণ (চিকমিক বিজুলী)
কোৰাছ
- তপ্ত শিখাৰে (কোৰাছ: মণিৰাম দেৱান)
- শৰৎকালৰ ৰাতি (সংগীবৃন্দ)
- এইটি বা কোন ওলালে (কথা আৰু সুৰ: ভূপেন হাজৰিকা)
- তুমি কেনেকৈনো গীত গোৱা হে (ৰবীন্দ্ৰসংগীতৰ অনুবাদ: নৱকান্ত বৰুৱা)
ভূপেন হাজৰিকাৰ সৈতে
- মহাত্মাই হাসি বোলে ৰাম অ’ ৰহিম (কথা আৰু সুৰ: ভূপেন হাজৰিকা)
- তেৰশ চৌৱন্নৰ (কথা আৰু সুৰ: ভূপেন হাজৰিকা)
- এন্ধাৰ কাতিৰ নিশাতে (কথা আৰু সুৰ: ভূপেন হাজৰিকা)
- আগবাঢ়া বাঢ়া আগ (কথা আৰু সুৰ: ভূপেন হাজৰিকা)
- এইটি বা কোন ওলালে (মণিৰাম দেৱান)
- অ’ মোৰ চেনেহৰ অকণি বীৰ
- মহামানৱৰ ত্যাগ অগনিয়ে (কথা আৰু সুৰ: ভূপেন হাজৰিকা)
- জিলিকাব লুইতৰে পাৰ (গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্বোধনী অনুষ্ঠান)
- জীৱেৰ বেউলা অ’ মোৰ আজালা ছোৱালী
কমল নাৰায়ণ চৌধুৰীৰ সৈতে
- নাহৰ ফুলে নুশুৱায় (কথা আৰু সুৰ: বিষ্ণুপ্ৰসাদ ৰাভা)
- বিশ্বৰে ছন্দে ছন্দে (কথা: বিষ্ণুপ্ৰসাদ ৰাভা)
দিলীপ শৰ্মাৰ সৈতে
- নাহৰ ফুলে নুশুৱায় (কথা: বিষ্ণুপ্ৰসাদ ৰাভা)
- এই আকাশ এখন মৰু (কথা: নৱকান্ত বৰুৱা)
- তামোলৰে বাৰীখন অ’ (কথা আৰু সুৰ: দিলীপ শৰ্মা)
- অ’ মোৰ ওপজা মাটি (কথা: নীলকান্ত হাজৰিকা, সুৰ: ৰিতুপৰ্ণ শৰ্মা)
- মোৰ মন এখনি ফুলনিবাৰী (কথা: নীলকান্ত হাজৰিকা, সুৰ: ৰিতুপৰ্ণ শৰ্মা)
- ধনপুৰ অ’ মনপুৰ অ’ (কথা আৰু সুৰ: আনন্দিৰাম দাস)
- নৈ কাণে নৈ কাণে (কথা আৰু সুৰ: আনন্দিৰাম দাস)
- ময়ো বনে যাওঁ স্বামী হে (কথা আৰু সুৰ: দুৰ্গাবৰ)
- ৰাতি পুহাইল ৰে (কথা আৰু সুৰ: পৰম্পৰাগত)
- কমলা কুঁৱৰী (কথা আৰু সুৰ: পৰম্পৰাগত)
- তোৰে মোৰে আলোকৰে যাত্ৰা (কথা আৰু সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা)
- লুইতৰে পানী যাবি ঐ বৈ (কথা: জ্যোতিপ্ৰসাদ আগৰৱালা)
- মোৰে ভাৰতৰে মোৰে সপোনৰে (কথা: জ্যোতিপ্ৰসাদ আগৰৱালা)
- জিৰ জিৰ জিৰ জিৰ জৰি গছৰ পাত (কথা: কেশৱ মহন্ত)
- মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে (কথা আৰু সুৰ: বিষ্ণুপ্ৰসাদ ৰাভা)
- চিনাকি গাঁৱৰে পুৰণি দিনৰে ছবিখনি আজি নাই (কথা: কীৰ্তিকমল ভূঞা, সুৰ: দিলীপ শৰ্মা)
- এদিন লগ পাওঁতে তোমাক ভাল পালোঁ (কথা: পৰাগ ভট্টাচাৰ্য)
মৃত্যু
২০২৩ চনৰ ৩ জুলাই তাৰিখে ৰাতিপুৱা ৮.২৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সুদক্ষিণা শৰ্মাই শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি তেখেতে চিকিৎসাধীন হৈ আছিল।৮ মৃত্যুৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ শৰ্মাৰ দেহ দান কৰা হয়।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ ড° লক্ষহীৰা দাস. (মাৰ্চ, ২০২২). সংগীতপ্ৰভা সুদক্ষিণা. পূৰ্বায়ণ প্ৰকাশন. পৃ. ১৫৪-১৫৬. ISBN ৯৭৮-৯৩-৯৩৮৮১-৬৭-০
- ↑ অজিত কুমাৰ ভূঞাৰ সৈতে সাক্ষাৎকাৰ. (১৫ ছেপ্টেম্বৰ, ২০১৮). Melodious journey of Sudakshina Sarma. সাক্ষাৎকাৰ. প্ৰাগ নিউজ
- ↑ (Sep 10, 2012). Bhupen forum urges people to unite for BTC peace
- ↑ নিৰুপমা বৰগোহাঞি. (মাৰ্চ, ২০২২). সংগীতপ্ৰভা সুদক্ষিণা. পূৰ্বায়ণ প্ৰকাশন. পৃ. ১৪৯-১৫১. ISBN ৯৭৮-৯৩-৯৩৮৮১-৬৭-০
- ↑ (আগষ্ট, ২০২৩). প্ৰতিভাৰ আকৰ: সুদক্ষিণা শৰ্মাৰ সৈতে এটি সাক্ষাৎকাৰ. গুৱাহাটী দূৰদৰ্শন. ডিডি নিউজ
- ↑ আৰাধনা পটংগীয়া গোস্বামী. (২০১৭). আগবাৰীত ফুলিলে সোণে মোৰ চম্পা. ভৱানী বুকছ
- ↑ ড° পৰমানন্দ মজুমদাৰ. (মাৰ্চ, ২০২২). সংগীতপ্ৰভা সুদক্ষিণা. পূৰ্বায়ণ প্ৰকাশন. পৃ. ২৭৩-২৯৪. ISBN ৯৭৮-৯৩-৯৩৮৮১-৬৭-০
- ↑ (JULY 3, 2023). Sudakshina Sarma Passes Away: বিশিষ্ট কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ দেহাৱসান, ৮৯ বছৰ বয়সত GMCHত শেষ নিশ্বাস ত্যাগ. assam.news18.com/
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুদক্ষিণা শৰ্মা” প্ৰবন্ধৰ সংশোধন ৬০০১৮০ (৯ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।