পাৰঘাট (Parghat) প্ৰমথৰাম দাসৰ প্ৰাগজ্যোতিষ কলাচিত্ৰ প্ৰতিষ্ঠানে প্ৰযোজনা কৰা সপ্তম অসমৰ চলচ্চিত্ৰ। মুক্তি পাইছিল ১৯৪৯ৰ ৫ আগষ্টত। ছবিখনৰ পৰিচালনা আৰু কাহিনী আছিল প্ৰবীন ফুকনৰ। কানি বেপাৰক কেন্দ্ৰ কৰি কাহিনী ৰচনা হৈছিল। চিত্ৰগ্ৰহণ কলিকতাৰ ইন্দ্ৰপুৰী ষ্টুডিঅ'ত। এই ছবিৰ যোগেদি অভিনেত্ৰী জ্ঞানদা কাকতিয়ে ছবিজগতত প্ৰথম খোজ পেলাইছিল।১২
ছবিখনৰ কাহিনী
ছবিখনৰ কাহিনীভাগ ব্ৰিটিছৰ দিনৰ চোৰাং কানি বেপাৰৰ ওপৰত আধাৰিত। এই চলচ্চিত্ৰখন অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথমখন আগতীয়া টিকট বুকিঙৰ ব্যৱস্থা থকা চলচ্চিত্ৰ।৩
অভিনয়
- চন্দ্ৰকান্ত ফুকন
- প্ৰবীণ ফুকন
- সৰ্বেশ্বৰ চক্ৰৱৰ্তী (মৌজাদাৰ)
- যোগেন্দ্ৰনাথ বৰদলৈ (দোকানী)
- ভুৱনেশ্বৰ বুজৰবৰুৱা (লগুৱা)
- যোগেন্দ্ৰনাথ বৰকাকতি (কৃষ্ণ মণ্ডল)
- জ্ঞানদা কাকতি
- মলয়া দাস১২
সঙ্গীত
পুৰুষোত্তম দাসে গন্ধৰ্ব নামেৰে পাৰঘাটৰ সঙ্গীত পৰিচালনা কৰিছিল।৪
| ক্ৰমিক নং | গীতৰ শীৰ্ষক | গীতিকাৰ | কণ্ঠ |
|---|---|---|---|
| ১ | পুৱাৰে মলয়া মন জুৰণীয়া, হিয়া পৰি যায় শাঁত | পুৰুষোত্তম দাস | কমল চৌধুৰী, মলয়া দাস |
| ২ | সন্মুখত দেখি কলীয়া আন্ধাৰ, ভয় নাই তোৰ ভয় নাই | পুৰুষোত্তম দাস | দিলীপ শৰ্মা |
| ৩ | কোন দূৰে দূৰে যায় ৰূপ জগতৰ ৰঙীন দিনৰ | সুদক্ষিণা শৰ্মা | |
| ৪ | তুমি জানো বুজা প্ৰিয় মোৰ হৃদয়ৰ শত বেদনাই | পুণ্য প্ৰসাদ দুৱৰা | জ্ঞানদা কাকতি |
| ৫ | জেতুকা বোলেৰে বোলাম হাত লাৱণী, কেৰুৰে জিলিকাম কাণ | আনন্দিৰাম দাস | |
| ৬ | শেৱালিৰ পাহীটিৰে বুকুৰে কথাটি কবলৈ ভাষাটি নাই নাই | সুদক্ষিণা শৰ্মা | |
| ৭ | কাৰ আকাশৰ ৰামধেনুখনি ক’তে বা লুকাই | ভূপেন হাজৰিকা | ভূপেন হাজৰিকা |
| ৮ | কৰ্মই আমাৰ ধৰ্ম কৰ্মই আমাৰ ধৰ্ম | ভূপেন হাজৰিকা | ভূপেন হাজৰিকা, পুৰুষোত্তম দাস |
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাৰঘাট (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৮১৭৩৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।