পৰমানন্দ মজুমদাৰ (Paramananda Majumdar; ১৯৫৮-) একাধাৰে সাহিত্যিক, সম্পাদক, অধ্যাপক। তেখেতৰ নিজা প্ৰকাশিত পুথি ১০খন।১ সম্পাদিত পুথিৰ সংখ্যা ৫০ ৰো অধিক। ইয়াৰে তেওঁ বিজ্ঞান চেতনা বিষয়ক সম্পাদনা গ্ৰন্থৰ উপৰি জীৱন আৰু কৃতি, সমাজ সাহিত্য আৰু সংস্কৃতিমূলক, অভিনন্দন সূচক গ্ৰন্থ সম্পাদনা কৰিছে। পৰমানন্দ মজুমদাৰে অসমৰ বহুকেইখন পুৰণি আলোচনী সম্পাদনা কৰি নতুনকৈ সংকলন কৰিছে। সেইদৰে অসমৰ বহুকেইজন বৰেণ্য ব্যক্তিৰ ৰচনাৱলীও সম্পাদনা কৰিছে। আৱাহন (আলোচনী)ৰ ১২টা খণ্ড (প্ৰকাশক-অসম প্ৰকাশন পৰিষদ) তেওঁৰ সম্পাদনাতেই একত্ৰ সংকলনৰূপে প্ৰকাশ পাইছে। সেইদৰে ৰামধেনু আলোচনী (একত্ৰ)ৰ প্ৰথম খণ্ডৰ তেওঁ সহযোগী সম্পাদক (মুখ্য সম্পাদক নগেন শইকীয়া)।২ চেতনা আলোচনীখনৰো ৭টা খণ্ড তেখেতৰ সম্পাদনাতেই একত্ৰ সংকলনৰূপে প্ৰকাশ হৈছে। তেখেত প্ৰথমে ১৯৮৪ চনত জে.এন কলেজৰ প্ৰবক্তা আছিল। পৰৱৰ্তী সমময়ত ১৯৮৫ চনত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত যোগদান কৰে। ২০১৮ চনত তেখেতে সেইখন কলেজৰপৰাই অৱসৰ গ্ৰহণ কৰে। ভাৰতীয় ইতিহাস কংগ্ৰেছ, উত্তৰ পূব ভাৰত ভূগোল সংস্থা,অসম বিজ্ঞান সমিতি আৰু ইলোৰা বিজ্ঞান মঞ্চৰ তেওঁ আজীৱন সদস্য। ভাৰতীয় গণনাট্য সংঘ আৰু নতুন সাহিত্য পৰিষদৰ সৈতে তেওঁ জড়িত। বিজ্ঞান সমিতিৰ আলোচনী 'বিজ্ঞান জেউতি'ৰ এটা কাৰ্যকাল আৰু ইলোৰা বিজ্ঞান মঞ্চৰ 'সমীক্ষণ'আলোচনীৰো তেওঁ এটা কাৰ্যকাল সম্পাদকৰ দায়িত্ব বহন কৰিছে। নতুন সাহিত্য পৰিষদৰ দুটাকৈ কাৰ্যকালৰ তেওঁ আছিল সম্পাদক আৰু সভাপতি।৩
জন্ম
তেখেতৰ জন্ম হয় ১৯৫৮ চনৰ ১ আগষ্টত তাৰিখে নলবাৰী জিলাৰ ঘগ্ৰাপাৰত। পিতৃৰ নাম মহীৰাম মজুমদাৰ আৰু মাতৃৰ নাম ৰশ্মিবালা মজুমদাৰ।
শিক্ষা
- ১৯৬৩ চনত ঘগ্ৰাপাৰ প্ৰাথমিক বিদ্যালয়ৰপৰা প্ৰাথমিক শিক্ষা গ্ৰহণ।
- ১৯৭৫ চনত ঘগ্ৰাপাৰ হাইস্কুলৰপৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ।
- ১৯৭৮ চনত কটন কলেজপৰা হায়াৰছেকেণ্ডাৰী শিক্ষা গ্ৰহণ।
- ১৯৮০ চনত প্ৰাগজ্যেতিষ কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ।
- ১৯৮২ চনত গুৱাহাটী বিশ্ববিদ্যালয়পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ।
- ২০০৯ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট ডিগ্ৰী লাভ। গৱেষণাৰ বিষয়- 'The Politics of language in 19th Century Assam'.
সাহিত্যৰাজি
প্ৰকাশিত পুথি
- বাবৰি মছজিদ-ৰাম জন্মভূমি: বিবাদ আৰু ইতিহাস (১৯৯৩),পাহি প্ৰকাশ, গুৱাহাটী, পৃষ্ঠা-৫৬
- প্ৰবাদ-প্ৰতিবাদ: অসমীয়া সাহিত্য বুৰঞ্জীৰ গোটাদিয়েক দিশ (১৯৯৬),ষ্টুডেণ্টচ ষ্ট'ৰচ, পৃষ্ঠা-১২০
- সমাজ, সংকট, সংহতি (২০০৫) ষ্টুডেণ্টচ ষ্ট'ৰচ: পৃষ্ঠা-১৪৪
- চেতনা প্ৰবাহ: জয়ন্তীৰ পৰা গণনাট্যলৈ (২০০৮),আখৰ প্ৰকাশ, পৃষ্ঠা-২৪৭
- বৌদ্ধিক ঐতিহ্য: যুক্তিবাদী চিন্তাৰ অন্বেষণ (২০১২),ভবাণী বুকচ, পৃষ্ঠা-১৪১
- জ্যোতিপ্ৰসাদ আগৰৱালা (২০১৪),ডিব্ৰুগড় বিশ্ববিদ্যালয়, পৃষ্ঠা-১১১৪
- ভূপেন হাজৰিকাৰ শিল্পবোধ আৰু বিশ্ববীক্ষা(২০২০),ৰেখা প্ৰকাশন,পৃষ্ঠা ১০৮
- ঐতিহ্য আৰু আধুনিকতা, অসম পাবলিচিং কোম্পানী, ২০২২, পৃষ্ঠা-১৮৩
- ব্যক্তি আৰু চেতনা, পূৰ্বায়ণ, ২০২২, পৃষ্ঠা-২৮৩
- বিষ্ণুপ্ৰসাদ ৰাভাৰ জাতীয়তাবোধ আৰু সমাজবীক্ষা, ২০২২, পৃষ্ঠা-১৫১
সম্পাদিত পুথি
বিজ্ঞান চেতনা বিষয়ক
- বিজ্ঞান অন্ধবিশ্বাস আৰু সমাজ (১৯৯৩,১৯৯৪,১৯৯৭,২০০৪),ষ্টুডেণ্টচ ষ্ট'ৰচ, পৃষ্ঠা-১২৬
- বিজ্ঞান আৰু মূল্যবোধ (১৯৯৩),ষ্টুডেণ্টচ ষ্ট'ৰচ পৃষ্ঠা-১৫১
- বিজ্ঞান যুক্তিবাদ আৰু সমাজ (১৯৯৭), ষ্টুডেণ্টচ ষ্ট'ৰচ পৃষ্ঠা-১৪১
- বিজ্ঞান, প্ৰযুক্তি আৰু সমাজ (১৯৯৮),ষ্টুডেণ্টচ ষ্ট'ৰচ, পৃষ্ঠা-১৫৯
- ডাইনী, জ্যোতিষ আৰু অলৌকিক চিকিৎসা (২০০২),ষ্টুডেণ্টচ ষ্ট'ৰচ, পৃষ্ঠা-১০৪
- অসমত বিজ্ঞান চৰ্চাৰ ধাৰা (২০০৭,পৰিবৰ্ধিত দ্বিতীয় সংস্কৰণ), অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা-৩৬১
- Science and values (2003),Pragjyotish College Science Society.
সমাজ-সাহিত্য-সংস্কৃতি বিষয়ক
- গণশিল্পী মঘাই ওজা (১৯৯৮),সমলয়, গ্ৰন্থালয়,পৃষ্ঠা ১৬+৮২
- কবি হীৰেন ভট্টাচাৰ্য আৰু তেওঁৰ কবিতা(১৯৮৬),চেতনা প্ৰকাশ, পৃষ্ঠা-৭৪
- হেমাঙ্গ বিশ্বাস: সৃষ্টি আৰু দৃষ্টি (২০১২),নতুন সাহিত্য পৰিষদ, পৃষ্ঠা-২২৩
- হেমাংগ বিশ্বাস (২০০৩)বিপুল খাটনিয়াৰৰ সৈতে), নতুন সাহিত্য পৰিষদ, পৃষ্ঠা-১২৮
- তীখাৰ আখৰে লেখা: হেমাংগ বিশ্বাস জন্ম শতবৰ্ষ স্মাৰক গ্ৰন্থ, (২০১২),হেমাংগ বিশ্বাস জন্ম শতবৰ্ষ উদযাপন সমিতি, পৃষ্ঠা-৩২২
- ভৱানন্দ দত্ত: জীৱন আৰু প্ৰতিভা (১৯৯০),(শিৱনাথ বৰ্মন আৰু ৰঞ্জিত কুমাৰ দেৱগোস্বামীৰ সৈতে) বৰুৱা এজেন্সি পৃষ্ঠা-১৫২
- ৰবীন্দ্ৰনাথ (১৯৯৬)(শিৱনাথ বৰ্মনৰ সৈতে), প্ৰিয়বালা প্ৰকাশন, পৃষ্ঠা-১৭১
- গান্ধী চিন্তা (১৯৯৪)(প্ৰসেনজিৎ চৌধুৰীৰ সৈতে), সমন্বয় গ্ৰন্থালয়, পৃষ্ঠা-১৮৪
- জ্যোতিপ্ৰসাদ (১৯৯০) (প্ৰসেনজিৎ চৌধুৰীৰ সৈতে) চেতনা প্ৰকাশ, পৃষ্ঠা-১৮৩
- গণশিল্পী মঘাই ওজাঃ জীৱন আৰু প্ৰতিভা, (২০০৮) (জয়ন্ত মাধৱ দত্তৰ সৈতে), পৃষ্ঠা-১৭৮
- আদিবাদ্য:গণনাট্য স্মাৰক গ্ৰন্থ(২০০৯),ভাৰতীয় গণনাট্য সংঘ,নৱম ৰাজ্যিক সন্মিলন আৰু সাংস্কৃতিক উৎসৱ,গুৱাহাটী
- হীৰেণ ভট্টাচাৰ্যৰ কবিতা, (১৯৯৭) (ৰজনীকান্ত শৰ্মাৰ সৈতে) চেতনা প্ৰকাশ, পৃষ্ঠা-১০৪
- অপূৰ্ব কুমাৰ চৌধুৰীঃ চলচ্চিত্ৰ নিৰ্মাতা আৰু মানুহজন (২০০৫) (ৰঞ্জিৎ দাস আৰু অতনু কুমাৰ চৌধুৰীৰ সৈতে) পৃষ্ঠা-১৮৪
- অচিন্ত্য সোঁৱৰণ:জন্ম শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ্য(২০১৪; ৰজনীকান্ত দাস আৰু ইচফাকুৰ হমানৰ সৈতে), পৃষ্ঠা-১০৬
- পণ্ডিত তীৰ্থনাথ শৰ্মা সোঁৱৰণী বক্তৃতামালা, প্ৰথম খণ্ড, (২০০৮,প্ৰণতি শৰ্মা গোস্বামীৰ সৈতে) পৃষ্ঠা-১৭১
- ঐতিহ্য আৰু ইতিহাসঃঅমলেন্দু গুহ অভিনন্দন গ্ৰন্থ (২০০৫) (শিৱনাথ বৰ্মন, প্ৰসেনজিৎ চৌধুৰী, ইন্দিবৰ দেউৰী, নিত্য বৰাৰ সৈতে) জাৰ্ণাল এম্পৰিয়াম, পৃষ্ঠা-৩৭০
- সংগ্ৰাম আৰু সংবীক্ষাঃ অণিল ৰায়চৗধুৰী অভিনন্দন গ্ৰন্থ (২০১১) (শিৱনাথ বৰ্মন, প্ৰসেনজিৎ চৌধুৰী, ইন্দিবৰ দেউৰীৰ সৈত) ভৱানী বুক্চ, পৃষ্ঠা-২২০
- সংকল্প আৰু সাধনা:শিৱনাথ বৰ্মন অভিনন্দন গ্ৰন্থ (২০১৭),বিপঞ্চিতা প্ৰকাশন,পৃষ্ঠা-৩১৩
- সতীৰ্থৰ দৃষ্টিত বিষ্ণুৰাভা (১৯৮৭), ( নলিনীধৰ ভট্টাচাৰ্য, প্ৰসেনজিৎ চৌধুৰী, ৰজনীকান্ত শৰ্মাৰ সৈতে )চেতনা প্ৰকাশ, পৃষ্ঠা-১৫০
- দুৰ্জেয় যাত্ৰাঃ তাৰক চন্দ্ৰ গোস্বামীলৈ শ্ৰদ্ধাৰ্ঘ্য (২০১৪) ( জগদীশ চন্দ্ৰ গোস্বামীৰ সৈতে) পৃষ্ঠা-২০০
- ধৰ্ম, সমাজ আৰু সাম্প্ৰদায়িকতা (২০০৫), (প্ৰসেনজিৎ চৌধুৰীৰ সৈতে), অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা-১৫৬
- অসমীয়া নাৰীঃ ঐতিহ্য আৰু উত্তৰণ (২০০২) )শিৱনাথ বৰ্মন আৰু সন্ধ্যা দেৱীৰ সৈতে) ষ্টুডেণ্টচ ষ্ট'ৰচ, পৃষ্ঠা-২২৮
- শিৱনাথ বৰ্মন: স্মৃতি আৰু কৃতি(প্ৰসেনজিৎ চৌধুৰীৰ সৈতে),২০২৩ পৃষ্ঠা-২৬৪
- ৰূপান্তৰৰ পথিক মহেন্দ্ৰ নাথ কলিতা,২০২৬, পৃ:১৫৫
ৰচনাৱলী
- হেমাঙ্গ বিশ্বাস ৰচনাৱলী (২০০৮), অসম প্ৰকাশন পৰিষদ
- তীৰ্থনাথ শৰ্মা ৰচনাৱলী (২০১০) প্ৰথম খণ্ড (মালিনী গোস্বামীৰ সৈতে), অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা-১০৮০
- তীৰ্থনাথ শৰ্মা ৰচনাৱলী (২০১০) দ্বিতীয় খণ্ড (মালিনী গোস্বামীৰ সৈতে), অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা-৭৪৮
- লক্ষ্মীধৰ শৰ্মা ৰচনা সমগ্ৰ (২০১৩) ভৱানী বুক্চ পৃষ্ঠা-৫৩০
- হৰেন্দ্ৰনাথ শৰ্মা ৰচনা সমগ্ৰ(২০১৭)প্ৰথম খণ্ড,(ৰমা বৰাৰ সৈতে) পৃ-৫৭২
- ভবানন্দ দত্ত ৰচনা সমগ্ৰ(২০২০),অসম পাবলিচিং কোম্পানী,পৃষ্ঠা-৫৩২
- সাম্প্ৰতিক সাময়িকী,প্ৰথম খণ্ড( নিত্য বৰাৰ সৈতে),ভবানী বুকচ,২০২৪ পৃষ্ঠা-২০০
- সাম্প্ৰতিক সাময়িকী, দ্বিতীয় খণ্ড (নিত্য বৰাৰ সৈতে),ভবানী বুকচ,২০২৪ পৃষ্ঠা-৮৫৬
- সাম্প্ৰতিক সাময়িকী, তৃতীয় খণ্ডত(নিত্য বৰাৰ যেসৈতে),ভবানী বুকচ,২০২৪ পৃষ্ঠা-৮৩৭
- ডেকা-অসম, প্ৰথম খণ্ড,অশোক পাবলিকেশ্বন,২০২৪ পৃষ্ঠা-৩৯১
- গোলাপ বৰবৰা ৰচনাৱলী,গোলাপ বৰবৰা জন্ম-শতবৰ্ষ উদযাপন সমিতি,২০২৫,পৃ:৫২২
নিৰ্বাচিত ৰচনা সংগ্ৰহ
- ভূপেন হাজৰিকাঃ গতিৰ পৰা আমাৰ প্ৰতিনিধিলৈ (২০১২), অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা-৪৫২
- জ্যোতি-চিন্তা:জন্ম শতবৰ্ষ সংকলন(২০০২:অনিল ৰায়চৌধুৰী আৰু অন্যান্যৰ সৈতে) পৃষ্ঠা-১১৯
একত্ৰ আলোচনীৰ সংকলন
- জয়ন্তী (২০১১) (হোমেন বৰগোহাঞিৰ সৈতে) প্ৰথম খণ্ড, ষ্টুডেণ্টচ ষ্ট'ৰচ, পৃষ্ঠা-১০২৭
- আৱাহন, প্ৰথম খণ্ড, (২০১৫) অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা-৭০৪
- আৱাহন, দ্বিতীয় খণ্ড, (২০১৫) অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা-৬৯৮
- আৱাহন, তৃতীয় খণ্ড, (২০১৫) অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা-৭৫৭
- আৱাহন, চতুৰ্থ খণ্ড, (২০১৫) অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা-৭৮০
- আৱাহন, পঞ্চম খণ্ড, (২০১৬) অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা-৭৬০
- আৱাহন, ষষ্ঠ খণ্ড, (২০১৬) অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা-৭৪৬
- আৱাহন, সপ্তম খণ্ড, (২০১৬) অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা-৭৯০
- আৱাহন, অষ্টম খণ্ড, (২০১৬) অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা-৮০০
- আৱাহন, নৱম খণ্ড, (২০১৮) অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা-৭৭০
- আৱাহন, দশম খণ্ড, (২০১৮) অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা-৭৯৬
- আৱাহন, একাদশ খণ্ড, (২০১৯) অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা-৭৪৪
- আৱাহন, দ্বাদশ খণ্ড (২০১৯) অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা-৭২৮
- আৱাহন,ত্ৰয়োদশ খণ্ড (২০২৩) অসম প্ৰকাশন পৰিষদ, পৃ.৭৩৬+৩২
- আৱাহন,চতুৰ্দশ খণ্ড (২০২৩) অসম প্ৰকাশন পৰিষদ, পৃ.৭১৬+৩২
- ৰামধেনু, প্ৰথম খণ্ড, (মুখ্য সম্পাদক- নগেন শইকীয়া) পৃষ্ঠা-৬৮৮
- চেতনা, প্ৰথম খণ্ড (২০১৬) প্ৰাগজ্যোতিষ কলেজ প্ৰকাশন,পৃষ্ঠা-৬০৪
- চেতনা, দ্বিতীয় খণ্ড (২০১৮) প্ৰাগজ্যোতিষ কলেজ প্ৰকাশন,পৃষ্ঠা- ৫৪২
- চেতনা, তৃতীয় খণ্ড (২০১৮) প্ৰাগজ্যোতিষ কলেজ প্ৰকাশন, পৃষ্ঠা- ৭০২
- চেতনা, চতুৰ্থ খণ্ড (২০১৭) প্ৰাগজ্যোতিষ কলেজ প্ৰকাশন, পৃষ্ঠা- ৫৬১
- চেতনা, পঞ্চম খণ্ড (২০১৮) প্ৰাগজ্যোতিষ কলেজ প্ৰকাশন, পৃষ্ঠা-৭১৮
- চেতনা, ষষ্ঠ খণ্ড (২০১৯) প্ৰাগজ্যোতিষ কলেজ প্ৰকাশন, পৃষ্ঠা-৫৮২
- চেতনা, সপ্তম খণ্ড (২০১৯) প্ৰাগজ্যোতিষ কলেজ প্ৰকাশন, পৃষ্ঠা-৫৫৮
- পছোৱা, (২০২১) অসম সাহিত্য সভা, পৃষ্ঠা-৫৯০
- সুৰভি,অসম সাহিত্য সভা, ২০২২, পৃ.৩৫৪
- পছোৱা,অসম সাহিত্য সভা,২০২১, পৃ.৫৬৪
- ডেকা-অসম, দ্বিতীয় খণ্ড,অশোক পাব্লিকেশ্যন,২০২৫,পৃ:৪৫৬
সহযোগী সম্পাদনা
- জ্যোতিপ্ৰসাদ ৰচনাৱলী(২০০৩,২০০৭,২০১৩; মুখ্য সম্পাদক হীৰেন গোহাঁই) পৃষ্ঠা-১১৫৩
- সৈনিক শিল্পী বিষ্ণু ৰাভা(১৯৮২,১৯৮৯,২০০৫; সম্পাদক হীৰেন গোহাঁই) পৃষ্ঠা-১৯৬
- বিষ্ণুপ্ৰসাদ ৰাভা:জীৱন আৰু কৃতি(১৯৮৫; সম্পাদক নলিনীধৰ ভট্টাচাৰ্য) পৃষ্ঠা-১৮১
- পৃথিবী মোৰ কবিতা: হীৰেন ভট্টাচাৰ্যলৈ শ্ৰদ্ধাৰ্ঘ্য(২০১২, সম্পাদক উদয়াদিত্য ভৰালী) পৃষ্ঠা-৯৫
বঁটা
- অসম সাহিত্য সভাৰ 'সীতানাথ ব্ৰহ্মচাৰী সাহিত্য বঁটা'(২০০৭)
- অসম সাহিত্য সভাৰ 'গোপাল চন্দ্ৰ বৰুৱা সোঁৱৰণী বঁটা'(২০১২)
- দধি মহন্ত স্মাৰক ন্যাসৰ'ভবানন্দ দত্ত সোঁৱৰণী বঁটা'(২০২০)
- অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ(যোৰহাট)ৰ 'মঘাই ওজা স্মাৰক বঁটা'(২০২০)
তথ্যসূত্ৰ
- ↑ অদীপ কুমাৰ ফুকন. (৫ মে). এদিন. পৃ. ৪
- ↑ হাইদৰ হুছেইন. (৩ অক্টোবৰ). অসমীয়া সাহিত্য-সংস্কৃতিত প্ৰগতীশিল চেতনা. নলীনিধৰ ভট্টাচাৰ্য. পৃ. ৪
- ↑ দিনেশ গোস্বামী. (১৯৯৮). চিন্তা উদ্ৰেককাৰী প্ৰবন্ধ সংকলন. দৈনিক অসম. পৃ. ৪
- ↑ পৰমানন্দ মজুমদাৰ. (২০১৪). Colonialism Language and Politis: Origins of Language Dispute in Assam
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰমানন্দ মজুমদাৰ” প্ৰবন্ধৰ সংশোধন ৬১১৫৩১ (৯ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।