চিকমিক বিজুলী ( Chikmik Bijuli) ১৯৬৯ চনত মুক্তি পোৱা এখন অসমৰ চলচ্চিত্ৰ। ছবিৰ পৰিচালনা, সঙ্গীত, কাহিনী, চিত্ৰনাট্য আৰু গীত ৰচনা ভূপেন হাজৰিকাৰ। ছবিখন ৰাজশ্ৰী প্ৰডাকচনৰ তাৰাচান্দ বৰজাত্য আৰু কামৰূপ চিত্ৰৰ ভূপেন হাজৰিকাই যৌথভাবে প্ৰযোজনা কৰিছিল। ছবিখনৰ গীতৰ লং প্লেয়িং ৰেকৰ্ড উলিওৱা হৈছিল। এইখনেই আছিল লং প্লেয়িং ৰেকৰ্ড উলিওৱা প্ৰথম অসমীয়া ছবি। তাৰোপৰি ইয়াত হিন্দী ছবিৰ বহুকেইগৰাকী অভিনেতায়ো অভিনয় কৰিছিল।১
কাহিনী
বিজুলী এজন ৱিড়িৱালাৰ জীয়ৰী। গুৱাহাটীৰ ফাঁচীবজাৰ এলেকাত ৰহস্যময়ীৰ দৰে ঘূৰি ফুৰা, কালৈকে ভ্ৰূক্ষেপ নকৰা ছোৱালীজনী নাচে-গানে পাকৈত। নিঠৰুৱা এই ছোৱালীজনী এদিন সত্ৰীয়া নাচ শিকিলে। পিছত সেই নাচৰ স্কুলতে শিকাৰুবোৰক নাচ শিকাবলৈ ল'লে। আপত্তি আহিল। ৱিড়িৱালাৰ সৈতে পথে-ঘাটে নাচি-বাগি বিড়িৰ কেনভাচিং কৰি ফুৰা ছোৱালীজনীয়ে সত্ৰীয়া নাচ কেনেকৈ শিকাব? বিজুলী অপমানিত হয়। নাচৰ স্কুল বন্ধ হৈ গ'ল।১
চহৰৰ বিখ্যাত ব্যৱসায়ী আৰু পক্ষীৰাজ বিড়ি কোম্পানীৰ মালিক কেশ মহাজনে আৰু তেওঁৰ ঘাই পৰিচালক বনমালী শইকীয়াই কৌশলেৰে বিজুলীক বিড়ি কোম্পানীৰ প্ৰচাৰৰ অজুহাতত লৈ আহিল। থাকিব দিলে চহৰৰ বদনামী অঞ্চল এটাত। তাতেই তাইৰ সঙ্গী হ'ল বিধবা আজলী আৰু তেওঁৰ পুত্ৰ ভাইটি। হৰজিত সিঙৰ গেৰেজত মেকানিকৰ কাম কৰে প্ৰশান্তই। প্ৰশান্তই বিজুলীক ভাল পাই বিয়াৰ প্ৰস্তাৱ দিলে। কিন্তু এই বিয়াত বাধা দিলে কেশ মহাজন আৰু বনমালী শইকীয়াই। কাৰণ তেওঁলোকৰ উদ্দেশ্য আছিল বেলেগ।১
অভিনয়ত
| *বিদ্যা ৰাও (অভিনেত্ৰী) *বিজয় শংকৰ *প্ৰশান্ত বৰুৱা *কুলদা কুমাৰ ভট্টাচাৰ্য *দোস্ত হবিবুৰ ৰহমান *জহৰ ৰায় *তচদ্দুক ইউছুফ *ৰুমা গুহঠাকুৰতা | *শশাঙ্ক সোম *জয়ৰাজ *মনমোহন *ভোলা কাকতি *দেৱবালা চলিহা *অৰুণ ৰায় *ডেভিদ *ইলা কাকতি (নৃত্যশিল্পীৰ ৰূপত) আদি১ |
সঙ্গীত
ছবিৰ সঙ্গীত পৰিচালনা আৰু গীত ৰচনা ভূপেন হাজৰিকাৰ। ইয়াত বলীউদৰ কণ্ঠশিল্পী কিশোৰ কুমাৰ, মুকেশ, আশা ভোঁচলে আৰু সুমন কল্যাণপুৰেও ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ সৈতে গীত গাইছে।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিকমিক বিজুলী” প্ৰবন্ধৰ সংশোধন ৬২৫৫২২ (৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।