অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দীননাথ শৰ্মা (আৱাহনৰ সম্পাদক)

দীননাথ শৰ্মা আছিল অসমীয়া সাহিত্য আলোচনী "আৱাহন"ৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু এগৰাকী চিকিৎসক। চিকিৎসক হিচাপে ধন উপাৰ্জনৰ চেষ্টা কৰাৰ পৰিৱৰ্তে তেখেতে ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰিছিল আৰু সমাজৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰাৰ বাবে গাঁৱে-নগৰে ঘূৰি ফুৰিছিল।

হালনাগাদ: ৪ মাৰ্চ ২০২১ ২৪৭ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

দীননাথ শৰ্মা আছিল অসমীয়া সাহিত্য আলোচনী "আৱাহন"ৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু এগৰাকী চিকিৎসক। চিকিৎসক হিচাপে ধন উপাৰ্জনৰ চেষ্টা কৰাৰ পৰিৱৰ্তে তেখেতে ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰিছিল আৰু সমাজৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰাৰ বাবে গাঁৱে-নগৰে ঘূৰি ফুৰিছিল।১ অসমীয়া ভাষাত ভাল আলোচনী এখনৰ অভাৱ অনুভৱ কৰি তেখেতে ১৯২৯ চনত "আৱাহন"ৰ জন্ম দিয়ে।

শৈশৱ আৰু শিক্ষা

দীননাথ শৰ্মাই ১৮৯৪ চনত বৰপেটা জিলাৰ বজালী অঞ্চলৰ ধৰমতলাৰ বামুণকুছিত জন্মলাভ কৰে। তেখেতৰ পিতৃ-মাতৃ আছিল চণ্ডীচৰণ শৰ্মা আৰু ৰাজেশ্বৰী দেৱী। তেখেতে পাটাৰকুছি বিদ্যালয়ৰ পৰা এম-ই, গৌৰীপুৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা, কোচবিহাৰ কলেজৰ পৰা প্ৰাৰম্ভিক কলেজীয়া শৈক্ষা আৰু কলিকতাৰ নেচনেল মেডিকেল কলেজৰ পৰা চিকিৎসা-বিজ্ঞানৰ ডিগ্ৰী লাভ কৰিছিল।

ছাত্ৰ অৱস্থাত তেখেত পাটাৰকুছিৰ পৰা প্ৰকাশিত হোৱা "বীণা" নামৰ আলোচনীখনৰ সম্পাদক আছিল। সেই সময়ত "বাঁহী" আৰু "আসাম বান্ধৱ" আলোচনীৰ মাজত উজনি আৰু নামনি অসমৰ ভাষাক লৈ চলি থকা বাক-বিতণ্ডাবোৰৰ মীমাংসা কৰিবলৈ তেখেত কিছু পৰিমাণে সফল হৈছিল।১

আৱাহনৰ প্ৰতিষ্ঠা

গৌৰীপুৰৰ পি চি ইন্‌ষ্টিটিউটত পঢ়ি থাকোঁতে বঙালী আলোচনী "প্ৰৱাসী"ৰ সম্পাদক ৰামানন্দ চটোপাধ্যায়ে এবাৰ অসমীয়া ভাষাৰ প্ৰতি বিৰূপ মন্তব্য কৰাত দুখ পাই দীননাথ শৰ্মাই এখন ভাল অসমীয়া আলোচনী আৰম্ভ কৰিবলৈ সিদ্ধান্ত লয়। সেইমতে তেখেত কলিকতালৈ গৈ ১৯২৯ চনত প্ৰতিষ্ঠাপক সম্পাদক হিচাপে "আৱাহন" আলোচনী আৰম্ভ কৰে।২ এই কামত তেখেতক লক্ষীপুৰৰ চুটিগল্প লেখক আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে সহায় কৰে। আৱাহনৰ পাততে বহুতো সাহিত্যিকে প্ৰথম লিখা আৰম্ভ কৰিছিল। আৱাহনৰ লেখকসকলৰ ভিতৰত অন্যতম আছিল লক্ষ্মীনাথ বেজবৰুৱা, তীৰ্থনাথ শৰ্মা, ত্ৰৈলোক্য নাথ গোস্বামী, অতুল চন্দ্ৰ হাজৰিকা, বাণীকান্ত কাকতি, বিৰিঞ্চি কুমাৰ বৰুৱা আদি।২ আলোচনীখনৰ এটা বিশেষ শিতান আছিল বিজ্ঞান সাহিত্যৰ সমালোচনা। অসমীয়া সাহিত্যত আধুনিকতাৰ বিপ্লৱ এই আলোচনীখনৰ পৰাই আৰম্ভ হ'ল বুলি কোৱা হয়।২

আন সাহিত্যিক অৱদান

দীননাথ শৰ্মাই ভাটি বয়সত "ছোভিয়েট বিপ্লৱ আৰু অসমীয়া সাহিত্য" আৰু "ভাৰত ৰুছ কাহিনী" নামৰ দুখন গ্ৰন্থ ৰচনা কৰে। প্ৰথমখন গ্ৰন্থৰ বাবে তেখেতে "ছোভিয়েট লেণ্ড নেহৰু বঁটা" লাভ কৰিছিল।১ তেখেতৰ পত্নী ৰেণু দেৱীৰ সম্পাদনাত "পাৰিজাত" নামৰ এখন শিশু আলোচনীও প্ৰকাশ হৈছিল।

দীননাথ শৰ্মাই ১৯৭৮ চনৰ ৪ জুনত গুৱাহাটীৰ নিজা বাসভৱনত মৃত্যুবৰণ কৰে।

তথ্যসূত্ৰ

  1. ↑ দীপালী শৰ্মা. (৮ জুন, ২০১২). যুগস্ৰষ্টা 'আৱাহন'ৰ সম্পাদক ডা: দীননাথ শৰ্মা
  2. ↑ Amaresh Datta. (1988). Journalism, Literary- Assamese. Sahity Akademi. পৃ. 1870

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া প্ৰবন্ধকাৰচিকিৎসাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীননাথ শৰ্মা (আৱাহনৰ সম্পাদক)” প্ৰবন্ধৰ সংশোধন ২৬৬১৮৯ (৪ মাৰ্চ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।