কমল নাৰায়ণ চৌধুৰী অসমৰ এগৰাকী চলচ্চিত্ৰ তথা সংগীত পৰিচালক হিচাবে জনাজাত। চলচ্চিত্ৰ পৰিচালনা কৰাৰ উপৰিও তেখেতে কেইবাখনো অসমীয়া চলচ্চিত্ৰত অভিনয়ো কৰিছিল। অসমৰ চলচ্চিত্ৰ জগতত প্ৰথমখন অসমীয়া ৰঙীন কথাছবি ‘ভাইটি (চলচ্চিত্ৰ)’ৰ নিৰ্মাতা হিচাবে তেখেত চিৰস্মৰণীয়১।
জন্ম আৰু শিক্ষা
কমলনাৰায়ণ চৌধুৰীৰ জন্ম হৈছিল ১৯১৬ চনৰ ২০ চেপ্তেম্বৰত গুৱাহাটীত। তেখেতৰ পিতৃ-মাতৃৰ নাম আছিল ক্ৰমে প্ৰসন্ননাৰায়ণ চৌধুৰী আৰু মাতৃ হৰবালা। ১৯৩৬ চনত কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়।
কৰ্মজীৱন
‘মনোমতী’ কথাছবিত সংগীত পৰিচালক হিচাবে পোনপ্ৰথমে ১৯৪১ চনত কমলনাৰায়ণ চৌধুৰীয়ে কথাছবি জগতত ভৰি দিয়ে। তেখেতৰ পৰিচালিত প্ৰথম কথাছবিখন আছিল ‘বদন বৰফুকন’(১৯৪৬)। বহু বছৰ বিৰতিৰ মুৰত তেখেতে পুনৰ চলচ্চিত্ৰ জগতলৈ উভতি আহে ‘ভাইটি (চলচ্চিত্ৰ)’ (১৯৭২) কথাছবি খনৰ যোগেদি। উল্লেখযোগ্য যে, এইখনেই অসমীয়া ভাষাৰ প্ৰথমখন ৰঙীন কথাছবি। ইয়াৰোপৰি কমলনাৰায়ণ চৌধুৰী দেৱে প্ৰতিধ্বনি, নিমিলা অংক (চলচ্চিত্ৰ), মুকুতা, প্ৰেম, মন প্ৰজাপতি আদি বিভিন্ন কথাছবিৰ বিভিন্ন ভূমিকাত অভিনয় কৰে১।
মৃত্যু
১৯৮৫ চনৰ ৩ আগষ্ট তাৰিখে তেখেতে ইহলীলা সম্বৰণ কৰে।
তথ্যসূত্ৰ
- ↑ Film Directors. enajori.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমল নাৰায়ণ চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৪০৮২৪৩ (২৭ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।