পুৰুষোত্তম দাস (Purushottam Das) অসমৰ এগৰাকী গীতিকাৰ, সুৰকাৰ, গায়ক তথা সংগীত পৰিচালক। হিন্দী আৰু বঙালী গীতৰ আধিপত্যৰ কালছোৱাতে তেখেতে অসমীয়া গীত কিয় গাব নোৱাৰি বুলি ষষ্ঠ মান শ্ৰেণীত পঢ়ি থাকোঁতেই অসমীয়া গীত লিখি সুৰ কৰি গাইছিল। তেখেত কলিকতা তথা অসমত, গুৱাহাটীত প্ৰতিষ্ঠা হোৱা প্ৰথমটো অনাতাঁৰ কেন্দ্ৰৰ ষ্টাফ আৰ্টিষ্ট আছিল আৰু তেখেতৰ উদ্যোগতে দিলীপ শৰ্মা, সুদক্ষিণা শৰ্মা, কুইন হাজৰিকা, তুলতুল ভড়ালী আদিক স্ব-ৰচিত গীত সুৰ কৰি ৰেডিঅ'ত গোৱাইছিল। তেখেতে নামনি অসমত প্ৰচলিত গীতকে ধৰি বৰগীত, লোক-সংগীত, কামৰূপী আৰু গোৱালপাৰীয়া লোকগীত ৰেডিঅ'ৰ যোগেদি প্ৰকাশত আগভাগ লৈছিল।১ তেখেতে অসমীয়া বোলছবিত সংগীত পৰিচালনাও কৰিছিল।
জন্ম আৰু শিক্ষা
১৯১৮ চনৰ ১৫ নৱেম্বৰত বৰপেটাৰ দহাটীত জন্ম। পিতৃৰ নাম কৃষ্ণ দাস আৰু মাতৃৰ নাম বৰদা দাস।২ পঢ়াশলীয়া শিক্ষা বৰপেটা বিদ্যাপীঠত অষ্টম মানলৈকে।
কৰ্মজীৱন আৰু সাহিত্যিক জীৱন
তেওঁ ১৯৩৭ চনত গুৱাহাটী স্কুল টুৰ্নামেণ্ট উপলক্ষে কেম্প ফায়াৰত গীত পৰিৱেশন। ১৯৩৮ চনত গীত বাণীবন্ধনৰ বাবে প্ৰথম কলিকতা-যাত্ৰা। ১৯৪৩ চনত বাল্যবন্ধু কমলনাৰায়ণ চৌধুৰীৰ উদ্যোগত কলিকতা ৰেডিঅ'ত অসমীয়া গীতৰ প্ৰযোজক হিচাপে যোগদান। তাৰ পৰৱৰ্তী সময়ত ক্ৰমে- ১৯৪৮ চনত গুৱাহাটী-শ্বিলং অনাতাঁৰ কেন্দ্ৰত যোগদান। সুচিন্তিত আৰু নিৰালস্য প্ৰচেষ্টাৰে সকলো নবীন-প্ৰবীণ শিল্পীক আকাশবাণীৰ মজিয়াত একত্ৰ কৰি অসমীয়া গীতৰ এক সুস্থ আৰু সৱল ধাৰা গঢ়ি তুলিবলৈ পাৰ্যমানে চেষ্টা কৰিছিল।৩ প্ৰতিমা পাণ্ডেৰ দৰে লোকশিল্পীক বৰ্হিজগতৰ সৈতে পৰিচয় কৰি দিয়াত দাসৰ অৰিহণা আছে। বৰপেটাৰ সুপ্ৰভা পাঠক, স্বৰ্ণলতা দাস আদিৰ দৰে মহিলা শিল্পীক উলিয়াই অনাতো তেখেতে অগ্ৰণী ভূমিকা লৈছিল।৪ ১৯৭৯ চনত তেখেতে আকাশবাণীৰপৰা অৱসৰ গ্ৰহণ কৰে। ১৯৪৯ চনত জ্যোতিপ্ৰসাদৰ দ্বিতীয় পৰ্যায়ৰ জয়মতী কুঁৱৰীৰ সহকাৰী সঙ্গীত পৰিচালকৰ দায়িত্ব লাভ। ১৯৫১ চনত ৰঙালী বিহু উদ্বোধন-পতাকা উত্তোলনৰ গীত ‘শ্ৰীময়ী অসমীৰ শীতল কোলাত’ৰচনা।৪ পৰৱৰ্তী কালত কামৰূপ অকাডেমি, বৰপেটা বিদ্যাপীঠকে ধৰি বহু অনুষ্ঠানৰ ৰূপালী-সোণালী জয়ন্তীৰ উদ্বোধনী গীত ৰচনা। ১৯৫৮-অসম সঙ্গীত-নাটক অকাডেমিৰদ্বাৰা গঠিত বৰগীত গৱেষণা (প্ৰাৰম্ভিক) সমিতিৰ সদস্য নিৰ্বাচিত। ইয়াৰ অন্যান্য সদস্যসকল আছিল মহেশ্বৰ নেওগ (সচিব), ৰাণী সবিতা দেৱী (অবৈতনিক সম্পাদক), মিত্ৰদেৱ মহন্ত, বীৰেন্দ্ৰকুমাৰ ফুকন আৰু খগেন্দ্ৰনাথ দাস। এই সমিতিৰ উদ্যোগতে 'স্বৰৰেখাত বৰগীত' শীৰ্ষক গ্ৰন্থ প্ৰকাশ।৫
প্ৰকাশিত সাহিত্য-গ্ৰন্থ আৰু শিল্পকৰ্মসমূহ
- গীত- ত্ৰিবেণী, শ্ৰীময়ী, সুৰবাণী, পোৱা নাই পৰসাদ
- গল্প- এৰাতিৰ ইতিহাস
- প্ৰবন্ধ- বহু মানুহ বহু কথা
- সঙ্গীত পৰিচালনা কৰা চলচ্চিত্ৰ: বদন বৰফুকন (গৌড় গোস্বামীৰ সৈতে যুটীয়াভাৱে, ১৯৪৭), পাৰঘাট (গন্ধৰ্ব ছদ্মনামেৰে ভূপেন হাজৰিকাৰ সৈতে যুটীয়াভাৱে, ১৯৪৯) আৰু নিমিলা অংক (১৯৫৫)৪
স্বীকৃতি
- 'এটি মনৰ জীয়া ইতিহাস' আলেখ্যৰ বাবে ১৯৭৬ চনত তেখেতে আকাশবাণীৰ সৰ্ব্বশ্ৰেষ্ঠ সংগীতালেখ্যৰ পুৰস্কাৰ লাভ কৰে।
- তেখেত অসম সংগীত-নাটক অকাডেমিৰ দ্বাৰা গঠিত বৰগীত গৱেষণা সমিতিৰ সদস্য ৰূপে নিৰ্বাচিত হৈছিল।
- ১৯৮৩ চনত তেখেতে চৰকাৰৰপৰা সাহিত্যিক পেঞ্চন লাভ কৰে।৬
তথ্যসূত্ৰ
- ↑ প্ৰাণজ্যোতি নাথ. (২০১৭). জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি: পুৰুষোত্তম দাস, অসম ইয়েৰ বুক ২০১৮ (শান্তনু কৌশিক বৰুৱা). জ্যোতি প্ৰকাশন. ISBN 9789381485828
- ↑ বৰা, গোলাপ. (২০২৪). সংগীত সাধক পুৰুষোত্তম. কলংপাৰ, অসমীয়া সাপ্তাহিক. পৃ. ২
- ↑ তফজ্জুল আলি. অসমীয়া আধুনিক গীতৰ জনপ্ৰিয়তাত আকাশবাণীৰ অৱদান
- ↑ গোস্বামী, লোকনাথ. (31 March 2019). পুৰুষোত্তম দাস. ASSAMESE ONLINE
- ↑ কথা বৰেণ্য ১০০, প্ৰকাশক: কথা প্ৰকাশ, সম্পাদনা: শোণিত বিজয় দাস আৰু মুনীন বায়ন, পৃষ্ঠা-৩২৪
- ↑ (20 June 2018). পুৰুষোত্তম দাস আৰু বিষ্ণু প্ৰসাদ ৰাভাক স্মৰণ. প্ৰথম খবৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুৰুষোত্তম দাস” প্ৰবন্ধৰ সংশোধন ৪২৩৭৯৭ (২২ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।