অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পৰমানন্দ ৰাজবংশী

ড° পৰমানন্দ ৰাজবংশী এগৰাকী অসমীয়া সাহিত্যিক আৰু অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰা ব্যক্তি। কেইবাখনো গ্ৰন্থ তেখেতে ৰচনা কৰিছে। ড° ৰাজবংশীৰ জন্ম হয়‌ দৰং জিলাৰ দেওমৰনৈ অঞ্চলৰ পাতিদৰং নামৰ গাঁৱত। সৰুৰ পৰাই সাহিত্য আৰু দৰঙী কলা সংস্কৃতিৰ লগত ড° ৰাজবংশী জড়িত।

হালনাগাদ: ১৬ মে’ ২০২৫ ৭৭৫ শব্দ · ৪ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ড° পৰমানন্দ ৰাজবংশী এগৰাকী অসমীয়া সাহিত্যিক আৰু অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰা ব্যক্তি।১ কেইবাখনো গ্ৰন্থ তেখেতে ৰচনা কৰিছে। ড° ৰাজবংশীৰ জন্ম হয়‌ দৰং জিলাৰ দেওমৰনৈ অঞ্চলৰ পাতিদৰং নামৰ গাঁৱত। সৰুৰ পৰাই সাহিত্য আৰু দৰঙী কলা সংস্কৃতিৰ লগত ড° ৰাজবংশী জড়িত। ইয়াৰ উপৰি ছাত্ৰ সন্থাৰ এগৰাকী নেতা আৰু মংগলদৈ মহাবিদ্যালয়ৰ আলোচনী সম্পাদক আছিল। ২০১৮ চনত অৰুণাচল প্ৰদেশৰ বৰডুমচাত ১ ফেব্ৰুৱাৰীৰ পৰা ৪ দিনীয়াকৈ সভাৰ ৭৪তম অধিৱেশনত তেওঁ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে। তেওঁ সুদীৰ্ঘ কাল অসম সাহিত্য সভাৰ বিভিন্ন পদবী গ্ৰহণ কৰাৰ লগতে উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ পদতো অধিষ্ঠিত হৈছিল। তেওঁ গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অৱশ্যে পিছত অধ্যাপক হিচাপে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। অৱসৰ গ্ৰহণ কৰি তেওঁ পৰবৰ্তী সময়ত অসমৰ ৰাজনীতিলৈ ‌আহে। ২০২১ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টি (BJP)ত যোগদান কৰিয়েই ২০২১ চনৰ অসম বিধান সভাৰ নিৰ্বাচনত দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰৰ পৰা বিজেপি প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰে আৰু অসম বিধান সভাৰ এগৰাকী সদস্য তথা ছিপাঝাৰ সমষ্টিৰ বিধায়কৰূপে নিৰ্বাচিত হয়।

জন্ম আৰু শিক্ষা

১৯৫৯ চনৰ ১ মাৰ্চ তাৰিখে অসমৰ দৰং জিলাৰ পাতিদৰঙত পৰমানন্দ ৰাজবংশীৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আনন্দিৰাম ৰাজবংশী। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পিছলৈ গৱেষণা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰায়ে ডক্টৰেট ডিগ্ৰী লাভ কৰে। ইতিমধ্যে দহগৰাকী শিক্ষাৰ্থীয়ে ৰাজবংশীৰ অধীনত পি এইচ ডি সন্মান লাভ কৰিছে। তেওঁ বৰ্তমান প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ।

সাহিত্য সভাৰ লগত সম্পৰ্ক

অসম সাহিত্য সভাৰ হিতৈষী সভ্য, অসম সাহিত্য সভাৰ সুহৃদয় পৰিয়ালৰ আজীৱন সভ্য পদ লাভ কৰিছে। তদুপৰি কেইবাবছৰ ধৰি সাহিত্য সভাৰ লগত তেওঁ জড়িত হৈ আছে। সাহিত্য সভাৰ গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈ এক প্ৰকাৰৰ একনায়কত্ব স্থাপন কৰা বাবে তেওঁ সততে সমালোচনাৰ সন্মুখীন হৈছে। তেওঁ ২০০৯ চনৰ পৰা ২০১২ চনলৈ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক আছিল। তাৰপিছত ২০১৩ চনৰ পৰা ২০১৫ চনলৈ অসম সাহিত্য সভাৰ উপ-সভাপতি আছিল। তাৰপিছত আকৌ ২০১৫ চনৰ পৰা ২০১৭ লৈ সভাৰ সম্পাদক হয়।

সভাপতি নিৰ্বাচন

২০১৭ চনৰ ২৯ ডিচেম্বৰত বৰপেটাৰোড সাহিত্য সভাৰ পুথিভঁৰাল কক্ষত বজাত মুখ্য নিৰ্বাচনী বিষয়া দাসো কলিতা, নিৰ্বাচনী বিষয়া বিজন মহাজন আৰু অধিবক্তা ভূপেন শৰ্মাৰ তত্ত্বাৱধানত পৰৱৰ্তী সাহিত্য সভাৰ সভাপতি ভোট গণনা আৰম্ভ হয়। ৯০০খন শাখা সাহিত্য সভা আৰু ২৬খন জিলা সাহিত্য সভাই ৩০ নৱেম্বৰৰ ভিতৰত বেলট কাকতসমূহ জমা দিছিল। এইবাৰ সাহিত্য সভাৰ নিৰ্বাচনত সভাপতি বা অন্যান্য পদবীৰ বাবে কোনো পেনেল প্ৰকাশ কৰা হোৱা নাছিল, যাৰ বাবে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ নাম সভাপতি পদৰ বাবে চৰ্চালৈ আহিছিল। সভাপতিৰ নিৰ্বাচনত ৰাজবংশীয়ে নিকটতম প্ৰতিদ্বন্দ্বী প্ৰহ্লাদ তাছাক ২১৬টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। ৰাজবংশীয়ে ৩৯০টা ভোট পোৱাৰ বিপৰীতে তাছাই লাভ কৰে ১৭৪টা ভোট।২ ২০১৮ চনত অৰুণাচল প্ৰদেশৰ বৰডুমচাত ১ ফেব্ৰুৱাৰিৰ পৰা ৪ দিনীয়াকৈ সভাৰ ৭৪তম অধিৱেশনত তেওঁ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব। উল্লেখযোগ্য যে এই বৰডুমচা অধিৱেশন একেসময়তে দুখন ৰাজ্যত (অসম আৰু অৰুণাচল প্ৰদেশ) একেলগে অনুষ্ঠিত হোৱা সাহিত্য সভাৰ প্ৰথম অধিৱেশন।

বিতৰ্ক

পৰমানন্দ ৰাজবংশীৰ নাম সততে বিভিন্ন বিতৰ্কৰ লগত জড়িত হৈ থকা দেখা যায়। কেইবছৰৰ পৰা সাহিত্য সভাত খোপনি এৰি নিদিয়া পৰমানন্দই বিখ্যাত সাহিত্যিককো চেৰ পেলাই নিজকে সভাপতি হিচাপে নিৰ্বাচিত কৰাটোৱেও আন এক বিতৰ্কৰ বাট মুকলি কৰিলে। সাহিত্য সভাৰ বিগত শিৱসাগৰ শতবাৰ্ষিক অধিৱেশনৰ পূৰ্বে তেওঁক লৈ হোৱা বিতৰ্কই চৰম পৰ্যায় পাইছিলগৈ। উক্ত শতবাৰ্ষিক অধিৱেশনত যোগ দিবলৈ যাওঁতে তেওঁ শিৱসাগৰত কিছু সংখ্যক লোকৰ আক্ৰমণৰ মুখামুখি হ’ব লগা হৈছিল। তেওঁক বিতৰ্কৰ পৰা আঁতৰি থকাৰ বাবে বাধ্য কৰিব নোৱাৰি সভাপতি ধ্ৰুৱজ্যোতি বৰাই সভাপতি পদৰ পৰা অব্যাহতি ল’ব লগাও হৈছিল। তদুপৰি সভাৰ এজন কৰ্মচাৰীৰ আত্মহত্যাৰ সৈতেও ৰাজবংশীৰ নাম সাঙোৰ খাইছিল।

আনহাতে ২০১৪ চনত সভাৰ উপ-সভাপতি হৈ থকা অৱস্থাতে সাধাৰণ সম্পাদক পদৰ বাবে তেওঁ প্ৰতিদ্বন্দ্বিতাত নমাৰ ফলত বিতৰ্কৰ সৃষ্টি হৈছিল, যিহেতু সাহিত্য সভাৰ পৰম্পৰা অনুসৰি উপ-সভাপতি পদটো সাধাৰণ সম্পাদকৰ পদবীতকৈ পদানুক্ৰমৰ ফালৰ পৰা উচ্চ পদ মৰ্যাদাৰ। গতিকে উচ্চস্থানৰ পদত থাকি নিম্নস্থানৰ পদত প্ৰতিদ্বন্দ্বিতা কৰাটোৱে স্বাভাৱিকতে বিতৰ্কৰ সৃষ্টি কৰাৰ লগতে তেওঁ যে কোনো কাৰণতে সাহিত্য সভাৰ মজিয়াখনৰ পৰা খোপনি এৰিব নিবিচাৰে সেয়াও প্ৰমাণিত হৈছিল।

সাহিত্য কীৰ্তি

ড° পৰমানন্দ ৰাজবংশী ভিন্ন স্বাদৰ ভিন্ন সাহিত্য সৃষ্টি কৰিছে।

গল্প

  1. এক নতুন জেহাদৰ জন্ম
  2. বিৰিণা বনৰ সুহুৰি
  3. এজন অজামিলৰ মৃত্য
  4. গোন্ধ
  5. নীলাইমতীৰ বিয়া
  6. নষ্ট চৰিত্ৰ

উপন্যাস

  1. এজন ৰজাৰ মৃত্যু
  2. উৰ্ম্মিলীৰ পৃথিৱী
  3. কাস্তেৰ দোতাৰা কৰে ৰাও
  4. অথ বামুণ পুৰাণ সংবাদ

নাটক

  1. নাঙল মাটি আৰু মানুহ
  2. আমি ৰ’দালি জিলিমিলি (শিশু নাট)
  3. কমলা কুঁৱৰীৰ সাধু
  4. নিৰ্বাচিত নাট্য সমগ্ৰ
  5. সোণাজুলি গাঁৱৰ কাহিনী আৰু বিজুলী বাহঁৰ হিলৈ
  6. ফৰ্মুদ গৰিয়াৰ প্ৰেমগাথা
  7. তেজীমলা
  8. সম্ভবামি
  9. উজনী বামুণৰ প্ৰেমগাথা
  10. চক্ৰবেহু
  11. জনকনন্দিনী
  12. শকুন্তলা

কবিতা

  1. মোৰ মনৰ একুকি অনুভৱ- কাজিৰঙা

জীৱনী

  1. মহাবীৰ চিলাৰায়
  2. অবিনয়াচাৰ্য্য ব্ৰজনাথ শৰ্মা

গৱেষণামূলক গ্ৰন্থ

  1. ৰাজপৃষ্ঠপোষকতাত অসমীয়া সাহিত্য
  2. অসমীয়া নাট্য সাহিত্য
  3. অসমীয়া নাটকঃ ঐতিহ্য আৰু পৰম্পৰা
  4. Assamese Folk Theater and Drrangi Khulia Bhaoria

ইয়াৰ উপৰিও প্ৰায় পঞ্চাশৰো অধিক গৱেষণা ধৰ্মী প্ৰবন্ধ তেওঁ প্ৰকাশ হৈছে।

চলচ্চিত্ৰ আৰু ধাৰাবাহিক

সাহিত্য কৰ্মৰ বাদেও ৰাজবংশী চলচ্চিত্ৰ আৰু গুৱাহাটী দূৰদৰ্শনৰ ধাৰাবাহিকৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত আছিল।

চিত্ৰ নাট্য আৰু পৰিচালনা

গুৱাহাটী দূৰদৰ্শনৰ

  1. ঝংকাৰ (৬২ খণ্ড)
  2. ৰং (৬২ খণ্ড)
  3. জীৱন এখনি নৈ (২৬ খণ্ড)
  4. ৰূপহী অসম (১৩ খণ্ড)

কাহিনী -চিত্ৰনাট্য আৰু পৰিচালনা

বোলছবি অনললৈ শ্ৰেষ্ঠ ছবিৰ ৰাজ্যিক পুৰস্কাৰ (২০০০ চন)

মঞ্চ নাটক

ৰচনা আৰু পৰিচালনা

  1. নাঙল মাটি আৰু মানুহ
  2. কমলা কুঁৱৰীৰ সাধু
  3. চক্ৰবেহু
  4. তেজীমলা
  5. আমি ৰ’দালি জিলিমিলি
  6. সম্ভবামি
  7. শকুন্তলা
  8. জনকনন্দিনী
  9. ফৰ্মুদ গৰিয়াৰ প্ৰেমগাথা
  10. উজনী বামুণৰ প্ৰেমগাথা
  11. তিনিটা বান্দৰৰ কাহিনী
  12. সীতা হৰণ (দৰঙী খুলীয়া ভাওনা)
  13. ৰাম নৱমী

দূৰদৰ্শনৰ ধাৰাবাহিকৰ শীৰ্ষক গীত

  1. হেঁপাহৰ ঘৰ
  2. পৰশু পাতৰৰ নাদ
  3. নবৌ
  4. মন্দিৰ
  5. জীৱন এখনি নৈ

তদুপৰি দূৰদৰ্শনৰ ধাৰাবাহিকৰ ৭ খনৰো অধিক চিত্ৰনাট্য আৰু পৰিচালনা কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ assam.nenow.in/অসম-সাহিত্য-সভাৰ-নতুন-সভা/
  2. ↑ janambhumi.in/VFZSWk5FMTZaejA9/পৰমানন্দ%20ৰাজবংশ link|date=May 2025 |bot=InternetArchiveBot |fix-attempted=yes }}

সম্পৰ্কিত শ্ৰেণী

অসম সাহিত্য সভাৰ সভাপতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰমানন্দ ৰাজবংশী” প্ৰবন্ধৰ সংশোধন ৫০৯১০৮ (১৬ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।