অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

অবুজ বেদনা (চলচ্চিত্ৰ)

অবুজ বেদনা (Abuj Bedana) ১৯৯৩ চনত মুক্তিপ্ৰাপ্ত, গুণসিন্ধু হাজৰিকা পৰিচালিত এখন ৰঙীন শিশু কথাছবি। এইখন অসমীয়া চিনেমা বছৰটোৰ শেষত ডিচেম্বৰ মাহত ছবি ঘৰত দেখিবলৈ পোৱা গৈছিল। অবুজ বেদনা পৰিচালকগৰাকীৰ পৰিচালিত একমাত্ৰ কথাছবি। মহাবাহু চিনে এণ্টাৰপ্ৰাইজেছৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে বিপুল বৰুৱাই।

হালনাগাদ: ২৫ ডিচেম্বৰ ২০২৩ ১১৭ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

অবুজ বেদনা (Abuj Bedana) ১৯৯৩ চনত মুক্তিপ্ৰাপ্ত, গুণসিন্ধু হাজৰিকা পৰিচালিত এখন ৰঙীন শিশু কথাছবি। এইখন অসমীয়া চিনেমা বছৰটোৰ শেষত ডিচেম্বৰ মাহত ছবি ঘৰত দেখিবলৈ পোৱা গৈছিল। অবুজ বেদনা পৰিচালকগৰাকীৰ পৰিচালিত একমাত্ৰ কথাছবি। মহাবাহু চিনে এণ্টাৰপ্ৰাইজেছৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে বিপুল বৰুৱাই। সংগীত দিলীপ শৰ্মাৰ।১

কেৰালাৰ থিৰুৱনন্তপুৰমত অনুষ্ঠিত আন্তৰ্জাতিক শিশু চলচ্চিত্ৰ মহোৎসৱত ছবিখন প্ৰদৰ্শিত হৈছিল। ছবিখনৰ হিন্দী ডাবিং দূৰদৰ্শন (চেনেল)ৰ ৰাষ্ট্ৰীয় কাৰ্যক্ৰমত প্ৰদৰ্শিত হৈছিল। পৰিচালক গুণসিন্ধু হাজৰিকাই নয়নমণি ছবিৰ কাম কৰি থাকোঁতে দুৰ্ঘটনাত পতিত হৈ দৃষ্টিশক্তি হেৰুৱায়। দৃষ্টিশক্তি হেৰুৱায়ো তেওঁ অন্য সকলৰ সহযোগত অবুজ বেদনাৰ পৰিচালনা কৰে।১

অভিনয় শিল্পী

  • মিণ্টু কোঁৱৰ
  • ধ্ৰুৱজ্যোতি দাস
  • ৰাজা মজিদ
  • আল্পনা বৰুৱা
  • মানসী বুজৰবৰুৱা
  • ৰূপা চৌধুৰী
  • বিপুল বৰুৱা
  • ডাঃ হেমেন বৰ্মন
  • কুমুদ নাথ
  • বিনয় বৰদলৈ
  • জগদীশ দাস
  • চেতনা দাস
  • মীনা কুমাৰী বৰ্মন
  • মীনা কুমাৰী দুৱৰা১

তথ্যসূত্ৰ

  1. ↑ Das Arunlochan. (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃ. 396

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৯০ দশকৰ অসমীয়া চলচ্চিত্ৰশিশু চলচ্চিত্ৰপোখালি (অসমীয়া চলচ্চিত্ৰ)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অবুজ বেদনা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৯৮৮৯৫ (২৫ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।