ড° আৰাধনা পটংগীয়া গোস্বামী ( Aradhana patangia goswami) অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ আৰু প্ৰাৱন্ধিক।১২ তেওঁ গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক। ২০১১ চনত তেওঁ তেওঁৰ উপন্যাস ‘নেপথ্যৰ সংগীত’ৰ বাবে অসম সাহিত্য সভাৰ নিৰ্মল চন্দ্ৰ বৰা স্মাৰক শ্ৰেষ্ঠ উপন্যাস বঁটা লাভ কৰিছিল।১ গোস্বামীয়ে ১৯৮৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ‘ডি এইচ লৰেন্স এণ্ড দ্য আইডিয়া অব্ ঈভ্ল’ গৱেষণা-গ্ৰন্থৰ বাবে পি এইচ ডি উপাধি লাভ কৰিছিল।২
সংক্ষিপ্ত জীৱনী
আৰাধনা পটংগীয়া গোস্বামীয়ে ১৯৭১ চনত, চতুৰ্থ স্থান অধিকাৰ কৰি পাণবজাৰ ছোৱালী হাইস্কুলৰপৰা উৰ্ত্তীণ হৈ কটন কলেজত কলা শখাত নামভৰ্তি কৰে। কটন কলেজৰপৰা প্ৰথম বিভাগত তেওঁ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ হয়। ইয়াৰপৰাই ১৯৭৫ চনত, ইংৰাজী বিষয়ত সন্মান সহ স্নাতক উপাধি আৰু ১৯৭৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী বিষয়তে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। এই বিশ্ববিদ্যালয়ৰপৰাই গোস্বামীয়ে ১৯৮৯ চনত, বিশিষ্ট সাহিত্যিক, শিক্ষক আৰু সমালোচক হীৰেন গোহাঁইৰ তত্ত্বাৱধানত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। তেওঁ কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰত নিজৰ গৱেষণা পত্ৰ পাঠ কৰিছে।
গোস্বামী গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱগোস্বামীৰ সহধৰ্মিণী আৰু দুটি সন্তানৰ মাতৃ।
সত্তৰ দশকত কটনিয়ানত গল্প লিখি গোস্বামীয়ে জনপ্ৰিয়তা অৰ্জন কৰিছিল।২ তেওঁৰ প্ৰথমখন উপন্যাসৰ নাম ‘কল্লোলিনী’। উপন্যাসখন ২০০১ চনত প্ৰকাশ হৈছিল আৰু প্ৰকাশৰ লগে লগে উপন্যাসখনে বিপুল জনপ্ৰিয়তা লাভ কৰিছিল। ‘নেপথ্য সংগীত’ গোস্বামীৰ দ্বিতীয়খন উপন্যাস। বিশিষ্ট সংগীতশিল্পী সুদক্ষিণা শৰ্মাৰ জীৱন বিষয়ক ‘আগবাৰীত ফুলিলে সোণে মোৰ চম্পা’ গোস্বামীৰ তৃতীয়খন উপন্যাস। এই উপন্যাসখনেও পঢ়ুৱৈৰ সমাদৰ লাভ কৰিছিল। ‘দুৰ্গী’ এই ঔপন্যাসিকৰ শেহতীয়া উপন্যাস। উপন্যাসৰ উপৰিও আৰাধনা পটংগীয়া গোস্বামীয়ে কাকত-আলোচনীত নিয়মীয়াকৈ লিখা-মেলা কৰে। লেখকৰ গল্প গ্ৰন্থ ‘অৱনৰিত স্মৃতিৰ জোনাক’ ২০১৮ চনত প্ৰকাশ পায়।১
সাহিত্যৰাজি
উপন্যাস
- কল্লোলিনী (২০০১)
- নেপথ্য সংগীত (২০০৯)
- আগবাৰীত ফুলিলে সোণে মোৰ চম্পা (২০১৭)
- দুৰ্গী (২০২১)
গল্প সংকলন
- অৱনৰিত স্মৃতিৰ জোনাক
অন্যান্য গ্ৰন্থ
- সাহিত্য ঐতিহ্য ব্যক্তিত্ব (২০১০)
- মামনি ৰয়ছম গোস্বামী সম্বৰ্দ্ধনা অনুষ্ঠানৰ স্মৃতিগ্ৰন্থ (সম্পাদনা: ২০০১)
- আমাৰ বৈশ্য ছাৰ (সম্পা: ২০১১)
- The Brahmaputra and Beyond (সম্পা: ২০১১)
- শ্ৰীমন্ত শংকৰদেৱ বিৰচিত উত্তৰাখণ্ড ৰামায়ণ: মূল পাঠ আৰু আধুনিক অসমীয়া গদ্য-ভাঙনি (২০১৯)
স্বীকৃতি
ড° আৰাধনা পটংগীয়া গোস্বামীয়ে ২০০৯ চনত প্ৰকাশ হোৱা তেওঁৰ উপন্যাস ‘নেপথ্যৰ সংগীত’ৰ বাবে ২০১১ চনত অসম সাহিত্য সভাৰ নিৰ্মল চন্দ্ৰ বৰা স্মাৰক শ্ৰেষ্ঠ উপন্যাস বঁটা লাভ কৰিছিল।১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰাধনা পটংগীয়া গোস্বামী” প্ৰবন্ধৰ সংশোধন ৪৪৯৮০১ (২৯ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।