ধান হৈছে এবিধ খাদ্যশস্য। অসমৰ লগতে ভাৰত তথা প্ৰাচ্যৰ বিভিন্ন দেশত জনপ্ৰিয় ধানৰ প্ৰজাতিটো হৈছে Oryza sativa, যাক সচৰাচৰ এছিয় ধান (Asian rice আৰু চমুকৈ Rice) বোলা হয়। ধান উষ্ণ জলবায়ুত, বিশেষকৈ পূব-এছিয়াত বহুলভাৱে খেতি কৰা হয়। Rice শব্দটো তামিল ভাষাৰ আৰিছি শব্দৰপৰা অহা। আৰবৰ বণিকে ভাৰতৰপৰা আৰিছি নিলে আৰু তাৰ নাম ৰাখিলে - আল ৰুজ (Ul-ruz)। কালক্ৰমত ইয়ে স্পেইনত হৈ পৰিল - আৰোজ (Arroz) আৰু গ্ৰীছত উৰিজা (Oriza)। ফৰাচী ভাষাত ৰিজ (Riz), ইটালীত ৰিচো (Riso), জাৰ্মান ভাষাত ৰেইজ (Reis) আৰু শেষত ইংলেণ্ডত ধান হৈ পৰিল ৰাইছ (Rice)।<ref name="গ্ৰন্থ ১"১ইয়াত মই বহুতো ভুল দেখিছো বেলেগ এডিটৰে যাতে এই ভূল বোৰ থিক কৰে।
ইতিহাস
প্ৰায় ১৩০ নিযুত বছৰ আগেয়ে অন্য তৰু-তৃণৰ সৈতে পৃথিৱীত ধান গজি উঠাৰ প্ৰমাণ পোৱা যায়। ১৫, ০০০ বছৰ পূৰ্বে ভাৰতবৰ্ষৰ উত্তৰ আৰু দক্ষিণ হিমালয়ৰ পাদ অঞ্চলত প্ৰাকৃতিকভাৱে ধান গজি উঠিছিল। কালক্ৰমত ই সিঁচৰিত হ'ল ভাৰতৰ উত্তৰ -পূব অঞ্চললৈ আৰু লাহে লাহে দক্ষিণ-পূব এছিয়া আৰু ঘাইকৈ চীনলৈ। জাপানীসকলে ধানৰ কঠীয়া ল'লে পূব চীনৰ পৰা ৩, ০০০ বছৰ পূৰ্বে। খ্ৰিষ্টপূৰ্ব প্ৰায় ৫৪৩ বছৰ আগেয়ে ভাৰতীয় ধান গৈ মালয় ভাষা আৰু জাভাত সোমাল। ১১ শতাব্দীৰ আশে-পাশে আৰব বনিকে ভাৰতৰপৰা ধান লৈ ইৰান আৰু ইজিপ্তত ব্যৱসায় কৰিলে। তাৰ পৰাই ধান সোমালগৈ স্পেইন আৰু ছিছিলত। নীল নদীৰ পাৰত ধানৰ খেতি আৰম্ভ হয় প্ৰায় ৬৩৯ খ্ৰিষ্টাব্দত। ইটালীত ধানৰ প্ৰবেশ ১৪৫৮ খ্ৰিষ্টাব্দত। ইটালীৰ পৰাই ধান ক্ৰমে বুলগেৰিয়া, যুগোশ্লাভিয়া আৰু ৰোমানিয়ালৈ সম্প্ৰসাৰিত হ'ল। আমেৰিকা যুক্তৰাষ্ট্ৰত ধানৰ প্ৰথম প্ৰবেশ ১৬০৯ খ্ৰিষ্টাব্দত। আজি এণ্টাৰ্কটিকাৰ বাহিৰে প্ৰায় সমগ্ৰ বিশ্বতে ধানৰ শস্যৰ সিঁচৰিত।
এচিয়া মহাদেশৰ পটভূমিত ধান
- বিশ্বৰ ৯৮ শতাংশ ধান উৎপাদন হয় এচিয়া মহাদেশত।
- বিশ্বৰ ৯১ শতাংশ উৎপাদিত ধানৰ চাউল খাদ্য হিচাপে ব্যৱহাৰ হয় এছিয়ান লোকসকলৰ মাজত।
- পৃথিৱীৰ তিনিখন জনবহুল দেশ চীন, ভাৰত আৰু ইণ্ডোনেছিয়াৰ বাসিন্দাসকলৰ মূল খাদ্য হ'ল ধানৰ পৰা উৎপাদিত খাদ্য সামগ্ৰী।
- এছিয়াৰ প্ৰায় এক নিযুত লোকে ধান খেতিৰ ওপৰত জীৱন নিৰ্বাহ কৰে।
- এছিয়ান মানুহ ৰ খাদ্য তালিকাৰ শতকৰা ৭০ ভাগ কেল'ৰি আহে ধানৰপৰা প্ৰস্তুত খাদ্যৰপৰা।
ভাৰতৰ ধান

- বৈদিক যুগত ভাৰতত প্ৰায় ৪০, ০০০ বিধ ধানৰ প্ৰজাতি পোৱা গৈছিল।
- ধান শস্যৰ বিশেষজ্ঞ ড॰ ৰিছাৰিয়াই মধ্য প্ৰদেশৰ ছত্তীসগঢ় অঞ্চলৰপৰাই ২০, ০০০ বিত ধান সংগ্ৰহ কৰিছিল।
- ভাৰতীয় মূলৰ ধান সাধাৰণতে কীটবিৰোধী আৰু ৰাসায়নিক সাৰ প্ৰয়োগ অবিহনে বাঢ়ন ক্ষমতাসম্পন্ন।
- ভাৰতত ধান আৰু ধানৰপৰা উৎপাদিত খাদ্য পৰম্পৰাগত সংস্কৃতিৰ সৈতেও যুক্ত।
- ভাৰতীয় ধান উৎপাদনৰ শতকৰা ৭৫ ভাগেই আহে ১০ বিধ ধানৰপৰা।
ভাৰতত প্ৰধানকৈ চাৰিবিধ ধানৰ খেতি কৰা হয়। যেনে - শালিধান, আহুধান, বাওধান আৰু বড়োধান।
শালিধান: শালিধান সচৰাচৰ আহাৰ-শাওন মাহৰ আৰম্ভণিতে ৰোৱা হয় আৰু কাতি আঘোন মাহত চপোৱা হয়। শালিধান কেইবা বিধৰো আছে। ঠাই বিশেষে মাটিৰ উৰ্বৰতা আৰু জলবায়ু অনুযায়ী বেলেগ বেলেগ শালিধানৰ খেতি কৰা হয়। ভাৰতৰ মুঠ উৎপাদিত ধানৰ ২৩ অংশ শালিধান। শালিধানৰ খেতিয়ে বেছি সময় লয়। এই খেতি দ্বি-ৰোপণ পদ্ধতিৰে কৰা হয়। এই খেতি প্ৰধানকৈ গ্ৰীষ্মকালত পানীৰে উপচি পৰা নিম্নভূমি অঞ্চলত কৰা হয়।
আহুধান: চ'ত বহাগ মাহত অৰ্থাৎ বাৰিষাৰ ঠিক আগে আগে চহ কৰি এইবিধ ধান সিঁচি দিয়া হয়। আহাৰ শাওন মাহত আহুধান চপাব পৰা হয়। আহুধানৰ খেতিত আৰম্ভণিতে শালিধানৰ দৰে অধিক বৃষ্টিপাতৰ প্ৰয়োজন নহয়। কিন্তু মাজে মাজে দুই এজাক কিনকিনিয়া বৰষুণৰ প্ৰয়োজন। বৰষুণ একেবাৰে নহ'লে আহুধানৰ বীজ শুকাই যায়। আহুধানৰ বাবে ওখ মাটিৰ প্ৰয়োজন। এই খেতি জলসিঞ্চন পদ্ধতিৰেও কৰা হয়। আহুধানৰ গড় উৎপাদন শালিধানতকৈ কম। এই ধানৰ চাউল শালিধানৰ চাউলতকৈ মোটা আৰু ৰঙা। সেয়ে ইয়াৰ চাহিদা কিছু কম। আহু ধানৰ খেতিৰ বাবে ফাল্গুন-চ'ত মাহত মাটি ভালকৈ চহাই বন-জাবৰ গুচাই পৰিষ্কাৰ কৰিব লাগে। আৱশ্যক অনুপাতে শুকান গোবৰ নাইবা ৰাসায়নিক সাৰ দিয়া উচিত। মাটি চাহ হ'লে ধান সিঁচি দীঘে-পথালিয়ে দুচাহ হাল বাই, মৈয়াই দিব লাগে। ধান-গছ গজি ১২–১৪ চেণ্টিমিটাৰমান ওখ হ'লে বিন্ধাব লাগে। বিন্ধাই দিয়াৰ পিছত খন্তিৰে বন-পাত গুচাই নিৰাই দিব লাগে।
বড়োধান: এই ধানৰ খেতি পানী জমা হোৱা দ-ঠাইত কৰা হয়। এই খেতি শীতকালত কৰা হয়। পুহমাহৰ শেষত বা মাঘমাহৰ আৰম্ভণিতে বীজ সিঁচি মাঘমাহৰ শেষত বা ফাগুণ মাহত ধান ৰুই বহাগ মাহৰ শেষত বা জেঠ মাহত ধান কটা হয়। বড়ো ধানৰ খেতিৰ কাৰণে বেছি দীঘলীয়া দিনৰ প্ৰয়োজন নহয়। পিতনি, খাল, বিল আদিৰ কাষৰীয়া দ ঠাই চহাই বড়োধানৰ খেতি কৰা হয়। বৰ্তমান অগভীৰ নলী নাদেৰে (Shallow Filter) পানী যোগান ধৰি কিছু ওখ আৰু চৰচাপৰি এলেকাতো বহুলভাৱে বড়োধানৰ খেতি কৰিবলৈ লৈছে।
বাওধান: বাওধানৰ বাবে শালিধানৰ দৰেই দ মাটিৰ প্ৰয়োজন। পিতনি, হোলা বা সদায় পানী বন্ধ হৈ থকা ঠাইৰ ওচৰে-পাজৰে এই ধান ৰোৱা হয়। বাওধানৰ খেতিৰ কাৰণে সময় বেছি লাগে। সাধাৰণতে আঘোন মাহৰ শেষৰ পৰা পুহ মাহৰ শেষলৈকে এই ধান কাটিব পাৰি। এই ধানৰ উৎপাদন কিছু কম।
উত্তৰ প্ৰদেশ, পশ্চিমবংগ, বিহাৰ, ওড়িশা, ব্ৰহ্মপুত্ৰ নদ উপত্যকা, ত্ৰিপুৰা, গোদাবৰী, কৃষ্ণা আৰু কাবেৰী নদীৰ ব-দ্বীপ অঞ্চলত জলসিঞ্চনৰ দ্বাৰা প্ৰচুৰ ধান খেতি কৰা হয়। কাবেৰী নদীৰ ব-দ্বীপত বেছি ধান খেতি হয় বাবে ইয়াক দাক্ষিণাত্যৰ ধানৰ ভৰাল বুলি কোৱা হয়। পাহাৰীয়া ঠাইবিলাকতো ঝুম আৰু বেদিকা কৃষি কৰি ধান উৎপাদন কৰা হয়। ২
অসমৰ থলুৱা জাতৰ ধান
মাণিকীমধুৰি, ভোগজহা, ৰামপাল জহা, কৃষ্ণজহা, ফুটুকী আহিনী, পছাৰভোগ, টঙাপাছি, বদ্ধনা, গুজুৰি, পেটপাখৰী, কেকোৱা, মইনাগিৰী, বৰা, বোকা, কলমদানি আদি। উজনি অসমৰ যোৰহাট, বিশেষকৈ তিতাবৰ, বৰহোলা আদি ঠাইবোৰত আজিৰ পৰা ৩০ বছৰ মানৰ আগতে কিছুমান থলুৱা জাতৰ ধান পোৱা গৈছিল। সেইবোৰক দুটা ভাগত ভাগ কৰি শালি আৰু লাহি ধান হিচাপে নাম দি লোৱা হৈছিল। সেয়া হ'ল যেনে- বৰধান। ইয়াৰো জাত আছিল দুটা (১) আঁকিবৰ আৰু (২) লথাবৰ। গমিধান, মিচিধান, কণীজহা আদিয়ে আছিল লাহিধান। এতিয়া উন্নত জাত বুলি নতুন কিছুমান ধানৰ বীজ ওলোৱাত সেই আগৰ পুৰণি ধানসমূহ নোহোৱা হ'ল।
দক্ষিণ কামৰূপৰ থলুৱা জাতৰ ধান
- বৰাধান: গুৱাহটীয়া বৰা, নল বৰা, গাৰো বৰা, খোপাৰাঙি বৰা আদি।
- জহা ধান: মাণিকীমধুৰি জহা, ভোগ জহা, কৃষ্ণ জহা, ৰামপাল জহা, ভুবুৰী জহা (শুং থকা) আদি।
- বদ্ধনা ধান: হাতীমাল বদ্ধনা, জুৰ বদ্ধনা, শিলগুৰি বদ্ধনা বা শিলগুটি বদ্ধনা।
- গুজুৰি ধান:মণি গুজুৰি, ৰঙা গুজুৰি, বগা গুজুৰি আদি।<ref name="গ্ৰন্থ ৩"৩
ধানৰ পেটেণ্ট
- ধান শস্যৰ সম্পূৰ্ণ জিন'মৰ অধিকাৰী হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানি "মিৰিয়াড জেনেটিক্স" (Myriad geneties) আৰু ছুইজাৰলেণ্ডৰ কোম্পানি "ছিনজেণ্টা" (Syngenta)।
- সম্প্ৰতি বিশ্বত উচ্চ চাহিদা থকা "সোণালী ধান"ৰ (Golden Rice) পেটেণ্ট আছে পশ্চিমীয়া দেশৰ হাতত।
- ১৬০৯ খ্ৰিষ্টাব্দত প্ৰথম ধানৰ সম্ভেদ পোৱা আমেৰিকা যুক্তৰাষ্ট্ৰ হ'ল সাম্প্ৰতিক কালত ধান ৰপ্তানি কৰা প্ৰথম স্থানৰ দেশ।
- ভাৰতীয় সুগন্ধি বাচমতি ধানৰ পেটেণ্ট আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানি 'ৰাইছ টেক'ৰ (Rice Tec) অধীনত।
লগতে পঢ়ক
- Watson, Andrew. (1983). Agricultural innovation in the early Islamic world. Cambridge University Press. ISBN 0-521-06883-5
- (1998). The genetic wonder of Thai rice. Plan Motif Publisher. পৃ. 110
- (2003). Science and technology with Thai rice, National center for genetic engineering. The plublic information department. পৃ. 30
- (1998). The ecology of life. Plan Motif Plubisher. পৃ. 44
- (1998). The genetic wonder of Thai rice. Plan Motif Publisher. পৃ. 45
- (1998). The genetic wonder of Thai rice. Plan Motif Publisher
বাহ্যিক সংযোগ
- RiceWiki
- International Rice Research Institute
- Rice latest trade data on ITC Trade Map
- Global Rice Science Partnership
- Rice Today magazine
- Calories in rice
- Rice Knowledge Bank
- A Brief History of Rice (p. 9 – p. 12)
- A Cuban Skirmish for Rice by Isbel Diaz Torres, Havana Times, June 16, 2010
- National Food Authority.
- Safe Storage of Cooked Rice
- Rice Research and Practice
তথ্যসূত্ৰ
- ↑ অজিত দেৱশৰ্মা. (২০১৩). ধানৰ পথাৰত বিজ্ঞান, অৰ্থনীতি, ৰাজনীতি. প্ৰান্তিক. পৃ. পৃষ্ঠা ২৮
- ↑ উচ্চতৰ মাধ্যমিক ভূগোল বিজ্ঞান" দ্বিতীয় খণ্ড (দ্বিতীয় বাৰ্ষিকৰ বাবে), লেখকদ্বয় - ড॰ লোকেশ্বৰ নাথ আৰু ড॰ চাৰু চহৰীয়া নাথ। প্ৰকাশক - স্বস্ত্যয়ন বুক ষ্টল, খাৰুপেটীয়া (দৰং)।
- ↑ মনীষ বড়ো. (২০১৪). দক্ষিণ কামৰূপৰ থলুৱা ধানৰ সন্ধানত. প্ৰান্তিক. পৃ. পৃষ্ঠা ২৬
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধান” প্ৰবন্ধৰ সংশোধন ৬০৫৭৩৩ (১০ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।