জলবায়ু (Climate) হৈছে সাধাৰণতে ৩০-বছৰতকৈ অধিক অন্তৰালৰ বতৰৰ পৰিসংখ্যা।১২ কোনো এটা অঞ্চলত এক দীঘলীয়া সময়ত হোৱা উষ্ণতা, আৰ্দ্ৰতা, বায়ুমণ্ডলীয় চাপ, বতাহ, বৰষুণৰ পৰিমাণ, বায়ুমণ্ডলীয় কণিকাৰ হিচাপ আৰু অন্যান্য ধাতৱীয় তত্ত্বৰ পাৰ্থক্য আদিৰ পৰিবৰ্তনৰ আৰ্হিৰ নিৰ্ধাৰণৰ দ্বাৰা অঞ্চলটোৰ জলবায়ু নিৰ্ণয় কৰা হয়। বতৰৰ লগত জলবায়ুৰ পাৰ্থক্য হৈছে উল্লিখিত উপাদানসমূহ কম সময়ৰ বাবে নিৰ্ধাৰণ কৰা হয়।
কোনো এটা অঞ্চলৰ জলবায়ু জলবায়ু তন্ত্ৰই সৃষ্টি কৰে, ইয়াৰ পাঁচটা উপাদান আছে: বায়ুমণ্ডল, জলমণ্ডল, ভূ-মণ্ডল, তুষাৰমণ্ডল, আৰু জৈৱমণ্ডল।৩
কোনো স্থানৰ জলবায়ু তাৰ স্থানাংক, অৱস্থান, আৰু উচ্চতা, আৰু নিকটবৰ্তী পানীৰ উৎস আৰু সিহঁতৰ সোঁতে প্ৰভাৱিত কৰে। বিভিন্ন উপাদান বিশেষকৈ উষ্ণতা আৰু বৰষুণৰ পৰিমাণৰ গড় বা বিশেষ পৰিসৰৰ ওপৰত নিৰ্ভৰ কৰি জলবায়ুক শ্ৰেণীবিভাজন কৰা হয়। এনে এটা সাধাৰণ পদ্ধতি আছিল ক'পেন জলবায়ু শ্ৰেণীবিভাজন।
তথ্যসূত্ৰ
- ↑ Planton, Serge (France; editor). (2013). Annex III. Glossary: IPCC – Intergovernmental Panel on Climate Change. আইপিচিচি পঞ্চম নিৰ্ধাৰণ জমাপত্ৰ. পৃ. 1450
- ↑ Shepherd, Dr. J. Marshall; Shindell, Drew; O'Carroll, Cynthia M. (1 February 2005). What's the Difference Between Weather and Climate?. নাছা
- ↑ AR4 SYR Synthesis Report Annexes. Ipcc.ch. ২৩ মাৰ্চ ২০১৭ত আহৰণ কৰা হৈছে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জলবায়ু” প্ৰবন্ধৰ সংশোধন ৩৮০৯৯২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।