জাভা (ইংৰাজী ভাষা: Java) হ'ল এক Object-oriented কম্পিউটাৰৰ প্ৰগ্ৰামিং ভাষা। ইয়াৰ মূল উদ্দেশ্য হ'ল "write once, run anywhere" (WORA)। এবাৰ লিখি যিকোনো ঠাইতে চলোৱা। অৰ্থাৎ কোনো এপ্লিকেশ্যন এবাৰ লিখা হ'লে পুনৰ কম্পাইল নকৰাকৈয়ে যিকোনো প্লেটফৰ্মত চলা। জাভা এপ্লিকেশ্যন কম্পাইল হয় বাইটক'ডত (bytecode) আৰু ই জাভা ভাৰ্ছুৱেল মেছিনৰ সহায়ত ৰাণ হয়, লাগিলে কম্পিউটাৰৰ আন্তঃগাঁথনি যিয়েই নহওক কিয়। বৰ্তমান জাভা বিশ্বৰ আটাইতকৈ জনপ্ৰিয় প্ৰগ্ৰামিং ভাষা। ই কিছুপৰিমাণে ক্লায়েণ্ট-ছাৰ্ভাৰ ৱেব এপ্লিকেশ্যনত ব্যৱহৃত হয়, তথা ব্যৱহাৰকাৰীৰ সংখ্যা প্ৰায় দহ নিযুত। ছান মাইক্ৰছিষ্টেমৰ জেমছ গোছলিং-ক জাভাৰ উদ্ভাৱনকাৰী বুলি জনা যায়। জাভাৰ সৰহ সংখ্যক গাঁথনি (syntax) লোৱা হৈছে দুটা অতি জনপ্ৰিয় কম্পিউটাৰ প্ৰগ্ৰামিং ভাষা C আৰু C++ ৰ পৰা।
প্ৰথম জাভা প্ৰগ্ৰাম
এটা কম্পিউটাৰ প্ৰগ্ৰাম হ'ল সুলিখিত লিখনিৰ দৰে। আমি কোৱা ভাষাসমূহত যেনেকৈ নিৰ্দিষ্ট বাক্য গাঁথনি থাকে, নিৰ্দিষ্ট জতুৱা ঠাচ, খণ্ড বাক্য থাকে তেনেকৈ কম্পিউটাৰৰ প্ৰগ্ৰাম এটাৰ মাজতো সুনিৰ্দিষ্ট খণ্ড বাক্য আৰু বাক্য বিন্যাস থাকে। জাভাও ইয়াৰ ব্যতিক্ৰম নহয়। তলত এটা জাভা প্ৰগ্ৰামৰ উদাহৰণ দিয়া হ'ল -
public class HelloWorld { public static void main(String[] args) { System.out.println("Hello, World"); } } এই প্ৰগ্ৰামটোৰপৰা আমি "Hello World" এই লিখাটো পাম।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাভা” প্ৰবন্ধৰ সংশোধন ৫৭০৪২২ (১৯ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।