বাঁহ গছ (Bambuseae) এবিধ ঘাঁহ জাতীয় বৰ ওখ গছ। বাঁহ গছ পৃথিৱীৰ ভিতৰত খুব কম সময়ত ক্ষীপ্ৰতাৰে বৃদ্ধি হোৱা গছসমূহৰ ভিতৰত অন্যতম।১ এই গছ দক্ষিণ এছিয়াৰ দেশসমূহত অৰ্থনৈতিক আৰু সাংস্কৃতিক প্ৰমূল্য উল্লেখনীয়। দক্ষিণ এছিয়া আৰু পূব এছিয়াত ইয়াক গৃহ নিৰ্মান, কাগজ, ঘৰুৱা সামগ্ৰী, খাদ্যৰ উত্স আদি বিভিন্ন প্ৰকাৰৰ কামত ব্যৱহাৰ কৰা হয়। অসমৰ হাবিত ২৬ বিধ বাঁহ প্ৰজাতি পোৱা যায় আৰু ইহঁত গ্ৰেমিনি বা পয়েছি গোত্ৰৰ অন্তৰ্গত। বাঁহ গছ ২৪ ঘণ্টাত ৪৭.৫ ইঞ্চিলৈকে বৃদ্ধি হয়।
প্ৰজাতি
অৰ্থনৈতিক গুৰুত্বসম্পন্ন বাঁহ প্ৰজাতিবোৰৰ ভিতৰত জাতি বাঁহ, ভলুকা বাঁহ, বিজুলী বাঁহ, কাক বাঁহ, দলৌ বাঁহ, বৰবাঁহ, বজালবাঁহ আদি।
বাঁহ গছৰ ব্যৱহাৰ
ব্যৱহাৰিক মূল্যৰ কথালৈ লক্ষ্য কৰি বাঁহ উদ্ভিদক সততে "সেউজীয়া সোণ" বুলি অভিহিত কৰা হয়। বাঁহৰ গাজটোৰ পৰা এছাৰি ডাললৈকে গছজোপাৰ আটাইবোৰ অংশই বহুলভাৱে ব্যৱহাৰ হয়। বাঁহৰ কাঠি-কামীৰে জেউৰা-জপনা, পাচি-খৰাহী, জাপি, টেবুল, চকী, মাছ ধৰা সামগ্ৰী যেনে - জাকৈ, খালৈ, প'ল-জুলুকি আদি তৈয়াৰ কৰা হয়। বাঁহ ঘৰ বনোৱা কামতো ব্যৱহাৰ কৰা হয়। তাঁতশালৰ প্ৰায়বিলাক সামগ্ৰীয়েই বাঁহৰ পৰা তৈয়াৰ কৰা হয়। বাঁহ গছৰ পৰা কাগজ তৈয়াৰ কৰা হয়।
খাদ্য হিচাপে
বাঁহৰ গাজৰপৰা খৰিচা তৈয়াৰ কৰা হয়। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত পোৱা খাদ্যৰ উপযোগী বাঁহসমূহৰ প্ৰজাতিসমূহ এনেধৰণৰ:২
| ৰাজ্যৰ নাম | স্থানীয় নাম |
|---|---|
| অৰুণাচল প্ৰদেশ | এপ' |
| হাট্ | |
| ই আই | |
| ৱইয়াং | |
| বিজে | |
| অসম | ভলুকা |
| জাতি | |
| কাক | |
| এচপাৰ | |
| গাধৈ বা বৰ বাঁহ | |
| মুলী | |
| দলু | |
| মণিপুৰ | নাট্ |
| চেনেই বি চান্দেল | |
| মাৰিব্ব | |
| পিচা/চেনেইবি | |
| অনান্ | |
| মাৱবি | |
| মেঘালয় | বাৰৱা, ৱানক, চিট্শ্লাও, লাঙচেইজ, প্লাঙ |
| ডেংগা, চিয়েইজং | |
| ৱাথৰী/গাজা | |
| মিজোৰাম | ফুলৰুৱা, |
| ৰাৱনাল, | |
| মৌটক্, মেম্ও, চৰচিপ, লাউঙটলাই, চাইহা | |
| নগালেণ্ড | এনাঙ ৱাৰক, বুটগট কেৰে |
| ভেপুই, আউ, ৱানগেট্ ভিনেই, ৰেচউ কেৰে | |
| আছি | |
| আনিং, জেকিন, খুৰপি | |
| চিকিম | পাৰেং |
| চয়া/মিঠা/গুলিয়া/টেম'/টম্বা/জংগলি | |
| ভালু | |
| চাইনীজ/জাপানীজ | |
| ত্ৰিপুৰা | বাৰাক |
| বাৰি | |
| মৃটিংগা | |
| পিচা | |
| মুলি | |
| দলু |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Farrelly, David. (1984). The Book of Bamboo. Sierra Club Books. ISBN 0-87156-825-X
- ↑ নেগী, অনিল; গুৰুঙ, ধ্ৰুৱ. (২০০৯). উত্তৰ পূৰ্বাঞ্চলৰ বাঁহ পৰিচালনাৰ হাত পুথি. সঞ্চালক, বৰ্ষা অৰণ্য গৱেষণা প্ৰতিষ্ঠান, চতাই, যোৰহাট. পৃ. ৫৩-৬৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাঁহ” প্ৰবন্ধৰ সংশোধন ৬৩১৬৪৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।